প্ৰেৰণা,জিন্টু দাস

প্ৰেৰণা

                              জিন্টু দাস,শান্তিপুৰ

প্ৰেৰণা নাম তাইৰ...। সকলোৰে মনত  সমাজৰ এগৰাকী অবাঞ্চিত মহিলা,ডাইনী,কলংকিনী হিচাপে খ্যাত এই প্ৰেৰণা জনীৰ মৃত্যুত আজি সকলোৱে চকুপানী টুকিছে...হিয়া-ঢাকুৰি কান্দিছে আজি সকলোৱে...কিয়নো আজিহে বুজি পালে সকলোৱে যে তাই আছলতে কোনো ডাইনী নাছিল..নাছিল পাগলী অথবা কলংকিনী.....তাই আছিল আন সকলো ছোৱালীৰ দৰে এগৰাকী সাধাৰন মহিলা....কাৰোবাৰ মৰমৰ পত্নী....আৰু কাৰোবাৰ অভিশাপৰ  শীৰ্বাদ হিচাপে মাতৃ.....
ৰক্তিম নাম আছিল তাইৰ স্বামীৰ..এক সুন্দৰ ,সৰু পৰিয়ালেৰে দুয়োৱে বহুত সুখেৰে জীৱন অতিবাহিত কৰিম বুলি শপত লৈ বিবাহ হৈছিল..কিন্তু বিবাহৰ দুমাহ নহওঁতে হোৱা সেই  (বাছ এক্সিডেন্ট) দুৰ্ঘটনাটোত হেৰুৱাইছিল তাই স্বামী ৰক্তিমক....
         ওৰে নিশা অকলে কটাব লগা এই প্ৰেৰণাজনীৰ পৰা সমস্ত সূযোগ লব বিছাৰিছিল এই শিক্ষিত সমাজৰ কেইজনমান ভণ্ড সমাজসেৱকে...যিয়ে তাইক দেখি থূ- পেলাইছিল...,জ্বলাই দিছিল তাইক ডাইনী সজাই.....কিন্তু নিশাৰ আন্ধাৰত নিজৰ প্ৰাপ্তিখিনি পাবলৈ উদ্বুদ্ধ হোৱা এই সমাজ সেৱকসকলে সেইখিনি সময়ত পাহৰি গৈছিল যে তাই ডাইনী....প্ৰেৰণাৰ পৰা সেই নৰপিশাচ কেইটাই লব বিছাৰিছিল সকলোধৰনৰ সূযোগ....
"মা অ’ মা",'আমাৰে মাইনা শুৱয়ে ,বাৰিতে বগৰী ৰুবয়ে,বাৰীৰে বগৰী পকী সৰি যাব ,আমাৰে মাইনাই বুটলি খাব......ৰক্তিমৰ লগত সংসাৰ কৰাৰ পিছৰে পৰা তাইৰ এটা সপোন আছিল যে তাই এদিন মাক হব....কিন্তু বিধাতাই নিদিলে....
