কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙ্গীন হ'ব খোজো মই-ৰূপাঞ্জলী নেওঁগ
কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙ্গীন হ'ব খোজো মই
ৰূপাঞ্জলী নেওঁগ,যোৰহাট(বাপুজী নগৰ)

"মাম্মাম, আজি যাম ন পূজালৈ, পিংকুক কালি দেউতাকে ডাঙৰ বেলুন এটা আনি দিছে, তুমিও দিবা ন মোক!"
পংখীক ৰাতিপুৱাৰ পৰা মায়াঙ্কে কুটুৰি আছে পূজালৈ লৈ যাব লাগে৷ সমনীয়া প্ৰীত, ৰাগহঁতে প্ৰতিদিনে পূজালৈ ওলাই গৈ দেউতাকহঁতে কিনি দিয়া বেলুন, পিষ্টলবোৰ দেখুৱাই এতিয়া মায়াঙ্কৰো ক'তো মন নবহা হ'ল৷ হয়ো, ৰঙা-নীলা পখিলাৰে পৃথিৱীখন চিনিবলৈ খোজোতেই নিয়তিয়ে তাৰ চৌপাশৰ ৰঙীন পৃথিৱীখন কাঢ়ি লৈ গ'ল৷
 হেচুকি আছিল বহু পৰ দেউতাকৰ নিথৰ দেহটোত, মাকৰ ওচৰত বহুত আব্দাৰ কৰি আছিল, "মাম্মাম, চোৱা না, দেতিয়ে বনৰ ওপৰত শুই আছে, পৰুৱাই কামোৰিব এতিয়া"৷ প্ৰায় কান্দি-কাটি আধা পাগলীৰ দৰে হোৱা পংখীক কণমানী মায়াঙ্কৰ আলসুৱা মুখখনিৰ অবুজ ভাষাৰ শব্দ কেইটাই ব্যাকুল কৰি তুলিছিল৷ কেই ক্ষণনো হৈছিল য'ত মায়াঙ্কে দেউতাকক কৈছিল, "দেতি, মোক পিষ্টল নালাগে, পিষ্টলে বহুতৰ দেতিবোৰক লৈ গৈছে বোলে, মোক এজনী ধুনীয়া পৰী আনি দিবা; যাৰ লগত তুমি অফিচত থকাৰ সময়চোৱাত মোক লগা বস্তুবোৰ পৰীৰ আগত কৈ পঠাম আৰু পৰীয়ে দৌৰি গৈ তোমাক ক'বগৈ ৷ হ'ব দেতি…?" অবুজ শিশু চাৰি বছৰীয়া মায়াঙ্কে কিবা বুজাৰ আগতেই যেন বহুত চিনিছিল এই বিশাল পৃথিৱীখনক ৷
সেইদিনাৰ পুৱাও বৰ কুটুৰি আছিল দেউতাকক ৷ কিন্তু সেইদিনাৰ আব্দাৰবোৰ আনদিনাৰ দৰে নাছিল, তাৰ পৰিৱৰ্তে আছিল সেইদিনা মায়াঙ্কে তাৰ দেউতাকক কিছু ক্ষণ বৰ নিলগৰ পৰা পাব বিছাৰিছিল ৷ কিবা অজান আশংকাই যেন তাৰ কণমানী হিয়াখনক আগতীয়াকৈ জাননী দিছিল৷
"দেতি, আজি নালাগে চোন যাবলৈ অফিচলৈ ; আজি তুমি, মই আৰু মাম্মাম যাম নমোৰ ওচৰলৈ৷ নমোৰ ওচৰত গৈ ক'লে নমোয়ে সোনকালে শুনে কথা"৷
"নো বেটা, আজি বহুত ইম্পৰটেন্ট কাম আছে, কাম শেষ কৰিয়েই আমি তিনিও যাম হা তোমাৰ নমোৰ ওচৰলৈ, মোৰো নমোক ঢেৰ কথা ক'বলৈ আছে"৷
একোলা লৈ গালে-মুখে চুমাৰে উপচাই মৃণাল প্ৰায় দৌৰি যোৱাদি মায়াঙ্কৰ কাষৰ পৰা আঁতৰি গ'ল৷
"মৃণাল, টিফিন লৈ যোৱা৷ কেন্টিনৰ খানা খাই খাই তোমাৰ পেট বেয়া হৈছে"--- চিয়ৰি চিয়ৰি বাক্যবাণ প্ৰকাশ কৰিছিল যদিও হাতৰ মণিবন্ধনতে বন্দী হৈ ৰ'ল টিফিনৰ ৰচীডাল৷ পিছফালৰ পৰা মাত নিদিও বুলি ভাবি জোৰ-জবৰদস্তি কৰি কন্ঠ ৰুদ্ধ কৰিলে পংখীয়ে৷ কিবা অজানা বিষ এটাই বুকুত খোচ মাৰি ধৰিলেহি পংখীৰ৷
