Cigarette and Call Girl by Guru Jon
ছিগাৰেট আৰু বেশ্যা

৭ টকা আৰু ৭০০০ টকা
পিছত স্থান হয় দাস্তবিন
ধোৱা উলিয়াই ছিগাৰেটক কবৰ দিয়া হয়
দৈহিক সম্পৰ্কৰ পিছত বেশ্যা ক দলিয়াই দিয়া হয়
মানৱতাৰ কৱৰ স্থানত

দুটি আঙুলিৰ মাজত ছিগাৰেট সুমুৱাই
যেতিয়া ওঠেৰে চুম্বন যচা হয় ছিগাৰেটত
তেতিয়া সৃষ্টি হয় শিল্প
শিল্প সৃষ্টিৰ পিছত অৱশ হয় দেহা
আৰু অৱসাদ আতৰবাৰ বাবে আশ্ৰয় লোৱা হয় বেশ্যাৰ

বেশ্যা হয় ভোগৰ সামগ্ৰী
ছিগাৰেট হয় শিল্পীৰ সত্বা

বিচিত্ৰ নহয় নে মানুহ ?
তেনেকৈ সমাজো বিচিত্ৰ
বিচিত্ৰ মানুহেৰে ভৰি আছে সমাজ
সেই মানুহেই সমাজ চলাই

আছলতে কি জানে ?
মূল্যহীন সকলো
লোভ কিম্বা কামনা
সকলো একাকাৰ
লোভত থাকে পতন
কামনাত থাকে অসন্মান

৭ টকা আৰু ৭ হাজাৰ টকা একেই
কাৰোবাৰ ছিগাৰেট জীৱন
কাৰোবাৰ বেশ্যাও জীৱন শৈলী

কোনোবাই ছিগাৰেট বেছি
পেটৰ ভাত মোকলাইছে
আকৌ কোনোবাই দেহ বেছি

উচ্ছকাংক্ষাৰ বাবে সৃষ্টি বেশ্যা
আৰু মানৱতাৰ পথাৰত যুজ দিবলৈ সৃষ্টি ছিগাৰেট

ছিগাৰেটত থাকে কাৰোবাৰ সপোন
কোনোবাই আকৌ বেশ্যাৰ মাজত বিচাৰে সপোন
মাথো এক অজুহাত
সপোন দেখাৰ মাথো

ত ধপাত সুৰা বন্ধ কৰাৰ বাবে আইন প্ৰনয়ন হয়
তাতে আকৌ কৰৰ বাবে বেছিব দিয়া হয় বৰবিষ
আইন বনোৱা জনো মানুহ
বন্ধ কৰিব বিছৰা জনো মানুহ
পাৰ্থক্য তাত আছে
সেই সময়ত তেও জনতাৰ নেতা
এই সময়ত তেও সমাজৰ নেতা ৷

                                                          

Post a Comment

Previous Post Next Post