কংক্ৰিটৰ যুগৰ বিকলাংগ-ডলী মেধি
কংক্ৰিটৰ যুগৰ বিকলাংগ

প্ৰকৃতিৰ মাজত সুখ বুটলিব বিচাৰা কল্পনা বিলাসী কবিতা  ভাল পোৱা অৰুন্ধতীৰ জীৱনটো যান্ত্ৰিক বাস্তবৰ তুমুল ৰণত তিক্ততাৰে ভৰি পৰিছে।আৰ্থিকভাৱে জুৰুলা কৰা অৰুন্ধতীৰ পৰিয়ালে তাইৰ উচ্চ শিক্ষাৰ খৰচ বহন কৰিব নোৱাৰা বাবে তাই শিক্ষা আধাতে সাং কৰি কিছুদিন  কাম কৰি টকা কেইটামান জমা কৰি লোৱাৰ মানসিকতাৰে এটা ব্যক্তিগত খণ্ডৰ চাকৰিত নিজকে নিয়োজিত কৰিলে।

       সন্ধ্যা সাত বাজিবৰ হ'ল।আজি অৰুন্ধতীয়ে কিছু আগতে অফিচৰ পৰা ওলাব বিচাৰিছিল যদিও নোৱাৰিলে।ব্যক্তিগত খণ্ডৰ চাকৰিত যাওঁ বুলিয়ে যাব নোৱাৰি,লও বুলিয়েই ছুটী ল'ব নোৱাৰি।অফিচৰ বাহিৰত ক্ষন্তেক থিয় হৈ অৰুন্ধতীয়ে ভাবিলে- যোৱাটোৱে সমস্যা হ'ল আজি।অফিচৰ পৰা তাইৰ ভাড়াঘৰলৈ  চাৰি কিলোমিটাৰ বাট।চিটি বাছৰ মালিকবোৰে আজি ষ্ট্ৰাইক কৰিছে যাৰ বাবে এখনো বাছ চলা নাই।মহানগৰ বুলি মানুহে কয় ঠিকেই,কিন্তু থাকিলেহে বুজিব পাৰি মহানগৰৰ জীৱন পদ্ধতি মধ্যবিত্ত মানুহৰ বাবে কিমান কষ্টকৰ। কিন্ কিন্  কৈ বৰষুন দিবলৈও আৰম্ভ কৰিছে।"উফ কি যে অশান্তি" অৰুন্ধতীয়ে নিজেই মুখৰ ভিতৰতে ভোৰভোৰালে।সদায় বাছেৰে অহা
যোৱা কৰে বাবে ছাতিটোৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে তাই কিন্তু আজি অনুভৱ কৰিলে।সোনকালে গৈ পাবলৈ তাই চৰ্ট কাট ৰাষ্টাটোৰে খোজ ল'লে।ৰাষ্টাৰ কেকুৰিতে শইকীয়া টেন্ট হাউচ।আজি কিছুদিনৰ পৰা টেন্ট হাউচটো বন্ধ হৈ আছে।পুহ মাহৰ ঠেটুৱৈ লগা জাৰ তাতে আকৌ এই কিন্ কিনিয়া বৰষুনজাকে ঠাণ্ডা দুগুণ বঢ়াইছে।টেন্টৰ কাষত এই ঠেটুৱৈ লগা জাৰত এজন বয়োবৃদ্ধ ব্যক্তি কুচি মুচি বহি আছে।আকাল ভোকত নিঠৰুৱা মানুহজনে অৰুন্ধতীলৈ কাতৰ দৃষ্টিৰে চাই আছিল।মানুহজনৰ পিন্ধনত আউপুৰণি ফটা পাইজামা আৰু গাত এখন ফটা কম্বল।ঠাণ্ডাই মানুহজনৰ শৰীৰ ভেদি হাড় চুইছে।ভোকত জুৰুলা নিঠৰুৱা বৃদ্ধজনে অৰুন্ধতীলৈ চাই কৈ উঠিল- " মাজনীও বৰ ভোক পেটত।কি কৰিম আইজনী,কিবা পোৱাৰ আশাত ইয়াতে বহিছো।কিবা এটা দি যোৱা।কিবা খাওঁ,দিনটো এনেদৰে ভোকত  আছো।সেই সময়ত এই ঠেটুৱৈ লগা জাৰত কুচি মুচি বহি থাকা ভোকাতুৰ ব্যক্তিজনৰ প্ৰতি তাইৰ মনত সহানুভূতি জাগিছিল নে নাই তাই অনুভৱ কৰিব নোৱাৰিলে।তাই মন্থৰ গতিৰে আগবাঢ়িল।
ইতিমধ্যে অৰুন্ধতী ৰুম পালে।ভাড়াঘৰৰ মালিকৰ কেঙ-কেঙীয়া শব্দ কেইটা তাইৰ কাণত পৰিল।তাই নম্ৰভাবে কিছু দৃঢ়তাৰে কৈ উঠিল - " খুড়া চিটি বাছ বোৰ আজি চলা নাই বাবে আহি পাওঁতে দেৰি হ'ল।
হাত মুখ ধুই কিবা এটা খাব লাগিছিল যদিও তাইৰ মন নগ'ল।বাৰাণ্ডাত থিয় হৈ এন্ধাৰ পৰিৱেশটোৰে তাই যিমান দূৰলৈ পাৰে চাই ৰ'ল।তাই ভাবিলে,কিয় বাৰু আজি তাই নিঠৰুৱা ভোকাতুৰ বৃদ্ধ জনলৈ সামান্যতমো সহায়ৰ হাত আগনবঢ়ালে!তাইৰ হাতৰ পৰা আজি দহটা টকাও কিয়  ওলাই নপৰিল!কোঠাতোলৈ সোমাই অৰুন্ধতীয়ে ভাগৰুৱা দেহাটো বিছনাত এৰিলে।সন্মুখৰ উকা বেৰখনলৈ তাই বহুপৰ চাই ৰ'ল।তাই বুজি উঠিল-মানুহ আজিৰ দিনত নিজৰ সমস্যাত বিহ্বল হৈ কিমান নিষ্ঠুৰ হ'ব পাৰে।নিজৰ মাজতো থাকা নিষ্ঠুৰ ব্যক্তি গৰাকীক তাই আজি চিনি পালে।কংক্ৰিটৰ যুগৰ তাই এগৰাকী বিকলাংগ ব্যক্তি।যাৰ চকু থাকিও কণা,কান থাকিও কলা।তাইৰ কাণলৈ বাৰে বাৰে ভাহি আহিল সেই কৰুণ মাত সাৰ-"মাজনীও বৰ ভোক পেটত।কিবা এটা দি যোৱা।কিবা খাওঁ,দিনটো এনেদৰে ভোকত আছো।" এক গভীৰ অপৰাধবোধত অৰুন্ধতীয়ে এটি উজাগৰী নিশা পাৰ কৰিলে।
ডলী মেধি ,মাজবাট(ওদালগুৰি)


1 Comments

Post a Comment

Previous Post Next Post