ফিল্ড ৰিপৰ্টৰ ডাটাখিনি এনালাইছিছ কৰি স্কেন কৰি থ'লে মৃণালে৷ হওঁক দেই,  অন্তত ডাঙৰ লেনদেন এটাৰ পৰা মুকলি হ'ল মৃণাল৷ পূজা বুলি অফিচৰ আটাইয়ে আগতীয়াকৈ চুটী ল'লে৷ কিন্তু নাই, মৃণালৰ মতে কামৰ সময়ত কাম৷ সেয়ে অতি সোনকালে সকলোৰে প্ৰিয়ভাজন হৈ পৰিছিল৷ কিন্তু তাৰ লগতে পৰশ্ৰীকাতৰতাইয়ো মৃণালক লগ এৰা নাছিল৷ চকুচৰহা কিছু লোকৰ ভৰ সহিব পৰা নাছিল মৃণালে৷ এচিচটেন্ট মেনেজাৰ শংকৰ শৰ্মাৰ পি.এ. মনোজে খোদ আহি মৃণালৰ ডেক্সটপটত কিছুমান ইলিগেল ৱৰ্কৰ ডাটাছিট এডড্ কৰি ফৰৱাৰ্ড কৰি দিলে মেনেজাৰ শৰ্মাৰ ফাইললৈ৷ লগালগ হোৱাদোৱা লাগিল ষ্টাফৰ মাজত৷ দৰমহাৰ এলাৱেঞ্চৰ বিনা কাৰণত কাটনে দুৰ্গা পূজাৰ বেলিকা আহি দুৱাৰমুখ পোৱাৰ সময়ত সকলোৰে পৰিয়ালৰ মাজত হাহাকাৰ লাগিল৷ মেনেজাৰৰ বিনা অনুমতিত লৈ কৰা সিদ্ধান্তৰ পাৰিশ্ৰামিক হিচাপে মৃণাললৈ আহিল দুমাহৰ সম্পূৰ্ণ নিলম্বনৰ পেপাৰ৷ মৃণাল সম্পূৰ্ণ কিংকৰ্তব্য বিমূঢ় হৈ পৰিল৷ সমগ্ৰ ঘটনাৰাজীৰ সি কণমানো জ্ঞাত নহয়, তেনেহ'লে এইবোৰ সম্ভৱ হ'ল কেনেকৈ?? মৃণালৰ মূৰটো কিহবাই আচন্দ্ৰাই যোৱাৰ নিচিনা লাগিলে৷ এতিয়া পংখীক গৈ কি উত্তৰ দিব??!পংখীয়ে দি পঠিওৱা লিষ্টখন এতিয়াও তাৰ পকেটতে আছে৷ ক্ষণিকতে যেন মৃণালৰ মূৰত সৰগখন ভাগি পৰিলে৷

কিন্তু কথাতে কয় নহয় বিধিয়ে দিলেও বিধাতাই বিধি পথালি দিয়ে৷ সেইদিনাৰ সমগ্ৰ ঘটনাৰাজী বন্দী হৈ ৰৈছিল অফিচ এচিচটেন্ট পিংকুৰ মোবাইলত৷ কেইদিমানৰ আগৰপৰাই অৱগত হৈছিল পিংকু এনে এটি ষড়যন্ত্ৰৰ বলি হ'ব বুলি মৃণাল৷ আৰু সেইদিনাৰ অভাৰটাইমৰ চাৰ্জ লগোৱা পিংকুৰ ডিউটিয়ে প্ৰষ্ফুতিত ফুলপাহিত ধৰা বিষধৰ কাঁইটডালক অকপটে মোহাৰি ভাঙি পেলোৱাৰ ক্ষণক কাষতে স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল৷ শৰ্মাই চাচপেনচনৰ অৰ্ডাৰ কপিটো মৃণালৰ হাতত তুলি ধৰাৰ ক্ষণতে সমগ্ৰ ষড়যন্ত্ৰৰ বিস্তৃতি বিৱৰি দাঙি ধৰিলে৷ মেনেজাৰ শৰ্মাই যেন দাপোনাৰ সিপাৰে থকা প্ৰতিবিম্বটোকহে যেন চুই পালে৷ আৱেগৰ আচ্ছাদনখনে ঢাকি ধৰিলে শৰ্মাৰ হিয়াখনক৷
অফিচ চুটীৰ নিৰ্ধাৰিত সময়তকৈ বহু আগেয়ে ঘৰলৈ যাবলৈ ওলোৱা মৃণালক দৌৰি গৈ সাবটি ধৰিলে শৰ্মাই৷ আবেগৰ ক্ৰন্দনে হেচাঁ মাৰিলে তেওঁক৷ মৃণালৰ হাতৰ মুঠিত তেতিয়াও বন্দী হৈ ৰৈছিল চাচপেনচন অৰ্ডাৰ কপিৰ এনভেলপটো৷
---ছাৰ, হোৱাট হেপেনড্??   এনিথিং এলচ্ ৰং ছাৰ??!
