A Very Nice Story Written By- Rupanjali Neog


ল্প

মাথোঁ প্ৰাপ্তিতে নহয় জীৱনৰ পূৰ্ণতা

"জুমনি, নাযাবা সোণ বেছি দূৰলৈ"৷

বেছি আব্দাৰৰ আঁৰেৰে ৰাখিব খুজিছে নেকি জুমনিক?! নে লোকচক্ষুৰ আঁৰেৰে বাৰে বাৰে কোৱা কথাষাৰ, "জুমনি কাৰ নিচিনা অ' দেখিবলৈ? তোমাৰ নিচিনাও নহয়, প্ৰাচুৰ্য্যৰ নিচিনাও নহয় চোন!!" শিৰোধাৰ্য্য কৰি লৈছেনি স্মৃতাই?? কিমান দিন পাৰিব তাই লুকুৱাই ৰাখিবলৈ প্ৰকৃত সত্যটো?!!  বুকুৰ ধপধপনিবোৰ বাঢ়ি আহে চোন স্মৃতাৰ সেই কথাষাৰে কৰ্ণপাত কৰিলে৷

দিনবোৰ বাগৰা দুবছৰ হ'ল যদিও যেন সৌ সিদিনা হে ঘটিছে৷ হয়তো, কেইবছৰনো হৈছে বায়েক জিমলী, বায়েক মানে স্মৃতাৰ একমাত্ৰ আৰু পৃথিৱীৰ সবাতোকৈ আপোন তাইৰ অঙ্গ তাইৰ বায়েকজনী  নিৰ্জীৱ চাৰিটা কোঠাৰ ঘৰটোৰ প্ৰাণৱন্ত ছোৱালীজনী সেই ঘৰটোৰ দুৱাৰ ডলি গছকি যোৱা, খুউব বেছি দুবছৰ হৈছে৷ যোৱাৰ পৰত যে স্মৃতাৰ কি অৱস্থা হৈছিল আই ঔ, গোটেইজনী কান্দি-কাটি এক্কেবাৰে বাউলি হৈ পৰিছিল৷ তিনি দিনমানলৈ পানী এটুপিৰ বাদে মুখলৈ কোনেও একোকে নিয়াব নোৱাৰিছিল৷ মাকে কটাক্ষ সুৰত বকিবলৈ ধৰিলে,
"বায়েৰ বিয়া হৈহে গৈছে, মৰা নাই নহয়"৷
নাই, কোনেও কোনো কথাতে পতিয়ন নিয়াব নোৱাৰিলে৷
সম্পূৰ্ণ তিনিদিনৰ অন্তত ৰূমৰ দুৱাৰ খুলিলে৷ গাতত সুমুৱা চকুকেইটাৰ সৈতে গোটেইজনী প্ৰায় ক'লা পৰি গৈছে৷ চঞ্চলা-চপলা হৰিণীজনীৰ দৰে কন্যাজনী হঠাৎ শান্ত হৈ যোৱাটো শীতৰ কোনোবা এনিশাৰ আকাশত মেঘে গাজি মৰ্ত্ত্যত বজ্ৰপাত পেলোৱাৰ দৰে হ'ল৷ সকলোৱে ভাবিবলৈ ল'লে, কথাটো আচলতে কি হ'??
সদায় বজাৰলৈ যাবলৈ অনিহা কৰা ছোৱালীজনীয়ে উপজাচি মাকক সুধিবলৈ ধৰিছে, "মা, বজাৰৰ পৰা কি আনিব আছে দিয়া?"
সকলো হতভম্ব৷ নাই, তথাপি কোনেও ইচ্ছা প্ৰকাশ নকৰিলে তাইৰ অনাকাংশিক আগ্ৰহ সমূহক বাধাৰে নেওচিবলৈ৷

আজি জিমলী সম্পূৰ্ণ আঠদিনৰ অন্তত ঘৰ গছকিবহি৷ পুৱাৰে পৰা ঘৰখনত উদুলি-মুদুলি পৰিৱেশ৷ যেন কোনোবা নতুন আলহি এজনেহে আজি ঘৰখনত নতুনকৈ ভৰি দিব৷ পিছে, কথাটো এফালৰ পৰা চাবলৈ গ'লে নোহোৱাও নহয়৷ আজি ঘৰখনৰ বৰ জীয়ৰীজনী বোৱাৰীৰ ৰূপত প্ৰথমবাৰৰ বাৰে ঘৰখনত ভৰি দিবহি৷
"আই ঔ, কেনে হেন লাগিব আমাৰ জিমলীজনীক দেখিবলৈ, কপালৰ ডগমগীয়া বেলিটোৰ সৈতে ক'লা ঘন অৰণ্যৰ মাজত যেতিয়া সেন্দুৰীয়া বাটটি বুলাই আহিব?!!!"---- জিমলীৰ মাকৰ বুকুত খদমদম লাগিছে৷

প্ৰায় এঘাৰমান বজাত জী-জোঁৱাই আহি পালেহি৷ ঘৰৰ মানুহবোৰৰ গাত ততেই নধৰা হ'ল ন-জোঁৱাইক কি কি ব্যঞ্জনেৰে আপ্যায়ন কৰিব৷ স্মৃতাই আলহীক আলপৈচান ধৰি আছে৷ মুঠতে ঘৰৰ আটাইবোৰ মানুহবোৰ ক্ষন্তেকতে ব্যস্ত হৈ পৰিল৷

ব্যস্ততাৰ মাজতে বায়েকে তাইলৈ বুলি অনা কাপোৰযোৰ আনি দেখুৱালেহি তাইক৷ নাই, তাইৰ যেন এপলক ঘূৰি চাবলৈয়ো আহৰি নাই৷
:বা, আজৰি হৈ লওঁ দেই একেবাৰে

