প্ৰিয়তমালৈ এখনি প্ৰেমৰ চিঠি-ভাৰত দাস (বাবু)



মৰমৰ ........প্ৰিয়তমা,
...............মৰম লবা ।
আশা কৰো তুমি কুশলে আছা ।
প্ৰিয়তমা তোমাক দিনে দিনে দেখি দেখি
মোৰ বুকুৰ হিয়া ভৰি থকা মৰমবোৰ, মোৰ মনৰফুলনিত এপাহ গোলাপ হৈ ফুলি উঠিছে। আচলতে ফুলি উঠা এই গোলাপ পাহ, মোৰ মনত দুলি থকা তোমাৰ প্ৰতিচ্ছৱি ।
ৰাতি ৰাতি জোনাকীবোৰে মোক তোমাৰে কথা কয়। জোনাকীবোৰেও বুজে যে মই তোমাক কিমান ভালপাওঁ। বৰষুণেও আনে মোৰ বুকুৰ মাজলৈ তোমাৰ এটিগানৰ কবিতা। আৰু উজাগৰী ৰাতি তোমাৰ কথা ভাবি ঝিলিৰ মাতত তোমাৰ উশাহ-নিশাহৰ শব্দ পাওঁ।

ক্ৰমশঃ.....
পূবৰ বেলিৰ ৰাঙলী প্ৰভাতত আগলি বাঁহৰ দৰে তুমিও নাচি উঠা মোৰ মনৰ ভাৱনাত । আচলতে প্ৰিয়তমা,  মই তোমাৰ দুচকুৰ অগনিত জ্বলি-পুৰি মৰিব ধৰিছো। মম এডালৰ দৰে তোমাৰ ভাৱনাত গলি গলি মই নিঃশেষ হব ধৰিছো। এইঅৱস্থাত মই কি কৰো তুমিয়েই কোৱা....... ??

Post a Comment

Previous Post Next Post