Susant Singh Rajput
বিদায় সুশান্ত সিং ৰাজপুত

 বিশ্বজিৎ ডি চেতিয়া
 বৰটিং নাওশলীয়া,গোলাঘাট-৭৮৫৬২৬

''ণা মহামাৰীৰ দৌৰাত্ম্যত চৌপাশ স্তব্ধ।মানুহৰ জীৱন জীৱিকা আদি সকলোতে মাধমাৰ শোধাইছে এই মহামাৰীয়ে।ইয়াৰ মাজতে কেতবোৰ দুখজনক ঘটনাই মানুহৰ অন্তৰাত্মাকো জোকাৰি গৈছে।এই দুখৰ মাজতে অন্য এক দুখৰ সংবাদে সমগ্ৰ ভাৰতীয়ৰে হৃদয় জোকাৰি গৈছে।এই দুঃসংবাদটোৱেই হৈছে হিন্দী ছবিজগতৰ সুদৰ্শন নায়ক সুশান্ত সিং ৰাজপুতৰ চিৰবিদায়।হঠাতে জীৱনৰ প্ৰতি বিৰাগ জন্মি পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লোৱা অভিনেতাজনৰ মৃত্যুৱে বলিউডৰ লগতে ভাৰতীয় চিত্ৰপ্ৰেমী ৰাইজৰ মাজলৈ শোকৰ বন্যা বোৱাই আনিছে।এজনৰ পিছত আনজন বলিউডী তাৰকাৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ভাৰতীয় দৰ্শকৰ হৃদয়।সু-অভিনেতা ইৰফান খান,ঋষি কাপুৰ,সংগীত পৰিচালক ৱাজিদ খানৰ পিছত এই বিদায়ৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰিলে সু -অভিনেতা সুশান্ত সিং ৰাজপুতেও।ইৰফান খান,ঋষি কাপুৰ,ৱাজিদ খানৰ মৃত্যুৱে শোক মাৰ নৌ যাওঁতেই সুদৰ্শন অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে সকলোকে আশ্বৰ্যচকিত কৰি তুলিছে।