         হয়টো আজি তাই পাগলীও.....কিয় পাগলী হল বুলি প্ৰশ্ন কৰিলে  হয়টো আমাৰ উত্তৰ এয়াই হব যে বিয়াৰ দুমাহ নহওতে তাই স্বামীক হেৰুৱাইছে...কি কৰিব ,কি খাব...কেনেকে থাকিব হয়টো এইবোৰ চিন্তাই তাইক পাগলী কৰি পেলালে....! কিন্তু অকল এয়াই সত্য নহয়....তাই পাগলী হৈছিল এই শিক্ষিত সমাজৰ সেই ভণ্ড সমাজসেৱকসকলৰ কাৰনে...যিয়ে তাইক সজাইছিল ডাইনী...কৈছিল পাগলী ও কলংকীনি বুলি..যাৰ কাৰনে তাই ওলাই আহিব লগা হৈছিল ৰাজপথলৈ...থাকিব লগা হৈছিল ফুটপাটত... মন্দিৰত অথবা গছৰ তলত...
         পুহ মহীয়া জাৰত ওঠ ফাটি গৈছে তাইৰ...কপি কপি সেই বকুল গছডালৰ তলত শুই আছিল সিদিনা...ঠাণ্ডাত ককবকাই থকা প্ৰেৰণা জনীক সেই নিশাই সেই ভণ্ড সমাজসেৱক সকলে তাইক কৰিলে কলংকিত.....নিজৰ প্ৰাপ্তিখিনি পোৱাৰ  পিছত সিহতবোৰ গুছি গল সচা...কিন্তু প্ৰেৰণা..! তাই এতিয়া কত থাকিব...কি খাব তাই....এতিয়াচোন তাই ৰাস্তাটো থাকিব নোৱাৰা হল....
         "মা" হব ওলাইছে তাই....কিন্তু কোনে দিলে তাইক এই অধিকাৰ....মাতৃত্বৰ বোজা কান্ধত লৈ জীয়াই থাকিব পাৰিবনে তাই....ৰাখিব পাৰিবনে জীয়াই তাইৰ এই কলংকিতা জীৱনটো....
পাৰিব....কিয়নো নোৱাৰিব....প্ৰেৰণা যে তাই.....আনক প্ৰেৰণা দি ফুৰা এই প্ৰেৰণাজনীক আনে প্ৰেৰণা দিয়ে দিব নিদিয়ে নাই...কিন্তু তাই ,তাইৰ নিজৰ অস্তীত্ব নিজেই শেষ হৈ যাব নিদিয়ে...ৰাখিব তাই নিজকে জীয়াই...প্ৰমান কৰিব তাই যে তাই কোনো কলংকিতা নহয়...জন্ম দিব তাই ....,তাইৰ গৰ্ভত থকা সেই জ্বাৰজ সন্তানটো.....
জানিছিল তাই চোৰে চুৰ কৰিলে তাক সহজে এৰি নিদিয়ে...সিহত আকৌ তালৈকে, তাইক আকৌ এবাৰ কলংকিত কৰিবলৈ আহিব...কিন্তু সিহত নাহোতেই তাই মনতে থিৰাং কৰিলে..যে তাই আৰু এনেকৈ ৰাস্তাই - ঘাটে ,মন্দিৰে, কতো নাথাকে...নিজকে এজনী সৱল নাৰী হিচাপে প্ৰস্তুত কৰিলে..আৰু আগবাঢ়িলে তাই...তাইৰ এৰি অহা স্বামীৰ ঘৰলে......

