নীলা খামৰ চিঠি-কনমনি নাথ

মৰমৰ,
         পাহি...

তোমালৈ বুলি মোৰ প্ৰথম চিঠিৰ প্ৰতিটো ভাজে ভাজে অদৃশ্য হৈ আছে প্ৰকৃত ভাল পোৱাৰ অনেক বতৰা, যত বিচাৰি পাবা সঁচা হৃদয়ৰ কিছু অনুভূতি।তুমি ওচৰৰ পৰা বুজি চালে বিচাৰি পাবা তোমালৈ থকা মোৰ মৰম ভাল পোৱাৰ প্ৰয়োজন কিমান।পাহি তুমি বুজি চাবাচোন তোমাৰ মই কিমান যতন ৰাখো।
শীতৰ এন্ধাৰ ৰাতি পূৰ্ণিমাৰ জোনৰ পোহৰৰ ফিৰিঙনি,নিয়ৰ সনা দুবুৰি গচকি তোমালৈ বুলি কাহিলি পুৱাতে শেৱালী ফুল বুতুলি গোপনে গোপনে ভুমুকি মাৰি চোৱা আজিও কেতিয়াবা মনত পৰিলে ভাল লাগি যায়।কি হব আজি সেইবোৰ তোমাক সোঁৱৰাই!তুমিটো অচিন হৈ আনৰ হোৱাৰ দিশে ঢাপলি মেলিচা !আৰু মই,,,, তুমি হেৰুওৱাৰ ভয়ত ব্যাকুল হৈ সংকিত! তুমি যেতিয়া চাইকেলেৰে বালিকা স্কুললৈ গৈছিলা তেতিয়াৰ পৰা তোমালৈ মোৰ উপজিছিল সঁচা ভাল পোৱা মৰম কিন্তু কি জানা তোমাক মই স্বতঃস্ফুত ভাৱে প্ৰকাশ কৰি কব  পৰা নাছিলোঁ যে মই তোমাক কিমান ভাল পাওঁ,আৰু তুমিটো এবাৰো বুজিবলৈ প্ৰয়াস নকৰিলা।
পাৰিব জানো বিচৰা ধৰণে সুখী হৈ থাকিব?
মুক্ত উৰণীয়া পৰিভ্ৰমী চৰাইৰ দৰে,নিমিষতে উৰি গৈ মেঘৰ লগত লুকা ভাকু খেলি পুনৰ নিজৰ পজালৈ উৰি আহি বাস কৰাৰ দৰে।
স্মৃতি বোৰ ৰমন্থন কৰিলে আজি বুকুৰ এটা অংশ কপি উঠি মায়াত আবদ্ধ হৈ পৰো।এতিয়া আৰু মোৰ বিশেষ হাবিয়া নাই,মাত্ৰ তুমি যেনেকৈ থকা তেনেকৈ সদায় সুখী হোৱা এই কামনা খিনি মই দুৰে দূৰে  নিস্বাৰ্থ হীন ভাৱে গোপনে কৰি যাম। কিয়নো তোমাৰ দুখ বা কষ্ট মই সহজে লব নোৱাৰিম, তুমিটো মোক এলাগ কৰাৰ নিচিনা হৈ গলা কিন্তু এই অধিকাৰ খিনি মোৰ পৰা আজুৰি নিবলৈ চেষ্টা নকৰিবা।
এতিয়া টো উচ্চ শিক্ষিত হৈ শিক্ষাৰ ধাৰা অব্যাহত ৰাখি আগুৱাই গৈ চহৰত আছা বহুদিন হল তোমাক নেদেখা! আজি কালি তুমি চহৰত গৈ মেখেলা চাদৰ পৰিধান নকৰি আন আধুনিকতাৰ সাজপাৰ পৰিধান কৰিলা নেকি? কি জানা তোমাক হালধীয়া মেখেলা চাদৰ সাজত খুব ধুনীয়া দেখি যেতিয়া তুমি হাই স্কুলত পৰিধান কৰিছিলা আজিও সেই স্মিতি বোৰ পাহৰিব পৰা নাই!
সন্ধিয়াৰ ধ্ৰুবতৰা হৈ জিলিকি থকা  অমাৱস্যা কি পূৰ্ণিমা ৰাতি অবিৰত ভাবে সদায় জিলিকি থকা আজি তোমাৰ এই শুভ জন্ম দিনত তাকেই সহস্ৰ কামনা কৰিম,মোৰ কলমৰ নীলা চিয়াঁহীৰ প্ৰতিটো আখৰত তোমালৈ থকা মৰমৰ টোপোলা আলফুলকৈ আঁকোৱালি লবা আৰু পত্ৰৰ উত্তৰ পোৱাৰ আশাত আগ্ৰহেৰে ৰৈ থাকিম সুপ্ত আগ্নেয়গিৰী নিচিনা যেতিয়া সেউজীয়া সংকেত পাম তেতিয়াই প্ৰেমৰ আগ্নেয়গিৰি বৰ্হি প্ৰকাশ ঘটি মিলীন হৈ দুয়ো উৰি যাম দূৰ দিগন্তৰ অজান দেশলৈ। হব দিয়া আজিলৈ আৰু কিমান লিখিম।
                         তোমাৰ.
                                   অনুৰাগ
 


Post a Comment

Previous Post Next Post