নীলা খামৰ চিঠি-কৃষ্ণামণি



মৰমৰ,
          এখন দৰদি হৃদয়ৰ বিষন্নতাৰ কাহিনী-শুনিবা?সময় আছে নে তোমাৰ কাষত?স্বপ্ন কণিকাৰে সজোৱা নিভাঁজ কাহিনীবোৰৰ মাজত শূণ্যতাই আজি প্ৰলাপ বকিছে!এতিয়াও তোমালৈ বৰকৈ মনত পৰে জানা,ভিৰৰ মাজতো অকলশৰীয়া হৈ ৰৈ যাওঁ।বুকুখন হেঁচা মাৰি ধৰে যেতিয়াই তোমাৰ কথাবোৰ মনত পৰে।সেয়ে,চিঠি এখনকে লিখোঁ বুলি কলমটো হাতত তুলি লৈছোঁ।চাওঁতে চাওঁতে দুবছৰ কেনেকৈ গল ধৰিবকে নোৱাৰিলো ঐ।যদি সময়বোৰ বান্ধি থব পাৰিলো হৈ আজি তুমি আৰু মই জীৱনৰ ৰংবোৰ উৎযাপন কৰিলোঁ হৈ।যিদৰে ৰাতিৰ আন্ধাৰ নেওচি পুৱাৰ বেলিটিয়ে গোটেই জগতখন পোহৰাই তোলে।

ফাগুনৰ পছোৱাই বাৰে-বাৰে টুকুৰীয়াই গৈছে মোৰ বন্ধ কোঠাৰ দুৱাৰ-খিৰিকীবোৰ।এই যে নিলাজ বতাহজাকৰ দৰেই মইজনী,তোমাক মৰমৰ বুলি মাতিবলৈ অধিকাৰ নথকা স্বত্বেও মৰমৰ বুলি মাটিছো।ফাগুনৰ উন্মনা বতাহজাকে অতীতৰ মধুৰ স্মৃতিবোৰ সোঁৱৰাই যায়।
নিজান ৰাতি ডায়েৰীটো আৰু কলমটো সাক্ষী হৈ ৰয় প্ৰেমৰ।স্মৃতিবোৰ ৰোমন্থন কৰি সাৰে থাকো উজাগৰে।তোমাৰ প্ৰতি কোনো আক্ষেপ নাই,নাই কোনো অভিযোগ।ভালপোৱাবোৰ ধৰি ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰিছিলোঁ আৰু তোমাৰ অপ্ৰাণ চেষ্টা আছিল আঁতৰি যোৱাৰ।শেষত তোমাৰে জয় হল...বাকৰুদ্ধ হৈ পৰিছো জীৱনৰ বাটত,সন্মুখত হেজাৰ মানুহ,পিছফালে কেৱল ছাঁ টো যিয়ে এন্ধাৰত সংগ এৰি দিলেও পোহৰত লগত থাকে,এন্ধাৰত যে মই মোৰ লগত কথা পাতি ভাল পাওঁ,সেই সময়খিনি মোৰ বৰ মূল্যৱান।
অহ আৰু এটা কথা পাহৰিছিলোয়ে নহয় কব।
তোমাৰ বন্ধুজনক লগ পাইছিলো পূজাৰ বজাৰ কৰিব যাওঁতে, কৈছে তুমি এজনী ধুনীয়া ছোৱালীক সংগী কৰিছা...নামটো কি বা কৈছিল পাহৰিলোঁ ঐ আজিকালি বৰকৈ কথাবোৰ পাহৰি থাকোঁ...সুখী হোৱা তুমি সেইটোয়ে বিচাৰোঁ।
কিন্তু,হৃদয়ৰ একোনত এটা বিষ অনুভৱ কৰিছোঁ জানা,হঠাৎ যে কি হৈ যায় নহয় সেইজনীৰ ঠাই লব মন যায়...বৰ স্বাৰ্থপৰ হৈ পৰোঁ কেতিয়াবা...ভুল নুবুজিবা তুমি,তোমালোকক কেতিয়াও আমনি নকৰোঁ...
এতিয়া মাথোঁ ডায়েৰীৰ পৃষ্ঠাবোৰ ফঁহিয়াই চাওঁ,তোমাক তাতেই বিচাৰি পাওঁ।আৰু সময়বোৰ যে....নষ্টালজিক হৈ পৰোঁ।
           হব দিয়া আজিলৈ ইমানতে সামৰিলোঁ,পিছত সময় পালে আকৌ লিখিম তোমালৈ বুলি...পিছে চিঠিখন দিয়া নহবগৈ।
কুশলে থাকা তুমি আপোনবোৰৰ সান্নিধ্যত....
ইতি,
                               তোমাৰ...

3 Comments

Post a Comment

Previous Post Next Post