এপাকত আকৌ ভিনিয়েকে তাইলৈ বুলি অ'নলাইনৰ পৰা অৰ্ডাৰ কৰি অনা 'সুখী গ'ল্ড'ৰ ইয়াৰ ৰিংযোৰ তাইৰ হাততে গুজি থৈ গ'ল৷ কিয় জানো, তৎক্ষনাতে তাই পাকঘৰৰ একাষে আচুতীয়াকৈ থকা বেচিনটোৰ সংলগ্ন আইনাখনৰ আগত নিজকে সজাই তুলিলে ইয়াৰ ৰিংযোৰৰ সৈতে৷


পাকঘৰৰ দৰ্জাখনত আঁৰি থোৱা পৰ্দাখনৰ পৰা সামান্য ফাঁক হৈ থকা অংশখিনিৰে এই সকলোখিনি পৰিলক্ষিত হৈ আছিল জিমলীৰ চকুত৷

:উমম, ভিনদেৱে দিওঁতে যে পতককৈ  পিন্ধি ল'লা, আৰু মই দিওঁতে

বায়েকৰ কথাৰ সুৰক বেছি দূৰলৈ গতি কৰিবলৈ নিদি স্মৃতাই ক'লে,

:বা, তোমাৰ সৈতে থকা মোৰ মৰমৰ সম্পূৰ্ণ আজন্ম, এই সম্পূৰ্ণক চিহ্নিত কৰাৰ জানো প্ৰয়োজন কোনোবা এক ক্ষণত??! কিন্ত, ভিনদেউক দেখোন লগ পোৱা ছমাহহে হৈছে; 'বা অকণমান মৰম লগাই লওঁ আকৌ ন

:', তোমাৰ লগত আৰু জিকিব পাৰিম নে কোনোবা এদিনা?!!

হাঁহি হাঁহি আঁতৰি গ'ল জিমলী তাইৰ কাষৰ পৰা৷ ক্ষন্তেক আগলৈকে নিতাল মাৰি থকা গোটেই ঘৰটোৰ আছুতীয়া অংশকণ ৰজনজনাই গ'ল নিমিষতে৷ বহুদিনৰ মূৰত যেন প্ৰাণ পাই উঠিছে আজি ঘৰখনে৷ যেন অমানিশাৰ অন্তত ক্ষণ গলি ৰোৱা প্ৰতিপদৰ প্ৰাকক্ষণৰ জোনটিয়ে এই পুৱাবেলাতেই সিঁচি দিলে জোনাকৰ ৰং৷ সেয়ে যেন সকলোতে আজি ইমান পয়োভৰ স্নিগ্ধ জোনাকীৰ কিৰণ৷

কলেজৰ পৰা আহিয়েই ধমকৈ টেবুলৰ ওপৰত থোৱা বেগটোৰ ভিতৰত ভট্‌ভট্‌ শব্দ কৰি ভাইব্ৰেছনত ৰিং হৈ আছে স্মৃতাৰ ফোনটো৷ মাকে পাকঘৰৰ পৰা চিঞৰি আছে, "ইমান দেৰিৰ পৰা ৰিং হৈ আছে, ফোনটো ৰিচিভ কৰাহি আকৌ স্মৃতা"৷

"তুমিয়েই ৰিচিভ কৰা চোন, মোৰ দেৰি হ'ব"----- বাথৰূমৰ পৰাই স্মৃতাই উত্তৰ দিয়ে মাকক৷
"কোনে বা ফোন কৰিছে?!!"--- মাকে খৰখেদাকৈ পাকঘৰৰ কাম তাতেই পেলাই থৈ ফোনটোৰ ওচৰ পালেহি৷

ফোনটো ৰিচিভ কৰিয়েই মাকৰ দুগাল উজ্জ্বলি উঠিছে৷ চিঞৰি চিঞৰি স্মৃতাক মাতি আছে৷
"'ৰবাত কিবা হ'ল নি মা? ইমানকৈ মাতি আছিলা যে??"
ফোনটো কাণত লৈ স্মৃতাও ফূৰ্তিতে ক'ব নোৱাৰা হৈ পৰিল৷

এচমকা পোহৰে বাট বুলোৱা ক্ষণটিলৈকেই যেন সকলোৱে ৰৈ আছিল, বহু অধীৰে৷ হয়, ফোনলাইনত আছিল সেইয়া জিমলীৰ হাছবেণ্ড প্ৰাচুৰ্য্য৷ ৰাতিপুৱাই মাকক ফোনতে জিমলীয়ে আজি হস্পিতাললৈ যোৱাৰ কথাটো কৈছিল৷ তেতিয়াৰ পৰাই মাকৰ মনটো উগুল-থুগুল লাগি আছিল৷ অৱশেষত যেনিবা ৰিপৰ্ট আহিল৷ ৰিজাল্ট পজিটিভ৷ হয়, জিমলী মা হ'বলৈ ওলাইছে৷ ঘৰখনত উচাহৰ ঢল বৈ গৈছে৷ বহুদিনৰ মূৰত দিয়া এই কিনকিনিয়া হেঁপাহৰ বৰষুণজাকতে তিতি বুৰি জুৰুলা হ'ব যেন সকলো……

স্মৃতাহঁতৰ ঘৰখনত ব্যস্ততাৰ বাটে ভিৰ কৰিছেহি৷ ৰাতিপুৱাৰ পৰা মাকৰ মোবাইলৰ পৰা জিমলীলৈ যোৱা ফোনকলৰ অন্তই নপৰে৷

:মুন, জলকীয়া নাখাবা, পেট পুৰিব৷ অমিতা, ৰঙালাউতো ভুলতো নাখাবা, গাতো এনেকুৱা পুৰিব নহয়, থাকিব নোৱাৰা হ'বা

:ডণ্ট ৱৰী মা, তুমি দিয়া লিষ্টখন চোন আছেই মোৰ লগত আৰু এতিয়া দেখিছো মোতকৈ তোমাৰহে চোন চিন্তা বাঢ়িছে

:নিজেই যিদিনাখন মা হ'বা সেইদিনা বুজিবা সন্তানলৈ প্ৰতিটো ক্ষণতে কিয় ইমান চিন্তা হয় মাকজনীৰ

:তাৰ কাৰণে আৰু তিনি মাহ ৱেইট কৰো, 'ব মা??

