নদী আৰু নাৰী- শুভলক্ষ্মী মহন

নদী আৰু নাৰী

                                                    শুভলক্ষ্মী মহন

নাৰীৰ দেহ খহাই বৈ যায় এখন নদী
নদী খন ঠিক নাৰীৰ জীৱন

আজীৱন সম্পৰ্কবোৰ নাথাকিলেও
নদী আৰু নাৰী কেতিয়াও শেষ হৈ নাযায়,
যি দৰে আকাশৰ লগত জোন বেলিৰ

এনেদৰেই বৈ যায়
মাৰ পৰা দেউতাৰ হৃদয়লৈ
আৰু মোৰ পৰা তোমালৈ

এখন ঘৰ  এৰি আনঘৰখনত ভৰি দিওঁতেও
নাৰীৰ কলিজাত নৈয়ে সুঁতি সলাই জীৱনৰ
বোৱাই নিয়ে নতুন আশা, নতুন সপোন আৰু অনেক হেপাঁহ
নাৰীৰ সাক্ষী নদী

নদী বৈ যায়, বৈ যায় নাৰীৰ শৈশৱৰ গৰা চিঙি,
সেউতাৰ পৰা ভাঙি,
আৰু বুকুৰ পৰা বুকুলৈ সপ্নীল সমুদ্ৰ বিচাৰি


আচলতে নদী বোৰ নাৰী
নাৰী নদীৰ অন্য  চিনাকি

সেয়ে নাৰীৰ  আজন্ম পৰিচয় নদী

Post a Comment

Previous Post Next Post