অসমীয়া ৰীতি নীতি এক পৰম্পৰাগত ঐতিহাসিক বান্ধোন- কবিতা নাথ কাকতি

অসমীয়া ৰীতি নীতি এক পৰম্পৰাগত ঐতিহাসিক বান্ধোন

কবিতা নাথ কাকতি

এটা সাধাৰণ উদাহৰণৰ মাজেৰে দাঙি ধৰিব বিছাৰিছো যে, আমাৰ অসমীয়া সমাজৰ ৰীতি নীতি, পৰম্পৰা সমূহ কিছু পৰিমাণে ফালৰি বিলুপ্তি হোৱাৰ দিশে
ক্ৰমানয়ে গতি কৰা যেন অনুভৱ হৈছে, তাৰে ভিতৰত মাত্ৰ দুটা পৰম্পৰা বা উৎসৱৰ বিষয়ে সংক্ষেপে বিশ্লেষণ কৰিব বিছাৰিছো।
ৰালিৰ সেই দিন বোৰলৈ উভতি যদি চোৱা যাই কি যে মধুৰ অনুভূতি আছিল যাক ভাষাৰে বুজোৱা কঠিন হৈ পৰে। বিশেষ কৈ লক্ষ্মী পূজা, কাতি বিহুৰ, সেই লৰালিত সমনীয়াৰ লগত লৰা ছোৱালী উভয়ে বিনা নিমন্ত্ৰণে সন্ধিয়া হোৱাৰ লগে লগে গাওঁৰ এফালৰ পৰা প্ৰত্যেক মানুহৰ ঘৰে ঘৰে গৈ হাতত মোনা বা প্লাষ্টিক লৈ প্ৰখাদ খোৱাৰ সেই মাদকতা খিনি কি যে আনন্দ দায়ক আছিল।  আৰু গৃহস্থ বোৰে সুন্দৰ ভাৱে মৰমৰ মাজেৰে প্ৰসাদ বিতৰণ কৰি দিছিল, ফুৰ্তিতে হাই হাল্লা কৰি জয় ধ্বনিৰ প্রতিধনি ৰজন জনাই গৃহস্থক আশীৰ্বাদ দিয়া এক পৰমপৰাগত নিয়ম আছিল, সকলোৱে জানে যে লক্ষ্মী পূজা, আৰু কাতি বিহু বুলিলে, তেনে ধাৰা অব্যাহত আছিল।
কিন্তু বৰ্তমান সময়ত আমাৰ সমাজৰ নতুন প্ৰজন্ম সকলৰ ক্ষেত্ৰত এনেবোৰ দিশৰ প্ৰতি আগ্ৰহ বা ইচ্ছা শক্তি খুবেই কম দেখিবলৈ পাইছোঁ। এনেধৰণৰ পৰিস্থিতি খুবেই দুখ দায়ক আৰু এক চিন্তনীয় বিষয়, কিয়নো আমাৰ সমাজত গৃহস্থ সকলে সেই লক্ষ্মী পূজা, কাতি বিহুত যেনে ধৰণে লক্ষ্মী দেৱীক উদ্দেশ্যি পূজা বা কাতি বিহুত তুলসী তলত চাকি গছা দি লৰা, ছোৱালী বোৰ অহাৰ উদ্দেশ্যি পেক্ষা কৰি থকা যাই কিন্তু নিশা হোৱালৈকে যেনে ধৰণৰ আগ্ৰহ বৰ্তমান সময়ৰ নৱ প্ৰজন্ম সকলৰ থাকিব লাগিছিল কিন্তু তাৰ তুলনাত নিচেই কম, হয়তো কেতিয়াবা  মাতি আনিবলৈ কে নোৱাৰি। এনে ধৰণৰ পৰিস্থিতি মূলতে হয়তো আধুনিকতা বা ডিজিটেলপ্ৰ যুক্তিৰ ফল হব পাৰে, কিন্তু আধুনিকীকৰণৰ অৰ্থ এইয়া নহয় যে আমাৰ অসমীয়াৰ মৰমৰ, স্নেহৰ পৰম্পৰা বোৰ পাহৰি এলাগী কৰা। আধুনিকৰণ ফলত আমি আগ্ৰহেৰে আমাৰ পৰম পৰা বোৰ বেছি উচ্চ লৈ গতি কৰিব লাগিছিল। কিন্তু আমি বিপথে নি থকা যেন অনুভৱ হৈছে, যি খিনি সময়ত আমি ঘৰে ঘৰে গৈ প্ৰসাদ বা গাজি খাবলৈ গৈ আমেজ খিনি লোৱাৰ লগতে গৃহস্থ বোৰে আগ্ৰহেৰে পেক্ষা কৰি থাকে সিহঁতক আশীৰ্বাদ দিয়াৰ বিপৰীতে বৰ্তমান যুৱ প্ৰজন্ম সকলে মোবাইল,বা তেনে ধৰণৰ যন্ত্ৰৰ লগত সময় বিলাক অপব্যাহাৰ কৰা যেন মোৰ অনুভৱ হৈছে। এনেধৰণৰ মানসিকতা আমি পৰিত্যাগ কৰিবৰ হন’হলে আমাৰ অসমীয়া বুলি পৰম্পৰা বিলাক নোহোৱা হোৱাৰ দিশে গতি কৰা যেন অনুভৱ হৈছে। এই ক্ষেত্ৰত নৱ-প্ৰজন্ম সকলে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ সময় আহি পৰিছে, নহলে সকলো অসমীয়াৰ অনুষ্ঠান,পৰম্পৰা বোৰ ইলেকট্ৰনিক যন্ত্ৰ হোৱাৰ দিশে গতি কৰিছে। অভিভাৱক সকলৰ দায়িত্ব, কৰ্তব্য বুলি ধৰি লৈ অসমীয়া অনুষ্ঠান,পৰম্পৰাৰ বিষয়ে বহল ভিত্তিত বৰ্ণনা কৰি বুজাই দিয়া উচিত। শিশু সকলক উচ্চ শিক্ষাৰে সমাজত ভাল মানুহ ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ হলে আমাৰ সমাজৰ পৰম্পৰা বোৰৰ বিষয়ে সম্পূৰ্ণ ভাৱে আয়ত্ব কৰিব লাগিব,সেয়ে সৰুৰ পৰা সেই নীতি শিক্ষা দিয়া নিত্যন্তই প্ৰয়োজন।
সদৌ শেষত আমাৰ অসমীয়াৰ মান বচাই ৰাখিবলৈ হলে আমাৰ নৱ প্ৰজন্ম সকলে এনেবোৰ দিশৰ প্ৰতি বিশেষ ভূমিকা লৈ অসমীয়া জাতি টোক বিশ্ব দুৱাৰত প্ৰতিষ্ঠিত কৰি অসমীয়াৰ ৰীতি নীতি, পৰম্পৰা সমূহ দাঙি ধৰিব লাগিব তেতিয়া হে আধুনিকীকৰণ স্বত-স্ফুত হৈ প্ৰকাশিত হ'ব।

Post a Comment

Previous Post Next Post