jagok axomia
 জাগক অসমীয়া

 মাননীয়,
      সৰ্বানন্দ ডাঙৰীয়া
শাসনৰ গাদীত আপুনিয়েই ৰজা
আপোনাৰ বৰ বৰ ভাষণত
আমাৰ অল্পজ্ঞান সাৰশূণ্য
তথাপিও..........
শান্ত অসমীয়াৰ তেজত আজি
প্ৰতিবাদৰ ঢল
হবলৈ গৈ আছে দ্বিতীয় শৰাইঘাটৰ ৰণ॥
ৰণশিঙা বাজিছে
অসমীয়াই হেংদাং উলিয়াইছে
অসমীৰ চোতালত
ৰণৰ আখৰা চলিছে॥
সৰ্বানন্দ ডাঙৰীয়া
আজি প্ৰতিজন অসমীয়াৰ হুংকাৰ
নানিব বাংলাদেশী
নামানো CAB
আনিলে বিদেশী
নাথাকিব আই অসমী॥
মহাশয়, আপুনিওতো অসমী সন্তান....
শুনা নাই জানো
আইৰ বুকুৰ আৰ্তনাদ?
নে শুনা নাছিল
শত শ্বহিদৰ কৰুণ গাথা
অথবা শত সৈনিকৰ পংগুত্বৰ বেদনা?
সোৱৰাই লওক মহাশয়
এইখন লাচিত, মণিৰামৰ দেশ
হব নিদিও দ্বিতীয় বাংলাদেশ॥
জাগক অসমীয়া, বচাওক দেশ
নহলে হব বাংলাদেশ॥
জয় আই অসম...
ভনীতা শৰ্মা

Post a Comment

Previous Post Next Post