Valentine's Day Special

প্ৰেম
যিয়ে চুমি যায় হৃদয়ৰ পৰা হৃদয়লৈ

প্ৰেম, এক শাশ্বত অনুভৱ৷ যিয়ে খলকনি তুলি যায় এবাৰলৈ হ'লেও হৃদয়ৰ মণিকোঠাটিত বৰ নিবিড়ে, বৰ সংগোপনে৷ কিন্ত এবাৰলৈ হ'লেও চুই যায় প্ৰত্যেককে এই প্ৰেমানুভূতিয়ে কোনো আগজাননী নিদিয়াকৈ জীৱনৰ কোনো এক ক্ষণত, হয়তো বাৰেবাৰে ৷
প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখৰ দিনটোত সমগ্ৰ বিশ্বটেই পালন কৰা হয় প্ৰেমৰ দিৱস হিচাপে৷ কিশোৰসকলৰ পৰা আৰম্ভ কৰি বৃদ্ধসকল, সকলোকে আলোড়িত কৰি তোলে এই বিশেষ দিনটোৰ বিশেষ অনুভূতিয়ে, যদিওবা প্ৰেমৰ বাবে প্ৰয়োজন নহয় কোনো এটি বিশেষ মূহূৰ্তৰ, নতুবা কোনো এক বিশেষ দিনৰ৷ এই প্ৰেম বৈ থাকে আত্মাৰ পৰা আত্মালৈ নিৰৱচ্ছিন্ন হৈ, এক অন্তহীন যাত্ৰাৰ দিগন্ত লৈ ৷
খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ ৰোম সাম্ৰাজ্যৰ খ্ৰীষ্টান পুৰুহিত চেইণ্ট ভেলেণ্টাইনে সেই সময়ত চলি থকা যুদ্ধবিগ্ৰহৰ হেতু সৈন্যসকলৰ মাজত থকা বৈবাহিক কাৰ্য্যৰ নিষেধাজ্ঞাক উফৰাই সম্পন্ন কৰাইছিল বহু বিবাহ ইচ্ছুক যুৱক-যুৱতীৰ বিবাহ কাৰ্য্য গোপনে গীৰ্জাঘৰত৷ সময়ত বিহা হ'ল চেইণ্ট ভেলেণ্টাইনৰ ওপৰত মৃত্যুদণ্ডৰ দৰে চৰমতম শাস্তি, কিন্ত সেই ভেলেণ্টাইনেই চিনাই থৈ গ'ল তেওঁৰেই অন্ধ প্ৰেমিকা জুলিয়াক এই সুন্দৰ পৃথিৱীখনৰ সৈতে এচমকা পোহৰ দুচকুত পিন্ধাই৷ আজিও অক্ষয় প্ৰতিক হৈ জীয়াই আছে সেই গুলপীয়া ৰঙৰ বাদামৰ গছজোপা যিজোপা জুলিয়াই ৰুই দিছিল ভেলেণ্টাইনৰ সমাধিত ৷
সাম্প্ৰতিক সময়ত আধুনিকতাৰ সাজেৰে দপদপাই খোজ দিয়া আজিৰ নৱপ্ৰজন্মই প্ৰেমৰ নামত পিন্ধি লৈছে অনবৰতে দুচকুত মাথোঁ উশৃঙ্খলতাৰ এযোৰ অসহনীয় সাজ, কোনো এক ক্ষণতেই গ্ৰহণ কৰিব নোৱাৰা উদ্ভণ্ডালিৰ এক আচৰণ যিয়ে লৈ গৈছে প্ৰেমৰ দৰে এই স্বৰ্গীয় অনুভূতিক বজাৰৰ সহজলভ্য পণ্য সামগ্ৰীৰ জগতখনলৈ য'ত দৰদাম হয় প্ৰতিটো মূহূৰ্তত এই প্ৰেমৰেই বহু ৰাত্ৰিযাপনৰ দেহোপভোগৰ সৈতে৷ তল পৰি যায় এই প্ৰেমৰেই প্ৰকৃত অলংকাৰেৰে অলংকৃত হৈ থকা প্ৰকৃত সৌন্দৰ্যৰাজি ৷ আৰু গতি কৰে এই প্ৰেমে বৰ্ণময় পৃথিৱীৰ পৰা এক বৰ্ণহীন পৃথিৱীলৈ ৷
যদিওবা এই প্ৰেম শব্দটিয়ে পোনতেই সকলোতে অধিকাৰ কৰি লয় মাথোঁ এহাল বিপৰীত লিংগৰ মাজত গঢ়ি উঠা প্ৰেমানুভৱৰ সম্পৰ্কক, কিন্ত এই প্ৰেম যে সৰ্বত্ৰে বিৰাজমান সকলো ক্ষণতে সকলোৰে মাজত৷ এই প্ৰেম নিসন্দেহে ভাতৃ-ভগ্নীৰ প্ৰেম, এই প্ৰেম নিসন্দেহে পিতৃ-মাতৃৰ প্ৰতি থকা অযুত মৰম-ভালপোৱা, হেঁপাহৰ ৰূপ লোৱা গভীৰ প্ৰেম, এই প্ৰেম প্ৰতি বন্ধুবৰ্গৰ মাজত শিপাই যোৱা গভীৰ বন্ধুত্বৰেই আন এটি নাম লোৱা গভীৰ প্ৰেম৷ পৃথিৱীৰ প্ৰতিজন ব্যক্তি, প্ৰতিটো প্ৰাণ, প্ৰতিটো সম্পদৰ প্ৰতি হৃদয়ত গঢ়ি উঠা অযুত হেঁপাহৰ আন এটা নামেই হৈছে এই প্ৰেম৷ সেয়েহে প্ৰতিটো ক্ষণত এই পৃথিৱীখনৰেই প্ৰতি আমাৰ ইমান হেঁপাহ, এক এৰাব নোৱাৰা মোহ, যিয়ে প্ৰতিটো ক্ষণত গতি কৰাই লৈ যায় আমাকেই এক অন্তহীন যাত্ৰাৰ দিশলৈ ৷
সেয়ে কোৱা হয়,

"প্ৰেমে শিপাই যায়
হৃদয়ৰ কোঁহে কোঁহে,
প্ৰেমৰ সুঁতি বৈ যায়
প্ৰতি শিৰা-উপশিৰাইদি,
প্ৰেমে বিয়পি যায়
দেহৰ প্ৰতি ৰন্ধে-ৰন্ধে

সেয়ে আজীৱন এই প্ৰেমৰ বান্ধোনে আৱৰি ৰাখে প্ৰতিটো মূহূৰ্তত আমাকেই এয়েতো জীৱনত" ৷
আহক, আমি সকলোৱে মিলি এইবাৰো পালন কৰোঁ আমাৰেই এই প্ৰেমৰ দিৱসটি অতি হেঁপাহেৰে, অতি মৰমেৰে আমাৰেই মাজত৷

"Love is in the air"

ৰূপাঞ্জলী নেওঁগ
যোৰহাট বাপুজী নগৰ


Post a Comment

Previous Post Next Post