স্বপ্নভঙ্গৰ অন্তৰালত-কৃষ্ণামণি
স্বপ্নভঙ্গৰ অন্তৰালত

         স্বপ্না শৰ্মা,অভিজিৎ শৰ্মাৰ একমাত্ৰ ছোৱালী।পখিলাৰ পিছে পিছে দৌৰি ফুৰি ভালপোৱা ছোৱালীজনী।মনটো যে তাইৰ কিমান কোমল।
          তাই হৃদয়ক মনে প্ৰাণে ভাল পাই,কিন্তু তাই মনৰ কথা কেতিয়াও ব্যক্ত কৰিব নোৱাৰে তাৰ ওচৰত...কাৰণ দুয়োৰে মাজত সমাজ আছে,স্বপ্না বামুণ আৰু হৃদয়....তাই আচৰিত হয়, ভগৱানে জানো এই নিয়মবোৰ বান্ধি দিছে,ওহোঁ;নাই আমি মানুহবোৰেই এই সকলো নিয়ম বান্ধি থৈছোঁ...
        নভবাকৈয়ে জীৱনৰ অংকত কেতিয়াবা আউল লাগি যায়।যোগ কৰিব খোজা অনুভৱবোৰ বিয়োগ হৈ গোটেই অংকটোৱেই নিমিলা হৈ পৰে;কিন্তু অনিবাৰ্যভাৱে এটা ফলাফল ওলায়-সংযোগ অথবা বিচ্ছেদ।তাই যে সদায় সংযোগৰ বাবেই তপস্যা কৰি আহিছে।স্বপ্নাৰ বাবে,বিচ্ছেদ এটা উষ্ণ মুহূৰ্তৰ ঠুনুকা সিদ্ধান্ত।
তাই আজি হৃদয়ক মনৰ কথা কব,সিও বহুত ভাল পাই তাইক তাই জানে এই গোপন অভিসাৰ...সন্ধিয়া তাক মাতিছিল কঁপিলী নৈৰ ঘাটলৈ।
        সময়ৰ আগেয়ে আহি সন্ধিয়া বেলিৰ ৰাঙলী আভাসত ডুব গৈছিল,চকুজুৰি মুজি দিছিল...তেনেকৈয়ে হঠাতে হৃদয় আহি চিকুটি দিলে...
স্বপ্না উচপ্ খাই...
কেতিয়া আহিলা?
হৃদয়:- এই আহিলো, মিঠা মিঠা সপোন দেখি আছিলা চাগে?
মই আহি ভাঙি দিলো...
স্বপ্না:- হয়, তুমি যে সপোনতো শান্তিৰে শুব নিদিয়া,আৰু দিঠকতো...
হৃদয়:- হব মোক তুমি কবিতাৰে মনৰ কথা ব্যক্ত নকৰিলেও হব...কিয় মাতিছিলা কোৱা!
স্বপ্না:-(অলপ মৌন হৈ)
মোক তুমি ভাল পোৱা?
হৃদয়:- ভাল নাপালে এই সন্ধিয়া তোমাৰ বাবে ইমান দূৰৰ পৰা আহোনে?
স্বপ্না:-চিৰিয়াছলি সুধিছো..
মোক ভাল পোৱা নে?
মোক বিয়া কৰাবা?
(হৃদয়ৰ চকুত চকু থৈ)
হৃদয়:-স্বপ্না?
স্বপ্না:- yes/No...প্লিজ ধৈৰ্য্য পৰীক্ষা নলবা হৃদয়,কৈ দিয়া...স্বপ্না উচুপি উঠিল।
হৃদয়:-(স্বপ্নাৰ দুহাতত ধৰি)
বহুত ভাল পাওঁ তোমাক,কিন্তু এয়া কেনেকৈ সম্ভৱ?
তোমাৰ দেউতাই কেতিয়াও মানি নলব...
স্বপ্না:- ব'লা পলাই যাওঁ!
হৃদয়:- নকবা তেনে কথা,মা-দেউতা,সমাজখনৰ কথা ভাবা...তুমিও ঘৰৰ একমাত্ৰ ছোৱালী,ময়ো একমাত্ৰ লৰা...আমাৰ ভালপোৱাৰ বাবে মা-দেউতাৰ সপোনক জ্বলাই দিব নোৱাৰো।

