জীৱন এটা প্ৰক্ৰিয়া ই বোৱঁতী নৈ-কনমণি নাথ


জীৱন এটা প্ৰক্ৰিয়া  বোৱঁতী নৈ
   কনমণি নাথ
ড্রইং ৰূমত সোমোৱাৰ লগে লগে চকুত পৰে জিলিকি থকা সোণোৱালী ৰঙৰ মডেল, আৰু বঁটা বোৰ। মাত্ৰ আজি এইবোৰ স্মৃতি হৈ ওলোমি আছে। বৰ্ণালী নাথৰ সেই দুৰ্দান্ত প্ৰতিভাৰে স্কুলীয়া দিনৰ পৰা কলেজীয়া দিনবোৰত সকলো খেল-ধেমালি আদি কৰি একক অভিনয়,সকলো প্ৰতিযোগতামূলক বিষয়ত প্ৰথম স্থান অধিকাৰ কৰা বঁটা বোৰ আজি সাক্ষী হৈ জিলিকি আছে বৰ্ণালী নাথ জনা হোৱাৰে পৰা নিজৰ ঘৰ খনৰ সমগ্ৰ দিশত চোৱা ছিটা কৰিছিল। আজি সেই বৰ্ণালী নাথৰ নতুন চিনাকি হল বৰ্ণালী নাথ কাকতি। বৰ্তমান নলবাৰী জিলাৰ অন্তৰ্গত বানেকুচিত কাৰোবাৰ ঘৈণী, বোৱাৰী ৰূপত দুটি মৰম লগা সন্তানৰ সৈতে সেই দুৰ্দান্ত খেলত প্ৰতিযোগিতা সদৃশ জীৱন প্ৰক্ৰিয়াটো সুন্দৰ ভাবে পৰিয়ালটি চলাই নি আছে। চহকী মনৰ শহুৰ- শাহুয়েক, আৰু প্ৰভাশালী, অলপ ব্যতিক্ৰমী চিন্তাধাৰাৰ মহান সহানুভূতি মানসিকতাৰ স্বামীৰ সৈতে ঘৰ খন সুচাৰুৰূপে চলাই গৈ আছে ওচৰ চুবুৰীয়াৰ পৰা কানে কান মাৰি শুনিব পাওঁ বাঃ বাঃ বাঃ বৰ্ণালীক মানিছো ! ইমান সুন্দৰ ভাবে পৰিয়াল খন চলাই নি আছে, ইমান বোৰ কাম, ইয়াৰোপৰি সদায় ইমান বোৰ লগুৱাই কাম কৰি আছে , সেই বোৰ চোৱা ছিটা আদিকে ধৰি সন্তান দুটাক লালন-পালন শাহু-শাহুয়েক শ্ৰদ্ধা,ভক্তি, যতন আদি সমূহ কাম অকলে চলাই নিয়ে, চাব্বাচ বৰ্ণালী, চাব্বাচ!  এনেধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে জীৱন প্রক্রিয়া চলি আহিছে এনেবোৰ কথা বৰ্তমান সমাজ ব্যৱস্থা এনে ধৰনৰ চিন্তা ধৰা বৰ অনুসৰণ কৰাটো প্ৰয়োজন বুলি ধৰিব পাৰি। কিয়নো বৰ্তমান আমাৰ সমাজত কিছু সংখ্যক বিবাহিত মহিলাই নিজৰ পৰিয়াল খন চলাই নিয়াৰ পৰিবৰ্তে বেছি সময় চছিয়েল মিডিয়াত ব্যস্ত থাকেই সময় বৰ অতি বাহিত কৰি পেলাই

নিজৰ পৰিয়াল খন চলাই নিয়াত বিৰক্ত ভাব আহি নিজৰ সন্তান ,স্বামী,শাহু-শহুৰক বেছি সময় নিদি হোৱাটচ এপ, ফেচবুক আদি চছিয়েল মেডিয়া বেছি সময় অতি বাহিত কৰি পেলাই। নিজৰ সন্তান প্ৰতিপালন কৰাৰ বাবে মানুহ ৰাখি থয়, আৰু সেই মানুহ গৰাকীয়ে ঘৰৰ সকলো কাম কৰি যায়। কিন্তু আমাৰ সমাজৰ কিছু সংখ্যক মহিলাই এনেবোৰ কাৰ্য উঠি অহা নৱপ্ৰজন্ম লগতে সেই ঘৰ খন সঠিক দিশত চলিব বুলি কব