ঈশ্বৰৰ জন্ম -জোনালী ডাউকা
ঈশ্বৰৰ জন্ম
জোনালী ডাউকা, ৰঙিয়া
“লগ জা গলে কি ফিৰ
য়ে হসীন ৰাত হো না হো,
শ্বায়দ ফিৰ ইছ জনম মে
মুলাকাত হো না হো৷”


মৃতপ্ৰায় পৰিৱেশ এটা । চৌদিশে মৰিশালী সদৃশ নিৰৱতা । কাঠৰ মেজখনৰ ওপৰত থকা ফিলিপ্ছৰ ৰেডিঅ'টোত বাজি আছে এই চিৰসেউজ গীতটো ।  দুভৰি কোচাই ৱালত আউজি বহি আছে সত্যব্ৰত  কলিতা । ৱাল আৰু তেখেতৰ পিঠিৰ মাজত অনুঘটক হৈছে ভাজ কৰি লোৱা গাৰু এটি । গীতটোৱে মাজে-মাজে ঈষৎ পোহৰে আৱৰি থকা নিজান কোঠাটোৰ নিৰৱতা ভংগ কৰি আছে আৰু সংগী হৈছে কলিতাৰ ।
কেৰ্‌ৰ্‌ৰ্‌ৰ্‌ কেৰ্‌ৰ্‌ৰ্‌
দৰ্জা খোলা শব্দই গীত নামধাৰী সংগীৰ চিৰসেউজ আৱেশৰ পৰা ৰুক্ষ বাস্তৱলৈ ওভতাই আনিলে কলিতাক । ৰেডিঅ'ৰ ভলিউমটো কমাই দৰ্জাখন ঠেলি সোমাই অহা পুত্ৰ ৰূপলৈ চাই পঠিয়ালে আশীৰউৰ্দ্ধৰ কলিতাই । লগেলগে সোমাই আহিছে এজনী চব্বিশ/পচিশ বছৰীয়া যুৱতী । ত্ৰাইবেল যেন শাৰীৰিক গঢ় থকা ছোৱালী জনীৰ চকুযুৰি অৱশ্যে সিমান ফুলা নহয় । নাকটো জোঙা, সম্ভৱত উচ্চতা পাচ ফুট পাচ ইঞ্চি মান হব । লাহী দেহৰ মৰমলগা ছোৱালীজনীলৈ এপলক দৃষ্টিৰে চাই, পুনৰবাৰ পুত্ৰ ৰূপলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই পঠিয়ালে কলিতাই । দেউতাকৰ মনৰ খুদুৱনি মাৰিবলৈ ৰূপে কৈ উঠিল --
 “এওঁ দেৱী ৷ মোৰ কম্পিউটাৰ চেণ্টাৰতে কম্পিউটাৰ শিকি আছে ৷”
          এইবাৰ কলিতাই এবাৰ ছোৱালীজনীলৈ চাই মৃদু হাঁহি এটা ওঁঠত বিয়পাই পুত্ৰলৈ দৃষ্টি নিক্ষেপ কৰি সুধিলে,
“আমাৰ ঘৰলৈ ফুৰিব আহিছে নেকি ?”
“ফুৰিব ঠিক নহয় ৷ আজিৰ পৰা সদায় আহিব ৷ পুৱাই আহি দিনটো তোমাৰ লগত কটাই আবেলি ছয় বজাত মোৰ চেণ্টাৰত গৈ কম্পিউটাৰৰ ক্লাছটো কৰি ঘৰলৈ গুচি যাব ৷”  ৰূপে মজিয়াত দৃষ্টি নিবদ্ধ কৰি কৈ উঠিল ৷
পুত্ৰৰ মনৰ বুজ লৈ কলিতাই কথা দীঘলীয়া নকৰিবলৈ প্ৰয়াস কৰিলে,
“উমমম ৷ হ’বদে ৷ ময়ো মানুহৰ সংগ ভালেই পাম ৷ কিমান নো আৰু ৰেডিঅ'টোৰ সংগী হ'ম। কি নাম তোমাৰ মা ?”
পিছৰ বাক্যশাৰী ছোৱালীজনীলৈ চাই মৰমেৰে সুধিলে,
“ নমস্কাৰ ৷ মোৰ নাম দেৱী ৷”
“অহ্... বৰ সুন্দৰ নাম ৷ পিছে পঢ়া-শুনা কিমানলৈ কৰিলা?”
“মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰি পঢ়া সামৰিলোঁ ৷”
“আচলতে দেউতা এওঁ আমাৰ হেল্থ কেয়াৰ নাৰ্ছিং হোমত ৰিচিপশ্যনিষ্টৰ চাকৰি পাইছে ৷ কিন্তু কম্পিউটাৰৰ চাৰ্টিফিকেট নাই বাবে চাকৰিত যোগদান কৰিব পৰা নাই ৷ সেয়েহে, ময়ে তেওঁক তোমাৰ সাৰথি হ’বলৈ লৈ আহিলোঁ ৷ তেওঁৰো অলপ আৰ্থিক দিশত টনাটনি চলি আছে ৷ 
“সাৰথি !!” কলিতাই উদাস ভাৱত শব্দটো উচ্চাৰণ কৰা শুনি ৰূপে ভয়েভয়ে পুনৰ সুধিলে,
“কিবা বেয়া পালা নেকি?”
“বেয়া ? নাই, নাই ৷ বেয়া আকৌ কিয় পাম ? তেওঁ যদি স্বইচ্ছাই এই বুঢ়াৰ সাৰথি হ’ব বিচাৰে বেয়া পাবলৈ কিটো আছে? ”
 দেউতাকৰ কথাত ৰূপে স্বস্তিৰ নিশ্বাস এৰিলে ৷ চকুৰ ইংগিতেৰে দেৱীক তাত থাকিবলৈ কৈ সি দেউতাকক মাত দি ওলাই আহিল ৷ আচলতে ওলাই অহা বুলি কোৱাতকৈ পলাই আহিল বুলি ক’লেহে হয়তো বেছি সঠিক হ’ব ৷ নোৱাৰে সি দেউতাকৰ হা-হুমুনিয়াহবোৰ সহ্য কৰিব ৷ যিজন দেউতাকে তাক বাৰ বছৰ বয়সৰ পৰা অকলে মাক-দেউতাকৰ মৰমেৰে আৱৰি ৰাখি সকলো কৰ্তব্য কৰি গৈছিল , তাৰ গাত টোপটোওঁ পৰিবলৈ নিদিয়াকৈ তাক ডাঙৰ - দীঘল কৰিলে, সেই দেউতাকৰ অসহায় চাৱনিৰ সন্মুখীন সি কোনোপধ্যেই হ’ব নোৱাৰে ৷
যোৱা ছয় মাহৰ পৰা দেউতাক আৰু সি, দুয়োৱে অন্তৰ্দ্বন্দ্বত ভুগি আছে ৷ উভয়ে-উভয়ৰ চকুৰ পৰিভাষা বুজে, কিন্তু নিজ-নিজ স্থিতিত দুয়ো অসহায় ৷ দেউতাকে ভাবি আছে,তেওঁৰ বাৰ্দ্ধক্যই পুত্ৰৰ সংসাৰত জুই জ্বলাইছে, আনহাতে পুত্ৰ ৰূপে অহৰ্নিশে আত্মগ্লানিত ডুবি আছে ৷ সি সহ্য কৰিব পৰা নাই, ছয় বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ হৈ তাৰ নামৰ সেন্দুৰেৰে ৰাঙলী কৰি, তাৰ আৰু দেউতাকৰ সুখী পৰিয়ালটোলৈ হেপাহেৰে আদৰি অনা তাৰ হৃদয়ৰ ৰাণী মনিষা কেনেকৈ ইমান নিৰ্দয় হ’ব পাৰে ৷ প্ৰথম অৱস্থাত পুৱা-গধূলি হাঁহিৰ তৰংগই কঁপাই তোলা সিহঁতৰ ঘৰখন লাহে লাহে নিজম পৰিবলৈ লৈছিল ৷ ডাঙৰ পুত্ৰ সমলয়ক বিদ্যালয়ত নামভৰ্তি কৰি  দিয়াৰ পিছৰে পৰা লাহে লাহে  মনিষাৰ দেউতাকৰ প্ৰতি আচৰণবোৰ পৰিৱৰ্তন হ’বলৈ লৈছিল ৷ বৃদ্ধ দেউতাকক তাই এক বোজা বুলি ভাবিবলৈ লৈছিল ৷ পুত্ৰক অনা-নিয়া কৰিবলৈ যাওঁতে  বিদ্যালয়ত দৈনিক লগ পোৱা  বান্ধৱীবোৰে সলনি কৰিব ধৰিছিল মনিষাৰ চিন্তা-ধাৰাবোৰ ৷ বৃদ্ধৰ শেষ ঠিকনা বৃদ্ধাশ্ৰম - এই কথাষাৰে বৰ দ’কৈ ঘৰ সাঁজিছিল তাইৰ মনত ৷ বান্ধৱীৰূপী  সমাজৰ তথাকথিত নাৰীবাদী সকলৰ  উচতনিত তাই অনুভৱ কৰিবলৈ লৈছিল, তাই যেন ৰূপৰ বৃদ্ধ দেউতাকৰ বাবে জীৱনটো যথাযথভাৱে উপভোগ কৰাৰ পৰা বঞ্চিত হৈ ৰৈছিল ৷
