হেৰুৱাৰ বেদনা,জিন্টু দাস
হেৰুৱাৰ বেদনা...
        জীৱন জিন্দাবাদ বুলি কৈ কৈ ভাগৰি পৰিছে আজি সি....নাম তাৰ ৰিদিপ....। কৃষ্ণ নগৰৰ ৪ বছৰীয়া শিশুটিৰ পৰা ৯০ বৱছৰীয়া বৃদ্ধলৈকে সকলোৱে চিনি পাই তাক....কিয়নো সি সৰু থাকোতে প্ৰায় ১০ বছৰ বয়সৰ পৰা কৃষ্ণনগৰটো বাদেই তাৰ কাষৰীয়া প্ৰতিখন গাওঁতে সি বাতৰি কাগজ বিলাইছিল....আজি কিন্তু সি এজন দোষী...হত্যাকাৰী তথা সকলোৱে জনা ৰিদিপ্ নহয় আজি সকলোৰে বাবে সি এজন ধকেবাজ,গুণ্ডা ,কুলাংগাৰ তথা হত্যাকাৰী....
      "সি নাছিল তেনেকুৱা মই জানো....মই তাক বহুত ভালকৈ জানো যে সি তেনে নহয়....."বহুবাৰ এনেকৈ ভাৱি সান্তনা লও....কিন্তু সত্য এইটোৱে যে সি এজন হত্যকাৰী....কিন্তু হৃদয়ৰ কোনোবা কোনত তাৰ প্ৰতি মোৰ বিশ্বাস আছিল যে সি তেনে নহয়.....!!!
      জ্যোতিস্মিতা আছিল তাইৰ নাম...যাৰ লগত তাৰ আছিল এক মধুৰ সম্পৰ্ক...ভাই-ভনীৰ সম্পৰ্ক...সকলো কথা খুলি কোৱা,প্ৰতিটো বিপদত  ইজনে সিজনক সহায় কৰা.....সময়ত ইজনে-সিজনৰ মা-দেউতা,বন্ধু-বান্ধবী,ভাই-ভনী,ভগবান হৈ বিপদত ঠিয় হোৱা...কিন্তু আজি আৰু নাই.....
      "নাই....কি নাই, সিহতৰ ইমান ভাল সম্পৰ্ক কেনেকৈ শেষ হল....জানো কিয় শেষ হল,তথাপি বুজাব নোৱাৰো মনটোক....কি হল মানে এইবোৰ....ভাবি পোৱা নাই....মই...তথাপি হৃদয়ৰ কোনোবা ঠাইত আজি পৰ্যন্ত পুহি ৰাখিছো সেই বিশ্বাস ....যে সিহত ভূল নহয়....ভূল নহয় সিহতৰ বন্ধুত্ব,ভূল নহয় সিহতৰ সম্পৰ্ক......
      সম্পৰ্ক কি ....কোনটো কি সম্পৰ্ক....সেইবোৰ চাবলৈ নাই আজিৰ সমাজখনৰ....এচামে যদি বদনাম গাব আকৌ এচামে হাহিব....এচামে ঠাট্তা কৰিব ....আৰু এচাম স্বাৰ্থপৰে সেইবোৰ চাই পৰিতৃপ্তি লব কেৱল নিজৰ সন্তুষ্টিৰ কাৰনে....এয়াই আজিৰ সমাজ ,এয়াই আজিৰ মানৱতা.....ভূল শুদ্ধ বিছাৰ নকৰাকৈ জাপি দিয়া সেই অপবাদটো .....!!!
