Axomi Aai

 অসমী আই
অসমী আই আমাৰ অতি মৰমৰ।
যুগে যুগে বলি হোৱা তুমি শাসকীয় দলৰ নিৰ্মম প্ৰহাৰৰ।
তোমাৰ অশ্ৰুৰ নাই মুল্য আই।
সিহঁতে নুবুজে তোমাৰ হিয়াৰ আবেগক।
নাই কোনো ক্ষমা তোমালোকৰ পুনৰ অসমীয়াৰ হৃদয়ত।
দুৰ্বল বুলি নাভাবিবা অসমীয়াৰ সংগ্ৰামক।
এই দেশত বৈ যায় লাচিতৰ তেজ।

এই দেশত ৰৈ যায় সহস্ৰ সংগ্ৰামীৰ ইতিহাস।
বৰ্বৰ স্বাৰ্থলোভী,জাতিদ্ৰোহী সকল,
তোমালোক এতিয়া সজাগ হ'বৰ হ'ল।
বিক্ৰী নাযায় অসমীয়া বণিয়াৰ হাতত।
প্ৰতাৰকৰ প্ৰত্যুত্তৰ আছে আমাৰ হাতত।
আইৰ বুকুৰ তেজ শুহি শুহি,
কিমান খেলিবা আৰু চলনাৰ খেল।
জাতিৰ স্বাৰ্থত আমি অসমীয়া জাগ্ৰত আছিলো আৰু থাকিম সদায়।
তেজ দি হ'লেও অসমী আইক বচাম।
জই আই অসম ধ্বনিৰে চৌদিশ কপাম।
 ডলি মেধি, মাজবাট (ওদালগুৰি)

Post a Comment

Previous Post Next Post