নীলা খামৰ চিঠি


"কলেজীয়া জীৱনৰ স্পন্দন"


মৰমৰ,
বান্ধৱী তৃষ্ণা বহুত মৰম তোলৈ।এতিয়া আৰু মৰম অভিমানবোৰ কলেজৰ পদূলিৰ কৃষ্ণচূড়াৰ তলত নহয়,এতিয়াৰ মৰমবোৰ যে আৱদ্ধ ছ'চিয়েল মিডিয়াত।কেণ্টিনৰ আড্ডাবোৰ হেৰাই থাকিল।দিনবোৰ পাৰ হৈ গল,পাৰ হৈ গল ভাল লগা সময়বোৰ।সময়বোৰ স্মৃতিৰূপে ধৰি ৰাখিছোঁ এলবামত।কৃষ্ণচূড়াই হাত বাউলি মাতে,ব্যস্ততাৰ শেষতো অনুভৱবোৰক জীপাল কৰোঁ।নষ্টালজিক হৈ পৰোঁ সময়বোৰক ফঁহিয়াই।
এইযে চকুলোবোৰ সদায় লুণীয়া হোৱাৰ দৰে,হাঁহিবোৰ সদায় সৰিয়হফুলীয়া হলহেঁতেন।কথাবোৰ যদি সঁচা হলহৈ।বিদায় পৰত কৈছিলো আবেগিক হৈ-
"কিয় কান্দিছ' ৰে তহঁতে,হোৱাটচএপ্ আছেই নহয়,সদায়ে কথা পাতিম সদায়ে ভিডিঅ' 'লত দেখা পাম।"
কথাবোৰ যে সাধুকথা হৈ ৰ'ল।বুকুখন বৰকৈ বিষাই অ'।ব্যস্ততাৰ আৱেষ্টনীত যে সকলো হেৰাই থাকিল।আৰু মৰমবোৰ?মৰমবোৰক জীয়াই ৰাখিছোঁ বিস্মৃতিৰ গৰাহত।
অহ,এটা কথা পাহৰিছিলোৱে,"নিশাৰ বিয়া হল,তোক মাতিছিল নে বাৰু?মোক হোৱাটচএপ্ তে চিঠিখন দিছিল।যাম বুলিছিলো, তথাপিও যোৱা নহল...হোৱাটচএপ্ টো ডিলেট হোৱা বাবে চিঠিখনো হেৰাই থাকিল...
তাইৰ যে কিমান মন আছিলে মডেলিং হবলৈ!সপোনবোৰক চাগে জ্বলাই দিলে সম্বন্ধৰ পাশত আবদ্ধ হৈ।"
বাৰু বাদ দে,তোৰ খবৰ লোৱাই নাই!ভালে আছ'?

কলেজীয়া জীৱনটো যে কিমান সুন্দৰ আছিল নহয় নে?পুথিভঁৰালত কটোৱা সময়বোৰ,যুৱ মহোৎসৱৰ দিনবোৰ,গাৰ্লছ হোষ্টেলত গৈ ৰৱাব টেঙা,বগৰী খোৱা পলবোৰ...কৃষ্ণচূড়াৰ দেশখনলৈ আকৌ যাওঁ বল,বিষাদবোৰ সামৰি-সুতৰি নিতৌ সুখী হোৱা চলেৰে।
তৃষ্ণা,ঘৰত সকলোৰে ভালনে?কলেজীয়া জীৱনটোক ব্যক্ত কৰিলে বাকীবোৰ যে পাহৰিয়ে যাওঁ।যোৱাকালি ডিপাৰ্টমেণ্টৰ পদূলিলৈ গৈছিলো।চাৰ-মেমক লগ পালো,চকুলো সেমেকিছিল চাৰ-মেম হঁতৰো,কম উৎপতিয়া আছিলোনে আমি।কেতিয়াবা যে ক্লাছ কৰি থকা সময়তো হাঁহি উঠি গৈছিল।বহুত কথা পাতিলো মেম হঁতৰ লগত।ক্লাছ চলি আছিল,সেয়ে সোনকালে গুচি আহিলো।জুনিয়ৰ জুৰিহঁতে মোক দেখি দৌৰি আহিছিল মাত দিবলৈ...সময়বোৰ যদি ধৰি ৰাখিব পাৰিলো হৈ।
হবদে আজিলৈ ইমানতে সামৰিলোঁ,চিঠিৰ উত্তৰলৈ বাট চাই ৰম।সময় পালে কেতিয়াবা আকৌ যামদে তোৰ লগত কৃষ্ণচূড়াৰ দেশলৈ।একেলগে হাঁহিম,একেলগে আকাশৰ নীলাত ফুৰিম মুক্ত বিহংগ হৈ।
অৱশেষত বহুত মৰম...

                                 ইতি,
                 তোৰ মৰমৰ বান্ধৱী
                                কৃষ্ণা...

Post a Comment

Previous Post Next Post