      "মই জানো সেইটো সময়ত মই হলেও সেইটোৱে কৰিলো হয়........" ইমান ডাঙৰ মিছা অপবাদ সহিব মই নিজেও নোৱাৰিলো হৈ....ৰিদিপে্ কেনেকৈ পাৰিব...দূৰ্ভাগ্য, তাক তেতিয়া বুজাবলৈ মইও নাছিলো ....কোনো নাছিল তাক সঠিক পথ দেখুৱাবলৈ.....কম পৰিত্যাগ কৰিছিলনে সি এই সমাজখনৰ বাবে,আমাৰ মানুহখিনিৰ কাৰনে,কিন্তু আজি সেই মানুহখিনিৰ কাৰনে সি... ডিঙিত ৰছি লগাব লগা হল....কি হৈছিল আছলতে....শুনিব নেকি....???শুনক তেতিয়াহলে...!!!-----

         কৃষ্ণনগৰ গাওঁৰ হৰিকান্তৰ লৰা ৰিদিপ এজন গুনি-জ্ঞানী লৰা বুলি প্ৰায় সকলোৱে চিনি পায়...গাওঁৰ গাওঁবুঢ়াৰ চাকৰি কৰি কৰি ভাগৰি পৰা হৰিকান্তই পুত্ৰক উচিত জ্ঞানেৰে ডাঙৰ দীঘল কৰিলে......আজি তাৰ ২২ বছৰ.....মাক-দেউতাকৰ আলাসৰ লাডু ৰিদিপে ১০ বছৰ বয়সৰ পৰা  সৌ সিদিনালৈকে বাতৰি কাকত বিলাইছিল...সেইবাবে তাক নিছিনা মানুহ কোনো নাই....আমি একেলগে পঢ়িছিলো....গাওঁবুঢ়াৰ লৰা হিচাপে গাওঁখনৰ প্ৰতিটো বিপদতেই সি সহায় কৰিছিল গাওঁখনৰ মানুহখিনিক.....সেইকাৰনে সকলোৱে ভাল পাইছিল তাক....আমি জ্যোতিস্মীতা ,মই,ৰিদিপ্,কৃষ্ণ,ৰাতুল, মনোজ গোটেইকেইজনে সদায় ক্লাছ শেষ হোৱাৰ পিছত নগেন খুৰাৰ হোটেলত চাহ খাও....আৰু এঘন্টা মান সময় আদ্দা মাৰো....
         দিন যিমানেই গৈ আছে আমাৰ সম্পৰ্কবোৰ বেছি গভীৰ হৈ গৈ আছিল...কিন্তু হঠাৎ আমাৰ সম্পৰ্কৰ মাজত কোনোবাই এটা ডাঙৰ দাগ লগালে ....যিটো আমি আজি কিয় আজীৱন মচিব নোৱাৰো....আমাৰ দৰে   ভাল বন্ধু-বান্ধবীৰ মাজৰ সম্পৰ্কক কোনোবাই নাম দিলে প্ৰেমৰ.......????!!!!
         আমাৰ মাজত থকা এই সম্পৰ্কটোৰ কথা গাওঁৰ সকলোৱে জানে...কিন্তু এই সভ্য সমাজখনৰেই কিছুমান অশিক্ষিত মানুহৰ বাহিৰে শিক্ষিত কিছুমানেই আমাক যোৰালে প্ৰেমৰ নিচিনা এটা মধূৰ সম্পৰ্কৰ লগত.....ভাই-ভনীৰ নিচিনা সম্পৰ্ক এটাত এনে এটা নাম দিয়াৰ পিছত ৰিদিপ্ আৰু এইখন গাওঁত থাকিব নোৱাৰিলে...লাজ পালে সি বহুত আৰু সকলোৰে পৰা আতৰি গুৱাহাটীৰ দৰে এখন মহানগৰত গুছি গল...এইফালে জ্যোতিস্মীতাই ও ঘৰৰ বাহিৰ নোলোৱা হল...মই যায় আছিলো কলেজত কিন্তু ৰাস্তাত দেখা পালেই কোনোবাই নহয় কোনোবাই ঠাট্তা কৰিছিলেই কৰিছিল...সহ্য কৰিছিলো মই কাৰন বন্ধু-বান্ধবীৰ দৰে সম্পৰ্ক এটাক বেয়া বদনাম দিয়া সেই জাতিক উচিত শিক্ষা দিয়াৰ শপত লৈছিলো মই....সহি গৈছিলো সকলো ,ভূগি গৈছিলো সকলো যাতনা....
        মোৰ দৰে আত্মবিশ্বাস আছিল সিহতৰো...কিন্তু ছোৱালী মানুহ হোৱাৰ বাবে মাক বাপেকে জ্যোতিস্মীতাক সদায় গালি শপনি দিছিল...যে ছোৱালী হৈ লৰাৰ লগত তাই বন্ধুত্ব কৰিব নালাগিছিল....যাৰ বাবে তাইৰ আজি এনে এটা বদনাম হল ..হয়টো তাইৰ আৰু জীৱনত কেতিয়াও বিয়া ও নহয়...কিয়নো এতিয়ালৈকে দুজন লৰাই তাইক অপচন্দ কৰিলে.....
        কিমান নো সহ্য কৰিব তাই...একো সহিব নোৱাৰি নিজক বুজাবলৈ অসমৰ্থ হৈ তাই আৰু নিজকে বচাই ৰাখিব নোৱাৰিলে...আনৰ সুখৰ বাবে নিজৰ সুখক বিসৰ্জন দি তাই আত্মহত্যা কৰিলে.....
