Story of a Girl
অনুপ্ৰিয়াৰ জীৱনগাঁথা
                             
      ধুমধুম.. ধামধাম.. অশ্ৰুলেখাৰ  সৰু চহৰখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হ'ল। তাইক আদৰিবলৈ সকলোৱে আকুল প্ৰতিক্ষাৰে ৰৈ আছে। তাই আহিব বাবে তাই পঢ়া স্কুলখনতে এখন সাধাৰণ সভাও অনুষ্ঠিত কৰিছে। তাই অনুভৱ কৰিলে সকলো পৰিৱৰ্তন হৈছে। সেই সৰু গাঁওখন চহৰ হৈছে। তাইৰ স্কুলখন কলেজ হৈছে। মুঠতে সকলোবোৰ পৰিৱৰ্তন হোৱা তাই পৰিলক্ষিত কৰিছে।                               
প্ৰায় দুঘণ্টা মানৰ ভিতৰত সভাখন ভংগ হোৱাৰ পাছত অকণো পলম নকৰি তাই ঘৰলৈ বুলি ৰাওনা হ'ল। গাড়ীত আহি থাকোতে এখন দলং পালে। তাইৰ মনে মনে হাঁহি উঠি গ'ল। নিজৰ ওপৰত খংও উঠিল। কি যে স্বাৰ্থপৰ আছিল সেই সময়ত। কাৰো কথা ভাবিব পৰা নাছিল তাই। কোনোবাই দোষ কৰিলে আঙুলীয়াই দিয়া উচিত। তাৰ বাবে নিজক কিয় কষ্ট দিব লাগে। হয়তো পৰিস্থিতিয়ে বাধ্য কৰাইছিল তাইক তেনে হ'বলৈ। তাই যেনিবা পুণৰ সেই জীৱন ঘূৰাই পালে। কিন্তু যদি নেপালেহেঁতেন। তাই সেই মৰমৰ মাক-দেউতাকৰ কথা ভাবিয়েইটো ধৈৰ্য ধৰিব পাৰিলেহেঁতেন। সন্তানক গালি পৰাৰ সম্মূৰ্ণ অধিকাৰ আছে মাক-দেউতাকৰ। নাই সেইখিনি সময়ত কাৰোৱে দোষ নাছিল। দোষ আছিল পৰিস্থিতিৰ। পৰিস্থিতিয়ে বাধ্য কৰাইছিল তাইক । ইচ্চ্ছা- অনিচ্ছাক গুৰুত্ব নিদিয়া প্ৰতিযোগিতাই গ্ৰাস   কৰা সেই পৰিস্থিতিৰ দোষ আছিল।                                                            
হঠাত তাইৰ সেই ৭বছৰ আগৰ কথা মনত পৰিল। সেই ছোৱালী জনীৰ কথা। জুন মাহৰ ঠিক মাজভাগৰ কোনোবা এটা তাৰিখ। সেইদিনাখনো ঠিক আজিৰ দৰে ফটখা ফুটুৱা হ'ল। তাইৰ স্কুল, ঘৰ সমগ্ৰ অঞ্চলটোতে এক উসৱ মুখৰ পৰিৱেশ সৃষ্টি হ'ল। সছাকৈয়ে তাইৰ মেট্ৰিকৰ ৰিজাল্টটোৱে সকলোৰে মনত আনন্দ দিলে। মাক-দেউতাক, শিক্ষক-শিক্ষয়ত্ৰী, ওচৰ-চুবুৰীয়া সকলোৱে তাইক লৈ গৌৰৱ অনুভৱ কৰিলে। প্ৰয়োজনীয় সুবিধা নোপোৱা, টিউচনৰ সুবিধা নোপোৱা, একেবাৰে পিছপৰা গাঁও এখনৰ পৰা তাই কৰা ৰিজাল্টক লৈ সকলোৱে প্ৰশংসাত পঞ্চমুখ হৈ পৰিল। 
 
