Short Story

দুহিতা

: অ' দেউতা কথা এটা সোধো নে ?
: উম মাজনী সোধ আকৌ ৷
: ছোৱালী হ'লেই কিয় বিয়া হৈ আনৰ ঘৰলৈ যাব লাগে?
কনমানি ৭ বছৰীয়া ছোৱালীজনীৰ মুখত এই প্ৰশ্নটি  শুনি দেউতাক আচৰিত হ'ল ৷ দেউতাকে তাইৰ মুখলৈ একেথৰে চাই থাকিল ৷ লাহে লাহে চকু দুটি সেমেকি উঠিল 
: দেউতা কোৱা না ৷
: মা অ ছোৱালীয়ে যে দুখন ঘৰক আদৰি ল'ব পাৰে , দুখন ঘৰকে সমানে মৰম আদৰ দিয়ে ৷
কথাষাৰ কৈ দেউতাকে চকুলো টুকিলে ৷
: নহয় ৷ এইবুলি দেউতাকৰ গালত চুমা এটা দি তাই দৌৰি গ'ল ৷

দেউতাকৰ মৰমত ডাঙৰ হোৱা সেই অকনমাণিজনী আজি ২৪ বছৰ বয়সত ভৰি দিলে ৷ বিয়াৰ ৰভাতলীত তাইক কইনাসাজত একেবাৰে সৰগৰ পৰীজনী যেন লাগিছে ৷ চকুৰ আগত সেই অকনমাণিজনী কেনেকৈ ডাঙৰ হ'ল ধৰিবই নোৱাৰিলে ৷ আজি তাই আন এখন ঘৰৰ বোৱাৰী হবলৈ গৈ আছে ৷ হঠাৎ দেউতাকৰ বুকুখন কপি উঠিল দেউতাকৰ চকুত অকণমানি হৈ থকা তাই জানো পাৰিব এখন ঘৰ ………
: দেউতা আহা ফটো উঠো ৷ প্লিজ আজি মন মাৰি নাথাকিবা এইবুলি তাই দেউতাকক টানি লৈ গ'ল ৷
বিদায়
: মাজনী অ' ভালদৰে  থাকিবি ৷ ডাঙৰে যি কয় তাকে শুনিবি , কেতিয়াও মন মাৰি নাথাকিবি দেই ৷ সকলোকে মৰমত ৰাখিবি আৰু কিবা কব বিচাৰিছিল যদিও দেউতাকৰ মুখৰ পৰা ওলাই নাহিল ………


         কল্যাণী বৰুৱা

Post a Comment

Previous Post Next Post