নীলা খামৰ চিঠি

জোনালী ডাউকা
মৰমৰ আই ,
    সেৱা লবি ৷ তোৰ গাটো ভালে আছেনে ? পিতাইৰ ভালনে ? শুকান বতৰটোৰ বাবে পিতাইৰ আহুকলীয়া কাহটোৱে বৰ কষ্ট দিছে চাগে ন ? পিতাইৰ যতন লবি ৷ পিতাইলৈ মোৰ সেৱা জনাবি ৷ ভাইটিয়ে ভালদৰে পঢ়াশুনা কৰিছেনে ? তাক মোৰ মৰম দিবি ৷
      আই,তই চাগে ভাবিছ,দিনটোত দুবাৰকৈ ফোন কৰাৰ পিছতো মইনো তোলৈ কেলৈ চিঠি লিখিছোঁ বুলি ৷ দৰাচলতে,আই , আজি মই পুৱাৰ কাম-বন অতাই তিতা চুলিটাৰি শুকাও বুলি আগফালৰ চোতাললৈ ওলাই যাওঁতে ডাকোৱাল এজনক দেখিলোঁ ৷ আজিৰ যুগত,চাইকেলৰ পিঠিত বহি,কান্ধত কাপোৰৰ বেগ ওলমাই , টিংটিং কৈ বেল মাৰি যোৱা ডাকোৱাল এজনক দেখা পোৱাটো কম সুখৰ কথানে ? হয়তো,ডাকোৱালজনে কাৰোবাৰ ঘৰলৈ আধাকাৰ্ড,পান কাৰ্ড চমজাই দিবলৈ আহিছে অথবা কঢ়িয়াই আনিছে কাৰোবাৰ ডাকযোগে অহা কিতাপৰ ভাৰ ৷ কিন্তু , ডাকোৱালজনে মোক দি গল ইমান দিনে তোক কম কম বুলিয়ো মুখেৰে কব নোৱাৰা কথা কেইশাৰী তোলৈ বান্ধি পঠোৱাৰ উপায় ৷ সেয়ে , পলম নকৰি দৌৰাদৌৰিকৈ হাতত কলম-কাগজ লৈ বহিছোহি তোলৈ বুলি একলম লিখিবলৈ ৷