তাইৰ মনত ঘৰ কৰি বহা এই অযথা কথাবোৰ ভাবি লাহে লাহে অধিক খঙাল আৰু খিংখিঙীয়া স্বভাৱৰ হৈ পৰিছিল তাইৰ ব্যক্তিত্ব ৷ প্ৰথম অৱস্থাত সি হস্তক্ষেপ কৰিলে কথাবোৰ নিশ্চয় ইমান দূৰ আগবাঢ়িব নোৱাৰিলে হেঁতেন ৷ হয়তো, তাৰ মনযোগহীনতাই ইন্ধন যোগাইছিল ভৱিষ্যতৰ মহাপ্ৰলয়ত ৷ দূৰত্ববোৰ বাঢ়ি আহিছিল দিনকদিনে আৰু সকলো আশা এদিন শেষ হৈছিল গৈ মনিষাৰ এটা সিদ্ধান্তত ৷
হয় ৷ শেষত সেইটোৱেই হৈছিল, যিটো আচলতে হ’ব নালাগিছিল । তাই সিদ্ধান্ত ল’ব দিছিল ৰূপক, সি পুত্ৰধৰ্ম পালন কৰিব নে পিতৃ তথা পতিধৰ্ম ৷ হতবাক হৈ পৰিছিল ৰূপ ৷ চকুলো জলমলাই উঠিছিল সত্যব্ৰত কলিতাৰ দুচকুত ৷ সেইৰাতি পুত্ৰ-বোৱাৰী তথা পিতৃ-মাতৃৰ চৰম সীমাত উপনীত হোৱা কাজিয়া শুনি শুনি উচুপি উঠিছিল ককা আৰু নাতি ল’ৰা ৷ অৱশেষত, ভাগৰি পৰিছিল ৰূপ আৰু খঙৰ ভমকত সি পুত্ৰধৰ্ম পালন কৰিম বুলি চিঞৰি উঠিছিল ৷ মনৰ বেজাৰত পুৱাই মাকৰ ঘৰলৈ গুচি যাবলৈ সকিয়াই দিছিল পত্নী মনিষাক ৷ সেই ৰাতি সেইখন ঘৰত কাৰোৱেই শোৱা নহ’ল ৷ উচুপনিৰ শব্দই কঁপাই তুলিছিল ঘৰটোৰ প্ৰতিটো কোঠা ৷ বাক্‌ৰুদ্ধ হৈ পৰিছিল কলিতা ৷ চকুৰ সন্মুখত তাচপাতৰ লেখিয়াকৈ খহি পৰিছিল এখন সুখৰ সংসাৰ ৷ এজন পুত্ৰৰ পিতৃৰ সৈতে বাঢ়িছিল মানসিক দূৰত্ব, আনজনৰ আকৌ বাঢ়ি গৈছিল শাৰীৰিক দূৰত্ব ৷
         কথাবোৰ ভাবি ভাবি সি কেতিয়া কম্পিউটাৰ চেণ্টাৰ আহি পালে গমেই নাপালে ৷ ঘড়ীৰ পেণ্ডুলামটোৱে পাঁচ বজাৰ সংকেত দিয়াতহে তাৰ সম্বিত ঘূৰি আহিল ৷ আজি তাৰ ইয়াত বেছি সময় কটাবলৈ মন নগ’ল ৷ তাৰ এছিছটেণ্টজনীক মাতি সাত বজাত চাটাৰ বন্ধ কৰি চাবিকোছা লৈ যোৱাৰ নিৰ্দেশ দি সি ওলাই আহিল ৷ উদাস দৃষ্টিৰে গাড়ীৰ ষ্টিয়াৰিঙত  হাতখন থৈ লাহেকৈ গাড়ী খন সন্মুখলৈ এৰি দিলে ৷