    ১৯৮৬ চনৰ ২১জানুৱাৰীত বিহাৰৰ পাটনাত জন্মগ্ৰহণ কৰিছিল সুশান্ত সিং ৰাজপুতে।কিন্তু মাতৃৰ বিয়োগৰ পিছত তেওঁ দিল্লীত বসবাস কৰিবলৈ লৈছিল।তেওঁ পঢ়া -শুনাত যথেষ্ট আগবঢ়া আছিল;যাৰ ফলত দিল্লীৰ আভিযান্ত্ৰিক বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগো তেওঁ পাইছিল।কিন্তু সুশান্তৰ অভিনয় তথা নৃত্যৰ প্ৰতিহে অধিক দুৰ্বলতা আছিল।নৃত্য আৰু অভিনয়ৰ দিশটোত আগুৱাই যাবৰ বাবেই তেওঁ পঢ়া-শুনাক বিসৰ্জন দিয়ে।তেওঁ বিখ্যাত নৃত্য পৰিচালক/প্ৰশিক্ষক সৈমক দাভৰৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ ল'বলৈ ধৰে।তাৰ উপৰিও তেওঁ নাদিৰা বাব্বৰৰ থিয়েটাৰ দলত যোগদান কৰি নাটক কৰিবলৈও লয়।সেইজন সুশান্ত সিং ৰাজপুতে পিছলৈ ২০০৮চনত ষ্টাৰ প্লাছ চেনেলৰ ধাৰাবাহিক "কিছ দেচ মে হে মেৰা দিল"ত অভিনয়েৰে দূৰদৰ্শনৰ মজিয়া পায়হি।ইয়াৰ পিছতে তেওঁ একতা কাপুৰ-শোভা কাপুৰৰ প্ৰডাকচন বালাজী টেলিফিল্মছৰ অধীনত "পবিত্ৰ ৰিস্তা" শীৰ্ষক জনপ্ৰিয় ধাৰাবাহিক খনৰ মূল চৰিত্ৰত অভিনয়ৰ সৌভাগ্য হয়।পবিত্ৰ ৰিস্তা ধাৰাবাহিক খনৰ জৰিয়তেই সুশান্ত সিং ৰাজপুতে সাফল্যৰ চূড়ান্ত শিখৰত আৰোহণ কৰিবলৈ সক্ষম হয় ।সুশান্তই পবিত্ৰ ৰিস্তাত অভিনয় কৰাৰ মাজতে নৃত্যভিত্তিক ৰিয়েলিটী শ্ব "জৰা নাচকে দিখা ২" আৰু "ঝলক দিখলা যা" ত এজন প্ৰতিযোগী হিচাপে নৃত্য পৰিৱেশন কৰি সকলোকে মোহাচ্ছন্ন তথা চমকিত কৰি তোলে।সাফল্য আৰু সুশান্ত যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি হৈ পৰিছিল।২০১৩ চনত তেওঁ বহু প্ৰতীক্ষিত ৰূপালী পৰ্দাৰো আমন্ত্ৰণ লাভ কৰে। ঔপন্যাসিক চেতন ভগতৰ উপন্যাস "দ্য থ্ৰি মিছটেকছ্ অব মাই লাইফ"ৰ আধাৰত নিৰ্মিত ছবি "কাই পৌ চে" ত মূল চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত হয়।উক্ত ছবিখনে যেন তেওঁলৈ সৌভাগ্যহে কঢ়িয়াই আনিলে।"কাই পৌ চে"ত সু-অভিনয় কৰাৰ বাবেই  তেওঁলৈ প্ৰস্তাৱ আহে য়শৰাজ ফিল্মছ,বিধু বিনোদ চোপ্ৰাৰ প্ৰডাকচনৰ ছবি।অভিনয় কৰি যায় চুদ্ধ দেচী ৰোমাঞ্চ,ৰাবটা,কেদাৰনাথ,
ডিটেক্টিভ ব্যোমকেশ বক্সী,দিল বেচাৰা,পানী আদিৰ দৰে ভিন্নধৰ্মী ছবিত।তেওঁৰ জীৱনৰ বিশেষভাৱে উল্লেখযোগ্য ছবি কেইখন হৈছে এম. এছ. ধোনী,পিকে, চোনচিৰিয়া,চিচৌৰে আদি।এম.এছ. ধোনী ছবিখনত তেওঁ ভাৰতৰ জনপ্ৰিয় তথা প্ৰতিভাধৰ ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ চৰিত্ৰত সু- অভিনয়  কৰিছিল।পিকে ছবিখনত তেওঁ মি. পাৰফেক্টছনিষ্ট আমিৰ খানৰ সৈতে অভিনয়ৰ সুযোগ পাইছিল।ইয়াৰোপৰি ডকাইতৰ জীৱনভিত্তিক চৌনচিৰিয়া আৰু কেইবাটাও চৰিত্ৰত একেলগে সু-অভিনয় কৰা চিচৌৰে সুশান্ত সিং ৰাজপুতৰ অভিনয় জীৱনৰ কীৰ্তি বুলিব পাৰি।
   এনে এজন সুদৰ্শন সু-অভিনেতাই সৌভাগ্যৰ সৈতে সহৱস্থান কৰাৰ মাজভাগতে  বান্দ্ৰাত থকা বাসগৃহত হঠাতে আত্মহত্যাৰ দৰে পথ বাচি লোৱা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে।তেওঁ এনে কঠোৰ সিদ্ধান্ত কিয় বাচি ল'লে তাৰ কাৰণ এতিয়ালৈকে পোহৰলৈ অহা নাই।বাতৰি অনুসৰি তেওঁৰ প্ৰাক্তন মেনেজাৰগৰাকীয়েও মাত্ৰ ছদিন পূৰ্বে আত্মহত্যা কৰিছে।তেওঁ চিচৌৰে ছবিত কৈছিল যে আত্মহত্যাই সমস্যাৰ সমাধান নকৰে।এই কথাই ভাৰতীয় দৰ্শকক উদ্বুদ্ধ কৰিছিল।কিন্তু আনক জীবলৈ শিকোৱা অভিনেতাজনেই শেষত নিজেই আত্মহত্যা কৰি এক সাঁথৰৰ সৃষ্টি কৰিলে।সকলোকে শোকৰ সাগৰত পেলাই মাথোঁ চৌত্ৰিছ বছৰ বয়সতে তেওঁ এই পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ চৰম সিদ্ধান্ত ল'লে। অভিনেতা এই লিখাটিৰ জৰিয়তেই যাঁচিলো হৃদয়গভীৰ শ্ৰদ্ধাঞ্জলি।

 

1 Comments

  1. দুখনীয় খবৰ সঁচাকৈয়ে। মৰ্মাহত হৈছো। গভীৰভাৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।

    ReplyDelete

Post a Comment

Previous Post Next Post