ন্যায় পাবনে প্ৰিয়ংকা ৰেড্ডি

ন্যায় পাবনে প্ৰিয়ংকা ৰেড্ডি
বৰ্ণালী ডেকা

প্ৰতিবছৰে ৰাৱণক দগ্ধ কৰা হয়, কিন্তু আমাৰ সমাজৰ চুকে - কোণে লুকাই থকা ৰাৱণকেইটাক কিয় পৰা নাই জুই লগাই দগ্ধ কৰিবলৈ। বাৰে বাৰে এৰি দিয়া হয় সেই পাপী কেইটাক। সুযোগ দিয়া হয় এখন ঘৰৰ দেৱী তুল্য ভগ্নী, মাতৃক ধৰ্ষণ কৰিবলৈ সেই পিশাচ কেইটাক। একোখন ঘৰৰ লখিমী, সম্পত্তিৰ লগত বাৰে বাৰে পুতলাৰ দৰে খেলি নাই জানোঁ সেই বদমাচ কেইটাই। কি কৰিলে সমাজখন ধৰ্ষণ মুক্ত হব।

এগৰাকী ছোৱালী অকলে বাহিৰলৈ ওলালে ধৰ্ষণৰ বলী হবলগীয়া হয়। স্কুল - কলেজলৈ ওলাই যোৱা একোগৰাকী ছোৱালীয়েই নাপায় সুৰক্ষা। ছুটি কাপোৰ, সুন্দৰ দেহ গঠনৰ বাবে যদি হবলগীয়া হয় একোগৰাকী নাৰী ধৰ্ষণৰ বলী তেন্তে কেনেকৈ শাস্তি প্ৰদান কৰা হব সেই গুন্ডাবোৰক। আনকি একোটি অবুজ দুই - তিনি বছৰীয়া শিশুকো এৰি নিদিয়ে ইহঁতবোৰে। সিহঁতৰ হাত দুখন, চকুকেইটা ইমানেই ঘৃণনীয় যে আনৰ সম্পতিক হাত লগালে হাতদুখন নকঁপে।  সিহঁতে সিহঁতৰ ভনী সদৃশ, মাতৃৰ সমবয়সীয়া নাৰীকো এৰি নিদিয়ে। কি কৰিলে সিহঁতে শাস্তি পাব। আইনে কি কৰিব একো একোটা ধৰ্ষণকাৰীৰ বাবে। দিবনে তেওঁলোকে একোগৰাকী নাৰীক ন্যায়।
নিশা ৯মান বজাত নিজ কৰ্মস্থলীৰ পৰা ঘৰলৈ বুলি প্ৰিয়ংকা ৰেড্ডি উভতিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে মাজভাগত তেওঁৰ স্কুটিখন বেয়া হল। তেতিয়া তেওঁ তেওঁৰ ভনীক ফোনযোগে জনালে যে তেওঁ ঘৰ পোৱাত পলম হব, স্কুটিখন বেয়া হৈছে। তেওঁ এইখিনিও কলে কেইজনমান মানুহ আহি আছে কিজানি সহায় কৰিব। কিন্তু তেওঁ কি জানে সেই পিশাচকেইটাই যে লব তেওঁৰ দেহৰ সোৱাদ। চিঞৰি চিঞৰি কৈছিল দাদা মই আপোনাৰে ভনী, নকৰিব মোক টনা আঁজোৰা। মই জানো নহয় আপোনালোকৰে ভনী। মোৰ দেহত হাত নুফুৰাব , নিশাৰ সুযোগ লৈ নুচুব মোৰ উদং শৰীৰ। ঘৰত মোলৈ ৰৈ আছে মোক যাবলৈ দিয়ক। দাদা ঘৰত আপোনাৰো জানোঁ মাঁ ভনী নাই। কিন্তু সেই পিশাচ কেইটাই নুবুজিল এগৰাকী মাতৃৰ মমতা, এগৰাকী ভগ্নীৰ স্নেহ। সিহঁতক নালাগে কোন কি ধৰ্মৰ, কোন কি বৰণৰ। লাগে মাথোঁ দেহৰ সোৱাদ। প্ৰিয়ংকা ৰেড্ডিৰ দেহত কোনো প্ৰমাণ নাপাবলৈ অৱশেষত সেই নৰপিশাচ কেইটাই জীৱন্তে তেখেতক জ্বলাই দিলে। আমাৰ দেশত প্ৰেত্যেকদিনাই বহু হাজাৰ ছোৱালী বলাৎকাৰ হৈ আছে। কিন্তু কিমানজনক আইনে শাস্তি প্ৰদান কৰিছে। ধৰ্ষণকাৰীক শাস্তি প্ৰদান কৰক আৰু প্ৰিয়ংকা ৰেড্ডিৰ দৰে হাজাৰ হাজাৰ প্ৰিয়ংকাক ন্যায় প্ৰদান কৰক।
            ধৰ্ষিতা হোৱা প্ৰত্যেক কেইগৰাকী নাৰীয়েই পাব লাগিব ন্যায়। প্ৰিয়ংকাজীৰ দৰে আন ছোৱালী যাতে ধৰ্ষণৰ বলী হবলগীয়া নহয় তাৰ কাৰণে সকলো ছোৱালীয়েই নিজস্ব ভাৱে মজবুত হব লাগিব। যাতে আমাৰ নাৰীসমাজে দেখুৱাই দিব পাৰে সেই ধৰ্ষণকাৰীকেইটাক মাঁ দেৱীৰ ৰূপ। কালিৰ ৰূপ ধাৰণ কৰি বিনাশ কৰিব লাগিব সিহঁতক। ভগৱান শ্ৰী কৃষ্ণই যেনেকৈ পাপীক নাশ কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন ৰূপ লৈ পাপীৰ সংখ্যা নাশ কৰে ঠিক তেনেদৰে নাৰীসকলেও মা কালিৰ ৰূপ লৈ সমাজত বিয়পি থকা ৰাৱণবোৰক বুকু চেপি হত্যা কৰিবৰ বাবে শক্তিমান হব লাগিব। অৱশেষত, প্ৰিয়ংকা ৰেড্ডিৰ লগত হোৱা ঘৃণনীয় কামৰ বাবে সেই ধৰ্ষণকাৰীকেইটাক আইনে শাস্তি প্ৰদান কৰিব নে?   আইনে প্ৰিয়ংকাক ন্যায় প্ৰদান কৰিব নে? নে সময়ে সময়ে সমাজৰ নাৰীসকল ধৰ্ষিত হৈয়েই থাকিবলৈ  ধৰ্ষণকাৰীকেইটাক এৰি দিয়া হব। 
প্ৰিয়ংকা ৰেড্ডিৰ আত্মাই চিৰশান্তি লাভ কৰক।



Post a Comment

Previous Post Next Post