        শান্ত-ভদ্ৰ-মিঠা হাঁহিৰে সেইজনী আন কোনো নহয় সেইজনীয়ে সকলোৰে মৰমৰ, শিক্ষকসকলোৰ চকুৰ মনি অনুপ্ৰিয়া শৰণীয়া। মাক-দেউতাক, বাক আৰু ভায়েকৰ সৈতে পাঁচজনীয়া পৰিয়াল। বায়েক ডিগ্ৰী পঢ়িছিল যদিও টকাৰ অভাৱত আধাতে পঢ়া সাং কৰি প্ৰাইভেত কাম এটাত লাগি আছে। কামটো হোৱাৰ কথা। কিন্ত হোৱা নাই। ভায়েক অষ্টম শ্ৰেণীত পঢ়ি আছে। অনুপ্ৰিয়া ৩ নম্বৰত। বাক আৰু ভায়েকতকৈ অনুপ্ৰিয়া পঢ়াত খুব চোকা। তাইক লৈ মাক-দেউতাকৰ বৰ আশা। শিক্ষকসকলোৰো তাইৰ ওপৰত দৃঢ় বিশ্বাস যে তাই ভাল ৰিজাল্ট কৰিব।অনুপ্ৰিয়াও টিউচন পাতি পোৱা নাই যদিও শিক্ষকসকলোৰ দিহা-পৰামৰ্শমতে সময়ৰ কাম সময়ত কৰি গৈছে। আচলতে দেউতাক ৰমেনে দিনহাজিৰা কৰি কোনোমতে পেটে-ভাতে খোৱাৰ উপৰি লৰা-ছোৱালী কেইটাক পঢ়ুৱাইছে। গতিকে টিউচন দিয়াৰ বাবে তেঁও সক্ষম নহয়। অনুপ্ৰিয়াও এই কথা ভালকৈ বুজি পাই। গতিকে তাই সা-সুবিধাক লৈ দেউতাকৰ ওচৰত কেতিয়াও ওজৰ আপওি নকৰে। দেউতাকৰ কষ্ট বুজি পায়। সেইবাবে তাই ভালকৈ পঢ়িছে। যাতে এনেধৰনৰ প্ৰতিকুলতা দুনাইবাৰ তাইৰ জীৱনত নাহে। ভালদৰে পঢ়ি-শুনি ভাল কাম এটা কৰি মাক-দেউতাকক এনেধৰণৰ প্ৰতিকুলতাৰ পৰা মুক্তি দিয়াৰ হেঁপাহ তাইৰ মনত।
   
             এইদৰে অভাৱ-অনাতনৰ মাজেৰে তাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰীক্ষা ভালেই হৈছে। ৰিজাল্টও আহিল। ১০টা স্থানৰ ভিতৰত তাই পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে। মাক-দেউতাকৰ লগতে তাইক সকলোৱে প্ৰশংসা কৰিছে। তাইও বিচাৰিছিল দিনে-ৰাতিয়ে হাড় ভগা কষ্ট কৰা দেউতাকৰ শেঁতা পৰা মুখখনত এটা হাঁহি বিৰিঙি পৰক। সছাকৈয়ে মাক-দেউতাকৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী সকলোৱে তাইৰ ৰিজাল্ট পাই খুব সুখী। আনৰ সুখত সুখী আনৰ দুখত দুখী অনুপ্ৰিয়াও তেঁওলোকৰ মনত সুখ দেখি পৰম শান্তি লাভ কৰিলে।
              ৰিজাল্ট অহাৰ কেইদিনমান পাছতে ভাল ভাল কেবাখনো কলজৰ পৰা শিক্ষকসকল আহিল।তাইৰ খবৰ কৰিলে। ক'ত পঢ়িব? কি পঢ়িব? ইতাদি। প্ৰত্যেকখন কলেজৰ অধ্যাপকসকলোৰ আশা তাইক তেওঁলোকৰ কলেজৰ পৰা ভাল মানুহ কৰি দিয়াৰ।