মৰ্মান্তিক

মৰ্মান্তিক

        পুতলা পুতলা পুতলা......! স্বৰ্গৰ নিবাসী মোৰ ককাদেউতাৰ এয়া কৰুণ বিলাপ। বিয়াৰ ১০ বছৰ পিছতহে মোৰ ককাদেউতাই এটি সন্তান লাভ কৰিছিল। তাক অশেষ কষ্টৰে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। তাৰ নাম ৰাখিছিল মনোজ।
সেইদিনা ৫ চেপ্তেম্বৰ; শিক্ষক দিৱস আছিল। সেই সময়ত মোৰ বয়স প্ৰায় ১৪ বছৰ হৈছিল; পঢ়িছিলো অষ্টম শ্ৰেণীত।
এজনী ধুনীয়া ছোৱালী। তাইৰ নাম মিনু। তাইৰ ঘৰ আমাৰ গাঁওখনৰ গাতে লাগি থকা গাঁওখনিতেই। আমাৰ দৰে জুপুৰী ঘৰ নহয়; সিঁহতৰ ঘৰটো পকী আনকি চোতালখনো পকী। আমাৰ দৰে সিঁহতৰ পদুলিত বাহঁপাত জমা হৈ নাথাকে; সিঁহতৰ পদুলিত থাকে মাথোঁ ধুন মৰা মালি।
মিনুৰ ককাদেউতাক আমাৰ সকলোৰে মৰমৰ ছাৰ। ছাৰৰ নাম ধৰণীধৰ। ছাৰৰ বয়স প্ৰায় ৫৮ বছৰ। অৱসৰ ল'বলৈ আৰু মাথোঁ কেইটামান বছৰ বাকী। একে সমান বয়সৰ ন'হলেও ছাৰ মোৰ ককাদেউতা প্ৰফুল্লৰ বন্ধু আছিল। ছাৰ এজন আদৰ্শবাদী, কৰ্তব্য পৰায়ন, নিয়মানুবৰ্তী, নিৰ্ভীক, দায়িত্বশীল আৰু মৰমীয়াল ব্যক্তি।    
মিনু আৰু তাইৰ পিতৃ-মাতৃ চাকৰী সূত্ৰে গুৱাহাটীত ভাড়াঘৰত থাকে। ছাৰ গাঁওৰ ঘৰত ছাৰৰ ডাঙৰ পুত্ৰ-বোৱাৰী আৰু নাতিৰ সৈতে বাস কৰে। মিনুই ককাদেউতাকক শিক্ষক দিৱসৰ শুভেচ্ছা জনাবলৈ ঘৰলৈ আহিছিল।
আবেলি কিনকিনীয়া বৰষুন দিছিল। মাজে মাজে মৃদু বতাহ বলিছে। সন্ধিয়া কেৰাচিন তেলৰ ছাতিটিৰ ধিমিক্-ধামাক্ পোহৰ। বাৰাণ্ডাৰ এচুকত ধাৰী এখন পাৰি লৈ তাতে বহি পঢ়ি আছিলো ভূপেনদাৰ এটি মিঠা কবিতা। মাজে মাজে ৰৈ যাওঁ; পোহৰৰ বাবে। ধিমিক্-ধামাক পোহৰ; ছাতিটিত তেল প্ৰায় নায়েই। এনেতে ভৰিৰে ভিজা বাহঁপাতৰ ওপৰে ওপৰে খোজকঢ়া শব্দ শুনিছিলোঁ। ছাৰ আহিছিল। ছাৰৰ ভৰিৰ আঙুলিৰ ফাঁকে ফাঁকে বোকা। ছাৰক বহিবলৈ বাৰাণ্ডাৰ এচুকত পিৰালি এখন পাৰি দিছিলো। 