তোমাৰ অনুভৱ- প্ৰাঞ্জল ফুকন

 তোমাৰ অনুভৱ

      নীল আকাশত উৰুৱাম নেকি,
চিলা তোমাৰ নামত ?
বতাহ হৈ দিবানে সহাৰি..
মেঘালী চুলিৰ ভাঁজত আঁকিম নেকি,
ৰামধেনু তোমাৰ নামত.?
'বানে গুজি দুহাতেৰে খোপাত..
বাৰিষাৰ বৰষুণত তিতিম নেকি ,
তোমাৰ নামত.?
ছাতি মেলি দিবা নে ধৰা.
কলেজ মেগাজিনত লিখিম নেকি.?
কবিতা তোমাৰ নামত , 
শব্দৰ ধৰিবানে যোগান
                                                   - প্ৰাঞ্জল ফুকন


           

Post a Comment

Previous Post Next Post