---বিগ ব্ৰো, আই এম চো চৰী
---হোৱাই ছাৰ?? এনিথিং ষ্টিল লেফট্??
শংকৰ শৰ্মাই তেতিয়া দাঙি ধৰিলে মৃণালৰ আগত বিতং ঘটনাৰ সবিশেষ৷
---নো চাৰ, নো, ডোন্ট বেগ ফৰ এনি এপোলোজি, ছাৰ ইউ আৰ টুউ এন ইনোচেন্ট পাৰচন, চো এজন সৎ, নিষ্ঠাবান ব্যক্তিৰ লগত কেতিয়াও একো অন্যায় হ'ব নোৱাৰে৷ ছাৰ, এইয়া মোৰ লগতে আপোনাৰ লগতো অন্যায় হৈছে৷ আপোনাৰ দৰে এজন সৎ ব্যক্তিৰ অফিচত দুচকুৰ আঁৰত চলি থকা এনে কুকৰ্ম্যক এনেয়ে মাফ কৰি দিয়া নাযাব; দোষীয়ে উচিত হাস্তি পাবই লাগিব৷
মৃণালৰ বাক্যবাণে শৰ্মাক সষ্টম কৰি তুলিলে৷ হয়, দোষীয়ে উচিত হাস্তি পাবই লাগিব৷ নহ'লে এনে দোষীবোৰে দুচকুত ধূলি দি হাজাৰটা অপৰাধ কৰিও বীৰদৰ্পে খোজ দি মিছা পৃথিৱীৰ এখনি চানেকি গঢ়ি তুলিব৷
দৌৰি গৈ ড্ৰাফটি অনিলক এটা অৰ্ডাৰ ৰেডি কৰিবলৈ ক'লে৷ মেনেজাৰ শৰ্মাক এনে খঙতে অগ্নিশৰ্মা হোৱা কেতিয়াও কাৰো পৰিলক্ষিত হোৱা নাছিল৷ নিজেই ডেক্সটপৰ পৰা প্ৰিণ্ট আউট কৰি আনিলে কিবা এখন ৰিপৰ্ট৷ কোনেও একো ধৰিব পৰা নাই, কি হৈছে আচলতে কথাটো৷
চাৰ্টৰ কলাৰত ধৰি টানি আনিলে অতিহাস্য কৰি তাৰ অনুৰূপ সহকৰ্মীৰ সৈতে উপহাস কৰি থকা ষড়যন্ত্ৰৰ মূল নায়ক মনোজক৷ প্ৰচণ্ড চৰ এটা সোধাই হাতত গুজি দিলে এইমাত্ৰ উলিয়াই অনা ডিচাৰ্জৰ কপিটো৷ জোৰেৰে   মুঠি মাৰি থকা হাতৰ মুঠিটোলৈ চাইয়েই শৰ্মাৰ খঙটো অনুমান কৰি আঁতৰাই আনিলে তেওঁক আটাইবোৰ ষ্টাফে৷
----ছাৰ, কাম ডাউন, হেভ পেচেন্স৷
মৃণালৰ মাতত শান্ত বাস্তৱক সাবটিবলৈ সক্ষম হ'ল শৰ্মা৷ হঠাৎ তেওঁৰ মনত পৰিল খৰধৰতে টেবুলতে এৰি থৈ অহা লেটাৰখন৷
----বিগ্ ব্ৰো, আহা মোৰ লগত
তেওঁৰ কেবিনলৈ নি মৃণালৰ হাতত তুলি ধৰিলে লেটাৰখন৷
ইমিডিয়েট প্ৰমোচন অৰ্ডাৰ অফ অফিচ এচিচটেন্ট মৃণাল বৰুৱা টু ডা পোষ্ট অফ পাৰ্চনেল এচিচটেন্ট অফ ব্ৰাঞ্চ মেনেজাৰ শংকৰ শৰ্মা৷