'ছাৰক বহিব দিবলৈটো ছাৰ হঁতৰ দৰে আৰামী চকী আমাৰ নায়েই।' মুখত আহিছিল মাথোঁ কিন্ত ক'বলৈ সাহ নহ'ল। ছাৰে সুধিছিল--- 'হৃদয়! তুমি এই কেইদিন বিদ্যালয়লৈ যোৱা নাই কিয়? আজি শিক্ষক দিৱস আছিল পাহৰি গৈছা চাগে ন?' মই কৈছিলো--- 'ঘৰত পানীৰ উৎস নাই ছাৰ। আনৰ ঘৰলৈ বাৰে বাৰে পানী আনিৱ গ'লে বেয়া পাই। আবেলি বৰষুন দিছে। নদীৰ পানীবোৰও লেতেৰা হৈছে। আমি প্ৰায় নদীৰ পানীয়ে ব্যৱহাৰ কৰো। ওচৰৰ ঘৰৰ পৰা বহু কেইদিন খাব পৰাকৈ পানী আনি থওঁ। উপায় নাপালে কেতিয়াবা নদীৰ পানীও খাব লগা হয়। ফিলটাৰ এটিও নাই। সেইবাবে আপোনাক ভৰি ধুবলৈ পানী দিৱ নোৱাৰিলো আনকি খাব দিবলৈ এগিলাচ ভাল পানীও নাই; বেয়া নেপাৱ ছাৰ। বহুদিন থৈ দিয়া পানী খাঁওতে মোৰ গাটো বেয়া লাগিছে। চিকিৎসকৰ ওচৰলৈ যাবলৈ টকা এটিও নাই। সেইবাবে বিদ্যালয়লৈ যাৱ পৰা নাই ছাৰ আৰু আজি শিক্ষক দিৱস আছিল সেয়াও পাহৰি যোৱা নাই। আমাৰটো দেউতাক জানেই কেৱল মদ খাই। ৰাতি আহিয়েই আইৰ পিঠিত ঔটেঙা দিৱ। ভাত ৰান্ধিবলৈ চাউল অকণো নাই। আই এ ঘৰৰ পিছফালে বাৰাণ্ডাত পিৰালিত জুপুকা মাৰি বহি আছে ছাৰ।' আই এ ছাৰৰ ওচৰলৈ আহিছিল। ছাৰে চোলাৰ জেপৰ পৰা ১০০ টকা উলিয়াইছিল আৰু মোক দি কৈছিল--- 'চিকিৎসকৰ ওচৰলৈ গৈ চিকিৎসা লবা আৰু গা ভাল পালে বিদ্যালয়লৈ যাবা।' ছাৰে আইৰ ফালে চাই মাত লগাইছিল--- 'সাবিত্ৰি।' আইয়ে ছাৰক কৈছিল--- 'ছাৰ আপোনাক চাঁহ এবাতি দিবলৈ গাখীৰটো নায়েই, চাঁহপাত আৰু চেনিও নাই। নিমখ মাথোঁ দুচামুচ মানহে আছে।' 'ছাৰ আলহী আহিলে আপোনালোকৰ দৰে চাঁহ দিবলৈ আমাৰ পিয়লাও নাই।' এনেদৰে কওঁ বুলি ভাবিছিলো কিন্ত ছাৰে বেয়া পাব বুলি নকলো। 'চাঁহ নেখাও নেখাও' বুলি কৈ ছাৰ ঘৰলৈ গ'ল গৈ পুনৰ ভিজা বাঁহপাতৰ ওপৰে ওপৰে।         
           
আধা বয়সতে এটা বুঢ়া বেমাৰীৰ দৰে হাড়-ছাল ওলোৱা, ওঁঠ শেঁতা, চকু দুটা ৰঙা, গাত ফটা কাপোৰ, উখহা অপৰিস্কাৰ হাত আৰু দুৰ্বল শৰীৰ; এইজনে মোৰ দেউতা। দেউতাই কেৱল মদ খায়। মদ নহ'লে নচলেই। মোৰ বহি-কলমৰ প্ৰয়োজন হ'লেও খবৰেই নাই। কামটো কৰিব নোৱাৰেই দুই-এটা কাম কৰি যি টকা পাইছিল সেয়াও মদ খায় আৰু জুৱা খেলিয়ে শেষ কৰিছিল।
'অ-বৌ' 'অ-বৌ' কৈ চিঞৰি চিঞৰি কেইজন মানে পথে-পথে দৌৰি-দৌৰি আহি আমাৰ ঘৰৰ চোতাল পালেহি।
--'মনোজ ককাই আৰু নাই।
--কি? কি হ'ল দেউতাৰ? কি হ'ল তাৰ?
