নিজানৰ টোকাবহী-প্ৰবাল ৰুংদুং


নিজানৰ টোকাবহী
প্ৰবাল ৰুংদুং
          ) মোৰ প্ৰাণৰ আটাইতকৈ প্ৰশান্তিৰ ধুনীয়া খিনিয়ে  হৈছে তোমাৰ চকুহালি তোমাৰ চাৱনিটো এই অনুভৱ বোৰ জানো বুজাবৰ উপায় আছে আমাৰ  !  হঁহা-কন্দাই জানো শেষ ! অস্থিৰতা !  চুমাচুমি আৰু যৌনতা !  অনুভৱ খিনি ৰাতিৰ দৰে   নিমাত নিতাল। কিমান ভালপোৱাৰ পিছত উশাহে উশাহত মিলে , কিমান মৰমৰ পিছত জীৱনে জীৱনক জিৰণি দিয়ে  !  ' নোৱাৰোঁ  বহু কথাই নাজানো   অকলে অকলে বহু কথাই পাতো অকলে থাকি অকলে অকলে হাঁহো-কান্দো, চুই যাব খোঁজো সৰাপাতৰ খৰাং বুকু দুখৰ কথা 'কবা দুখ নাই   দুখৰ বতাহো নাই পৃথিৱীত আছে মাথো ভালপোৱাৰ নিৰ্দিষ্টতা   তোমাৰ ভালপোৱাৰ নিৰ্দিষ্টতাক বিচাৰিয়ে মোৰ এই পাগলামি ভালপোৱা যেন এসাগৰ বিষাদ বিষাদ যান্ৰণা 
() বহুত মনত কৰোঁ তোমাক। আচলতে মিচ কৰোঁ। মিচ কৰি কৰি টোপনি নামৰ গছ এজোপাৰ তলত জিৰণি লওঁ। আকৌ ভাগৰি পৰো টোপনিত তোমাক মিচ কৰি। আচৰিত। আচৰিত এই যে উদাস বিষাদ শূন্যতা মৌনতা নীৰৱতা এইবোৰ যে কি বস্তু, বুজাব নোৱাৰোঁ কেৱল বুকু ফালি চুৰমাৰ কৰি দিয়ে। আমি কিমান নিদাৰুণ কিমান ভয়াবহতা আমাৰ মাজত ! যেন জুই পুৰা সপোন এটাই লগ নেৰে প্ৰতিপল। ভীষণ মিচ কৰোঁ তোমাক। ভীষণ হে সময় প্ৰেয়সী দৰে মৰম দিয়া না
() 'ভালপোৱা বোৰ নিজৰ নহয়। নিজৰ ' নোৱোৰে কাহানি। ঘুৰি ফুৰে বুকুৱে বুকুৱে। ভালপোৱাৰ নিজস্বতা নাই। আৰু ভালপোৱা বোৰ নিজৰ নহয় বাবে আমি আনৰ ' পাৰোঁ কান্দিব পাৰোঁ আনৰ নামত। ভালপোৱাক বিচাৰি গুছি যাব পাৰোঁ দূৰ দিগন... ভালপোৱা বোৰ নিজৰ হোৱা হলে চালা... নিজৰ হোৱা হলে পাগলৰ দৰে... '

          () জীৱনটোনো কেইদিন ! ইমান হাহাকাৰ কিহৰ ইমান সযতনা কিহৰ! অভাৱ আছে থাকিব দিয়া সমস্যা আছে থাকিব দিয়া। থাকিবইটো ! নাই কাৰ মাথো দোষ ত্রুটি থাকিব নিদিবা সংগ্রাম মেইন। কাম কৰি যোৱা সফলতা নিশ্চয়ই হাতত সিদিনা পালো সফলতা একটি নাম হেনো 'গোবিন বৰা' অনুপ্ৰেৰণা সচাই জলন্ত উৎস প্ৰেৰণাৰ



Post a Comment

Previous Post Next Post