মাক-জীয়েক দুয়োজনীৰ এই হাঁহি ভৰা কথাবোৰে বাহিৰৰ পৰা দেখাত প্ৰায় কঠোৰ যেন লগা গৌতম বৰুৱা অৰ্থাৎ জিমলীহঁতৰ দেউতাকৰো অন্তৰখনৰ কোনোবা একোণ পুলকিত কৰি তোলে৷ তেওঁও মানিবলৈ বাধ্য হয়, এই অনাবিল মৰম-ভালপোৱাৰ পয়োভৰৰ বাবেই হয়তো ইমান মোহ প্ৰতিটো ক্ষণত এই পৃথিৱীখনৰ প্ৰতি৷

দিনবোৰ বাঢ়ি অহাৰ লগে লগে অন্য এটা চিন্তাই জিমলীৰ মনত বাহ লবলৈ ধৰিছে৷ প্ৰতি বাৰ চেক-আপ কৰিবলৈ আহোতে ঘৰত যেতিয়া সোমাই যায় জিমলী, প্ৰায়ে স্মৃতাক আজিকালি তাই প্ৰাচুৰ্য্যৰ লগত কিছু অন্তৰংগ মূহূৰ্তত দেখা পায়৷ প্ৰথম কেইদিনমান তাই কথাটোৰ পৰা এৰাই চলিবলৈ বিচাৰিছিল৷ কিন্ত, তাইৰ মনে যেন মানি লবলৈ বিচৰা নাই৷ এদিন তাই অকণমান টানকৈয়ে প্ৰাচুৰ্য্যক কৈ পেলালে,

"প্ৰাচুৰ্য্য, ভিনিয়েক-খুলশালীৰ সম্পৰ্কটোত অকণমান ডিচটেন্স মেইনটেইন কৰি ৰাখিবা চোন"

কথাষাৰে প্ৰাচুৰ্য্যৰ মনোভাৱনাত কিমান দূৰ সলনি কৰিলে সেইয়া জিমলীয়ে গম নাপালে৷ কিন্ত, কথাষাৰ শুনি যে স্মৃতাৰ গাত বাৰুকৈয়ে ধৰিলে সেইয়া জিমলীৰ চকুত স্পষ্টকৈ ধৰা পৰিল৷ চঞ্চলা-চপলা হৰিণীজনী হঠাতে শান্ত হৈ পৰিল৷ কিন্ত সেইদিনা পুৱাই যিটো ঘটনাৰ সন্মুখিন হ', সকলো চিন্তাম্বিত হৈ আছে সেই তেতিয়াৰ পৰাই৷ কি হৈছে আচলতে কথাটো?

 হলকে হলকে বমি কৰি আছে স্মৃতাই৷ ইফালে জিমলীকো হস্পিতাললৈ নিবলৈ দৌৰাদৌৰি লাগিছে৷ বাঢ়ি অহা যন্ত্ৰণাময় পেটৰ বিষটোত মৰণকাতৰ চিঞৰ মাৰিছে জিমলীয়ে৷ মাকে বকিবলৈ ল'লে, "এইজনীৰ আজিহে এনেকুৱাখন হ'বলৈ পায় নেকি?"
"মা, তোমালোক আগবাঢ়া, মই অকণমান ভাল পালেই যাম", মাকক উদ্দেশ্যি স্মৃতাই কয়৷ দেউতাকৰ লগতে স্মৃতাক ঘৰত থৈ ঘৰৰে ড্ৰাইভাৰজনৰ সৈতে জিমলীহঁতৰ গাড়ীখন আগবাঢ়িল৷ বাটত আহি থকাৰ পৰাই মাকে প্ৰাচুৰ্য্যক ইমিডিয়েট ফোন কৰি মাতি পঠিয়ালে৷ ৰাতিপুৱাই ঘৰতে জিমলীৰ গাতো অকণমান বেয়া যেন দেখি তেতিয়াই হস্পিতালত নামটো লিখোৱাই থৈছিল প্ৰাচুৰ্য্যই এনেই আবেলি এপাক চেকআপ কৰোৱাই আনিম বুলি৷ এতিয়া মাকৰ হঠাতে ফোনকলটো পাই তাৰো হুৱাদুৱা লাগিল৷ এচিচটেণ্ট মিণ্টুক চাইন কৰিবলৈ বাকী ৰৈ যোৱা ফৰৱাৰ্ডিং কপিৰ ফাইলটো হস্পিতাললৈকে লৈ অনাৰ দায়িত্ব দি সিওঁ উধাও খাই আহিল৷

অপাৰেচন থিয়েটাৰৰ বাহিৰত এক উৎকণ্ঠাৰ পৰিৱেশ৷ সকলোৰে মুখকেইখনক চিন্তাক্লিষ্ট আৱেশেৰে আৱৰি ধৰিছে৷ জিমলীৰ মাকে বাৰে বাৰে বেগৰ পৰা গণেশৰ মূৰ্ত্তিটো উলিয়াই বুকুৰ মাজতে সাৱটি ধৰিছেহি৷ হিয়াৰ আকণ্ঠ কোণৰ পৰা এই ক্ষণত মাথোঁ এষাৰেই প্ৰাৰ্থনা ওলাই আহিছে, " হে প্ৰভু, সকলোবোৰ যেন ঠিকেঠাকে পাৰ হৈ যায়"৷