স্বপ্না:-তেন্তে কি কৰিবা?
হৃদয়:- বুজাম, বুজাবলৈ চেষ্টা কৰিম...সময় লাগিব,তুমি পাৰিবা নে ৰখিব?
স্বপ্না:- তোমাৰ বাবে আজীৱন ৰখি থাকিম...
'লা এতিয়া,তোমাক ঘৰত নমাই থৈ ময়ো যাওঁ, অফিচৰ কামবোৰ আধৰুৱা হৈ আছে,
ৰবিবাৰে মা-দেউতাক লৈ তোমাৰ ঘৰলৈ আহিম,মোৰ মা-দেউতাক লৈ ইমান চিন্তা নাই,মোৰ সিদ্ধান্তই তেওঁলোকৰ সিদ্ধান্ত...
স্বপ্না:- ব'লা তেন্তে...

ৰবিবাৰে হৃদয়ে মাক আৰু দেউতাকক লৈ স্বপ্নাৰ ঘৰলৈ আহিল...
স্বপ্নাই পিছে ঘৰত কোনোবা বন্ধু এজনহে আহিব বুলি কৈছে...
অহাৰ পিছত সকলোৱে কথা হোৱাৰ পিছত স্বপ্নাৰ দেউতাকে সিদ্ধান্তত এয়া কেতিয়াও সম্ভৱ হব নোৱাৰে বুলিয়ে কলে...কাৰণ অভিজিৎ শৰ্মা গাঁৱৰ মুখীয়া আছিল,গতিকে নিজৰ ঘৰতে নিয়ম উলংঘা কৰিব কেতিয়াও নোৱাৰে...হওঁতে হয়, হৃদয় বহুত ভাল লৰা অভিজিৎ শৰ্মায়ো ভাল পাইছে তাৰ কথা বতৰাক লৈ...কিন্তু সমাজক এৰি নিজৰ জীয়েকৰ কথা কেতিয়াও ভাবিব নোৱাৰে...
চাহ-জলপান খাই হৃদয় হত উভটিছিল...
স্বপ্নাই বহুত কান্দিছিল
(তাই নিজক এটা ৰুমৰ ভিতৰতে বন্দী কৰি ৰাখিলে)

পিছদিনাখন অভিজিৎ শৰ্মা বজাৰলৈ যোৱাৰ পথত এটা পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ ICU-ত ভৰ্তি হবলগা হল।
স্বপ্না আৰু মাকে,হস্পিতালত গল...অভিজিৎ শৰ্মাক তেজৰ প্ৰয়োজন 0+ গ্ৰুপৰ...
গাঁৱৰ মানুহ খিনিৰ ওচৰতো সহায়ৰ হাত আগবঢ়ালে মাকে,কিন্তু কোনো আগবাঢ়ি নাহিল।
স্বপ্নাই হৃদয়ক ফোন লগালে।
হৃদয়ৰ ব্লাড গ্ৰুপ ও 0+ .....
হৃদয়ে খবৰ পায়ে মাক দেউতাকৰ লগত হস্পিতাললৈ আহিল...পিছত হৃদয়ে স্বপ্নাৰ দেউতাকক তেজ দিলে।
কমেও ৬ঘণ্টা মূৰত দেউতাক সুস্থ হৈ উঠিল।
দেউতাকেও বুজিলে সমাজখনতকৈ ছোৱালীৰ সুখ সবাতোকৈ ওপৰত,আজি বিপদৰ সময়ত সমাজখন আগবাঢ়ি নাহিল,আহিল স্বপ্নাৰ বিশ্বাস....
(অভিজিৎ শৰ্মাই মনতে কথাবোৰ পাশুলি কান্দিবলৈ ধৰিলে)
পিছ মুহূৰ্ততে স্বপ্না আৰু হৃদয়ক কাষলৈ মাতি আনি কলে...
এই বহাগতে তহঁত দুয়োৰে বিয়া

Post a Comment

Previous Post Next Post