 আৰু সকলোৰে পৰা আতৰি গুছি গল....
     
       কথাটো সকলোফালে বিয়পি পৰিল...মই খুব কান্দিছিলো...ধিক্কাৰ জন্মিছিল এইখন সমাজৰ প্ৰতি ,আৰু চকুপানী মুচি ৰিদিপ্ লৈ ফোন কৰিছিলো আৰু তাক দিছিলো এই দুখৰ খবৰটো....মোৰ কাৰনে তেনেকুৱা হল বুলি কৈ সি  আকৌ এটা কথা কলে যে ভাই মোক ক্ষমা কৰিবি....অন্যায়ৰ বিৰুদ্ধে যুজঁ দিবলৈ মোৰ ক্ষমতা ও দক্ষতা দুয়োটাই নাই....তই দিব লাগিব আমাক ন্যায়....সুখী  হম সিদিনা যিদিনা এইখন সমাজে আমাক "হেৰুৱাৰ বেদনা" সহিবলৈ বাধ্য হয়....আৰু এইখিনি কৈয়েই সি ফোনটো কাটি দিলে....মোৰ বহুত ভয় লাগিছিল সি একো নকৰেটো....!!!?
       যিটো ভাৱিছিলো সেইটোৱে হল....ৰিদিপ্ আৰু এইখন পৃথিৱীত নাই....ডিঙিত ৰছী লগাই সিদিনাই সিও মৰি থাকিল.....বলিয়াৰ দৰে হৈ পৰিছিলো মই কি কৰো,কি নকৰো ....তেনেকুৱা লাগিছিল মোৰ.....শেষত একোকে উপায় নাপাই ৰাস্তাত বাগৰি বাগৰি কান্দিব ললো মই.....সমাজৰ সকলোখিনি মানুহেই গোট খালে তাত.....
       চিঞৰি চিঞৰি কান্দি কান্দি কৈছিলো এইখন সমাজৰ সেইসকল সভ্য লোকক যাৰ বাবে আজি ৰিদিপ্ আৰু জ্যোতিস্মীতাৰ দৰে শিক্ষিত দুজন ভাল বন্ধু বান্ধবীয়ে আত্মজাহ দিবলৈ বাধ্য হল....."দোষ কি আছিল আমাৰ হা,ৰাস্তাৰ দাতিত পৰি থকা ভীক্ষাৰী জনক দুই-এপইছা দি সহায় কৰা,বানত কক্ বকাই থকা মানুহখিনি অলপ সহায় কৰা,দুখীয়া লৰাজনক পঢ়িবলৈ সুযোগকন কৰি দিয়া,পত্নীৰ বেমাৰত তেজৰ কাৰনে কান্দি থকা দুৰ্ভগীয়া মানুহজনক তেজ যোগাৰ কৰি দিয়া,সেই হলধৰক যে কিদনি পৰ্যন্ত দি ৰিদিপে সহায় কৰিছিল পাহৰি গল  নেকি আপোনালোকে..??  কলেজত কিবা খাম বুলি  ১০ -২০ টকা যি পইছা নিছিল সেইখিনিৰে একো নাখায় পইছাখিনি  জমা কৰি জ্যোতিস্মীতাই যে ৰপহী আইতাৰ চকু অপাৰেশ্বন কৰি দিছিল....পাহৰি গল নেকি আপোনালোকে.....নিজৰ পঢ়ি উঠি জিৰণি লোৱাৰ সময়খিনি জিৰনি লোৱাৰ পৰিৱৰ্তে আপোনালোকৰ সন্তানক কিছু জ্ঞান দিয়াৰ স্বাৰ্থত যে সদায় গধূলী গধূলী এপাক গৈছিলো....সিহতে নোৱাৰা খিনি শিকাই দিছিলো যে....নিজে পঢ়া এবছৰ ক্ষতি কৰি হৰেন খুৰাৰ লৰা ৰঞ্জনক যে মোৰ ফ্ৰম ফিলাপৰ টকা কেইটাৰে তাৰ ফ্ৰম ফিলাপ কৰি দিছিলো ....পাহৰি গল নেকি আপোনালোকে..???!! আমি সদায়  একেলগে আছিলো সচা,নগেন খুৰাৰ দোকানত চাহ খোৱাৰ চলেৰে ১ - ২ ঘন্টা আদ্দা মাৰিছিলো সচা কিন্তু তাৰ কাৰন এইটো নাছিল যে আমাৰ মাজত বেলেহ কিবা সম্পৰ্ক আছিল....ৰিদিপ্ আৰু জ্যোতিস্মীতাই প্ৰেমৰ সম্পৰ্কৰ বাবে ইমান সময় একেলগে আছিল.....???!