প্ৰায় তিনি ঘণ্টাৰ প্ৰতীক্ষাৰ অন্তত উৎকণ্ঠাৰ ওৰ পৰিল৷ হয়, খবৰটো আহিল৷ জিমলীৰ এজনী বৰ ধুনীয়া মৰমলগা, পৰী হেন ছোৱালীৰ জন্ম হৈছে৷ খবৰটো
শুনি প্ৰাচুৰ্য্যই আনন্দত চিঞৰি উঠিল, "দেখিলা, মই কৈছিলো নহয় ছোৱালীয়েই হ'ব বুলি, ফাইনেলী মইয়েই জিকিলো"৷ প্ৰাচুৰ্য্যৰ কথা শুনি অতপৰে ভয়ত, চিন্তাত প্ৰায় সেমেকি যোৱা মুখকেইখন উজ্জ্বলি উঠিল৷

প্ৰায় তিনিদিনৰ অন্তত জিমলীক ঘৰলৈ লৈ অনা হ'ল৷ কণমানি মুখখনিৰ পৰা ওলোৱা কলকল শব্দই জিমলীহঁতৰ ঘৰখন মোহাচ্ছন্ন কৰি পেলাইছে৷

আজি জিমলীৰ কণমানি পৰীজনীক দহদিনৰ অন্তত বাজলৈ উলিয়াইছে৷ জিমলীৰ শাহুৱেকৰ সৈতে তাইৰ খুড়ী শাহুজনীও ৰাতিপুৱাই পালেহি জিমলীৰ মাকৰ ঘৰত৷ আয়তীসকলৰ নিয়ম-কাননৰ অন্তত কণমানিজনীৰ নামকৰণৰ কথাবতৰা চলিল৷
"মই কিন্ত তাইৰ নাম পাহি ৰাখিছো দেই"----- অসুস্থ হৈ থকা দেহাটোৰে থৰকবৰককৈ খোজকেইটা আগুৱাই আনি আয়তীসকলৰ মাজত বহাৰ পৰাই স্মৃতাই মাত দিলে৷

"নালাগে, মই তাইৰ বেলেগ এটা নাম মনতে ভাবি থৈছো৷ মোৰ নামৰ প্ৰথম আখৰেৰে তাইৰ নাম জুমনি হ'ব"৷ কেইদিনমানৰ আগৰে পৰা স্মৃতাৰ ওপৰত বাঢ়ি অহা খং ভাবটোক আগত লৈ জিমলীয়ে স্মৃতাৰ কথাত উত্তৰ দিলে৷

দিনবোৰ বাঢ়িবলৈ ধৰিলে৷ এপল, দুপলকৈ বাঢ়ি যোৱা ক্ষণিকবোৰ গনি কণমানি জুমনিও ডাঙৰ হৈ আহিবলৈ ধৰিলে৷
"মা, চোৱা জুমনিয়ে আজি উবুৰি খাইছে, মা, জুমনিক ভালকৈ ধৰা পৰি যাব" মুঠৰ ওপৰত জুমনিক লৈ বাঢ়ি অহা সিহঁতৰ ব্যস্ততাপূৰ্ণ মধুৰ ক্ষণবোৰে বান্ধি ৰাখে সিহঁতক মায়ামোহৰ জালখনত৷ আপোনাআপুনি জিমলীৰ মুখৰ পৰা ওলাই আহে, "এই মায়ামোহৰ বন্ধনৰ বাবেই হয়তো প্ৰতিটো ক্ষণত ইমান মোহ আমাৰ এই পৃথিৱীখনৰ প্ৰতি"৷
    
ইঞ্জিনিয়াৰিঙৰ শেষ বৰ্ষৰ ছাত্ৰী স্মৃতাই পাঠ্যক্ৰমৰ অন্তৰ্গত এটি প্ৰজেক্টৰ কামত যোৱা জুলাই মাহতে কলেজৰ ওচৰৰ কোনোবা প্ৰাইভেট হোষ্টেল এটাত ছমাহৰ কাৰণে থাকি লৈছে৷ প্ৰথম কেইদিনমান ঘৰৰ পৰাই অহাযোৱা কৰিছিল৷ কিন্ত পাছত প্ৰতিদিনাই ঘৰ আহি পাওঁতে প্ৰায় সন্ধিয়া বহু পৰ লাগি যোৱাত মাকে হোষ্টেল এটাতে থাকি লবলৈ ক'লে৷ অন্তত ছোৱালীজনীৰ কিছু কষ্ট ৰাহি হ'ব৷
তথাপি জিমলীৰ অন্তৰত অজানা শোঁক এটাই পলে পলে খোঁচ মাৰি ধৰেহি, "তাই ছাগৈ মই বাৰেপতি গালি পাৰি থকাৰ বাবেই গুচি গ'ল"৷

