দেওবৰীয়া আড্ডা-প্ৰবাল ৰুংদুং

দেওবৰীয়া আড্ডা
প্ৰবাল ৰুংদুং,তামুলপুৰ


সকলোৰে বাবে দেওবাৰটো কিছু সুকীয়া। চৰকাৰী কৰ্মচাৰীৰ বাবে আৰু বেছি সুকীয়া। অৱশ্যে বৰ্তমানলৈ আমি কোনো এজনে চৰকাৰী কৰ্মচাৰী হ'বলৈ সক্ষম হোৱা নাই। তথাপি দেওবাৰটোলৈ আশাৰে বাট চাওঁ। দেওবাৰটো আহক।আহক। দেওবাৰক আমাৰ উষ্ম সম্ভাষণ।
দৰাচলতে দেওবাৰ আহিলে উদ্ভাসিত এটি মন।কালি ভূটান যাওঁ ব'ল! এ কালি বম পাৰ্টিকে কৰোঁ নে কি!নাই কালি নাগ্ৰিজুলিতে যাওঁ ব'ল টি গাৰডেনত।নাই বে কালি সপোনৰ তালৈ যোৱা ভাল হ'ব!এয়া শনিবাৰৰ ৰাতিৰ ৱাটচ্আপ গ্ৰুপৰ বাৰ্তালাপ।সেই সময়ত আমাৰ মাজত যেন এক মুহূর্তৰ বাবে সময়বোৰ স্তব্ধ হৈ পৰে।এক উন্মাদ উশৃঙ্খল বাৰ্তালাপ। কোনে যে কি ক'ব হিচাপ নাই। তাৰ মাজতে বিকট অশ্লীল গালি গালাজবোৰ আছেই।হাঁহা..।মুঠতে কি যে এক উত্তেজনাময় পৰিৱেশ। আপোনি মুঠেই নুবুজিব যদিহে আমাৰ দৰে এম.বি.এ(মহা বেকাৰ আদমি)গ্ৰুপত নাথাকে। 18+ গ্ৰুপত নাথাকে।
আজিৰ দেওবাৰটোত সপোনৰ তালৈ যাত্রা। পাহাৰ খহি পৰিব খোজা দুখৰ কাহিনিবোৰ আৰু ন'কওঁ। এক মান বজাত গৈ পোৱাকৈ যাবলৈ কৈছিল যদিও দুই মান বজাত গৈ পালো।বন্ধু বিশাল বিকাশ নিজম আৰু মই। অনুপম যোৱাৰ কথা আছিল বাট্ সি বেলেগ এঠাইলৈ গুছি গ'ল, মৃণাল আহিম বুলি কৈছিল যদিও টাইমটো খেলিমেলি হ'ল।আৰু
ৰাণী!মানে জুতিকা। তায়ো নোৱাৰিলে। শেষত আমি চাৰিটা হ'লো।
সপোন অধীৰ অপেক্ষাত।আমি ভাটি বেলাকৈ যাম বুলি কৈছিলো বাট্ সি নাছোৰবান্দা। ভাত খোৱাকৈ যাব লাগে। ভাত নোখোৱাৰ নানান অজুহাত দিলো যদিওঁ কামত নাহিল। আচলতে ক'ত কি হ'ল জানো! হঠাৎ জিএনআৰচি ৰ আই চি ইউত। কল্পনাতীত দুৰ্ঘটনা এটা। তাৰ পিছত সকলো ওলটপালট। ফিউমাৰ বোন্ টুকুৰা টুকুৰ, ভাৰ-টি-ব্ৰা উণ্ডেড, ইণ্টাৰনেল ব্লিডিং ইটিচি। সিদিনা উশাহবোৰ ছিঙি ছিঙি পৰিছিল।বুকুবোৰ দলদোপ কৰিছিল। অৱশ্যে সপোন এতিয়া আৰু আই চি ইউত অক্সিজেনৰ মাক্স পিন্ধা সেই সপোন জন হৈ থকা নাই। লাহে লাহে সপোন সম্পূর্ণ সুস্থ। খোজ কাঢ়ি ব পৰা হ'ল। ধীৰে ধীৰে সি পোহৰৰ শিখা এটিৰ বাটেৰে উন্মুক্ত।
বন্ধু বুলি ক'লে যেন প্ৰচণ্ড ৰ'দত একোডাল গছৰ শীতল ছাঁ। বিশেষকৈ এই কেইজন বন্ধুক লগত পালে ঠিক এনেকুৱা এটাই অনুভৱ কৰোঁ।আৰু ইজনে সিজনৰ বাবে আমি যেন একো একোডাল গছে হ'ম।সেয়ে ইমান ৰসাল আমি।সেয়ে ইমান ৰসাল আড্ডা আমাৰ। পাহৰিব নোৱাৰা। স্মৃতিকাতৰ। কিমান কথা কিমান উৎপাত ! ইনফিনিটি!
ভাল খবৰ।সঁচাকৈ সু খবৰ। এইবাৰ এম.বি.এ গ্ৰুপৰ এজন সদস্য এমবিবিএসত চি-লেকট, আন এজন জি.ইউৰ বায়োটেক'ত,এজন কোম্পানিৰ কেমিষ্ট, মোৰ লগতে দুজনমান প্ৰাইভেট টিচাৰ আৰু এজন ঠিকাদাৰ হওঁ হওঁ। তথাপি চাকৰি এটাই যেন জীৱনটোক অৰ্থহীন কৰি তুলিছে। নিসন্দেহে আমি জুৰুলা। কেৱল চাকৰি।কেৱল কেৰিয়াৰ।সমাজখনেওঁ দিনক দিনে চাকৰিলাল। চা-লা আৰ্মি বোৰৰ দৰে ক'বলৈ মন যায় বেহেন....মাদাৰ...। যেন টকা নহ'লে অক্সিজেনো নাহিব। কে..অশ্লীল।
ভাই জীৱনটোত কৰিবি কি! সবফালে দেখোন দৰদাম।কোনোবাই তেজ কিনিলে কোনোবাই দেহ বেচে কোনোবাই পাৱাৰ কিনিলে কোনোবাই চাকৰি কিনে! আৰু আমিবোৰ বিজ্নে'চৰ ব' টোৰে বগলী কণা, বালৰ চানা মৰা য'তে মৰা। ভেল্-ইউ-লেছ।
ইমান কথা যেন শেষে নহ'ব কোনোদিন।তথাপি শেষ কৰাটো বান্ঝণীয়। নতুনৰ বাবে।আকৌ আৰম্ভণিৰ বাবে।বেলি পৰাৰ আগে আগে বাৰ্তালাপ শেষ কৰি আমি বিদায় মাগিলো।বন্ধু বিশাল বিকাশ নিজম আৰু মই। দূৰত সপোন,
ব-হু ক্লান্তিৰ হিচাপত ভাগৰুৱা তাৰ দুচকু।
এনেকৈ আকৌ এটা দেওঁবাৰ আহিব।সিটো দেওবাৰটো থাকিব কিছু উৎপাত উত্তেজনা।থাকিব অমিত মৃণাল অনুপম বিশাল বিকাশ নিজম হয়তো সিদিনা থাকিব সপনো আৰু মই! আৰে ময়েটো মিঠুন।

Post a Comment

Previous Post Next Post