অনুভৱৰ টোপোলা-কৰিশ্মা

অনুভৱৰ টোপোলা
...কৰিশ্মা
তোমাৰ মনত পৰেনে? তোমাৰ অভিমানৰ ফুল পাহ বুটলি মই যে তোমাক উপহাৰ দিছিলো।নিজান গধূলি ব্ৰহ্মপুত্ৰৰ পাৰত মৰমবোৰৰ হিচাপ কৰিছিলো।ঘৰ মুৱা পক্ষীৰ জাকৰ দৰে আমাৰ মৰমবোৰে যেন ডেউকা মেলি সন্ধিয়াৰ সূৰুজ চুমিছিল।

আচলতে মৰম বোৰ এনেকুৱাই;এতিয়া যে প্ৰতি  সন্ধিয়া মই ৰৈ থাকো তোমাৰ ভাগৰুৱা মুখৰ হাঁহিটি চাবলৈ। লাঞ্চৰ(lunch)সময়ত প্ৰতিদিনে যে তুমি ফোন কৰি সোধা কিবা খালানে? অকলে যাব পাৰিম বুলি জানিও অফিচৰ গেটলৈ মোক আগ বঢ়ায় থোৱা। আচলতে মৰমবোৰ এনেকুৱাই।


     তুমি কাষত নোহোৱা সময়বোৰত সৰু সৰু স্মৃতিৰ পাতবোৰ লুটিয়াই চাওঁ।মন যায় জানা তোমাৰ আগত আগৰ সেই মইজনী হবলৈ,অভিমান কৰিবলৈ।যেন  তুমি ফোন ৰিচিভ(receive) নকৰিলে, ৰাতি মোৰ আগত শুই গলে, পুৱা নজগালে অভিমানত মুখ ফুলাই বহিম আৰু তুমি মৰমেৰে বুজাবা। তোমাৰ সেই মৰমবোৰৰ বাবেই আছিল এই অভিমানবোৰ।

     এতিয়া যে মৰমবোৰৰ লগতে মোৰ প্ৰতি তোমাৰ দায়িত্বও বাঢ়িল।ঠেহ লাগিবলৈ আহৰিও নাই ব্যস্ততাৰ মাজত মাথো তোমাৰ  বুকুৰ শব্দবোৰে শোৱনি পাতিত মোলৈ নিচুকনি গীত গাই।

    তুমি জানা আজিও সেই কথাটো মনত পৰিলে মোৰ বুকুত জাগি উঠে এক বুজাব নোৱাৰা অনুভূতি। হোমৰ গুৰিত আনদিনা এচ এম এচ(sms) ত কোৱাৰ দৰে যে মোৰ কাণে কাণে কৈছিলা "তুমি মোৰ"।মোৰ  অনুভৱ হৈছিল যেন ঈশ্বৰে সৰগ সুখ আনি মোৰ আচল ভৰালে।

     এয়া চোৱা সেই অস্তমুখী সূৰুজৰ দৰে ৰক্তিম সোভা মোৰ শিৰত জিলিকিছে য'ত প্ৰতি পুৱা তোমাৰ উষ্ম ওঁঠৰ পৰশে তোমালৈ মোৰ মৰম দুগুণে বঢ়াইছে।

Post a Comment

Previous Post Next Post