এদিনৰ কথা৷ জুমনিৰ ডায়েৰিয়া হৈছে৷ পুৱাৰে পৰা কেইবাবাৰো পায়খানা কৰি কৰি জুমনি প্ৰায় লেবেজান হোৱাৰ দৰে হৈ পৰিছে৷ ঘৰৰ আটাইবোৰ মানুহৰ মাজত হুৱাদুৱা লাগিছে, জুমনিক ইমিডিয়েটলী হস্পিতালত ভৰ্ত্তি কৰাব লাগে৷ তেনেকুৱাতে জিমলীৰ দেউতাকৰ ফোনটো বাজি উঠিল৷ গধূলি হ'লেই চকুৰে প্ৰায় ধুৱলীকুৱলী দেখা দেউতাকে চিঞৰিবলৈ ধৰিলে, "এইটোনো আকৌ এইটো সময়ত কেলেই বাজিব লাহে, চাচোন কোনেনো কৰিছে"৷ দেউতাকে আৰু কিবা এসোপামান বকে বুলিয়েই মাকে সাউতকৈ ফোনটো থাপ মাৰি ল'লে দেউতাকৰ হাতৰ পৰা৷
ইফালে হাতৰ আঙুলিৰ হেঁচাত কেতিয়াবাই ৰিচিভ হৈ গৈছিল ফোনকলটো৷ আৰু এবাৰ লেফট্ চাইডৰ বুটামটোত টিপি দিওঁতে এইবাৰ লাউড্স্পীকাৰটো অ'ন হৈ গ'ল৷ গহীন গম্ভীৰ ভাবত কৰ্কশ মাত এটা ভাঁহি আহিল ফোনলাইনৰ সিটো দিশৰ পৰা,

:এইটো এডভোকেট গৌতম বৰুৱাৰ ঘৰ হয়নে?

:হয়, হয় ৷ আপুনি??

ফোনলাইনত অচিনাকি যেন লগা কৰ্কশ মাতটো শুনি কিছু পৰ তভক মাৰি ৰোৱাৰ দৰে হ'ল জিমলীৰ মাক৷

:মই দিছপুৰ পলিক্লিনিকৰ পৰা কৈছো; আপোনাৰ ছোৱালী……

:হয়, হয়, আমি যাবলৈ ওলাইছোয়েই, ডাক্তৰ পাম নহয় এতিয়া গ'লে??

মাকৰ কথাত গুৰুত্ব নিদি পুনৰ সেই কৰ্কশ মাতটো ভাঁহি আহিল৷

:মই ডাক্তৰ বিনয় শৰ্মাই কৈছো৷ আপোনাৰ ছোৱালী স্মৃতা বৰুৱাক এটা ইমাৰজেন্সী কেছত আমাৰ হস্পিতালত ভৰ্ত্তি কৰোৱা হৈছে৷ আপোনালোকে ইমিডিয়েটলী আমাৰ হস্পিতাললৈ আহক

ফোনত স্মৃতাৰ নামটো শুনি মাক কিছু চিন্তাত পৰাদি পৰিল৷

:স্মৃতা?? স্মৃতাৰ আকৌ কি হ'???

:হস্পিতাললৈ আহক৷ সব ডিটেইলছ গম পাব

নিমিষতে জিমলীহঁতৰ ঘৰখনত হুৱাদুৱা লাগিল৷ জিমলীক প্ৰাচুৰ্য্যৰ লগত স্থানীয় ডাক্তৰ বৰঠাকুৰ ক্লিনিকলৈ আগবাঢ়িবলৈ দি মাকে স্মৃতাৰ ওচৰলৈ ঢাপলি মেলিলে৷


হস্পিতাল পাই মাকৰ অলপমান সময় লাগিলে স্মৃতাক বিচাৰি উলিয়াবলৈ৷ গোটেইকেইটা কাউণ্টাৰত খবৰ কৰিছে মাকে৷ সবতে কৈছে, এটা ইমাৰজেন্সী মেটাৰনিটি কেছ আহিছে৷ এপাকত মাকে ভাবিলে, কোননো আছে এই মেটাৰনিটি কেছত, সোধা যাওঁক চোন৷ ইনফৰমেশ্যন লবলৈ গৈ মাকৰ মূৰত সৰগখন খহি পৰাৰ দৰে হ'ল৷ দেখদেখকৈ ওলাই আছে হস্পিতালৰ ৰেজিষ্টাৰ কপিখনৰ চৈধ্য নাম্বাৰৰ পেছেণ্টৰ নামটো------মাডাৰ্চ নেইম, স্মৃতা বৰুৱা৷
"কি এইবোৰ???" মাকৰ চকুৱে যেন ধুৱলীকুৱলী দেখিছে সব৷ কোনোমতে নিজকে সম্ভালি স্মৃতা ভৰ্ত্তি হৈ থকা কেবিনটো পালেগৈ৷ গৈ পায়েই হস্পিতালৰ বিচনাত শুই থকা স্মৃতাৰ দুগালত দুটা চৰ সোধাই দিলে মাকে৷ প্ৰায় অৰ্দ্ধ চেতন অৱস্থাত থকা স্মৃতাই খকমককৈ চকুজুৰি মেলি সমুখত মাকক দেখা পাই কিবা ক'বলৈ খোজোতেই মাকে আৰু এটা চৰ সোধাই দিলে তাইৰ সোফালৰ গালখনত৷ হোকহোকাই কান্দি পেলালে স্মৃতাই৷ স্মৃতাৰ সন্মুখত সকলোবোৰ যেন ক্ৰমাৎ ধূসৰ হৈ আহিবলৈ ধৰিছে৷

হস্পিতালৰ পৰা ঘৰ আহি পোৱা প্ৰায় চাৰিদিন হ'ল স্মৃতাৰ৷ এতিয়ালৈকে মুখৰ পৰা এটা শব্দও উলিওৱা নাই স্মৃতাই৷ প্ৰায় চাৰিদিনৰ অন্তত স্মৃতাৰ মুখৰ পৰা শব্দকেইটা ওলাল৷ মুখ খুলিয়েই যিটো কাহিনীৰ বিবৃত্তি দিলে সকলোৰে চকু গৈ কপালত উঠিল৷

