Story


চৰিত্ৰহীন নেকি মই
বছৰেকীয়া পৰিক্ষা শেষ কৰি চতুৰ্থ শ্ৰেণীত পঢ়া  টিকু আজি মামাকৰ ঘৰলৈ আহিছিল ।গধূলিৰ পৰা টিকু আৰু মামাকৰ ছোৱালী মৰমে মামীয়েকক খাটিৰ ধৰি আছে যে সিহঁতে আজি মামাক হতঁৰ শুৱনী কোঠাৰ লগত সংলগ্ন কোঠাটোত থাকিব। দুয়োজনীয়ে আলোচনা কৰিছে যে অকলে থাকি ৰাতি বহু দেৰিলৈ কথা পাতিব। দুয়ো নেৰানপৰাকৈ লগাত মামীয়েকে কাষৰ কোঠাটোত দুয়োকো বিচনা ঠিক কৰি দিলে। যিহেতো সেইদিনা মামীয়েকৰ ভায়েক চম্পকো আহিছিল সিহত দুয়োজনী ভয় কৰিব বুলি সিহঁতৰ কাষৰ বিচনা খনত তাক থাকিবলৈ ঠিক কৰি দিলে।
চম্পক মামাক দুয়োৰে মৰমৰ আছিল গতিকে সিহঁতেও আপত্তি নকৰিলে।
ৰাতি ভাত পানী খাই কিছু সময় কথা পাতি দুয়োজনী টোপনিত লালকাল দিলে।। মামীয়েকে এপাকত আহি দুয়োজনীক চাই গ'ল। আৰু ভায়েকক ৰাতি এবাৰ চাবলৈ কলে নহলে আৰু কোনোবা জনী বিচনাৰ পৰা পৰিব।
    ৰাতি গভীৰ হৈ আহিছে সকলোবোৰ নিদ্ৰা দেৱীৰ বানত মোহিত হৈছে।
হঠাৎ টিকু উচপ খাই উঠিল। অনুভৱ কৰিছে তাই দুভৰি মাজত কোমল দিঘলীয়া কিবা। ভয়ত তাইৰ গাৰ নোমবোৰ শিয়ৰি উঠিল গধূলি মৰমে কোৱা সাপটো আহি তাইৰ দুভৰি মাজত সোমাল। ভয়তে গোটেই জনী ঘামি গৈছিল ।চকুহাল জোৰকৈ মুজি দি তাই উচুপি আছিল। কাৰোবাক মাতিবলৈও তাইৰ ভয়তে মুখৰ মাত হেৰাই গৈছিল। বহুত সময় জঠৰ হৈ তাই শুই থাকিল ।লাহে লাহে সাপটো তাইৰ দুভৰি মাজত লৰচৰ কৰিব ধৰিছে। তাই ভবিলে যে তাই মৰমক মাতি মামাক হতক মাতিব লাগিল ন'হলে সাপে খুটিলে তাই মৰি যাব।
সাপে কামোৰা আগত টুপনিত লালকাল দি থকা মৰমক মাতিবলৈ হাত খন লৰাওটে তাইৰ জীওটো উৰি যোৱা যেন  'ল। অকল সাপটো নহয়  তাইৰ সোফালে মৰম আৰু বাওফালে শুই আছে মৰমে কোৱা বাৰীৰ পিছৰ ভূতটো।
     ভয়তে তাইৰ অন্ত কন্ঠ শুকাই গৈছে ৰাতিৰ নিৰ্জনতাত কেবল নিজৰ কলিজাৰ টপ টপনিহে তাইৰ কাণত পৰিছিল। শৰীৰটো জঠৰ কৰি তাই কেবল ভগবানক মাতিছিল আৰু মনে মনে ভাবিছিল কিহে নো পাইছিল এইটো কোঠাত শুব।
    কিছুসময় পাছত তাইৰ কাণৰ কাষত হঠাৎতে কোনোবাই কৈ উঠিল ভয়  কৰিব নালাগে একো নহয়।তাই থতমত খাই উঠিল এয়া চোন চম্পক মামাৰ মাত।
     অলপ পিছতে যেন সাপটো নামি গ'ল টিকুৱে বাগৰ সলাই দেখে ভূতটোও নোহোৱা হ'ল। একে জাপে তাই উঠি বহিল ।খিৰিকিৰে অহা জোনৰ পোহৰত তাইৰ কাষত থিয় হৈ থকা চম্পকক দেখিলে আৰু ভাবিলে যে মামাক সাৰ পোৱাই ভূত পলাল।

         পোৱা উঠি মামীয়েকক ৰাতিৰ কথাটো কম ভাবিও চম্পকে কোৱা কথাটো মনত পৰি ৰই গ'ল। ভূতৰ কথা হেনো আনক কলে ভূতে কোৱাজনক লগত লৈ যায়।
  ৰাতিৰ ঘটনাটোত ভয় খাই তাই আৰ মামাকৰ ঘৰত নাথাকিলে।। আবেলি মামাকে ঘৰত থয় গ'ল।
       ঘৰ আহিয়ে তাই মাকক ৰাতিৰ সকলো কথা কলে। তাইৰ কথা শুনি মাকৰ মূৰটো অচদাই কৰি দিছিল ।।
  তাই নুবুজিলেও মাকে বুজি উঠিছিল কণমানি টিকু কি ভুগিছিল। দহ বছৰিয়া টিকুৰ শৰীৰত এজন পুৰুষৰ কামনা জাগ্ৰত কৰিবলৈ দুভৰি মাজৰ ঠাই খিনিও পৈণত হৈ উঠা নাছিল তথাপিও যেন বিকৃত মানসিকতাৰ লোক এজনৰ বলি হৈছিল তাই ।
   সকলো কথা বুজিও মাকে তাইক ধমক দি কৈছিল তোক নো কিহে পাইছিল সেইটো কোঠাত থাকিব। এতিয়া যতে তে এইবোৰ বলকি নাথাকিবি মানুহে তোক চৰিত্ৰহীনা বুলি কব।
মাকে বুজিছিল তাইৰ ভুল নহলেও সমাজে তাইকে অপযশ দিব  কাৰণ আমাৰ সমাজত পুৰুষৰ গাত দাগ নেলাগে।
এইবোৰ নুবুজা কণমানি টিকুৱে নিজকে প্ৰশ্ন কৰিছিল মই চৰিত্ৰহীনা নেকি (যদিও তাই অৰ্থটো বুজা নাছিল) ।

Post a Comment

Previous Post Next Post