শাশ্বত প্ৰেম
শাশ্বত প্ৰেম
 সপোনবোৰক বাস্তৱ ৰূপ দি সুৰভি বিয়া হৈছিল,প্ৰেমক এটা ভালপোৱাৰ নাম দি আঁকোৱালি লৈছিল এখন নতুন ঘৰক।
        তাইৰ জীৱনলৈও অমানিশা নামিছিল।বিয়াৰ দুবছৰ পাৰ হোৱা পিছতে এটা সন্তানৰ কথা চিন্তা কৰিব ধৰিলে।শাহুয়েক-শহুৰেকক লৈ চিন্তা নাই,আৰু তাইৰ গিৰিয়েক,খুৱেই অমায়িক...এতিয়ালৈ ডাঙৰকৈ কথা এটাও কৈ নাপালে।।
হয়, বেছি সুখেও যে মানুহক দুখ দিয়ে।
প্ৰাপ্তিৰ শেষটো থাকে অপ্ৰাপ্তিৰ বেদনা।এই অপ্ৰাপ্তিৰ বেদনা বাৰুকৈয়ে সহিব নোৱাৰি,ই সুস্থ মানুহএজনক ভিতৰৰ পৰা ৰুকি-ৰুকি নিঃশেষ কৰে...
বিয়াৰ দুবছৰ পিছতে এটা সন্তানৰ কথা চিন্তা কৰিব ধৰিলে।সৰু ল'ৰা-ছোৱালী এনেও খুব ভাল পাই,কিন্তু এমাহ দুমাহকৈ কেইবামাহো পাৰ হোৱাৰ পিছত প্ৰবাল আৰু সুৰভি দুয়ো ঠিৰাং কৰিলে,ডাক্তৰৰ ওচৰত চেক-আপ কৰোৱাৰ কথা।জীৱনৰ ভয়ঙ্কৰ সত্যৰ সন্মুখীন হৈছিল তাই যেতিয়া ৰিপৰ্ট খিনি চাই ডাক্তৰে কৈছিল তাই কোনোদিনে মাক হব নোৱাৰিব...তাইৰ ভৰিৰ তলৰ মাটিখিনি খহি পৰিছিল,পাগলৰ দৰে হৈ পৰিছিল তাই।
তাইৰ মনত বান্ধৱী প্ৰণিতাৰ কথা মনলৈ আহিছিল,
মাক হব নোৱাৰাৰ বাবেই যে তাইৰ গিৰীয়েক সমীৰে চহী কৰা ডিভোৰ্চ পেঁপাৰখন হাতত তুলি দিছিল,তাইৰ কোনো কথায়ে যেন সি শুনিব বিচৰা নাছিল,উপাইবিহীন হৈ প্ৰণিতাই বিবাহ নামৰ পৱিত্ৰ সম্পৰ্ক এটাক শেষ কৰি দিছিল....
সুৰভিৰ বুকুখনত যেন প্ৰকাণ্ড বিষ এটা অনুভৱ কৰিছিল।তাই ভয়ে ভয়ে প্ৰবালৰ চকুজুৰিলৈ চাইছিল...
এয়া,কি??
প্ৰবালে কান্দিছে,যাৰ লগত ৬টা বছৰ পাৰ কৰাৰ পিছতো চকুপানী দেখা নাছিল,তাইৰ বাবে আজি কান্দিছে...
দুয়ো যেন নিস্তব্ধ হৈ পৰিছে হস্পিতালৰ দুৱাৰমুখত।

কোনো কথা-বতৰা নোহোৱাকৈয়ে প্ৰবালে তাইক ঘৰত নমাই কৰবাত গুচি গল...তাই যে এতিয়া এটা শিলেৰে কটা মূৰ্তি...
৩ঘণ্টা মান পিছতে প্ৰবাল আহিল,হাতত এটা মৰমলগা কেঁচুৱা...সুৰভি আচৰিত হৈ কেৱল প্ৰবালৰ ফালে প্ৰশ্নবোধক দৃষ্টিৰে চাইছে...
প্ৰবাল:- এয়া আমাৰ সপোন....সুৰভি
(কোলাত থকা বাচ্চা টোৰ পিনে চাই)
সুৰভি:- পুতৌ কৰিছা মোক,নকৰিবা...মোৰ যে দাম নাই,মই এতিয়া.....(উচুপি উঠিল)
প্ৰবাল:- তেনেকৈ নকবা সুৰভি,হোমৰ গুৰিত সাক্ষী কৰি ওৰেটো জীৱন তোমাৰ সৈতে পাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলো,তুমি জানা ভালদৰে মই হাৰ মনা বিধৰ নহয়,নহয় মই বিশ্বাসঘাটক।
সুৰভি:- প্ৰবাল,কাৰ কেঁচুৱা হয় এইটো?
প্ৰবাল:- অনাথ আশ্ৰমৰ পৰা আনিছো আমাৰ সপোনক জী তুলিবলৈ...
এতিয়াৰ পৰা আমাৰ...
(অলপ সময় দুয়ো মৌন হৈ ৰ'ল)
পৃথিৱীত প্ৰেম মাত্ৰ এটা সন্তানৰ বাবেহে হয় নেকি সুৰভি?
মই নামানো এই কথা।
আমাৰ প্ৰেমেৰেই আমাৰ সংসাৰ আগবঢ়াই নিম।
আমি দুয়ো জন্মদিয়া মাক-দেউতাকৰ পৰিচয়হীন এই আলখুৱা মুখখনক নিজৰ সন্তান বুলি মানি লব নোৱাৰো নে?
ইয়াক লৈয়ে ভবিষ্যতৰ সপোন দেখিব নোৱাৰো নে?
অপলক নেত্ৰে চাই ৰ'ল সুৰভি প্ৰবালৰ ফালে...
পিছমুহূৰ্ততে কেঁচুৱাটোক কোচত লৈ হেঁপাহ পলুৱাই চুমাৰে উপচাই দিলে।
প্ৰবালৰ এই মৰমক যেন তাই জীৱন দিওঁ পুঁজিব নোৱাৰিব...
তাই অনুভৱ কৰিলে হৃদয়ত পুঞ্জীভূত হৈ থকা শাশ্বত প্ৰেমক....

কৃষ্ণামণি


Post a Comment

Previous Post Next Post