চকুলো দুধাৰি বৈ আহিল৷
---এহ!!! ডেকা ল'ৰাই কান্দেনে??! গো, এন্ড ইমিডিয়েট জইন৷
আস!!! আজি ইমান পোহৰ নে?!! জোনাকী নিশা হ'বলৈ এতিয়াও চোন বহু ক্ষণিক বাকী আছে৷ এই পল যেন সাঁচি ৰাখিম বুকুৰ মাজত সযতনে, বৰ আকুলতাৰে৷ প্ৰতি দিনেই যেন চুই চাম এই ক্ষণক…………
----হেই, ডেকা ল'ৰা কিহত বিভূৰ হ'লা ইমানকৈ হয়??? কিমান দেৰিৰ পৰা মাত দি আছো তোমাক৷
মেনেজাৰ শংকৰ শৰ্মাৰ মাতত হঠাৎ সম্বিত ঘূৰাই পালে মৃণালে৷ তেতিয়াহে গম পালে ইমান দেৰি দুবছৰৰ আগৰ ভাঁহি অহা স্মৃতিৰ পটতেই উটি আছিল সি অতপৰে৷
আস! ধূসৰ হ'লেও ছাঁয়াঘন স্মৃতিৰ মায়াই কেনেদৰে চুই যায় আমাক আপ্লোত কৰি৷
কিবা এটা ভাললগা মিঠা মিঠা অনুভৱে চুই গ'ল নিমিষতে মৃণালক৷
----নাই, এনেই কিবা এটা মনত পৰিছিল৷
শৰ্মাৰ মাতত সহাঁৰি জনালে মৃণালে৷
----আচ্ছা, আজি কি অফিচতে থাকিম বুলি ভাবিছা নেকি?! আই মিন বাৰ বজালৈকে থকা কাৰ্যসূচীক চাৰি বজাই দিলা, ফোল দে ডিউতী কৰিলা দেখোন?!!
---ছাৰ, আপুনিও আছে দেখোন৷
হাঁহিৰ বাঙ্ময় প্ৰকাশে নিমিষতে কোঠাটোৰ ছাঁ পৰি থকা অংশকণো পোহৰাই তুলিলে৷
হয়, আজি পোহৰে ৰঙৰ পোহাৰ মেলিছে, আজি আনন্দই উচাহ ঢালি হাঁহিছে, প্ৰাণে খুলি দিছে আজি হৃদয়ৰ সকলো ৰূদ্ধ দুৱাৰ৷ সেয়েহে আজি ইমান পোহৰ সকলোতে, সকলোতে মাথো আজি পোহৰৰ মেলা৷
লৰালৰিকৈ দুয়ো লেপটপ বেগ দুটা পিঠিত লৈ ঘৰমুখী হ'ল বাকী থকা কামখিনি পূজাৰ বন্ধত ঘৰত কৰিম বুলি৷
ৰাস্তাৰে আহি থাকোতে বাৰোৱাৰী পূজা মণ্ডমৰ কাষতে ওলোৱা মেলাত মায়াঙ্কৰ কাৰণে কিবা এটা লওঁ বুলি সোমাল মৃণাল৷
হঠাৎ কিবা কাণ তাল মাৰি যোৱা শব্দ এটাই কাণৰ পৰ্দাক আক্ৰমণ কৰিলেহি৷ কি হৈছে বুলি ঘূৰি চাব খোজোতেই চকুৰ মণিটোত কিহবা এটাই বিন্ধা যেন লাগিল৷ কাণৰ পৰ্দা দুখন গধূৰ হৈ আহিছে ক্ৰমাৎ, বুকুখন গধূৰ হৈ আহিছে……
আস!!!
