A Boy Story

চুটিল্প
জিন্টু
 কবিতা নাথ কাকতি,বানেকুছি (নলবাৰী)
জিন্টু নামৰ এজন বৰ এলেহুৱা লৰা আছিল। দিবাকৰ আৰু কাঞ্চনৰ একমাত্ৰ সন্তান। যেতিয়া সি স্কুলত যাব পৰা হৈছিল তেতিয়া মুঠেই স্কুলত যোৱাৰ মন নকৰিছিল, মাক দেউতাকে তাক লৈ নানা চিন্তাৰ সন্মুখীন হৈছিল। স্কুলত যাব কলে পেটৰ বিষ হোৱা বুলি কৈ স্কুলত যোৱা সময় খিনি অতিবাহিত হৈ যোৱাৰ পিছত সমনীয়াৰ লগত মানুহৰ ঘৰৰ বস্তি বস্তি ক’ত কি আছে এনেকৈ দিনটো তিগিলঘিলাই অতিবাহিত কৰে। মাক দেউতাকৰ গালি সপোনি খাই কোনোমতে অষ্টম শ্ৰেণীলৈকে পঢ়িলে। সি পঢ়া পাতি ভালদৰে নকৰা বাবে দেউতাকে এটা কম্পেনীত ব্যস্ততাৰ কাৰণে নিয়োজিত কৰি দিলে কিন্তু সি তাত কিছুদিন কোনোমতে কাম কৰি পুনৰ ঘৰলৈ উভতি আহিল।কাৰণ কম্পেনীৰ ভিতৰত বান্ধনত সোমাই থাকি ঘৰৰ দৰে ফুৰিব নাপাই। ঘৰত যেতিয়া আহিলে তেতিয়া দেউতাকৰ লগত ঘৰৰ খেতিৰ কামত সহায় কৰাৰ কাৰণে কলে গা অসুখ বুলি কই ফালৰি থাকে কোনো কথাই নামানে সদায় বিপৰীত মূখি স্থিতি। তাৰ এনেকুৱা স্বভাৱৰ কাৰণে মা দেউতাকে ক্ৰমানুয়ে ভাল নোপোৱা হবলৈ ধৰিলে।
হঠাৎ সিহঁতৰ ওচৰৰে যিশু নামৰ মানুহ এজনে জিন্টুক লগ পাই কলে, তই এনেই ঘৰতে অনাই বনাই ঘূৰি সময় বোৰ অতিবাহিত কৰি ঘৰৰ পৰা মৰম স্নেহ নোপোৱা হব ধৰিচা মানুহে টোক অণ্য দৃষ্টিৰে চাই, সেয়ে মোৰ লগত থাকিবা ভালদৰে পুনৰ শিক্ষা গ্ৰণৰ ব্যৱস্থা কৰি দিম স্কুলত যাব লাগিব, মনোযোগেৰে অধ্যয়ন কৰিব লাগিব। তই পৰিবি নে?
তেতিয়া জিন্টুয়ে কিছু সময় ভাবি মোৰ টোয়াই সন্মতি দিলে। এনেবোৰ কথা মাক দেউতাকৰ লগত আলোচনা কৰি যীশুৰ লগত গল। তেতিয়া পুত্ৰৰ এনে পৰিবৰ্তনৰ  আচৰণ দেখি খুব আনন্দিত হল। এই বাৰ জিন্টুই ভালদৰে পঢ়া পাতি কৰি সম্পূৰ্ণ পৰিবৰ্তন হল।
এনেকৈ এদিন মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হল।পৰীক্ষাৰ ফলাফল খুব ভাল। তাৰ ফলাফল শুনি মাক দেউতাকৰ লগতে ওচৰ চুবুৰীয়া বাসীয়ে জিন্টুক বাঃহঃ বাঃহঃ দি কলে তোৰ নিচিনা এনেকুৱা পৰীক্ষাৰ ফলাফল আগতে কোনেও
কৰিব পৰা নাছিল, আজি আমি অঞ্চলবাসী তোক লৈ গৌৰম্বিত। জিন্টুয়ে উচ্চ শিক্ষাৰ বাবে বাহিৰত যোৱাৰ সকলো খৰচ যিশু ই বহন কৰি যা-যোগাৰ কৰি দিলে আৰু  জিন্টুয়ে যোৱাৰ বাবে সাজু । সকলোৱে জিন্টুক মৰম আৰু আশীৰ্বাদেৰে বিদায় দিলে। সি তাত গৈ সুন্দৰ ভাবে নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অধ্যয়নত একগ্ৰতাৰে লাগি গল।
