country


স্বদেশ
জুই জলে, জ্বলি উঠে
আকৌ নুমায়
সংগ্ৰামৰ বন্যাত তেজৰ মূল্যেৰে
দেশমাতৃৰ মংগল কামনা ।‌।‌
ক্ৰান্তিকাৰ- তোমাক প্ৰণাম
জাগ্ৰত মানসেৰে তুমিয়েই সিচিলা
বিপ্লৱৰ অগনি ।‌

স্বদেশৰ বুকুত অপিলা প্ৰাণ
তুমি ধন্য;তুমি পূজ্য
এইখন লাচিতৰ দেশ
গদাপাণি, ৰুদ্ৰসিংহ, মনিৰামৰ দেশ
কনকলতাৰ স্বদেশপ্ৰেম
জয়মতীৰ সতীত্বৰ তেজেৰে
লালুকৰ লালসা ৰুধি
এইখন মানৱতাৰ দেশ ।‌।‌


গীতিকাৰৰ গীতেৰে সাহসৰ গীত ৰচোঁ
কবিৰ  কবিতাৰে , সাহিত্যৰ কলমেৰে
আমি বিপ্লৱী, আমি জয়ী
শান্তিৰ ধামত, হিংসা-বিঘিনি নাশি
বলা যাওঁ আগুৱাই ।‌।‌
দিপজ্যোতি নাথ

Post a Comment

Previous Post Next Post