তাৰপাছত
চৌদিশ ধূঁৱলিকুৱলী হৈ পৰিছে, 'লা ধূঁৱাই ছাঁনি ধৰিছে গোটেইখন, চৌদিশত মাথো ক'লা ধূঁৱাৰ আচ্ছাদন, জোনে যেনেকৈ পাৰে সুৰক্ষিত স্থানলৈ ঢাপলি মেলিছে, অন্তৰত মাথো এটাই কাতৰ প্ৰাৰ্থনা, প্ৰাণটোক বচাব লাগে মাথো৷
পুলিচ, চি আৰ পি এফ, সকলোৱে সেই স্থানত তদাৰক কৰি ফুৰিছে৷ মানুহৰ মুখে-মুখে গুনা-গাঠাঁ হৈছে…… হয়, গনেশগুৰিৰ ফ্লাই অভাৰৰ তলত বোমা বিস্ফোৰণ হৈছে৷ অসমৰ ইতিহাসত প্ৰথমটো কাৰ ব্লাষ্ট৷ এখন মাৰুটি কাৰত বোমাটো সংস্থাপন কৰা হৈছিল৷
'তে, 'তে সিচৰিত হৈ পৰা শৰীৰৰ অংগসমূহ পুলিচে পেকেটিং কৰি লৈ গৈছে ডি এন এ ৰিপৰ্টৰ যোগেদি চিনাক্তকৰণৰ বাবে৷ মৃতদেহবোৰো যথোচিত স্থানত থ'বৰ বাবে ব্যৱস্থা কৰা হৈছে৷
মৃণালৰ দেহটোও শোৱাই দিয়া হ'ল এম্বোলেঞ্চৰ এখনি শুভ্ৰ বিচনাত৷ পিছে পিছে আহি থাকিল আন কেইবাখনো মৃতদেহ কঢ়িওৱা গাড়ী৷
মৃণালৰ ঘৰৰ পদূলিমুখত লোকে লোকাৰণ্য হৈ পৰিছে৷ পংখী বাৰে বাৰে মূৰ্চা যোৱাৰ দৰে হৈ পৰিছে৷ কোনোবা এজনীয়ে মুখখন পানী অকণেৰে মোহাৰি দিছে৷ "আই ঐ দেহি! বেচেৰী ফুলতে বাৰী হ'ল!!!" তাৰে মাজৰ পৰা কোনোবাই হুমুনিয়াহ কাঢ়িছে৷
যথা সময়ত মৃণালৰ শেষ প্ৰয়াণৰ সময় আহি পালেহি৷ কণমানী মায়াঙ্কৰ হাতত গুজি দিলেহি খেৰৰ জুমুঠীটো৷ বেচেৰা মায়াঙ্কে তেতিয়াও কৈ আছিল,
"দেতি কোৱা আকৌ কেতিয়া যাবা পূজালৈ; একো নোকোৱা কিয় দেতি?? কোৱা আকৌ!!!!"
মাকক ইমান ৰাতিপুৱাই লৰালৰিকৈ ওলোৱা দেখি অৰুণাভ কিছু আচৰিত হোৱাৰ দৰে হ'ল৷
---কি হ'ল অ' মা? 'লৈ যোৱা ইমান ৰাতিপুৱাই??
---হু, এইখন ল, লেপটপ, মোবাইল, ব্লুটুথ, এইবোৰৰ বাদে তোৰ কোনোবা জগতৰ লগত সম্পৰ্ক আছে জানো??
বাতৰি কাকতখন তাৰ হাতত গুজি দি মাকজনী ততাতৈয়াকৈ ওলাই গ'ল৷
---এইবোৰ আৰু কোনোবাই পঢ়েনে?? বোমা-বাৰুদ, ধৰ্ষণ, এইবোৰ আৰু কেতিয়াবা বাদ পৰিবনে অসমৰ অভিধানৰ পৰা৷
জোৰেৰে থেকেচি মাৰি কাকতখন থ'বলৈ খোজোতে,
"আৰে, পংখী আকৌ ইয়াত কেনেকৈ??"