কিন্তু নাই..তাইক তাতো শান্তিত থাকিব নিদিলে..এইখন সমাজৰে সেইসকল শিক্ষিত লোকে.....যিয়ে তাইক ডাইনী সজাই সেইদিনা ৰাতিয়ে জ্বলাই দিছিল তাইৰ ঘৰটো...
সকলো পুৰি ছাই হৈ গল....!    ৩০ বছৰ পিছত সেইখন চহৰত এগৰাকী IS অফিছাৰ আহিছিল...যিয়ে সেই ভণ্ড সমাজ সেৱকসকলক সত্যৰ পাঠ পঢ়াব বিছাৰিছিল....সেই অঞ্চলৰ প্ৰতিটো গলিৰ ,প্ৰতিজন ব্যক্তিক তাই বুজাব বিছাৰিছিল যে নাৰী দূৰ্বল নহয়....নহয় নাৰী অস্তীত্বহীন....নাৰীয়েই দেৱী, নাৰীয়েই পত্নী ,নাৰীয়েই মাতৃ আৰু নাৰীয়েই শক্তি....
এইখন সমাজত ডাইনী কোনো নাই...কোনো নাৰী কলংকীত নহয়...সজাইছো আমি...কলংকীত কৰিছো আমাৰ মাজৰেই কোনোবা দুস্কৃতিকাৰীয়ে...
নাম তাইৰ "প্ৰতিজ্ঞা"...। কোন জানে তাই সেইগৰাকী অভাগিনী মাতৃৰ সন্তান যাক আজিৰ পৰা ৩০ বছৰ আগত ডাইনী সজাই জ্বলাই দিয়া হৈছিল....কিন্তু ঈশ্বৰৰ কৃপাত তাইৰ আছলতে মৃত্যু হোৱা নাছিল....
তাই সেইদিনা ৰাতি সকলোৱে আলোনা কৰি থকা শুনিছিল যে তাইক জ্বলাই দিব....আৰু তাৰ পাছতেই তাই কোনেও গম নোপোৱাকৈ পলাই
 গৈ ৰাস্তাৰ দাতিত পৰি আছিল গৈ
ৰাস্তাৰ দাতিত পৰি থকা এই প্ৰেৰণাজনীৰ গৰ্ভত আছিল তেতিয়া "প্ৰতিজ্ঞা"...।আৰু সেইখিনি সময়ত তাইক সংগ দিছিল "হৰিকান্ত বৰা' নামৰ এজন ৰিক্সাৱালাই ...যেতিয়া তেও ৰিক্সা চলাই ঘৰলৈ গৈ আছিল তেতিয়াই ৰাস্তাত পৰি থকা এই প্ৰেৰণাক দেখা পাইছিল...আৰু তেনে অৱস্থাত পৰি থকা দেখি দুখ বুজি তাইক নিজৰ লগত লৈ গৈছিল....
কেইমাহমান পিছত তাইৰ গৰ্ভৰ পৰা জন্ম হৈছিল এগৰাকী কন্যা সন্তানৰ...নিজৰ প্ৰতিজ্ঞাৰ জুইকুৰা নুমুৱাৰ স্বাৰ্থত প্ৰেৰনাই ,তাইৰ নাম ৰাখিলে "প্ৰতিজ্ঞা"....॥আৰু হৰিকান্তৰ সহায়ত পঢ়াই শুনাই আজি তাইক IS  অফিছাৰ কৰাই সেইখন সমাজলৈ পঠালে যিখন সমাজত প্ৰেৰণা ধৰ্ষিতা হৈছিল....পাব লগা হৈছিল ডাইনী নাম....লব লগা হৈছিল কলংকীনিৰ বোজা॥
        আজি ৩০ বছৰ পিছত প্ৰতিজ্ঞাই ,প্ৰেৰণাৰ প্ৰতিজ্ঞাৰ জুইকুৰা নুমাবৰ বাবে আহিছে সেইখন সমাজৰ সেইসকল ভণ্ডসমাজসেৱকৰ ওচৰলৈ য'ত তাই দিব সত্যৰ জ্ঞান...."কোনো ছোৱালী জন্মতে ডাইনী হৈ জন্ম নহয়....জন্ম নলয় কলংকিতা হিচাপে.... আমাৰ দৰে ভণ্ড সমাজসেৱক সকলেহে সিহতক সজাও ডাইনী অথবা কলংকিনি....
বুজি পালে আজি কলোৱে...কিন্তু আজিৰ দিনটোত ....যিটো দিনত প্ৰেৰণা আৰু আমাৰ মাজত নাই...কেন্সাৰ ৰোগত আক্ৰান্ত হৈ প্ৰেৰণা আজি আমাৰ মাজৰ পৰা গুছি গল....আৰু আজিৰ এইদিনটোতেই প্ৰতিজ্ঞাই প্ৰমাণ কৰিলে যে প্ৰেৰণা  ডাইনী নহয়....নহয় তাই কলংকীনি....আৰু সমাজৰ প্ৰতিজনেই আজি কান্দিছে....
        শিক্ষা প্ৰথমতে নিজক সংশোধন কৰক...নিজেই কিমান শুদ্ধ ,তাক বিছাৰ কৰক...নিজৰ দেহৰ গেলা-পচাবোৰ আতৰাইহে আনৰ দেহত চকু দিয়ক...."আপোন ভালেই জগত ভাল...কথাষাৰ মনত ৰাখিব.."।
              

Post a Comment

Previous Post Next Post