Love Letter


মৰমৰ ... তোমালৈ,
আশাৰে বাট চাই থকা আজিৰ শুভক্ষণত হৃদয়ত থুপ খোৱাই থোৱা  মৰম দিলোঁ নীল । টিকলি নামেৰে  তোমাৰ আপোনগৰাকী হ'বলৈ পোৱা মোৰ বাবে স্বৰ্গীয় সুখ অ' । প্ৰতি পলত মৰমৰ আলফুলীয়া দলিচা এখনে মোক দি যায় ভালপোৱাৰ এক উষ্ম আদৰণি । দুটা বছৰৰ আগৰ আজি দিনটোৰ সোণালী সজীৱ স্মৃতিক প্ৰণাম জনাই তোমালৈ যাচিলোঁ গোপন মৰম । মনত আছেনে তোমাৰ ? আজি তাৰিখত তুমি মাথোঁ মোক প্ৰেমৰ প্ৰস্তাৱ হে দিছিলা । প্ৰিয় সখীৰ পৰা আৰম্ভ হোৱা আমাৰ এই অটুট বন্ধনটোৱে তাৰ এমাহৰ আগৰ পৰাই জীৱন সংগী ৰূপত অভিনয় কৰিছিল !!! তোমাৰ সেই লাজকুৰীয়া বেঁকা হাঁহিয়ে তোমাৰ টিকলিৰ হৃদয়ত দি যায় অফুৰন্ত প্ৰেমৰ চিনাকি!! কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিলে নিজানৰ একোণত সেই হাঁহিটিক স্মৰণ কৰি কিমান যে কথা পাতো অকলে অকলে । আহ!!! তোমাৰ বন্ধু সুলভ মনোভাৱ আৰু মোৰ প্ৰতি থকা অকৃপণ বিশ্বাসে মোক প্ৰতি ক্ষণত তোমাৰ সানিধ্যৰ বাবে আমনি কৰে । ভালপোৱাৰ মাজত লুকাই থকা তোমাৰ সৎ উপদেশবোৰ আৰু লক্ষ্যৰ প্ৰতি অকৃপণ একান্ত কৰিব পৰা শক্তিয়ে মোক তুমি নাই যদিও ছাঁ দৰে সাহস যোগায় । প্ৰতিপলত অনুভৱ কৰোঁ তুমি যেন মোৰ কাষত আছা । মাথো মানুহটোৰ জঁকাটোহে নাই মোৰ ওচৰত কিন্তু  তুমি মোৰ সাহস, তুমি মোৰ লক্ষ্যৰ গোপন শক্তিৰ উৎস । যি শক্তি ক সাহস হিচাপে লৈ আগবাঢ়ি গৈছো । কি জানা !!! নিজে সবল নহ'লে ঘৰৰ পৰা আন কাৰোবালৈ বিয়া দিয়াৰ ভয়ে মোৰ বুকুত শিল দলিয়াই । যোৱা মাহৰ বিশ তাৰিখে চহৰৰ সু-নাম থকা পৰিয়াল এটাই মোক বিয়াৰ প্ৰস্তাৱ দিবলৈ আহিছিল । এতিয়াও মাকৰ কোলাত বহি থকা মোৰ ছোৱালীজনী সঁচাই ডাঙৰ হ'ল নেকি বুলি দেউতাই হিয়া উজাৰি কান্দিছিল! পিছে বিয়াৰ প্ৰস্তাৱহে মই গ্ৰহণ নকৰিলোঁ । এদিন মনে বিচৰা আপোনজনক চিৰদিনলৈ ৰৈ থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত  মই আন কাৰোবাৰ লগত জীৱন কটাব নোৱাৰোঁ । তুমি কোৱাৰ দৰে ময়ো এতিয়া ক'বলৈ বাধ্য হ'লো " তোমাক নাপালে মোৰ জীৱনৰ হাঁহি বোৰ নাইকিয়া হৈ যাব " । তুমি যে কোৱা ' ঘৰৰ মানুহে আন কাৰোবাক মোৰ জীৱনত আনিলে তাইৰ জীৱনতো মাথোঁ ধবংস কৰাৰ দৰে হ'' মোৰো একেই ঔ!!! তোমাৰ অবিহনে আন এজনক মোৰ প্ৰিয়জনৰ স্হান দিব নোৱাৰোঁ । মাথোঁ পৰিস্থিতিৰ লগত দুয়োৱে  নিজকে বিলীন কৰি অলপ দূৰত্ব বঢ়াই দিয়া হৈছে যদিও আমাৰ মাজৰ বিশ্বাস আৰু মৰমবোৰ সদায় সমানুপাতিক । এবছৰৰ পিছত যোৱা সাত মাহৰ আগত তোমাৰ জন্মদিনৰ শুভক্ষণতহে আমি শেষ বাৰ লগ হৈছিলো । সিদিনাও তোমাৰ ব্যস্ততাৰ বাবে বৰ বেছি মনৰ কথা কোৱাই নহ'ল । এই আজলীয়ে এবছৰৰ পৰা হৃদয়ত যে কিমানবোৰ মৰমৰ টোপোলা গোটাই থৈছোঁ তোমালৈ তাক হয়তো আজিও ভগাবলৈ অপ্ৰস্তুত  মই । তথাপিও অটুট বন্ধনৰ অপেক্ষিত শুভক্ষণত তোমালৈ লিখা মোৰ মৰমৰ তেজাল শব্দ কেইটাই অলপ হ'লেও চুই গৈছে । নীল, এতিয়া আমাৰ জীৱনতো একোখন ভটীয়নি নাওত গৈ আছে যাৰ মোহনাত আমি লগ হোৱাৰ আশাৰে । এই নাওখনেৰে আগুৱাই গৈ মোহনাত মই তোমালৈ অপেক্ষা কৰিম । তুমি যদি মোহনা আগত পোৱা গৈ তেন্তে এই আজলীক পাহৰি নাযাবা দেই । এই আজলী টিকলিৰ হৃদয়ৰ গভীৰত  মাথোঁ তোমাৰ সানিধ্যই স্হান পাইছিল প্ৰথম বাৰলৈ আৰু চিৰদিন মাথোঁ তোমাকে ৰাখিব বিচাৰে । সন্দেহ নকৰোঁ তোমাক । মোথোঁ জীৱনৰ পৰিস্থিতিৰ সোঁতত পৰি তোমাক হেৰুৱা ভয়ে মোক কেতিয়াবা বৰ আমনি কৰে জানা!!! কাৰণ , মই তোমাক আনৰ হোৱা চাব নোৱাৰোঁ নীল !! কেতিয়াবা অকলশৰীয়াকৈ থাকিলে এইবোৰ ভাৱনাই মোক বৰ আমনি কৰে জানা!  মাথোঁ ঘৰৰ দায়িত্ব আৰু নিজৰ লক্ষ্যত একান্তই যুঁজ দিব লগীয়া হোৱাতহে আঁতৰি ফুৰিব লগীয়া হৈছে । সেই দূৰত্ব মাথোঁ আমাৰ দৈনিক কথাবতৰাৰ পৰাহে তোমাৰ প্ৰতি থকা বিশ্বাস আৰু মৰমবোৰে মোক পৃথক কৰিব নোৱাৰে নীল!!! অভিমানো বহুত মোৰ তোমাৰ প্ৰতি! তথাপিও ভৱিষ্যতক লৈ এতিয়াই  খেলাৰ অধিকাৰ মই পোৱাই নাই  নীল । প্ৰেমৰ অন্য এটা নামেই হেনো ত্যাগ আৰু বিশ্বাস, ময়ো কৰিছোঁ ত্যাগ আমাৰ বন্ধন অটুট থাকিবলৈ । প্ৰিয় সখীৰ পৰা আৰম্ভ হোৱা ভালপোৱাৰ অটুট বন্ধন হেনো বৰ কটকটীয়া হয়, হয়তো তাৰ  উদাহৰণ আমাৰ বন্ধন । য'ত মাথোঁ বিশ্বাস আৰু ত্যাগে শীৰ্ষ স্হান পাইছে । জীৱন যন্ত্ৰণাৰ প্ৰতি ক্ষণত আগৰ দৰে আমাৰ সেই ঠাইখন বিচাৰোঁ, 'ত মই দৈনিক দুখ-সুখ সকলো তোমাৰ আগত খুলি কৈছিলোঁ  । নীল, তোমাৰ জীৱনৰ  প্ৰেমিকাৰ অভিনয় আগতেও কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ মাথোঁ তোমাৰ ৰণক্ষেত্ৰৰ তুমি অৰ্জুন আৰু মই কৃষ্ণ হ'ব বিচাৰোঁ । নালাগে তুমি মোক বিলাসী জীৱনৰ সোৱাদ দিবলৈ , নালাগে তুমি মোক বন্ধুৰ আগত প্ৰেয়সীৰ পৰিচয় দিবলৈ । মাথোঁ অনাগত দিনত সাহস হিচাপে প্ৰিয় সখী হৈ  নতুন সপোনৰ দিশেৰে যোৱাৰহে হেঁপাহ মোৰ । তোমাৰ অনুপস্থিত এবছৰ কটাবলৈয়ে কিমান কষ্টকৰ হৈছে এই আজলী টিকলিয়ে শব্দই প্ৰকাশ কৰিব নোৱাৰে ।  অনাগত দুটা বছৰ কি দৰে যে কটাম তোমাৰ মাতটো নুশুনাকৈ মই ক'বলৈ শব্দ গাঁঠিব পৰা নাই !!!! এই আজলী জনীয়ে হে জানে প্ৰতিটো