লাহে লাহে স্বচ্চ জলৰ দৰে সকলো স্পষ্ট হৈ গ'ল তাৰ দুচকুৰ আঁৰত৷
চকুৰ আগলৈ সাত বছৰৰ আগৰ ধূসৰিত হৈ যোৱা ছবিখন বাৰে বাৰে অহা যোৱা কৰিবলৈ ধৰিলে৷
শেষবাৰৰ কাৰণে বহিছিল সেইদিনা জোনাকৰ ছাঁত৷ হেঁপাহ পলুৱাই উপভোগ কৰিছিল সেইদিনা জোনাকৰ শুভ্ৰতা৷ নিৰৱতা ভংগ কৰি বাঢ়ি আহিছিল দুয়োৰে উচুপনিবোৰ৷ চাৰি আঙুলীয়া কপালত বেলেগৰ নামত ডগমগীয়া বেলিটো অকাঁৰ আগতেই বিদায় লৈছিল পংখীৰ পৰা পূৰণ কৰিব নোৱাৰা প্ৰতিশ্ৰুতি এটা হাতত লৈ৷
আঁতৰি গৈছিল দুয়ো দুয়োৰ পৰা৷ কৃষ্ণচূড়াৰ দেশৰ হোষ্টেলবোৰত তেনেই অকলশৰীয়া হৈ পৰিছিল অৰুণাভ, আৰু পংখী?? হৃদয়ত এজনৰ থাপনা পাতি শিৰত আঁকিছিল আন এজনৰ নাম৷

আকৌ আৰম্ভ হৈছিল গতানুগতিক জীৱন৷ আকৌ অহা যোৱা কৰিছিল কলেজলৈ পংখী৷ ক্লাছেচ, ষ্টুডেন্টচ, এইবোৰৰ লগতে নিজকে বিলীন কৰি দিছিল৷ তথাপি হিয়াৰ কোনোবা একোণত খুউব অকলশৰীয়া অনুভৱ কৰিছিল পংখীয়ে৷
অৰুণাভৰ উপস্থিতিয়ে আজিকালি ঘোৰ অমানিশাৰ কাল আন্ধাৰৰ মাজতো পোহৰাই তুলিছে পংখীক৷ অৰুণাভৰ সাহসত তেজৰঙী কৃষ্ণচূড়াৰ প্ৰেমত আকৌ পৰিবলৈ ধৰিছে তাই৷ অৰুণাভে কয়, "পংখী, বিধবা হ'লেই জীৱনৰ সকলো ৰং হেৰাই যোৱা নুবুজায়৷ বিপ্নতীক পুৰুষ এজনে যদি দুহাতে সকলো ৰং সানি ল'ব পাৰে তেন্তে এগৰাকী বিধবা নাৰী কিয় পূৰ্ণ ৰঙ্গীন হ'ব নোৱাৰে?!!"
হয়, পংখী আকৌ সাজি উঠিব; কৃষ্ণচূড়াৰ ৰং আকৌ দুহাতত সানি ল'ব সজোৰে৷
---"মাম্মাম, কোৱা আকৌ  যাবানে? তুমি নগ'লে কিন্তু মই অৰুণাভ মামাৰ লগতেই যাম৷"
----"'কে বেটা, আই উইল গো, আই মিন, মি, ইউ এন্ড ইউৰ বিলভড্ অৰুণাভ মামা, '??!"
এটি প্ৰষ্ফুতিত হাঁহিৰ সৈতে আগুৱালে খোজকেইটা পংখীয়ে৷
আজি জোনাকে হাঁহিব পূৰ্ণ ৰূপত৷ আজি শুভ্ৰ জোনাকৰ ৰূপোৱালী আভাত পূৰ্ণ ৰূপত ৰক্তিম হৈ উঠিব পংখী৷
হৃদয়ত প্ৰতিধ্বনিত হ'বলৈ ধৰিলে,
"ইয়েছ অৰুণাভ, কৃষ্ণচূড়াৰ ৰঙেৰে মই পূৰ্ণ ৰঙ্গীন হ'ব খোজো মই, ৰঙা যে মোৰ একান্তই প্ৰিয় অৰুণাভ, এই ৰক্তিম আভা এতিয়াৰ পৰা মাথো তোমাৰ নামতেই পিন্ধিব খোজো মই, ইয়েছ অৰুণাভ ইউ ডিজাৰ্ভ ইট উইথ ডা ৱৰ্ল্ড অফ হেপীনেছ, ইয়াহ, আই টুউ ৱান্ট টু বি উইথ ইউ টিল মাই ইটাৰনিটী"৷
এটি সপ্ৰতীভ হাঁহিৰে উজ্জ্বলাই তুলিছে পংখীক৷ বহু দিনৰ মূৰত আজি প্ৰাণ খুলি হাঁহিছে পংখীয়ে৷ আজি বহুত সুখী পংখী কাৰণ, আজি যে পংখীয়ে অৰুণাভক তাৰ প্ৰশ্নৰ উত্তৰ দিব, ইয়েচ, চি ইজ অনলী অফ হিম৷
কাপবোৰ্ডৰ পৰা উলিয়াই ল'লে ৰঙা শাৰীখন, দাপোনৰ সন্মোখত সজাই তুলিলে নিজকে পূৰ্ণ ৰূপত, কিয়নো এতিয়াৰ পৰা এই পংখীয়ে জিৰাব মাথো অৰুণাভৰ ছাঁত৷


Post a Comment

Previous Post Next Post