বিধৱা (Widow )-বৰ্ণালী ডেকা
বিধৱা
ভাল পাবলৈ মন নাই,
ঠিক আছে নালাগে পাবলৈ।
আমনি কৰিছোঁ,
কৈ দে আমনি নকৰিবি...
আচলতে কি জাননে
তোৰ বগা সাজযোৰ সলাই
ৰঙা শাৰীৰে দেহটো উজ্জ্বলাবলৈ খুজিছোঁ।
মোৰ কি অপৰাধ
ক" চোন।
প্ৰেম কৰাতো নে তোৰ বিধৱাৰ সাজযোৰ সলাই ৰঙা ৰঙেৰে তোক উজ্জ্বলাবলৈ খুজাতো।
সমাজে হাহিঁব,
মা-দেউতাই দুখ পাব।
কিন্তু মনটোক কি কৰোঁ।
ক" চোন

সমাজৰ ভয়ত পলাওঁ নে নিজৰ মনটোক মনতে মাৰি পেলাওঁ।
বিয়া হৈয়ে তোৰ পতি ঢুকাই থাকিল।
তাত তোৰ কি দোষ, সমাজে যে তোক কুলক্ষনী নাম দিয়ে।
আমাৰ ভালপোৱা তোৰ বিয়াতে ১০বছৰ হোৱা।
দুয়ো বিয়াত বহাৰো কথা আছিল
কিন্তু, তোৰ দেউতাৰাই হে তোক চাকৰি থকা জোৱাইয়েকলৈ জোৰ কৰি বিয়া দিলে ।
মইতো আজিও তোৰ কাৰণে ৰৈ আছোঁ,
দুবাহু মেলি, তোৰ ভালপোৱা বুকুত বান্ধি।
সমাজে হাহিঁব, আৰে হাহিঁব দে না
তোৰতো বয়স উকলি যোৱা নাই।
কিমান দিননো হল তহঁতৰ বিবাহ হোৱাৰ..
এমাহ বা দুমাহে..
উৰে জীৱনটো কিদৰে বিধৱা হৈ কটাবি
চাব নোৱাৰো তোক বগা সাজযোৰৰে উকা কপালখন চিৰজীৱন।
আঁকি দিবলৈ দে মোৰ অনামিকা আঙুলিৰে তোৰ শিৰত ৰঙা প্ৰলেপ।
✍ বৰ্ণালী ডেকা



5 Comments

  1. ভাল হৈছে। আগুৱাই যোৱা।

    ReplyDelete
  2. ধুনীয়া লিখনি ।

    ReplyDelete
  3. কবিতাত ভালপোৱাৰ নিস্বাঃৰ্থতাৰ সুন্দৰভাৱে পকাশ হৈছে।ধুনীয়া হৈছে।

    ReplyDelete

Post a Comment

Previous Post Next Post