ক্ষণ কিমান কষ্টকৰ হৈছে! হ'ব দিয়া তোমাৰ জীৱনৰ বাবে মই ডাঙৰ নহয় আৰু মোৰ জীৱনৰ বাবেও তুমি সকলো নহয় এতিয়া লৈকে । কাৰণ, দুয়োৰে দায়িত্ব আছে পৰিয়াল আছে । মা- দেউতাৰ বুকুত শিল দলিয়াই আমি এক হোৱাৰ সপোন ৰচিবলৈ নোৱাৰোঁ মই । নীল,  তোমাকো তাকেই ক'ম এতিয়া পঢ়া তুমি , নিজৰ লক্ষ্য আৰু পৰিয়ালৰ মৰমক প্ৰথম স্হান দিয়া তাৰপিছত হে টিকলি । ময়ো নোৱাৰোঁ দায়িত্ব আৰু ঘৰৰ সন্মানৰ আগত তোমাক স্হান দিবলৈ । তথাপিও হিয়াৰ গোপন বোৰে প্ৰশ্ন কৰে জানা নীল, ইমান গভীৰ কৈ সাঁচি থোৱা মৰমবোৰ এদিন তাক দিব পাৰিবা নে ? তাৰ উত্তৰত মই মাথোঁ ধৈৰ্য্য বুলিহে কওঁ । আঁতৰি আছোঁ যদিও টিকলিক জীৱনৰ পৰা পৃথক কৰিবলৈ চেষ্টা নকৰিবা কেতিয়াও ! নহ'লে এই আজলীয়ে গম পাম যে জীৱনৰ এটা ডাঙৰ প্ৰতিজ্ঞা তাই ভুল কৈ ল'লে!!! নীল, আৰু নো কি ক'ম কলমৰ চিয়াহীয়ে যিদৰে তেজাল ৰক্তাক্ত মৰম বোৱাইছে তাতকৈ বেছি এতিয়া মোৰ বুকুখনহে বিষাইছে বন্ধনৰ উষ্ম বতাহে ।  তোমাৰ টিকলিৰ কথা কৈ কেতিয়াও শেষ নহয়!! দুটা বছৰৰ পিছত তোমাক যেতিয়া লগ পাম , নামফাকেৰ পবিত্ৰ পৰিৱেশত গোটাই যোৱা প্ৰতিটো স্মৃতি ক'ম । এতিয়া পঢ়া ভালকৈ ময়ো আগুৱাই গৈ আছোঁ । ঘৰত পৰিয়ালৰ মানুহক উচ্চ স্বৰত কথা ন'কবা দেই নীল । আগৰ দৰেই সহজ সৰল মৌলিক হৈ থাকা তুমি ।  বিলাসী জীৱনক আকোঁৱালি ন'লবা । তোমাৰ টিকলিয়ে বাট চাই থাকিব তোমালৈ ......নিয়তিয়ে  সানিধ্য আঁতৰালেওঁ মোৰ হৃদয়ৰ শুভকামনা তোমালৈ সদায় বৈ থাকিব তুমি গম নোপোৱা কৈ ..... তোমাৰ এই অনুপস্থিতিত সদায় কথা পাতো চিঠি লিখি তোমাৰ লগত । কিন্তু এখনো চিঠি এতিয়া লৈকে দিয়া হোৱাই নাই । ভয় লাগে কিজানি তোমাৰ মনটো আকৌ খেলি মেলি হৈ যায় । তুমি মোৰ বাবে ধবংস হ'লে মই নিজকে মাফ কৰিব নোৱাৰিম । সেইবাবে গোটাই গৈছোঁ ডায়েৰীৰ পৃষ্ঠাত , যিদিনা তোমাক লগ পাম সিদিনা পঢ়াম । এতিয়া আৰু একো নিলিখো অহা ওঠৰ এপ্ৰিলত মোৰ জন্মদিন আয়োজন কৰিছে আনবছৰৰ দৰে এইবাৰো আহিবা দেই । মই আশাৰে বাট চাই থাকিম । যদি ব্যস্ত আছা তেন্তে চিঠিৰ উত্তৰ দিব নালাগে । জন্মদিনত তোমাক লগপোৱাৰ আশাৰে এতিয়া কলম সামৰোঁ দেই নীল .....
মৰমেৰে...
তোমাৰ আলসুৱা মৰমৰ
অধিকাৰী টিকলি


2 Comments

  1. বহুত সুন্দৰ মৰম ভৰা চিঠি।চিঠিখনত প্ৰেমৰ আকুলতা বৰ ধুনীয়া কৈ পৰিস্ফুট হৈছে

    ReplyDelete

Post a Comment

Previous Post Next Post