শিক্ষিত কোন-জিতুমনি শৰণীয়া
শিক্ষিত কোন

       নীলিম আচমানৰ পূৱ দিশে ৰাতুল সূৰুজটি উদয় হৈ ধিৰে ধিৰে পশ্চিমলৈ গমন কৰিছে আৰু ধৰণীত ধবল কিৰণ পৰিছে। সেই কিৰণৰ ফলত জিলিকি উঠা দুবুৰি বনৰ নিয়ৰৰ টোপালবোৰত চৰাই-চিৰিকটিৰ মাতৰ মধুৰ সুৰৰ তালে তালে এখোজ এখোজ কৈ খোজ কাঢ়ি সাবিত্ৰিয়ে ঘৰ আহি পালে।
ৰাতিপুৱা প্ৰায় ০৮-৩০ বাজিছে। নয়নে স্নাতকোত্তৰ উত্তীৰ্ণ হৈ চাৰিচকীয়া বাহন খনত বহি চৰকাৰী কৰ্মলৈ যাবলৈ ওলাল। এনেতে সাবিত্ৰিয়ে মাত লগালে---"সৰু বোপা! মোৰ কিবা হৈছে, মূৰটো বৰকৈ বিষায় থাকে ও। টকা ওলপ দিয়া। ওচৰৰে চিকিৎসক জনৰ পৰা ওলপ চিকিৎসা লওঁ।" নয়নে ক'লে---"মই দিৱ নোৱাৰিম। গাড়ীখনৰ ঋণ দিৱ আছে।"

কিছু সময় পিছত দেউতাকৰ মৃত্যুৰ পিছত মাক আৰু নয়নৰ বাবে কোনো দিনে বিদ্যালয়ত খোজ দিৱলৈ নোপোৱা  ৰিদিপক সাবিত্ৰিয়ে মাত লগালে---"ডাঙৰ বোপা! মোৰ কিবা হৈছে, মূৰটো বৰকৈ বিষায় থাকে ও। টকা ওলপ দিয়া। ওচৰৰে চিকিৎসক জনৰ পৰা ওলপ চিকিৎসা লওঁ।" ৰিদিপে ক'লে---"ৰবা মা! ওচৰৰ চিকিৎসালয়ত চিকিৎসা ল'ৱ নালাগে। যোৱাকালি দিন হাজিৰা কৰি পোৱা টকা ওলপ  আছে। ঠেলাখনতে তুলি লৈ  চহৰৰ চিকিৎসালয়লৈ লৈ যাওঁ।"
            
জিতুমনি শৰণীয়া
             

3 Comments

  1. বৰ্তমান সমাজৰ নিত্ত নৈমিত্তিক ঘটনা,এনে কিছুমান চৰিত্ৰৰ বাবেই আজি কিছু শিক্ষিত ব্যক্তিৰ শিৰত বদমানৰ বোজা জাপ খাই পৰিছে।

    ReplyDelete
  2. ধুনীয়া লিখনি

    ReplyDelete

Post a Comment

Previous Post Next Post