পিছে তাইহে ঠিৰাং কৰিব পৰা নাই। আচলতে সৰুৰে পৰা তাইৰ ইচ্ছা কলা শাখাত পঢ়ি এগৰাকী ভাল সাহিত্যিক হোৱাৰ। কিন্তু ৯০শতাংশ মানুহে তাইক বিজ্ঞান শাখাত পঢ়িবলৈ উৎসাহ দিলে। maths, chamestry আদিৰ মাজত নিজক সোমোৱাই দিয়াৰ ইচ্ছা তাইৰ অলপো নাই। পিছে তাই maths অত দুৰ্বলো নহয়। বিজ্ঞান শাখাত পঢ়ি সাহিত্য চৰ্চা কৰিব নোৱাৰিব তেনেও নহয়। তথাপি তাইৰ ইচ্ছা একেবাৰে নাই বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ। তাইৰ দৃঢ় বিশ্বাস আছিল যে ইমান ভাল ৰিজাল্ট কৰিছে গতিকে তাইৰ ইচ্ছা-অনিচ্ছাক সকলোৱে  গুৰুত্ব দিব। কিন্তু তাৰ সম্পূৰ্ণ ওলোটা হ'ল। অৱশ্যে তাইৰ ইচ্ছাক প্ৰশ্ৰয় নিদিয়া নহয়। কিন্তু প্ৰথমে সকলোৱে কলা শাখাৰ বিপৰীতে কয়, তাৰ পাছতহে কয় "তোমাৰ পছন্দ তুমি যি শাখাত পঢ়া।" তাইৰ মূৰে কাম নকৰা হ'ল আৰু অৱশেষত উপায়হীন হৈ সকলোৰে সুখত সুখী অনুপ্ৰিয়াই তাইৰ ইচ্ছাৰ বিৰোধী লক্ষ্যটোকে বাচি ল'লে। সকলোৰে ইচ্ছামতে তাই ভাল কলেজ এখনত বিজ্ঞান শাখাত নামভৰ্তি কৰিলে। নতুন অনুষ্ঠান, নতুন পৰিৱেশ, নতুন মানুহ।সকলোবোৰ নতুন। তাই যিমান পাৰে নিজক বুজাই মিলিবলৈ চেষ্টা কৰিছে। প্ৰথম কেইদিন সকলো ঠিকে ঠাকে গ'ল। তাই ভালকৈয়ে পঢ়িল ঠিক আগৰ দৰে।কলেজৰ গোট পৰীক্ষা বিলাকতো আন topper ছাত্ৰকেইজনৰ সৈতে ফেৰ মাৰিব পৰাকৈ তাই নম্বৰ পালে। নতুন বন্ধু-বান্ধবী শিক্ষকসকলোৰ সৈতে তাই বেচ মিলি গ'ল। কলেজখন ঘৰৰ পৰা দূৰত বাবে তাইক  ঘৰৰ পৰা মোবাইল ফোন এটাও দিলে।
        এনেকৈয়ে প্ৰায় দুটা বছৰ তিতা-কেহা কলেজীয়া জীৱন কেনেদৰে পাৰ হ'ল তাই গমকে নাপালে। তাই HS 2nd year  ফাইনেল পৰীক্ষাও দিলে। এতিয়া মাত্ৰ ৰিজাল্টলৈ অপেক্ষা। সকলোৱে ভাবিছে এইবাৰো আগৰ দৰে ভাল ৰিজাল্ট হ'ব।ৰিজাল্ট দিয়াৰ দিন আহিল। তাই মোবাইলটো অফ কৰি শুই পৰিছে। তাই খুব নাৰ্ভাছ অনুভৱ কৰিছে। ৯ বাজিলত যেতিয়া ৰিজাল্ট আহিল সকলোৱে হতভম্ব। পৰিয়াল, ওচৰ-চুবুৰী, শিক্ষকসকল, যিসকল তাইৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছিল সকলো অবাক। শিল পৰা কপৌৰ দৰে ঠৰ হৈ পৰিছে তাইৰ পিতৃ মাতৃ। তাইৰ বাহিৰে কোনেও সপোনতো ভবা নাছিল মেট্ৰিকত ১০টা স্থানৰ ভিতৰত পঞ্চম স্থান লাভ কৰা ছোৱালীজনী উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৫০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হ'ব বুলি। সকলোৰে মুখত সমালোচনা। কোনোৱে কৈছে ফোনটোৰ ফলত এই দোখা, কোনোৱে কৈছে বিজ্ঞান শাখাত তাই দুৰ্বল। কোনোৱে আকৌ তাই নভবা আটাইতকৈ ডাঙৰ অভিযোগটো দিলে যে তাই কাৰোবাৰ প্ৰেমৰ ফান্দত পৰি এই অৱস্থা। তাই মানসিক ভাৱে ভাগি পৰিল। কিন্তু মানুহে দিয়া এই সকলো অভিযোগৰ এটা অভিযোগো তাইৰ ৰিজাল্ট বেয়া হোৱাৰ কাৰণ নহয়। কোনে বুজিব তাইক, কাক বুজাব তাই এইকথা? ভয়ে ভয়ে দেউতাকক কৈছিল তাই এইকথা। পিছে দেউতাকৰ ৰুদ্ৰ মূৰ্তি দেখি  দ্বিতীয় বাৰৰ বাবে এই কথা দ্বিতীয়জনৰ আগত ক'বলৈ সাহস তাইৰ নহ'ল।    
আচলতে তাইৰ ৰিজাল্ট বেয়া হোৱাৰ সবাতোকৈ ডাঙৰ কাৰণটো হৈছে তাইৰ ইচ্ছাৰ বিপৰীতে বিজ্ঞান শাখাত নামভৰ্তি কৰা। তাই কাক বুজাব আজি?সকলোৱে ক'ব এয়া একপ্ৰকাৰ বাহানা। প্ৰথম দুমাহ মানৰ পিছৰে পৰা তাই যে কোনো পধ্যে পঢ়াত মন বহুৱাব পৰা নাছিল কাক বুজাব এই কথা? যিখিনি সময়ত তাই পঢ়িব লাগিছিল সেইখিনি সময়ত কিছুমান প্ৰশ্নই তাইৰ মনত দোলা দি থাকিল। কিয় তাই তাইৰ ইচ্ছাৰ বিপৰীতে যাব লগা হ'? কিয় তাইৰ সাহস নহ'ল নিজৰ লক্ষৰ পথ বাছি ল'বলৈ? তাই আজিৰ যুগৰ ছোৱালী হৈও কিয় বাক্‌ স্বাধীনতা খৰ্ব হ'? দুবছধৰি তাই কোনোপধ্যে সহজ হ'ব নোৱাৰিলে।সেই সময়ত এই সকলোবোৰ কথাই তাইৰ মনত পাজুল লগাই দিছিল। তাইৰ জীৱনৰ গতিপথ সলাই দিছিল যাৰ বাবে তাইৰ ৰিজাল্ট বেয়া হ'ল। উপায়হীন হৈ তাই ঘৰৰ পৰা পলাই যোৱাৰ সিদ্ধান্ত ল'লে। আচলতে মাক-দেউতাকৰ সন্মান হানি হোৱা কথাটো তাই একেবাৰে সহ্য কৰিব পৰা নাছিল। তাই ঘৰৰ পৰা পলাই গ'ল হয় কিন্তু ক'ত যাব? কি কৰিব ?...ভাবি নাপালে। সেই সময়ত তাই একো কথাই ভাবিব পৰা নাই মাত্ৰ ভাবিছে তাই মাক দেইতাকৰ সুযোগ্য সন্তান নহয়, তাই জীয়াই থকাৰ অধিকাৰ নাই। এইদৰে ভাবি গৈ থাকোতে তাই এখন নদী পালে। নদীখন বেচ গভীৰ। গতিকে তাই পলম নকৰি কোনো নথকাৰ সুযোগ লৈ নদীখনত জঁপিয়াই দিলে। পিছে ৰাখে হৰি মাৰে কোনে? তাই নমৰিল। তাই নৈৰ সোঁতত উটি গৈ অৰণ্যৰ মাজৰ গাওঁ এখন পাইছিল।সেই গাওঁখনৰে মাছ মৰীয়া এজনে তাইক অচেতন অৱস্থাত পায় তেওঁৰ ঘৰলৈ লৈ আহে। তাইৰ বিশেষ একো হোৱা নাছিল। বেছিকৈ পানী খাই অচেতন হৈ পৰিছিল। তেঁওলোকৰ নেৰানেপেৰা শুশ্ৰুশাত তাই অতি সোনকালে সুস্থ হৈ উঠিল। সুস্থ হোৱাৰ পাছত দুদিনমান কি কৰিব একো ভাবি পোৱা নাছিল।                   