নোৱাৰি, সেয়ে আমাৰ নিজৰ সন্তান তথা ঘৰ খন সুচাৰুৰূপে চলাই নিবলৈ হলে ঘৰৰ সকলো দিশ দায়িত্ব সহকাৰে মুৰ পাতি লব লাগিব। নহলে নিজৰ মাতৃৰ তথা পৰিয়ালৰ কাৰ্য বৰ অনুসৰণ কৰিব। সেয়েহে উদাহৰণ স্বৰুপে আমি ওপৰত উল্লেখ কৰা বৰ্ণালী নাথ কাকতিৰ জীৱন প্ৰক্ৰিয়া অনুসৰণ কৰা যায় তেতিয়া পৰিয়াল বিলাক সুচাৰুৰূপে চলিব আৰু সকলৰ মুখত ৰঙীন, হাঁহি সুখ -শান্তি ৰে ভৰ পূৰ হৈ পৰিব বুলি আশা কৰিব পাৰো                         
এটা পৰিয়াল সুন্দৰ ভাবে চলি যাবলৈ হলে ঘৰ খনৰ প্রত্যেক জন সদস্যৰ বুজা বুজিৰ খুৱেই প্ৰয়োজন, শাহু, শহুৰ, বোৱাৰীৰ সম্পৰ্ক বোৰ নিজৰ ছোৱালীৰ নিচিনা হব লাগে সকলো কথা সুন্দৰ ভাবে আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লোৱা উচিত। তেতিয়া সেই পৰিয়াল টিৰ বেছি গভীৰ সমস্যা নোহোৱাকৈ সুন্দৰ ভাবে বৰ্তি থাকিব   আমাৰ সমাজত এটা বিশেষ কথাই শহুৰ-শাহু, বোৱাৰীৰ মাজত মিলাপ্ৰীতৰ অভাৱ যেন অনুভৱ দেখা পোৱা গৈছে, এই সমস্যা এই কাৰণে সৃষ্টি হোৱা অনুভৱ হৈছে যে কিছু সংখ্যক শহুৰ-শাহুয়েক বিলাকে নিজৰ বোৱাৰীয়েক বোৰক সহজ ভাবে নিজৰ ছোৱালী বুলি মানি লব টান পায়,আৰু কিছু সংখ্যক বোৱাৰীয়েক বোৰে শহুৰ-শাহুয়েক বোৰক নিজৰ পিতৃ-মাতৃ বুলি সহজে মানি নলয়। সেই বাবে আজি পৰিয়াল সমূহৰ মাজত মিলাপ্ৰীতৰ অভাৱত সুন্দৰ পৰিয়াল এখন থানবান হৈ যোৱাৰ নানা উদাহৰণ দেখিবলৈ পাইছো  যেতিয়ালৈ আমাৰ সমাজত শহুৰ- শাহুয়েক, বোৱাৰীৰ মাজৰ সম্পৰ্ক বৰ নিজৰ ছোৱালীৰ দৰে মানি লয় তেতিয়া এনে ধৰণৰ সমস্যা সৃষ্টি নহব বুলি কব পাৰি। আমি এনেদৰে ভাবিব পাৰো, আমাৰ ছোৱালী জন আন এঘৰত বিয়া দি উলিয়াই দিলোঁ, ছোৱালী জনী পৰিয়ালটিৰ অতি মৰমৰ সুখে   দুখে প্ৰতিটো ক্ষণতে সহায় সহযোগ কৰে কিন্তু এটা আন পৰিয়ালত বিয়া হৈ যোৱা দিনৰ পৰা সেই ছোৱালী জনী আনৰ হৈ পৰে। নিজৰ মা-দেউতা তথা পৰিয়ালৰ লগত আলহী সদৃশ হয় পৰে। কিন্তু নিজৰ লৰাই বিয়া কৰোৱা ছোৱালী জনী লৰাৰ ঘৈণী, আৰু শহুৰ-শাহুয়েকৰ বোৱাৰী কিন্তু ছোৱালী ৰূপত লব লাগে। আৰু বোৱাৰী জনীয়ে শহুৰ-শাহুয়েক , পিতৃ- মাতৃ ৰূপত লব লাগে। যেতিয়া পৰিয়ালটিৰ মুখ্য মানুহ দুগৰাকী অৰ্থাৎ শহুৰ- শাহুয়েকক বৃদ্ধ অৱস্থাত কোনে চোৱা ছিটা কৰিব বুলি প্ৰশ্ন আহিলে, নিশ্চিত ভাবে নিজৰ বোৱাৰী অৰ্থাৎ ছোৱালী জনীয়ে নিজৰ ছোৱালী আছে যিদিও বেলেগ পৰিয়াল এটাত সেই একেই বৃদ্ধ দুগৰাকীক শুশ্ৰূষা কৰি আছে হয়তো দুদিন বা তিনিদিন আহি নিজৰ জন্ম দাত্ৰী পিতৃ - মাতৃক শুশ্ৰূষা কৰিব পাৰিব কিয়নো সেই ছোৱালী জনীৰ আছে এটি সুন্দৰ পৰিয়ালৰ   ইয়াতে এটা সুন্দৰ উদাহৰণ দাঙি ধৰিব পাৰো। এটা পৰিয়ালৰ পিতৃ- মাতৃ ঢুকালে নিজৰ জন্ম দিয়া ছোৱালী জনীয়ে এদিন বা দুদিন শোকত ভাঙি পৰে কিন্তু জানো পোন্ধৰ দিন সামাজিক ভাবে নিয়ম বোৰ মানি চলে নে ? নিশ্চয় সমস্ত নিয়ম বোৰ মানি চলিব নালাগে, কিন্তু নিজৰ লৰাৰ বোৱাৰী জনীৰ ক্ষেত্ৰত সম্পূৰ্ণ বিপৰীত , সামাজিক ভাবে সকলো নিয়ম মানি চলিবই লাগিব
সেয়ে নিজৰ সন্তানৰ বোৱাৰীয়েক জনীক শহুৰ-শাহুয়েক বোৰে বোৱাৰী বোৰক ভাল দৃষ্টিৰে চাব লাগে, বুজিব লাগে যে আমাৰ বিয়া দিয়া ছোৱালীজনী পুনৰ বোৱাৰী ৰূপত ঘূৰি আহিল বুলি মৰমেৰে আঁকোৱালি লব লাগে। আৰু ভাবিব লাভ যে আমাৰ অসুখ হলে নিজৰ জন্ম দিয়া ছোৱালী জনী কাষত নাপাম এই বোৱাৰী জনীযে বিপদ আপদত আমাক চোৱা ছিটা কৰিব সেয়ে ছোৱালী সদৃশ ৰূপত লোৱাটো নৃত্যন্তই জৰুৰী। সেয়ে আমি যদি ওপৰত উল্লেখ কৰা দিশ বোৰ চলি জাৰি চাই বুজিব পাৰিলে আমাৰ সমাজত শহুৰ-শাহু , বোৱাৰীৰ মাজৰ সম্পর্ক বিলাক বিভেদৰ সৃষ্টি নহব বুলি ১০০% বিশ্বাস কৰিব পাৰো
প্ৰথমে উল্লেখ কৰা বৰ্ণালী নাথ কাকতিৰ পৰিয়ালটি সুন্দৰ ভাবে চলাই নি আছে নিজৰ শহুৰ-শাহুয়েকক পিতৃ- মাতৃ ৰূপত লৈ সকলো দিশ আলোচনা ভিত্তিত সমস্যা বোৰৰ সমাধানৰ উপায় উলিয়াই। সেয়ে সিহঁতৰ মাজত হাই কাজিয়া, অমিল দেখিবলৈ পোৱা নাই। আমি যদি এনে বোৰ পৰিয়ালৰ ভাল দিশ বৰ অনুসৰণ কৰা যায় তেতিয়া নিশ্চয় বহু পৰিমাণে উপকৃত পৰা যাব। সেয়ে কাকতি পৰিয়াললৈ অশেষ শুভ কামনা যাছিলোঁ সদায় এনে ধৰণে হাঁহি, ৰং ধেমালি বিৰাজ হওক সমাজৰ আগ স্থানত জিলিকি থাকিব পাৰে ভগৱানক প্ৰাৰ্থনা জনালোঁ। এই কাকতি পৰিয়ালৰ সদস্য সকল সমাজৰ দৃষ্টিত অলপ ব্যতিক্ৰমী হৈ থাকে, আনে অনুসৰণ কৰিব পাৰে শেষত কাকতি কাকতি পৰিয়ালক সকলোৱে একে মুখে বাঃ বাঃ বাঃ প্ৰতিধ্বনিৰে প্ৰশংসাৰে উপচাই পৰে তাৰে শুভ কামনা যাছিলোঁ। এই সকলো সম্ভৱ হৈ উঠিব পৰিয়াল সকলৰ গঠন মূলক দিহা পৰামৰ্শ আৰু বুজা বুজিৰ নৃত্যন্তই প্ৰয়োজন




Post a Comment

Previous Post Next Post