প্ৰাচুৰ্য্যই জিমলীক বিয়া পতাৰ প্ৰায় ছয়বছৰৰ পূৰ্বেই স্মৃতাই প্ৰাচুৰ্য্যক লগ পাইছিল৷ কটন কলেজৰ হায়াৰ চেকেণ্ডাৰী চেকেণ্ড ইয়াৰত পঢ়ি থাকোতে এদিন ফিজিক্সৰ প্ৰেকটিকেল এটাৰ কামত লগৰ ল'ৰা প্ৰণয়ৰ ঘৰলৈ যাওঁতেই স্মৃতাই লগ পাইছিল সেই সময়ত এ ই চিত কম্পিউটাৰ চায়েন্স ব্ৰাঞ্চত ইঞ্জিনিয়াৰিং কৰি থকা প্ৰণয়ৰ ককায়েক প্ৰাচুৰ্য্যক৷ দেখাই, শুনাই, কথা-বতৰাই অভিভাৱক যেন লগা প্ৰাচুৰ্য্যক প্ৰথম চিনাকিতেই কিবা এটা ভাল লাগি গ'ল স্মৃতাৰ৷ বহু কথাবতৰাৰ অন্তত সেইদিনাই চেভ কৰি থলে মোবাইলত স্মৃতাৰ ফোন নাম্বাৰটো প্ৰাচুৰ্য্যই৷ তাৰ পাছৰ বহু দিন, বহু মাহ৷ পলে পলে আগুৱাই গ'ল প্ৰাচুৰ্য্য-স্মৃতাৰ বন্ধুত্বৰ ঘনিষ্ঠতা৷ তাৰ পাছৰ বছৰত এ ই চিত নতুনকৈ এডমিছন লোৱা স্মৃতাই বহু কাষৰ পৰাই লগ পাবলৈ ধৰিলে সেই সময়ৰ ইঞ্জিনীয়াৰিঙৰ শেষ বৰ্ষৰ ছাত্ৰ প্ৰাচুৰ্য্য বৰঠাকুৰক৷ ক্ষণে ক্ষণে পাৰ হৈ যোৱা মূহূৰ্তই মাথোঁ এই ক্ষণলৈহে অপেক্ষা কৰি আছিল যেন৷ কলেজ শেষ কৰাৰ আগেআগে প্ৰাচুৰ্য্যৰ হৃদয়খনিত বন্দী কৰি পেলালে স্মৃতাৰ হৃদয়খনিক আৰু কথা দি গ'ল যে অতি সোনকালে এই হৃদয়খনিক চিৰজীৱনৰ বাবে সি নিজৰ কৰি লৈ যাব৷

লাহে লাহে দিনবোৰ আগুৱাবলৈ ধৰিলে৷ ইতিমধ্যে বাঙ্গালোৰত অধিষ্ঠিত আই বি এমত দোপতদোপে উন্নতিৰ দিশে আগুৱাই যোৱা চফটৱেৰ ইঞ্জিনীয়াৰ প্ৰাচুৰ্য্যই কথা দিছে যে এইবেলি পূজাত আহোঁতে স্মৃতাৰ মাক-দেউতাকৰ আগত স্মৃতাক এক্কেবাৰে নিজৰ কৰি লবৰ বাবে অনুমতি বিচাৰিব৷ কথামতেই সেইবেলি দুৰ্গাপূজাৰ অষ্টমীদিনা পুৱাই প্ৰায় দহমান বজাতে প্ৰাচুৰ্য্য স্মৃতাহঁতৰ ঘৰত উপস্থিত হ'লহি৷ হৃষ্টপুষ্ট চেহেৰাৰ প্ৰাচুৰ্য্যই প্ৰথম চিনাকিতেই সকলোকে মোহি পেলালে৷ জিমলীয়েতো ভিতৰলৈ আহিয়েই কৈয়েই আছে, "আহ!!! ভন্তি তোৰ কিন্ত ফ্ৰেইণ্ড কিছু হেনডচম আছে দেই"৷ সাধাৰণ কথাবতৰাৰে আৰম্ভণি কৰোঁতেই প্ৰাচুৰ্য্যই প্ৰকৃত কথা ব্যক্ত কৰিবলৈ লওঁতেই জিমলীহঁতৰ দেউতাকে তেওঁৰ সগৰ্ভৰে ভৰা মুখখন মেলি ক'লে, "আমাৰ ফালৰ পৰা ক'বলগীয়া বিশেষ একো নাই৷ মই ইতিমধ্যে তোমাৰ দেউতাৰাৰ লগত কথা পাতিছোৱেই, আৰু আজি তোমাক লগ পালোৱেই যেতিয়া আমাৰ ফালৰ পৰা কথাটো একেবাৰে ফাইনেল৷ আমাৰ জিমলীৰ কাৰণে তোমাতকৈ আৰু উত্তম ল'ৰা ক'ত পাম?" সুসজ্জিত ট্ৰেখনত সজাই অনা চাহকাপ দুৱাৰমুখৰ পৰাই উভতাই লৈ গ'ল স্মৃতাই৷ কি শুনিছে এইবোৰ তাই?!!! তচনচকৈ কাঁচৰ গিলাচৰ দৰে ভাগি গৈছে তাইৰ হিয়াখনি৷ জিমলীয়ে জাপ মাৰি আহি তপককৈ তাইৰ গাল এখনি চুমাৰে উপচাই দিলেহি৷ "ইমান ধুনীয়া গিফট এটা দিলা মোক, মেনী মেনী থেংকচ টু ইউ মাই বেবী ডল"৷

পাৰ হৈ গৈছিল বহু ধুমধামেৰে জিমলী-প্ৰাচুৰ্য্যৰ বিয়াখন৷ বিয়াৰ আগদিনাও যেতিয়া প্ৰাচুৰ্য্যই বাৰে বাৰে ফোনত স্মৃতাক কৈ আছিল, "'লা, এতিয়াও সময় আছে, আমি মা-দেউতাক সব কথা খুলি কওঁগৈ", স্মৃতাই মাথোঁ এটাই প্ৰতিশ্ৰুতি সেই সময়ত প্ৰাচুৰ্য্যৰ পৰা বিচাৰিছিল, "মোৰ প্ৰাণৰ আধা অংশক তোমাৰ হাতত গতালোঁ, সেই প্ৰাণটিক বৰ সযতনে ৰাখিবা দেই"৷ আৰু আঁতৰি গৈছিল দুয়ো দুয়োৰ পৰা আধৰুৱা সপোনটিৰ তজবজীয়া হৈ থকা স্মৃতিবোৰক বুকুত সাৱটি৷