পিছে তাই ঠিৰাং কৰিলে তাই আৰু ঘৰলৈ নাযায়। ঘৰলৈ গৈ মাক দেউতাকক কি বুলি ক'ব। মাক-দেউতাকে তাইক হয়তো মৰা বুলিয়ে ভাবিছে।গতিকে তাই সেই গাওঁখনৰ মানুহক তাইৰ কোনো পৰিয়াল নাই বুলি পৰিচয় দি তাতে থকাৰ ইচ্ছা কৰিলে। অশিক্ষিত সহজ-সৰল গাওঁখনৰ মানুহখিনিয়ে তাইক কোনো আপত্তি নোহোৱাকৈয়ে আকোঁৱালি ল'লে।       
হাবিতলীয়া সেই গাঁওখনত শিক্ষিত মানুহৰ সংখ্যা নিচেই তাকৰ। আচলতে স্কুলৰ সুবিধা নাই। গাওঁখনৰ লৰা-ছোৱালী প্ৰায় ৭ মাইল দূৰত্ব অতিক্ৰম কৰি স্কুললৈ যাব লাগে। কিছু সংখ্যক ল'ৰা ছোৱালী যায় যদিও কেইদিন মান পিছতে স্কুল যোৱা আধ্যা পৰে। গতিকে তাই তাত বিদ্যালয় এখন স্থাপন কৰাৰ কাৰণে গাওঁৰ মানুহখিনিৰ সৈতে আলোচনা কৰি এখন প্ৰাথমিক স্কুল স্থাপন কৰিলে। গাঁওৰ প্ৰায়ভাগ ল'ৰা-ছোৱালী আগবাঢ়ি আহিল। সকলোৱে তাইক খুব মৰম কৰে। কিন্তু তাই কেৱল পঢ়োৱাতে ব্যস্ত নহয় তাৰ সমান্তুৰালভাৱে তাই সাহিত্য চৰ্চাতো লাগিল। তাই গল্গ, কবিতা, উপন্যাস আদি লিখি টাউনৰ এজন ভাল মানুহৰ সৈতে চিনাকী হৈ তাইৰ লিখনিসমূহ প্ৰকাশ কৰাৰ কাৰণে অনুৰোধ কৰিলে।এইদৰে দুই এখন আলোচনীত তাইৰ লিখনি নিয়মিতভাৱে প্ৰকাশ পাই থাকিল।
প্ৰায় ৪ বছৰ তাই খুব কষ্টৰে শিক্ষকতা কৰি তাৰ মানুহখিনিক শিক্ষিত কৰি তুলিলে। কেৱল স্কুলীয়া শিক্ষাই নহয় জীৱনৰ শিক্ষাও দিলে। আচাৰ-ব্যৱহাৰ, খোৱা-বোৱা, পৰিস্কাৰ-পৰিচ্ছন্নতা সকলো শিকালেসহজ সৰল মানুহখিনিয়েও তাইৰ দিহা-পৰামৰ্শ খুব সোনকালে আয়ত্ব কৰিবলৈ সক্ষম হ'ল। তাইৰ মহান কৰ্ম লাহে লাহে সমগ্ৰ অঞ্চলটোতে বিয়পি পৰিল। তাই যে এগৰাকী শিক্ষয়ত্ৰী তেনে নহয় এগৰাকী ভাল লেখিকা হিচাপেও পৰিচিত হ'ল।এইদৰে তাইৰ লিখনি বিচাৰি বহুতে আজি হাবাথুৰী খায়। এইদৰে তাইৰ মহান কৰ্ম এদিন চৰকাৰৰ চকুলৈও আহিল। চৰকাৰে অনুপ্ৰিয়াৰ সেই স্কুলখন চৰকাৰী স্কুল হিচাপে স্বীকৃতি দিলে। তাই বৰ্তমান এগৰাকী সফল শিক্ষয়ত্ৰী। লগতে এগৰাকী সুপৰিচিত সাহিত্যিক, লেখিকা।                                         