সময়বোৰ বৰ ক্ষিপ্ৰতাৰে আগলৈ দৌৰিছে ৷ সত্যব্ৰত কলিতাৰ সৈতে দেৱীৰ বৰ সুন্দৰ বন্ধুত্ব গঢ় লৈ উঠিছে ৷ ৰূপে আলেঙে আলেঙে, থাকিবলৈ চেষ্টা কৰে যদিও দেৱীয়ে ঘৰখনলৈ কঢ়িয়াই অহা পৰিৱৰ্তনবোৰে তাকো সকাহ দিছে ৷ আগতে সপ্তাহ সপ্তাহ ধৰি খোল নোখোৱা খিৰিকীবোৰ তাই পুৱাই আহি খুলি দিয়ে ৷ ঘৰলৈ পাৰ্টটাইম কাম কৰিবলৈ অহা লক্ষ্মীকো তাইয়ে তদাৰক কৰে ৷ পাকঘৰৰ লেতেৰা চুক কেইটাৰ পৰা কলিতাৰ ৰূমৰ পৰা ওলোৱা দুৰ্গন্ধলৈকে একোৱে তাইৰ কাঢ়া চকুৰ পৰা সাৰি নযায় ৷ তাইৰ ভয়তে লক্ষ্মীৰ পনীয়া দাইল আৰু বজাৰৰ পৰা কিনি অনা পাচলিৰ তৰকাৰীৰ সোৱাদ সলনি হোৱাৰ লগতে কলিতাৰ ৰূমৰ ওচৰতে অলপ জেকা লগা ঠাই ডোখৰত লহপহকৈ বাঢ়ি অহা ঘৰৰ মানিমুনি-ভেদেলতাইয়ো খাদ্য তালিকাত স্থান পাইছে ৷ মুঠতে, দেৱীৰ আগমনে প্ৰাণহীন ঘৰখনত নতুন প্ৰাণৰ সঞ্চাৰ কৰিছে ৷
         ৰূপেও দূৰৈৰ পৰা তাইৰ কাৰ্যকলাপবোৰ  লক্ষ্য কৰিবলৈ লৈছে ৷ তাই  দেউতাকৰ লগত কৰা ধেমালিবোৰ সিয়ো উপভোগ কৰিবলৈ লৈছে ৷ সিহঁতে যে কাজিয়া কৰে, ৰেডিঅ’টোত জুবিনৰ গান বজাব নে শ্ৰেয়া ঘোষালৰ গান বজাব নাইবা বাঘবানত ৰেখা আছিল নে হেমা মালিনী আছিল; আদি অৰ্থহীন যুঁজবোৰৰ অন্তত তাৰ ওঁঠত বিয়পি পৰে এক প্ৰশান্তিৰ হাঁহি ৷ দেউতাৰ মুখৰ হাঁহিটো উভতাই অনা বাবে, মৰিশালি সদৃশ ঘৰতখনত প্ৰাণৰ সঞ্চাৰ কৰাৰ বাবে সি মনে মনে তাইৰ ওচৰত কৃতজ্ঞ হৈ ৰয় ৷

“জয় জয় শিৱ শংকৰ
কাঁটা লাগে ন কংকৰ
কে প্যায়ালা তেৰে
নাম কা পিয়া৷”

দেউতাৰ ৰূমৰ পৰা ভাঁহি অহা ৰেডিঅ’ৰ মাতত তাৰ টোপনি ভাগিল ৷ আজি শিৱৰাত্ৰিৰ বন্ধ পাই বহু দেৰিলৈকে শুলে সি ৷ বিচনা ত্যাগ কৰি হাতত ব্ৰাছডাল লৈ দাঁত ঘঁহি ঘঁহি সন্মুখৰ বাৰাণ্ডা পালেহি সি ৷ তেতিয়াও ৰেডিঅ’ত গানটো বাজিয়ে আছে ৷ ইতিমধ্যে দেৱী আহি হাজিৰ ৷ তাই দেউতাকৰ পিঠিত নাৰিকল তেল ঘঁহি আহিল ৷ বয়স বাঢ়ি আহিলে চালবোৰ বেয়া হৈ যায় ৷ গতিকে দেৱী অহাৰ পৰা তাই নিয়মিতভাৱে গা ধোঁৱাৰ আগে আগে দেউতাৰ হাত-ভৰি আৰু পিঠিত নাৰিকলৰ তেল ঘঁহি দিয়ে ৷ তেল ঘঁহা কাম সমাপ্ত হোৱাত দেউতাকে গা ধুবলৈ যাবলৈ থিয় হৈ ৰূপক উদ্দেশ্যি ক’লে,
“আজি শিৱৰাত্ৰি নহয় ৷ গতিকে, মই গা ধুই আহি বুট-মগু তিয়াই থ’ম ৷ তই এতিয়া ওলাই গ’লে গাখীৰ আৰু ভাং অকন লৈ আহিবি ৷ আবেলি দেৱীয়ে প্ৰসাদৰ ঘোটা অকন বনাব পাৰিব ৷”
ৰূপে মুখৰ থু খিনি পেলাই আহি ক’লে ,
“মই আনিব পাৰিম ৷ পিছে তাই বা বনাব জানে নে নাই ?”