 নহয়....ভূল আপোনালোক.....আমি সেইখিনি সময়ত কাৰ কি অসুবিধা হৈছিল খবৰ  কৰিছিলো...কাক  কেনেদৰে সহায় কৰিব পাৰি তাৰ চিন্তা কৰিছিলো... কিন্তু আপোনালোকে .....আপোনালোকে আমাক সজালে বদনামী.....??
      বুজি পালে সকলোৱে.....সকলোৱে ক্ষমা খুজিলে মোক.....জ্যোতিস্মীতাৰ পিতৃ আৰু গাওঁৰ সকলোৱে ৰিদিপ্ যে জ্যোতিস্মীতাৰ হত্যাকাৰী নহয় সেইটোও বুজি পালে....ভাৱিছিলো মই যে সিহতৰ  আত্মাই শান্তি পাইছে.....কিন্তু সিহত মৰি গল ও.....গতিকে মই কেনেকৈ থাকো সিহতক এৰি....বদনামীটো মইও হৈছো ন....সমাজে বুজি পালে সচা....কিন্তু বুজাত বহু পলম হল ও....ইতিমধ্যে দুটা হিৰা মোৰ ওচৰৰ পৰা গুছি গল....গতিকে মই থাকি কি লাভ.....ৰিদিপ্ ৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে মই কি কৰো ,কি নকৰো একো ভাৱি নাপায় বিষ খাইছিলো......
      হয়টো মই আৰু কেইমিনিট মানৰহে আলহি এইখন পৃথিবীৰ.....মানুহখিনিলৈ চাই কৈছিলো----- বন্ধুত্ব এনে এটা সম্পৰ্ক যিটো মা-দেউতাৰ নিজ সন্তানৰ লগত থকা সম্পৰ্কৰ লগত  ৰিজালেও কম হব,পতি-পত্নীৰ সম্পৰ্কতকৈও বহুত বেছি ডাঙৰ বন্ধুত্বৰ সম্পৰ্ক.....আৰু আপোনালোকে তেনে এটা সম্পৰ্কক তেনেকুৱা এটা নাম দি অপবিত্ৰ কৰিলে.....ভূল কৰিলে....আপোনালোকে....ভূল কৰিলে...
      ক্ষমা খুজিলে মোৰ ওচৰত সকলোৱে...আটাইয়ে বহুত দুখ পালে.....মোৰ মা - দেউতাই যে বহুত কান্দিলেও ,ৰিদিপ্ ৰ দেউতাকেও কান্দিলে....আৰু মোৰ নিৰ্দেশত সকলোৱে ৰিদিপ্ আৰু জ্যোতিস্মীতাৰ আত্মাৰ চিৰশান্তিৰ কাৰনে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিলে......আৰু মোৰ মুখেৰেও তেজ ওলাব ধৰিলে...মা-দেউতাই নেদেখাকৈ মচি পেলাই আকৌ কলো সিহতক আপোনালোক সুখেৰে থাকক,আজিৰ পৰা তেনেকুৱা নকৰিব....নহলে আমাৰ দৰে তিনিজন সন্তান আকৌ হেৰুৱাব লাগিব.....মই নিবিছাৰো তেনেকুৱা এটা পৰিৱেশৰ আকৌ এবাৰ পুনৰাবৃত্তি হওক.....মই আৰু বেছি সময় নাথাকিম চাগে....
       কিন্তু মোৰ মাই মোৰ কথাখিনি শুনি জোৰেৰে কান্দি উঠিলে,আৰু এম্বুলেঞ্চ মাতি মোক ডাক্তৰৰ ওচৰলৈ লৈ গল....
       সুস্থ হৈ উঠিলো মই....আজি  সিহতৰ শ্ৰাদ্ধ.....খুব কান্দিছিলো মই....কিন্তু সিহতৰ মাজৰ পৰা,সিহতৰ সপোনৰ বন্ধুত্বৰ এনাজৰী ডাল যোৰা লগাই থাকিবলৈ আমি মনোজ,মই,ৰাতুল ,কৃষ্ণই আকৌ এটা গেং খুলিলো...সদায় একেলগে থকাৰ প্ৰতিশ্ৰুতি লৈ সিহতৰ আত্মাৰ চিৰশান্তিৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰি আমি আগবাঢ়িলো আমাৰ সপোনৰ দেশলৈ......।
জিন্টু দাস




2 Comments

Post a Comment

Previous Post Next Post