কিন্ত সপোন হেৰাই গ'লেও অন্তৰৰ আৱেশবোৰ জানো কোনোবাদিনা হেৰাই যায়?!!! মনলৈ আহি থকা আৱেগবোৰক অইন এটা দিশলৈ লৈ যাওঁ বুলিয়েই ছিক্স চেমৰ পৰীক্ষাৰ অন্তত চামাৰ প্ৰজেক্টটো আৰম্ভ হোৱাৰ কেইদিনমানৰ আগতে কম্পিউটাৰ চায়েন্সৰ আটাইবোৰ ষ্টুডেণ্টৰ সৈতে মাথোঁ দুদিনীয়া প্ৰগেম এটা হাতত লৈ স্মৃতাও ওলাল শ্বিলঙলৈ বুলি৷
পাহাৰীয়া ঠাইখনত ডাৱৰৰ সৈতে লুকাভাকু খেলি থাকোতে এপাকত স্বচ্ছ মেঘৰ আঁৰত স্পষ্টকৈ দেখা পালে প্ৰাচুৰ্য্যৰ মুখখন৷ স্মৃতাই যেন সপোনহে দেখিছে এইয়া৷

কথাই কথাই গম পালে অফিচিয়েল প্ৰজেক্ট এটাৰ কামত প্ৰাচুৰ্য্যও দুদিনৰ কাৰণে শ্বিলঙৰ আলহী হৈছেহি৷ সি থকা হোটেলখন স্মৃতাহঁতৰ হোটেলখনৰ পৰা এশমিটাৰৰ আঁতৰত যদিও দ্বিতীয়দিনা সি আহি স্মৃতাহঁত থকা 'হোটেল গ্ৰেচ'ত অতিথি হ'লহি৷

পাতলীয়া আহাৰ এটাৰে ডিনাৰটো কৰি স্মৃতাই শুবলৈ লওঁতেই দুৱাৰত কোনোবাই টুকুৰিওৱা যেন দেখি খুলি চাই দেখে দুৱাৰৰ বাহিৰত সেইয়া প্ৰাচুৰ্য্য৷

প্ৰথম অৱস্থাত কিছু অসহজ লাগিছিলে যদিও বৰ বেছি পৰলৈকে বান্ধি ৰাখিব নোৱাৰিলে দুয়োয়ে ইমানদিনে আৱদ্ধ হৈ থকা হৃদয়ৰ মণিকোঠাটো৷ খুলি দিলে আৱেগৰ ৰুদ্ধ দুৱাৰখন সেইদিনা৷ উটিভাহি গ'ল আৱেগৰ নৈখনিত, যেন তৃষ্ণা নিবাৰণৰ বাবে ইমানদিনে আতুৰ হৈ থকা প্ৰাণ দুটি৷
আঁতৰি আহিছিল দুয়ো সেই স্মৃতিক বুকুত সামৰি৷ কিন্ত ক্ষণে ক্ষণে বাঢ়ি অহা দেহৰ অস্বাভাৱিকতাই বাৰুকৈয়ে চিন্তাত পেলাবলৈ ধৰিলে স্মৃতাক৷ কিন্ত যিদিনাখন কনফাৰ্ম হৈছিল তাই যে তাইৰ দেহত ইতিমধ্যে ছয় সপ্তাহৰ এটি ভ্ৰুণে থিতাপি লৈছে, তেতিয়ালৈ যথেষ্ট পলম হৈছিল আৰু পাৰ হৈ গৈছিল এই ভ্ৰুণটোক দেহৰ পৰা টাৰমিনেট কৰাৰ সময়৷ আৰু তাৰ পাছৰ আজিৰ এই দিনটো৷

গোটেই বিস্তৃত বিৱৰণখিনি শুনি বাকৰুদ্ধ হৈ পৰিল সকলো৷ দোষী কাক সজাব প্ৰকৃততে? দোষ কৰোতা কেইজনক নে দোষত আৱদ্ধ হোৱা পৰিস্থিতিৰ সেই ক্ষণকেইটিক??

স্মৃতাক লগত লৈ গুচি আহিল জিমলী প্ৰাচুৰ্য্যৰ ঘৰলৈ৷ ঘৰতেই স্মৃতাৰ নিয়মিত কেয়াৰ লৈ আছে জিমলীয়ে এইকেইদিন৷ ইতিমধ্যে বুবুবাবা কৰি ক'বলৈ আৰম্ভ কৰা জুমনিক কৈ আছে জিমলীয়ে, "মাহীয়ে তোমালৈ ধুনীয়া ভন্তি এজনী লৈ আহিব দেই খেলিবলৈ"৷

প্ৰায় ছয়মাহৰ অন্তত সচাঁকৈ স্মৃতাৰ এজনী বৰ মৰমলগা ছোৱালী এজনীৰ জন্ম হ'ল আগৰ সেই একেই খাৰঘুলি পাহাৰত অৱস্থিত বৰঠাকুৰ ক্লিনিক এণ্ড নাৰ্ছিং হোমত৷ নাই কিন্ত আগৰ দৰে সেই একেই উচাহৰ ঢল৷