“ইচচ ৷ কেলৈ বা নাজানিম ? আমাৰ ঘৰত মাহঁতে সাঁজপানীৰ পৰা লোকেল মদলৈ সকলো বনাই ৷ মই সামান্য ঘোটাকণ বনাব নোৱাৰিমনে ?”
আৰে, এই চোন প্ৰথম দিনা লাজে লাজে অহা দেৱীজনী নহয় ৷ দেউতাৰ লগত লাগি লাগি এইৰ লাজবোৰ ভাঙিল মানে ৷ কথাষাৰ ভাবি ৰূপৰ মুখত এটা ঈষৎ হাঁহিৰ ঢৌ খেলি গ’ল ৷ ইতিমধ্যে দেউতাকে বাথৰুমত সোমোৱাৰ উমান পাই সি তাইক জোকাবলৈ কৈ উঠিল,
“তোমাৰো মানে খোৱাৰ অভ্যাস আছে , ন?”
“না নাই ৷ মানে ইয়াত পি.জি ত ক’ত খাব পাম?” তাই হেহোনেহোকৈ কৈ উঠিল ৷
“মানে ঘৰত থাকোতে চলিছিল?”
তাৰ কথাত লাজ পাই তাই নাৰিকল তেলৰ বটলটো সামৰি ভিতৰলৈ সোমাই যাব  লওঁতে সি পুনৰ সুধিলে,
“আহোতে শিৱ মন্দিৰৰ প্ৰসাদ আনিম নেকি ?”
এইবাৰ তাই ঘুৰি চাই ক’লে,
“সোৱাদ লৈ চাব পাৰি ৷”
কথাষাৰ কৈ তাই তাত নৰ’ল ৷
ৰাতিপুৱাৰ আহাৰ খাইয়ে গাখীৰ, ভাংৰ পৰা ধতুৰা ফুললৈকে সকলো পূজাৰ সামগ্ৰী গোটাই দেৱীৰ হাতত গতাই ৰূপ ওলাই আহিল ৷ আজি তাৰ মনটো উদাস ৷ তাৰ উদাসীনতাবোৰ দেউতাকৰ চকুত ধৰা নপৰিবলৈ সি আজি দেৱীৰ লগত পুৱাৰে পৰা এনেই লাগি আছে ৷ আচলতে, তাৰ আজি পুত্ৰ সমলয়লৈ বৰকৈ মনত পৰিছে ৷ যোৱাকালি তাৰ পঞ্চম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাৰ ফলাফল ঘোষণা হোৱা বুলি, বন্ধু নিয়ৰৰ মুখৰ পৰা শুনি অহাৰে পৰা তাৰ পুত্ৰলৈ বৰকৈ মনত পৰিছে ৷ সি উচপিচাই আছে, তাৰ ফলাফল জানিবলৈ কিন্তু সি যে দেউতাক হৈয়ো অপাৰগ তাৰ খবৰ ল’বলৈ ৷ কিয়নো, তাক এৰি যোৱাৰ পিছতে মনিষাই তাইৰ মোবাইল নম্বৰ সলাই লৈছিল ৷ তাইৰ এনে মইমতালিৰ বাবে এদিন খঙতে মাক-দেউতাকে গালি দিয়া বাবে মাতৃগৃহও ত্যাগ কৰা বুলি জনা পিছৰে পৰৰ তাইৰ একো খবৰেই পোৱা নাই ৷ হাজাৰ গালি, হাজাৰ কাজিয়াৰ মাজতো তাৰ হৃদয়ত এতিয়াও তাইৰ প্ৰতি এবুকু মৰম ঠাহ খাই আছে ৷ কিন্তু, নিয়তিৰো কি খেল ৷ ইমান ভালপোৱাৰ পিছতো ভালপোৱাজন তাৰ পৰা শাৰীৰিকভাৱে বহুত দূৰৈত ৷
হঠাৎ পুৱাৰ পৰিস্কাৰ আকাশখন এচপৰা কলীয়া ডাৱৰে আৱৰি ধৰাত, বতৰ বেয়া হোৱাৰ আগজাননী পাই সি ঘৰৰ পিনে গাড়ী ঘুৰালে ৷ আহোতে, সিহঁতৰ ঘৰৰ পৰা দুটা বাইলেন আগৰ চুবুৰীটোৰ শিৱ মন্দিৰটোৰ পৰা পানী খোৱা বটল এটাত ঘোটা এক বটল আৰু লাড়ু দহটামান লৈ আহিল ৷ ঘৰত আহি সি পোনে পোনেই ৰূমলৈ গৈ মন্দিৰৰ প্ৰসাদকণ আগতে সমলয়ে পঢ়িবলৈ ব্যৱহাৰ কৰা টেবুলখনতে থৈ ফ্ৰেচ হ’বলৈ গ’ল ৷ কাপোৰ-কানি সলাই বাহিৰলৈ ওলাই আহি দেখে যে দেউতাক আৰু তাই  পূজাৰ আয়োজন প্ৰায় সমাপ্তয়ে কৰিছেই ৷ ঘৰৰ গোসাঁই ঘৰটোতে দক্ষিণ দিশত কলপাত এখন পাৰি তাতে ধূপ-দীপ-নৈবদ্যৰ লগতে ঘোটা আৰু চিলিমত শিৱ ভগৱানলৈ প্ৰসাদ আগবঢ়াই তিনিওটাই আঠু ল’লে । ইতিমধ্যে মুষলধাৰে বৰষুণ আৰম্ভ হোৱাত সত্যব্ৰত কলিতাই দেৱীক উদ্দেশ্যি কৈ উঠিল,
 “মাজনী,বৰষুণে আহিল ৷ এইজাক বৰষুণ সহজে এৰাৰ লক্ষণ নাই ৷ তুমি ৰাতিটো ইয়াতে থাকি যোৱা নহ’লে ৷ নে বেয়া পাবা ?”
 “বেয়া মানে,আকৌ পি.জি. ৰ মালিকনী আণ্টিয়ে  সোধে নেকি ক’ত আছিলোঁ বুলি?”
“সেইটো চিন্তা কিয় কৰিছা তুমি? মোক ফোনটো লগাই দিয়াচোন, ময়ে তোমাৰ আণ্টিৰ সৈতে কথা পাতোঁ ৷”
কলিতাৰ কথাত দেৱীয়ে মালিকনীলৈ ফোনটো লগাই কথা পতাই দি চাহ কৰিবলৈ গ’ল ৷ ইতিমধ্যে তাই তিনিওৰে বাবে চাহ আৰু পায়স লৈ আহিল ৷ সেইদিনা প্ৰথমবাৰৰ
 বাবে তিনিও একেলগে বহি কথাৰ মহলা মাৰিলে ৷ ঘড়ীয়ে আঠ বজাৰ সংকেত দিয়াতহে কলিতাই কৈ উঠিল,
 “আজিচোন লক্ষ্মীয়ো নাহিল ৷ বৰষুণৰ বাবে হ’বলা ৷ এতিয়া ৰাতিৰ সাঁজ তিনিও লাগি-ভাগি বনাব লাগিল ৷”
“আপুনি আৰাম কৰক ৷ মই পাকঘৰত সোমাওঁ ৷”
দেৱীৰ কথাত আধাতে বাধা দি কলিতাই কৈ উঠিল,
“আজি শিৱৰাত্ৰি বুলি খিচিৰিৰ আয়োজন কৰোঁ বলা ৷ ”
“বাৰু, খিচিৰিকে বনাওঁ ৷ কিন্তু, আপুনি আয়োজন কৰিব আহিব নালাগে ৷ আপুনি মাত্ৰ মোক নম্বৰ দিবলৈ ৰৈ থাকক ৷ ”
কথাষাৰ কৈয়ে, দেৱীয়ে থিয় হৈ বাওঁ ভৰিখন সোঁভৰিৰ ওপৰেৰে আনি দুয়োখন ভৰি পূৰণ চিহ্নৰ ভংগীমাত ৰাখি গাটো সামান্য সন্মুখলৈ হাউলি দিলে ৷তাইৰ কথাষাৰ কোৱাৰ ভংগীমাতো দেখি বাপেক-পুতেকে খিলখিলাই হাঁহি উঠিল ৷ ড্ৰয়িং ৰূমৰ পৰ্দাবোৰ ঢৌ খেলি আহি হাঁহিবোৰক যেন নিজৰ মাজতেই সামৰি  থ’লে ৷
নিশা নৈবদ্য খন গোসাঁইঘৰৰ পৰা আনি তিনিও অলপ অলপ প্ৰসাদ খোৱা নিময়টো কৰিলে ৷ খিচিৰি খাই উঠি কলিতাই দেৱীক ৰূপৰ ৰুমত আৰু ৰূপক ড্ৰয়িং ৰুমত শোৱাৰ পৰামৰ্শ দি নিজৰ ৰুমলৈ শুবলৈ গ’ল ৷ তেওঁ যোৱাৰ পিছত দেৱীয়ে বাচনবোৰ সামৰি থাকোঁতে ৰূপে আহি লাহেকৈ মাত লগালে,
 “ঘোটা আৰু পায়স কিন্তু বৰ সোৱাদ হৈছিল দে ৷ এইবাৰ শিৱবাবা পুৰা সন্তুষ্ট হ’ব যেন পাওঁ ৷”
ৰূপৰ পৰা প্ৰশংসা পাই তাইৰ মনটো ভাল লাগিলেও নিজৰ মনোভাৱ লুকুৱাই ৰাখি তায়ো কৈ উঠিল,
“মই হ’লে শিৱ মন্দিৰৰ প্ৰসাদ খাম বুলিহে ৰৈ থাকিলোঁ ৷”
“আৰে,মই প্ৰসাদ আনিছিলোঁ নহয় ৷ ইচচচ , ৰুমতে থাকিল ৷ ৰ’বা লৈ আহোঁ ৷”
