A Heart Touching Poem
'ব পাৰিমনে আপোনাৰ প্ৰেয়সী?

ভাবিছে নেকি?
আপুনি ধুনীয়া কাৰণে মই আপোনাৰ প্ৰেমত পৰিছো!
ভাবিছে নেকি?
আপোনাৰ বিলাসপূৰ্ণ জীৱনৰ লালসাত আপোনাক বিচাৰিছো!

আপুনি জানো জানে!
মই ভালপাওঁ বাবেইটো আপুনি ধুনীয়া।
আপুনি জানো বুজে!
বিলাসিতা যে মোৰ কাম্য নহয়।
আচলতে আপুনি জানে ন?
তেনে বুজিও নুবুজাৰ ভাও ধৰে কিয়?

কবিতাৰ ভাষা জানো আপুনি বুজিব?
(হয়তো) আপোনাৰ বাবে মোৰ প্ৰতিটো কবিতাই নিৰৰ্থক।
পঢ়িব,সামৰি থৈ দিব!
বুজিবলৈ চেষ্টা কৰিব চোন,
সেই কবিতাৰ শাৰীবোৰক।
আঁকিবলৈ যত্ন কৰিবচোন মোক,
কবিতাৰ শব্দবোৰত।
কিজানিবা বিচাৰি পায়েই নেকি আপোনাৰ প্ৰেয়সীক।

কেতিয়াবা ফঁহিয়াই চাবচোন নিজক,
মোৰ প্ৰতি আপোনাৰ অনুভৱক।
মোৰ প্ৰতি নিক্ষেপ কৰা প্ৰত্যেকপাত দৃষ্টিশৰক।
ধৰা পৰি যোৱাৰ ভয়ত
আঁতৰাই আনিব খুজা চকুযোৰিক।

নালাগে,বিবাহপাশত আবদ্ধ হৈ
আমাৰ প্ৰেমক মই সাংসাৰিক কৰিব নিবিচাৰো।
মাত্ৰ,মোক সুযোগ দিয়কচোন
আপোনাৰ প্ৰেয়সী হোৱাৰ।
কাৰণ,মই একেটি শয়নকক্ষত
আপোনাক বিচৰা নাই।
বিচাৰিছো মাথো দুটি শৰীৰত
এটি প্ৰাণ হৈ জীয়াই থাকিবলৈ।
যাতে পত্নী হিচাপে নহয়,
প্ৰেয়সী হিচাপে প্ৰত্যেকটো জনম,
কেৱল আপোনাক ভাল পাব পাৰোঁ।
          ✍জয়ামণি শইকীয়া

Post a Comment

Previous Post Next Post