--মদৰ নিচাত ৰাষ্টাৰ কিনাৰত পানীৰে বুৰ গৈ থকা নাদত পৰি ককাইৰ মৃত্যু হ'ল বৌ।
--আই নেকান্দিবি! নেকান্দিবও আই!
প্ৰায় দুবছৰৰ পিছত। আমাৰ জুপুৰীৰ সোঁফালে বৃহৎ বাঁহনি। বাঁহৰ সোঁফালে আকৌ আইতাৰ পেন্দুকণা জুপুৰী ঘৰটো। দেউতাৰ বিয়াৰ পিছতেই আইহঁতে বেলেগকৈ খাইছিল। তেতিয়া মই আইৰ গৰ্ভত। জুপুৰীটোৰ চাৰিওফালে গাঁওৰ মানুহ গোট খাইছিল। আইতা ঢুকালে। বৃদ্ধকালত আইতা-ককাদেউতাবোৰে পুত্ৰ-বোৱাৰীৰ হাতেৰে ৰন্ধা ভাত খাৱ পাৱ লাগে। এয়া আজি নাই। এক বৃহৎ সমস্যা।আজিৰ এচাম পিতৃ-মাতৃয়ে আইতা-ককাদেউতাবোৰক দেখিব নোৱাৰে; বেলেগকৈ খাবলৈ দিয়ে।   
উপায় নাই আৰু পঢ়িব নোৱাৰিলো। কোনোমতে ১৮ বছৰ হ'ল। মাক সেই বাঁহনি তলৰ নিজান জুপুৰীটোত অকলশৰীয়াকৈ এৰি থৈ কৰ্ণাটক পালোহী। ভাবিলে উশাহ ছুটি হৈ আহে। নাভাবো বুলি ভাবো কিন্ত বিছনাত পৰিলেই আধা ৰাতিলৈকে টোপনি নাহে। ভাৱবোৰ নিজে নিজে আহি মনৰ এচুকত বাস লৈয়েহি।
সি যি কি নহওঁক। ছাৰক পাহৰিব নোৱাৰোঁ।কেৱল ছাৰক নহয়; ছাৰৰ ঘৰখনকো। কি যে মিলাপ্ৰীতি। "নজনা কথা জানিবলৈ, নেদেখা বস্ত চাবলৈ হৃদয়ত হেঁপাহৰ বীজ ৰোপন কৰি লোৱা তেতিয়াহে জীৱনত সফলতাৰ মুখ দেখিবলৈ পাবা।" এয়া যেন এইঘৰখনৰ মূলমন্ত্ৰ। মোৰ দেউতা আৰু মিনুৰ দেউতা প্ৰায় সমবয়সীয়া। ছাৰে পঢুৱাই চিকিৎসক কৰিলে, থাকে গুৱাহাটীত ভাড়াঘৰত, মিনুও শংকৰদেৱত দ্বাদশ শ্ৰেণীত পঢ়ে। পিঠিত দামী বেগ, টিফিনত কেক্, ভৰিত জোতা-মোজা, মূৰত বগা ফিটা, ঘৰতে চিকিৎসক, ঘৰতে শিক্ষক আমিটো কল্পনাই কৰিৱ নোৱাৰো। চিকিৎসকৰ সমবয়সীয়া মোৰ দেউতাই ৰাগিয়াল বস্তবোৰ ভক্ষণ কৰি কৰি মৃত্যুক আঁকোৱালি ললেই কেতিয়াবাই।
পুতুলা পুতুলা কৈ পথে পথে চিঞৰি চিঞৰি পগলাৰ দৰে হৈছিল মোৰ ককাদেউতা। দেউতাক পোৱাৰ পিছত তাৰ প্ৰয়োজনীয় সকলো সা-সামগ্ৰী আৰু টকা-পইচা ককাদেউতাই যোগান ধৰিছিল। কিন্ত সি নিজে ভালদৰে সেইবোৰ ভাল কৰ্মত খটুৱাব নোৱাৰিলে; ফলত পঢ়িবও নোৱাৰিলে। ইয়াৰ অৰ্থ নুবুজে কিয়? আই আৰু দেউতাই ককাদেউতা আৰু আইতাক যে বেলেগ কৈ খাবলৈ দিছে। ককাদেউতাৰ মৃত্যুৰ পিছত গাঁওৱে গাঁওৱে ভিক্ষা মাগি খাইছিল আইতা। আইতাৰ অৱস্হা দেখি আই আৰু দেউতাৰ হৃদয়ত অকনো মৰম ওপজা নাছিল নেকি? ভাবিলে আচৰিত লাগে। টোপনি নাহে আধা ৰাতিলৈকে। মোক পাবলৈটো দেউতাই ককাদেউতাৰ দৰেকৈ পথে পথে পগলাৰ দৰেকৈ চিঞৰি চিঞৰি ঘূৰি ফূৰিৱ লগা হোৱা নাছিল। তথাপি!