এইবুলি ৰূপে ঘোটাৰ বটলটো আৰু লাড়ু কেইটা লৈ আহি ভাত খোৱা মেজখনতে থ’লে ৷ দেৱীয়ো দুটা গিলাচ লৈ আহি বহিল ৷ তাৰপিছত ৰূপে সৰু ল’ৰাৰ নিচিনাকৈ প্ৰসাদখিনি দুই ভাগ কৰিলে ৷ এনেতে, দেৱীয়ে চিঞৰি উঠিল ,
“ ৰ’ব , ৰ’ব আৰু এটা বস্তু আছে ৷”
এইবুলি তাই পাকঘৰলৈ ঢপলিয়াই গ’ল ৷ দুইমিনিট পিছত হাতত এটা বাতি লৈ আহিল ৷ ৰূপৰ উৎসুকতা দমন কৰি তাই কৈ উঠিল ,
“অথনি লক্ষ্মী দিদিয়ে ভাঙৰ পাত ভাজি আনিছিল ৷ আমি দুপৰীয়া ভাতৰ লগত খাব পাহৰিলোঁ ৷ এতিয়া ইয়াকো হজম কৰোঁ দিয়ক ৷”
এইবুলি কৈয়েই  তাই ওঁঠ দুটা চেপি হাঁহি দিলে ৷ 
  খাবলৈ বহি দুয়ো কথা পাতি পাতি খাই-বৈ উঠি বহুপৰ ধৰি তেনেকৈয়ে একে বহাই কথা পাতিয়ে থাকিল ৷ দুয়োৰে যেন কথাৰ ওৰেই নপৰিব ৷ লাহে লাহে দুয়ো উভয়ৰে জীৱনৰ ব্যথাবোৰ, ব্যাৰ্থতাবোৰৰ কথা আৰম্ভ কৰিলে ৷ মুৰৰ ওপৰৰ চিলিং ফেনখনৰ সহযোগত দুয়োৰে নিচাৰ মায়াত সোমাই গৈ আছে দুয়োৱে অনুভৱে কৰিব পৰা নাছিল ৷ এটা সময়ত, সৰুতে দেউতাকক হেৰুওৱা, চৰিত্ৰহীনা মাকৰ আঁচলৰ তলত ডাঙৰ হোৱা দেৱীজনী উচুপি উঠিছিল ৷ ইফালে, ৰূপেও কিবা এটা অজান আৱেশত উটি ভাহি গৈ তাই বুকুৰ মাজত সাৱটি ধৰিছিল ৷ কোনোদিনে এখন বলিষ্ঠ হাতৰ সহাঁৰি নোপোৱা দেৱীজনীয়েও কুৰুকি কুৰুকি সোমাই গৈছিল এখন উমাল বুকুৰ মাজত ৷ এসময়ত চকীৰ পৰা উঠি আহি মজিয়াত বহি লৈছিল দুয়োৱে আৰু এটাই আনটোক সাৱটি ধৰি বোৱাই দিছিল দুখন দুখৰ নৈ ৷ সেই নৈৰ পানী হৈ বৈ গৈছিল, পঁচিশ বছৰে দেৱীয়ে সামৰি-সুতুৰি ৰখা তাইৰ কৌমাৰ্য্য আৰু শান্ত কৰিছিল ৰূপৰ যোৱা ছয়মাহে আতুৰ হৈ থকা কামভাৱক ৷
 এই ঘটনাৰ কেইদিনমান পিছলৈ ৰূপৰ সন্মুখত সহজ হ’ব পৰা নাছিল তাই ৷ বৰ লাজ পাইছিল, নিজৰ কম্পিউটাৰ প্ৰশিক্ষকৰ লগতে এনে কাম কৰি ৷ তাই নিজকে আইনাত মুৰ তুলি চাব পৰা নাছিল ৷ আনহাতে, ৰূপ পুনৰ আত্মগ্লানিত ভুগিছিল ৷ সি বাৰে বাৰে চেষ্টা কৰিছিল তাইৰ লগত কথা পাতিবলৈ ৷ তাই কিন্তু তাক সুযোগ দিয়া নাছিল ৷ সি বুজিছিল, সহজ-সৰল ছোৱালীজনীৰ বাবে এনে এটা কথা হজম কৰিব পৰাটো কম কথা নহয় ৷ তাইক সময় লাগিব ৷ সি তাইক সময় দিয়াৰ সিদ্ধান্ত লৈছিল আৰু ভুলবোৰ যিকোনো মূল্যৰ বিনিময়ত শুধৰণি কৰিবলৈ বদ্ধপৰিকৰ হৈছিল ৷
