Actor Jugal Kishor

সু-অভিনেতা যুগল কিশোৰ

    নিজৰ সুপ্ত প্ৰতিভাক তুলি ধৰাৰ এক উপযুক্ত মাধ্যম হৈছে মঞ্চ। এখন মঞ্চৰ জৰিয়তে মানুহে নিজক ৰাইজৰ আগত তুলি ধৰি ৰাইজৰ প্ৰশংসা,উৎসাহ আশীৰ্বাদক সাৰথি কৰি জীৱনৰ বাটত নিজে বিচৰাৰ দৰে আগবাঢ়ি যাব পাৰে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে পৰাই আৰম্ভ হোৱা স্ব প্ৰতিভাৰ সাংস্কৃতিক যাত্ৰাৰ সাৰথি হোৱা সেই মঞ্চখন আজিও আছে, কিন্তু সময়সাপেক্ষে কিছু পৰিৱৰ্তনৰ ৰঙহে লাগিছে।এখন মঞ্চৰ জৰিয়তেই নিজৰ প্ৰতিভাক ৰাইজৰ আগত তুলি ধৰি উৎসাহ, আশীৰ্বাদেৰে কৃষ্টিৰ পথাৰত সৃষ্টিৰ বীজ সিঁচিবলৈ চেষ্টা কৰা তৰুণ প্ৰতিভাধৰ যুৱক হৈছে যুগল কিশোৰ।এইজনা লখিমপুৰীয়া যুৱক মূলতঃ মঞ্চ অভিনয়ৰ সৈতে জড়িত।সৰুৰে পৰাই অভিনয়ৰ প্ৰতি নিচা থকা যুগল কিশোৰে যুৱ অৱস্থাত অভিনয়কে পেচা হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।অভিনয়ৰ বাবে তেওঁ বিজ্ঞ ব্যক্তিৰ উপদেশ পৰামৰ্শও গ্ৰহণ কৰে।প্ৰথমাৱস্থাত কেমেৰাৰ সন্মুখত অভিনয় কৰা যুগল কিশোৰে পিছলৈ মঞ্চ অভিনয়ৰ সৈতে জড়িত হৈ পৰে।উজনি অসমৰ অন্যতম নাট্যদল নটসূৰ্য আৰু শ্ৰীমন্ত থিয়েটাৰৰ বহু কেইটা নাট্যবৰ্ষত যুগলে নিজৰ অভিনয় প্ৰতিভাৰে দৰ্শক ৰাইজক মোহাৱিষ্ট  কৰিবলৈ সক্ষম হৈছে।নৰখাদক,সপোন,কয়ডীৰ তেজ আদি বহু নাটকৰ ভিন্নধৰ্মী চৰিত্ৰত অভিনয় কৰি যুগল কিশোৰে প্ৰমাণ কৰিছে অভিনয় আছে তেওঁৰ প্ৰাণত;তেজত। ২০২০-২১ নাট্যবৰ্ষত যুগল কিশোৰ চুক্তিবদ্ধ হৈছে নয়নতৰা থিয়েটাৰৰ সৈতে।নয়নতৰাৰ মঞ্চত গুৰুদেৱ,ৰাখী বন্ধন আৰু কলংক শীৰ্ষক তিনিওখন নাটকত তেওঁ মূল চৰিত্ৰত অভিনয় কৰিব। ২০১৯-২০২০ বৰ্ষটোত অসমৰ এক গুৰুতৰ সমস্যা তথা নাট্যবৰ্ষৰ শেষৰ ফালে কৰ'ণা মহামাৰীৰ বাবে নিৰ্ধাৰিত সময়তকৈ বহু আগতেই নাট্যবৰ্ষ সামৰিব লগা হোৱাত মনোকষ্ট পায় যদিও সমাজলৈ অহা দুৰ্যোগৰ  বাবে মনোকষ্টকো সহজভাৱেই ত্যাগ কৰে।অৱশ্যে যুগল কিশোৰ আগন্তুক নাট্যবৰ্ষৰ বাবে যথেষ্ট আশাবাদী।তেওঁ আশা কৰিছে আগন্তুক নাট্যবৰ্ষ তেওঁলোকৰ বাবে বিঘিনি শূন্য বৰ্ষ হিচাপে চিহ্নিত হৈ সকলোলৈকে সুখ-শান্তি;সুন্দৰৰ সেউজ সংকেত কঢ়িয়াই আনিব।
     বৰ্তমান "শিকলি" শীৰ্ষক এখন চুটি ছবিৰ কামত ব্যস্ত থকা যুগল কিশোৰলৈ আমাৰ তৰফৰ পৰাও আগন্তুক দিনবোৰৰ বাবে থাকিল অলেখ শুভকামনা।।

   -বিশ্বজিৎ ডি চেতিয়া,গোলাঘাট

Post a Comment

Previous Post Next Post