কদাপি কদাপি মোৰ হিয়াৰ আমঠু স্বৰূপ প্ৰাণৰ গাঁওখনলৈ বৰকৈ মনত পৰে। গাঁওৰ লগৰ ল'ৰাবোৰৰ সৈতে গছৰ পৰা ঘৰলৈ সৰু চৰাই লৈ গৈ পুহিছিলো; পাখি গজিছিল মাথোঁ। আনন্দ মনেৰে সকলোৱে খেতি পথাৰত ফৰিং ধৰি আনন্দ কৰিছিলো। ফৰিং ঘৰলৈ লৈ গৈ চৰাইটোক খুৱাইছিলো। আনন্দ মনেৰে চৰাইটোৱে খাইছিল। কিছুদিন পিছত চৰাইটোৱে সুহুৰি বজাইছিল; কি যে আনন্দ! ডাঙৰবোৰে গালি শপনি দিছিল যদিও বুজি পোৱা নাছিলো কিন্ত এতিয়াহে বুজিছো আচলতে সেয়া কৰিব নেপায়। লগৰ ল'ৰাৰ সৈতে বৰশীবাই আনন্দ কৰাবোৰ বৰকৈ মনত পৰে। গাঁওখনৰ ককাদেউতা আৰু আইতাহঁতৰ অবস্হাবোৰ দুচকুত সদায় ভাঁহি থাকে। গাঁওৰ ওচৰত চিকিৎসালয় নাই। কাৰোবাৰ বেমাৰ হ'লেই চিকিৎসাৰ বাবে বহু দূৰ-দূৰণিলৈ লৈ যাব লাগে। গাঁওখনিত এটি চিকিৎসালয়, এটি বেংক, এটি সংঘ আৰু এটি পুথিভড়াল বৰকৈ প্ৰয়োজন আছে। এইবোৰ সপোন সপোন হৈয়ে থাকিৱ নেকি? নানা কথাই মনটো বেৰকৈ হেঁচা মাৰি ধৰে।
ৰাতিপুৱা ৯ বাজিছে। আমাৰ গাঁওৰে সম্বন্ধীয় খুড়া এজনে আইক খবৰ ল'বলৈ আমাৰ ঘৰলৈ আহিছে। খুড়া বহুতে পঢ়িছিল ফলাফল ভাল কৰিছিল কিন্ত চাকৰি পোৱা নাই। দোকান এখন কৰি খুড়াই পৰিয়ালটোক কোনোমতে পোহ-পাল দি আছে। খুড়াৰ মোবাইলটোৰে মোৰ আইয়ে মোলৈ ফোন কৰি মোক ক'বলৈ ধৰিলে---
-হেল্ল! দেউতাৰাৰ চতুৰ্থ বছৰেকী ওচৰ চাপিছে। ককাদেউতা আৰু আইতাৰাৰ বছৰেকী একেলগে কৰিম বুলি ভাবিছো। তই আহিবি।
-মই যাব নোৱাৰিম আই। মোৰ ইয়াত অহা মাথোঁ ৬ মাহ হ'ল। মোক এতিয়া মালিকে যাব নিদিয়ে। আই তঁহতে কেনেবাকৈ বছৰেকীখন কৰিবি।
-এইবাৰ আনন্দ বজাৰত বৃহৎ দুৰ্গা পূজা আৰু লক্ষ্মী পূজা হ'ব। তোৰ জানো মনত পৰা নাই।
-আই! মনত পৰিলেওঁ উপায় নাই ও।
জিতুমনি শৰণীয়া,তামুলপুৰ
                           

1 Comments

Post a Comment

Previous Post Next Post