         আই,নতুন ঘৰখনত মই বৰ সুখত আছোঁ ৷ মোক মোৰ স্বামী তথা মা-দেউতাই বৰ মৰমেৰে আকোঁৱালি লৈছে ৷ মই বৰ সৌভাগ্যশালী , মই যে ইমান মৰমীয়াল পৰিয়াল এটিৰ মাজলৈ আহিবলৈ সুযোগ পালোঁ আৰু কি জাননে ? প্ৰীতম একেবাৰে আমাৰ ভাইটিৰ নিচিনা ৷ বৰ মৰম আকলুৱা আৰু সৰু সৰু কথাতে অভিমান কৰে  ৷ অভিমানী পিছে ককায়েকো কম নহয় ৷ সেইদিনা কি হল জাননে,তেওঁ তেওঁৰ কাম কৰা টেবুলতে বহী  এখনৰ ওপৰত কাগজ এখিলাত কবিতাৰ পংক্তি দুটিমান লিখি থৈ গৈছিল ৷ ময়ো দিনটোৰ ব্যস্ততাৰ বাবে টেবুলৰ ওচৰলৈ যাবলৈ সময়ে নাপালোঁ ৷ তাতে ঠেহ্‌ লাগি ৰাতিলৈ মাত-বোল নাই ৷ পিছত,ৰাতি শুৱাৰ আগতে টেবুলত পানীৰ জগটো থবলৈ গৈহে বুজিলোঁ,জগৰ কত লগালোঁ ৷ পিছে,কবিতাটি হাতপাতি তুলি ধৰাতহে তেওঁৰ মনৰ বতৰ ফৰকাল হল ৷ তোক কথাটো ফোনত কম বুলিয়ো কোৱা হোৱা নাছিল ৷ মই পিছে জানোঁ,চহৰত ডাঙৰ-দীঘল হোৱা,চহৰীয়া ধঙৰ তোৰ সদাব্যস্ত জোৱাইয়ে মোক আকোঁৱালি লৈছে নে নাই , মই সুখী নে নাই জানিবলৈ তই সদায় উচপিচাই থাক ৷ পিছে আই,চহৰীয়া হলেও মোৰ নতুন পৰিয়ালটো বৰ মৰম আকলুৱা অ৷ চহৰৰ প্ৰতিষ্ঠিত পৰিয়াল হলেও গাঁৱৰ মাটিৰ গোন্ধ আৰু মৰমৰ আকুলতা বুজে ৷ তই পিতাইৰ হাতত দি পঠোৱা মোনাটিলৈ বৰ হেপাঁহ দেউতাৰ , মাৰ আকৌ তই পঠোৱা তামোল-পাণ আৰু পাত চাধাকণলৈহে মোহটো ৷ তই পঠোৱা গছৰ পৰা পাৰি অনা পাণ আৰু মাটিত পুতি থোৱা তামোলৰ সোৱাদ হেনো দোকানৰ পৰা অনা তামোল-পাণত নাই ৷ মুঠতে,আই মই বৰ সুখত আছোঁ ৷ তোৰ আৰু পিতাইৰ নিভাজ মৰমবোৰ দিবলৈ আটাইয়ে বৰ যত্ন কৰে অ৷ মইয়ো তই শিকাই পঠোৱাৰ দৰে মা-দেউতাক তোৰ আসনত বহোৱাই শ্ৰদ্ধা-ভক্তি কৰাৰ লগতে প্ৰিতমক ভাইটিৰ লেখিয়া মৰমেৰে আৱৰি লবলৈ চেষ্টাৰ ক্ৰূটি কৰা নাই ৷ লগতে,তেখেতৰ মৰম-চেনেহবোৰ সামৰা-সুতুৰি লৈ তই পিতাইক কৰাৰ দৰে সকলো সুখ-দুখৰ লগৰী হৈ পৰিয়ালটো সামৰি ৰখাৰ চেষ্টা কৰিছোঁ  ৷ তেওঁৰ অৰ্ধাংগিনী হৈ তেওঁৰ সুখ-দুখ-বেদনা-ক্লান্তিবোৰ সমানে অনুভৱ কৰিবলৈ চেষ্টা কৰিছোঁ 
      বাৰু,আই আজিলৈ সামৰো দে ৷ ঘড়ীৰ কাঁইটে বাৰ বজাৰ সংকেট দিছে ৷ মই দুপৰীয়াৰ সাঁজৰ যোগাৰ কৰোঁ ৷ তই পিছে তোৰ স্বাস্থ্যৰ যতন লবি ৷ পিতাই আৰু তই মংগলে থাক,নেদেখা জনলৈ সেয়াই প্ৰাৰ্থনা ৷ ভাইটিক মোৰ মৰম দিবি আৰু মোৰ মৰমৰ বগীক চাবি ৷ তাই তোক বৰকৈ জোৰ-জুলুম কৰিলেও তাই নিপিটিবি দে ৷ তাইক মই মাকজনীৰ অবিহনে জন্মৰ পৰা ডাঙৰ কৰিলোঁ , ছাগলী পোৱালি হলেও মোৰ বাবে তাই মোৰ বৰ মৰমৰ 
    আজিলৈ সামৰোঁ ৷ চিঠি পালে জনাবি আৰু মনৰ আটাইবোৰ সংকোচ আঁতৰাই দে ৷ মই ইয়াত সুখতে আছোঁ অআই ৷ মাত্ৰ তহঁতৰ আশীৰ্বাদৰ হাতখন সদায় আমাৰ ওপৰত ৰাখিবি ৷

             ইতি,
        তোৰ মৰম
          মাজনী

Post a Comment

Previous Post Next Post