নীলা খামৰ চিঠি- ডলী মেধি


নীলা খামৰ চিঠি
ডলী মেধি
মৰমৰ,
       আজি বহু দিনৰ মুৰত তোমালৈ একলম লিখিম বুলি কলম তুলি লৈছো।আশা কৰো তুমি কুশলে আছা।তুমি চাগৈ এতিয়া বৰ ব্যস্ত।তোমাৰ ব্যস্ত জীৱনৰ মেৰপাকত সময়ে নোপোৱা চাগৈ অতীতক সোঁৱৰি চাবলৈ।মই বাৰু পাহৰণিৰ গভ´ বিলুপ্ত প্ৰায় নেকি তোমাৰ হৃদয়ত।ভাবিলে এক অজান কষ্টত বুকুখন বিষাই উঠে।মই অপাৰগ তোমাৰ স্মৃতিক নিশেষ কৰিবলৈ।তুমি যোৱা আলিয়েদি নিতৌ মোৰ আশাই পম খেদি যায়।আকৌ ভটিয়াই আহি দুনয়ন সেমেকাই
           তুমি যোৱাৰ পিছত বহু কেইখন চিঠি পঠিয়াইছিলো কিন্তু এখনৰো উত্তৰ নাপালো।বেয়া পোৱা নাই দিয়া,তুমি বহু ব্যস্ত বাবে লিখিবলৈ আহৰিয়ে পোৱা নাই চাগৈ। মা-ণ্টি খবৰ জনাবাছোন।বৰ মনত পৰে
গাওঁ খন  এতিয়া বহু সলনি 'ল। চকুৰ পচাৰতে মাইনা নিপুহঁত বৰতো 'ল।গাঁৱৰ নামঘৰটো এতিয়া সকলো ৰাইজে মিলি আটকধুনীয়াকৈ সজাই তুলিছে।ক্লাবঘৰটো এতিয়া আগৰ দৰে নাই।নগৰৰ বহু গণ্য-মান্য ব্যক্তিৰ সমাগম এতিয়া ক্লাবঘৰটোলৈ। আমি খেলা পথাৰখনত এতিয়া ৰাজহুৱা  পুখুৰী খান্দিছে।মিলি-জুলি খেলা কণমানি 'তক আজিকালি নেদেখাই 'লো।সময়ো সলনি ',সময়ৰ লগে লগে পৰিৱেশবোৰো বেলেগ 'ল।কিন্তু মোৰ বুকুত তোমাৰ প্ৰতি  থাকা অনুভূতিবোৰহে সলনি নহ'

          যোৱাকালি কাহিলি পুৱাতে গম পালো সপোনতিহঁতৰ আইতা ঢুকাল।তোমাৰ কথা আইতাই বৰকৈ সুধি আছিল।তুমি যে বৰ মৰমৰ এতিয়াও আটাইৰে।পাৰিলে সময় উলিয়াই আহিবাচোন তোমাৰ আপোন গাওঁ খনলৈ
                এতিয়া শাওণৰ ভৰ  বাৰিষা।স্কুললৈ যোৱা সেই দিনবোৰ দুনাই পোৱা 'লে দুনাই তুমি ছাতিটো পাহৰা 'লে।দুনাই আমি বৰষুণত তিতি-বুৰি শাওণৰ সুখ বুটলিব পাৰা 'লে।কিন্তু এয়া যে এতিয়া মাথো সোঁৱৰণিহে। হুস......হুমুনিয়াহ বাগৰেও।আজিকালি ভাগৰটো বৰ বেছি হৈছে।দিন-ৰাতিৰ সীমাৰেখা ডাল মোৰ জীৱন কালৰ সীমাৰেখাৰ সৈতে মিলিত হোৱা বাবে চাগৈ দিন-ৰাতি বোৰ চুটি যেন অনুভৱ হোৱা হৈছে।ৰুগীয়া শৰীৰটোৱে দীৰ্ঘ কালৰ  জিৰণি বিচাৰিছে।এতিয়া মাথো এটাই হেঁপাহ বুকুত বান্ধি লৈ ফুৰিছো।তোমাক শেষ বাৰলৈ লগ পোৱা হলে, বৰ জোৰেৰে তোমাক সাবটি ধৰি অভিমানৰ অশ্ৰুৰে তোমাৰ বুকু তিয়াই দিলোহেতেন আৰু এবুকু শান্তিৰে শুই পৰিলো হৈ মৃত্যুৰ অটল গহ্বৰত
ইতি,
                                                                                      তোমা পাহৰণিৰ পৃষ্ঠাৰ নীলা




Post a Comment

Previous Post Next Post