Recipe

শুকানকৈ ভজা মাকৈৰ জুতি
উপকৰণ- ২ টা সৰু মাকৈ
                 পিয়াজ ৪ টা মিডিয়াম চাইজৰ
                 কেপছিকাম ৩ টা
                 কেচাঁ জলকীয়া ২/৩ টা মান
                 ময়দা ২ চামুচ
                 কনফ্লোৰ ৩ চামুচ
প্ৰণালী- প্ৰথমে মাকৈখিনি ধুই  সৰু সৰুকৈ কাটি লৈছো... তাৰ পিছত নিমখ, হালধি, ৰঙা জলকীয়াৰ গুৰি, ময়দা, কনফ্লোৰ দি মাকৈখিনি ভালকৈ মিশ্ৰন কৰি, কেৰাহীত তেল দি ফ্ৰাই কৰি ললো, ফ্ৰাই কৰা হোৱাৰ পিছত মাকৈখিনি বাতি এটাত উঠাই থলো... তাৰ পিছত সেই ৰৈ যোৱা তেলতে গোটা জিৰা অলপ দি পিয়াজখিনি ৰঙচুৱাকৈ ভাজি ললো, তাৰ পিছত সৰু  সৰুকৈ কাটি থোৱা কেপছিকামখিনি দি অলপ এচিকতামান নিমখ দিলো, জিৰাৰ গুৰি, ধনিয়াৰ গুৰি, টমেট চচ, কাটি থোৱা জলকীয়াখিনি, চয়া চচ দি ঢাকন দি ২০ মিনিট মান ৰাখিলো কেপছিকামখিনি সিজি অহাৰ পিছত ফ্ৰাই কৰা মাকৈখিনি ঢালি দি ১৫ মিনিট মান লৰাই থাকিলো  তাৰ পিছত বাতি এটাত কনফ্লোৰ ২ চামুচ গুলি ঢালি দিলো ১০ মিনিটমানৰ পিছত পানীখিনি শুহি যোৱাত থপথপীয়া হোৱাত নমাই থৈ এনেদৰে পৰিবেশন কৰিলো
✍️নীলাক্ষী

Post a Comment

Previous Post Next Post