জিমলীয়ে মৰমতে স্মৃতাৰ কণমানিজনীৰ নাম পাহি ৰাখিছে৷ স্মৃতাই জানিছে কিয় তাইৰ নাম পাহি ৰাখিছে বায়েক জিমলীয়ে৷ কিন্ত তাইৰ যে হিয়াত কণমানো সাহস নাই যে তাই জিমলীৰ দুচকুৰ সৈতে দুচকু মিলাই কোনোবাদিনা কথা ক'ব পাৰিব৷

আকৌ দিনবোৰ ব্যস্ততাৰে আগবাঢ়িবলৈ ধৰিলে৷ জুমনিৰ আজিকালি বিৰাট ফূৰ্তি৷ অ'ত ত'ত ধৰি খোজকাঢ়িবলৈ শিকাৰ পৰাই পাহিক দুহাতেৰে সাৱটি লব খোজে৷ চুবলৈ খোজোতেই থপকৈ মজিয়াত পৰি ফেকুঁৰি উঠা জুমনিক দেখি মৰমেৰে সাৱটি লয় স্মৃতাই৷ "আৰু অকণমান ডাঙৰ হ'লে লবা দেই পাহি ভন্তিক", আৱেগেৰে সাৱটি জুমনিক কয় তাই৷

এদিনৰ কথা৷ জিমলী দুপৰীয়াৰ সাজ বনোৱাত ব্যস্ত৷ পাহি আৰু জুমনি দুয়ো স্মৃতাৰ সৈতে উমলি আছে৷ তেনেকুৱাতে দুয়োজনীলৈকে গাখীৰ আনো বুলি পাকঘৰলৈ যাওঁতে দেখে গেছৰ বাৰ্নাৰত জিমলীৰ শাৰীখনৰ আঁচলটো লাগি গোটেই দেহলৈকে বিয়পিবলৈ ধৰিছে জুইৰ শিখা৷ তাকে দেখি স্মৃতাই ভয়তে চিঞৰিবলৈ ধৰিলে৷ স্মৃতাৰ চিঞৰ শুনি ঘৰৰ সব মানুহ চাপি আহিল৷ নাই, কোনেও জুই নুমুৱাব পৰা নাই৷ এপাকত প্ৰাচুৰ্য্যই জিমলীৰ দেহটো ডাঠ কম্বল এখনেৰে মেৰিয়াবলৈ খোজোতেই জুইৰ শিখাই গৈ এইবাৰ প্ৰাচুৰ্য্যৰ দেহত স্পৰ্শ কৰিলেগৈ৷ নিমিষতে সকলোৰে মাজত হুৱাদুৱা লাগিল৷ ডাউন-টাউন হস্পিতালৰ আই চি ইউত দুয়োকে ভৰ্ত্তি কৰোৱা হ'ল৷ ডাক্তৰৰ যৎপৰোনাস্তি চেষ্টাকো হাৰ মনাই দহ মিনিটৰ অগাপিছাকৈ দুয়োজন গুচি গ'লগৈ এই পৃথিৱীৰ মায়া এৰি৷ স্মৃতাৰ সমুখত যেন এখন নাটকৰহে যৱনিকা পৰিছে আৰু যেন নাটকৰ আঁৰ কাপোৰ টৰাৰ পাছত সকলোৱে কৈ আছে, "ছেঃ পৰিণতি বৰ কৰুণ দেই!!!!!!"

দিনবোৰ আকৌ আগবাঢ়িবলৈ ধৰিলে৷ কণমানি জুমনি এতিয়া দুবছৰীয়া হ'ল৷ তাইৰ কণমানি হাত দুখনেৰে কণমানি পাহিজনীৰ হাতত ধৰি শিকাইছে এখুজি-দুখুজিকৈ আগুৱাবলৈ৷

স্মৃতাই চাই ৰৈছে এই ক্ষণত অপৰাহ্ণৰ বেলিটিৰ হেঙুলী আভাত উজ্জ্বলি উঠা দুয়োজনীৰ গাল কেইখনলৈ৷ দুয়োজনীয়ে একেলগে হাঁহিছে৷ মাটিত পৰি দুখ পাওঁতে দুয়োজনীৰ ইজনীয়ে সিজনীৰ দুখ পোৱা অংশত মোহাৰি দিছে৷ মৰমেৰে সাৱটি ধৰিছে ইজনীয়ে সিজনীক৷

মানুহবোৰে প্ৰায়ে কোৱা কথাবোৰ তাই আওকাণ কৰে আজিকালি৷ কোনোবাই বেছিকৈ সুধি থাকিলে অন্তৰৰ কোনোবা একোণৰ পৰা সজোৰে ওলাই অহা আৱেগেৰে কয় তাই,

"চাওকচোন, জুমনি সাইলাখ মোৰ দৰেই, মোৰ ছোৱালী মোৰ দৰে নহৈ কাৰ দৰে হ'ব আকৌ"৷

মানুহবোৰৰো মুখতে লৈ ফুৰা বুবুবাবাবোৰ সিমানতেই অন্ত পৰে৷
অন্তৰৰ পৰা হেঁপাহবোৰ উজাৰি আহে তাইৰ এই ক্ষণত,

"মৰমবোৰ বাঢ়ি আহক সিহঁতৰ প্ৰতিটো ক্ষণত; হেঁপাহবোৰ বাঢ়ি আহক সুকোমল ফুলপাহিৰ দৰে"৷ মাথোঁ এষাৰেই হুমুনিয়াহ তাইৰ মুখৰ পৰা ওলাই আহে প্ৰতিটো ক্ষণত,

"মাথোঁ প্ৰাপ্তিতে নহয় জীৱনৰ পূৰ্ণতা"৷
 ৰূপাঞ্জলী নেওঁগ
যোৰহাট বাপুজী নগৰ
ফোন- ৯৯৫৪১-৩৩৭৩৫

Post a Comment

Previous Post Next Post