'মা-জনী'...মাকৰ মাতত হে অশ্ৰুলেখাই সম্বিত ঘূৰাই পালে। ইমানপৰে তাই সেই ছোৱালীজনীৰ কথাকে ভাবি আছিল। যাহক ইমান বছৰৰ মূৰত নিজৰ ঘৰখনত ভৰি দিছে। ঘৰটোৰ চাৰিওফালে এপাক চালে। আগৰ ঘৰটো নাই। মাটিৰ ঘৰৰ ঠাইত এটা পকী ঘৰ। বাক জনীও বিয়া হ'ল। ভায়েক পুলিচ চাকৰী কৰে। তাই আহিব বুলি গম পাই ছুটি লৈ আহিছে। মাক-দেউতাক আগতকৈ বুঢ়া হৈছে। সেই প্ৰায় ৭বছৰ আগৰ হাঁহিটো পুণৰ মাক দেউতাকৰ চকুত বিৰিঙি উঠা তাই দেখিছে। শিক্ষক-শিক্ষয়ত্ৰী গাওঁৰ মানুহ সকলো আহিছে।সকলোৰে মনত ৭বছৰ আগৰ সেই আনন্দ দেখা পোৱা গ'ল। তাইও পৰম শান্তি লাভ কৰিলে।
       এটা সময়ত তাইক অভিন্দন জনাবলৈ অহা সকলো মানুহ গুছি গ'ল। তাই বিছনাখনত গৈ মূৰটো পেলাইছে। দিনটো কষ্ট হৈছে। ভাগৰ লাগিছে। গতিকে তাই অলপ জিৰণি ল'ব বিছাৰিছে। নাই তাইৰ টোপোনী অহা নাই। পুণৰ সেই ছোৱালীজনীৰ কথাকে মনত পৰিল।
কোনে জানে কাৰ কপালত কি লিখা আছে?সকলকে আচৰিত কৰি সেই অনুপ্ৰিয়া এদিন news channel এটাত সাক্ষাৎকাৰ দিবলৈ আহিল। তাইৰ পিতৃ-মাতৃ, শিক্ষাগুৰু, আত্মীয় স্বজন, বন্ধু সকলো আচৰিত। তাইও কেনেকৈ কি দৰে আজি এই স্থান পালে সকলো বিৱৰি কলে। এফালৰ পৰা সাক্ষাতকাৰ দি গ'ল তাইৰ জীৱনৰ সকলো কথা।সকলোৰে ওচৰত ফাদিল হৈ পৰিল অনুপ্ৰিয়াৰ জীৱন গাঁথা।
"অনুপ্ৰিয়া,অনুপ্ৰিয়া" মাতটো চিনাকী চিনাকী লাগিল। হয় সেইজনী অশ্ৰুলেখাৰ বায়েক। তাই অহা গম পাই তাইক চাবলৈ আহিছে। আজি সাত বছৰৰ মূৰত বায়েক-ভনীয়েকৰ মিলন। "অনুপ্ৰিয়া" পুণৰ চিঞৰিলে। কিমান দিনৰ মূৰত যে তাই মাক-দেউতাকে দিয়া মৰমৰ মাতটো শুনিবলৈ পাইছে। হয় তাই ১৭ বছৰ বয়সতে এই নামটোৰে মতা শুনিছিলআজি ২৫ বছৰ বয়সত দ্বিতীয় বাৰৰ বাবে শুনিছে।অশ্ৰুলেখা নাম লৈ তাই ৭টা বছৰ অতিক্ৰম কৰিলে।তাই দৌৰি গৈ বায়েকক সাবটি ধৰিলে। দুয়ো হিয়া উজাৰি কান্দিলে। অনুপ্ৰীয়াই চিঞৰী চিঞৰী কান্দিলে। ৭বছৰ ধৰি অশ্ৰুলেখা হৈ কটোৱা অনুলেখাই আজি ৭ বছৰৰ মূৰত নিজ ঘৰত ভৰি দিছে এগৰাকী নামজ্বলা লেখিকা তথা শিক্ষয়ত্ৰী হয়। 
...মমিতা শৰণীয়া,বৰিমাখা

Post a Comment

Previous Post Next Post