এদিন আকস্মিক ৰোগত যিশু ৰ মৃত্যু হল।এই কথা জিন্টুই গম পোৱা নাছিল। যেতিয়া তাৰ পঢ়া শেষ হল প্ৰায় তিনি বছৰ মূৰত নিজৰ ঘৰলৈ উভতি প্ৰথমে সি যিশু ৰ ঘৰলৈ আহি দেখে ঘৰত তলা মৰা, পিছত পোনে পোনে নিজৰ ঘৰলৈ গৈ মাক দেউতাকক যিশুৰ কথা সুধিলে, তেতিয়া দেউতাকে সমগ্র ঘটনা বিবৰণী দি  কলে তেতিয়া  জিন্টু শিলৰ নিচিনা হৈ পৰিল মাথো দুচকুৰে চকুপানী নিগৰিব ধৰিলে। এনেতে একে গাঁওৰে ৰজনীৰ এক মাত্ৰ ছোৱালী পূৰবী  আহি জিন্টুৰ তেনে কাৰ্য দেখি সান্তনা দিবলৈ ধৰিলে। পূৰবী ছোৱালীজনী খুব ধুনীয়া, মৰম আলসুৱা, সহজ সৰল। তাই বি, ,পাছ কৰি এখন স্কুলৰ শিক্ষয়িত্ৰী হৈ আছে। নানা ব্যস্ততাৰ মাজেৰে ঘৰৰ প্রাই বোৰ কাম কৰাৰ উপৰি জিন্ টু হঁতৰ মাক দেউতাকৰ কিবা অসুখ বা  ঘৰুৱা কাম কাজৰ নজৰত ৰাখিছিল।
বহুদিনৰ পৰা জিন্টুৰ মাকে পূৰবীক নিজৰ বোৱাৰী কৰা খুব হেপাহ গোপনে মনত সাঁচি ৰাখিছিল।নিশা জিন্টুই ভাত খাই থকা অৱস্থাত মাকে কলে বোপা এইবাৰ তোৰ বিয়া খন পাতিব লাগিব ইতিমধ্যে আমি কইনা ঠিক কৰিছো তই ও চিনি পোৱা, জোৰা বেছ মিলিব। মাত্ৰ তোৰ অনুমতিৰ কাৰণে ৰৈ আছো। তোৰ কিবা আপত্তি আছে নেকি? তেতিয়া জিন্টুয়ে কলে মোৰ কোনো আপত্তি নাই।তহঁতে যি ভাল দেখা তাকেই কৰা, পিছে ছোৱালীজনী কোন? নাম কি ?কি নাম হব আৰু ৰজনীৰ ছোৱালী পূৰবী। তেতিয়া জিন্টুয়ে মিচিকিয়াই হাঁহি মাৰি শুৱা কোঠালৈ সোমাই গল আৰু মনতে সৰুতে পূৰবীৰ লগত কৰা ধেমালি আৰু পূৰবী চুৰ কৈ আনি দিয়া ৰুমাল,কলম তেনে প্ৰেমৰ ধাৰণা বোৰ মনলৈ নিজে নিজে আহি শুই পৰিল। তাৰ কিছুদিন পিছত জিন্টুৰ ভাল চাকৰি এটাত সুযোগ পালে। জিন্টুৰ মাক দেউতাকে ৰজনীৰ লগত আলোচনা কৰি বিয়াৰ দিন বাৰ ঠিক কৰি উলহ-মালহেৰে,ৰমক জমক কৈ বিবাহ সম্পন্ন কৰিলে। আৰু সিহঁতৰ বৈবাহিক জীৱন সুন্দৰ ভাবে বৰ্তি গল। শেষত জিন্টুৰ আদৰ্শ, দৃষ্টিভংগী বিলাক আনে অনুসৰণ কৰিব ললে। ইয়াৰ দ্বাৰা বুজা গল যে কেতিয়া আমি আমাৰ সঠিক লক্ষ্য স্থল পোৱাৰ আগেয়ে নানা কাৰণত বিশৃংখল আহে কিন্তু সচেতন জনৰ পৰা আমৰ লক্ষ্য স্থলত উপনীত হোৱাৰ ক্ষেত্ৰত বিশেষ অৰিহনা ৰ মাজেৰে আগুৱাই যোৱাৰ পথ সুগম হয়।

Post a Comment

Previous Post Next Post