 কিন্তু , হঠাৎ  কথাবোৰ সলনি হৈছিল ৷ শিৱৰাত্ৰিৰ ঠিক পোন্ধৰ দিনমান পিছত, এদিন দুপৰীয়া সমলয়ক এহাতেৰে ধৰি আনখন হাতত এটা সৰু বেগ লৈ উপস্থিত হৈছিলহি মনীষা ৷ তাইৰ স্ফীত ন মহীয়া পেটটোলৈ চাই  চকু থৰ হৈ গৈছিল ৰূপৰ ৷ নানা কথাই অগাদেৱা কৰিছিল তাৰ মন-মগজুত ৷ লাহে লাহে ভিতৰলৈ সোমাই অহা মনীষাক সি বহিবলৈ সহায় কৰি দিছিল ৷ সমলয়ক কোলাত লৈ দুই গাল চুমাৰে উপচাই দিছিল ৷ ইতিমধ্যে হাতত পানীৰ গিলাচ লৈ সেই ঠাইত উপস্থিত হৈছিলহি দেৱী ৷ ৰূপে , দেৱী আৰু মনীষা দুয়োকে পৰস্পৰৰ লগত চিনাকী কৰাই দি সমলয়ক লৈ দেউতাকৰ কোঠালৈ ধাপলি মেলিছিল ৷ ককাকৰ কি যে আকুলতা নাতিলৈ !
এদিন-দুদিনকৈ সময়বোৰ দ্ৰুত গতিত  আগবাঢ়িছিল ৷ দেৱীৰ আগৰ তুলনাত এটা কাম বাঢ়িছিল আৰু এটা কমিছিল ৷ বঢ়া কামটো হ’ল আজিকালি তাই বৃদ্ধ কলিতাৰ লগতে সন্তান সম্ভৱা মনীষাৰো সমানে তদাৰক কৰিব লগা হৈছে আৰু কমা কামটো হ’ল এতিয়া তাই পৰ্দাৰ ফাঁকেৰে জুমি জুমি ৰূপক চোৱা বন্ধ কৰিছে ৷ ভয় হয় তাইৰ, জোৰা লাগিব ধৰা পৰিয়ালটো, এক হ’বলৈ ধৰা মনবোৰ তাইৰ ভুলৰ  বাবে পুনৰ ফাঁট মেলে বুলি ৷
আকৌ এবাৰ  নিয়তিয়ে কূটিল হাঁহি মাৰিছিল ৷ মাহেকীয়া অনিয়মীয়া হোৱা বাবে দেৱীৰ চিন্তা হ’বলৈ লৈছিল ৷ শিৱৰাত্ৰিৰ আঠদিন আগতে মাহেকীয়া হৈ উঠা দেৱীয়ে দুমাহ গা নোধোৱা কথাটোৱে মনত খেলি-মেলিৰ সৃষ্টি কৰিছিল ৷ ডাক্তৰৰ ওচৰত গ’লে সন্মান হানি হোৱাৰ ভয়ত তাই  ফাৰ্মাচীৰ পৰা এটা প্ৰেগা নিউজৰ কীট আনি টেষ্ট কৰি চালে আৰু ই কি !! তাইৰ চৰিত্ৰত দুডাল গুলপীয়া ৰঙৰ আঁচে কলুষতা সানি দিলে ৷ তাই দিকবিদিক হেৰুৱাই পেলালে ৷ মুৰটো আচন্দ্ৰাই কৰিব ধৰিলে আৰু এটা সময়ত তাই ঢলি পৰিল পি.জিৰ এজনীয়া বিছনাখনত ৷
   দেৱী নহা বাবে মনীষাই মনে মনে ভালে পালে ৷ ইমান ধুনীয়া গাভৰু এজনী গিৰিয়েকটোৰ আগেৰে অহা-যোৱা কৰি থকাটো কোন স'তেনো সহ্য কৰে তাই ৷ কিন্তু, দেৱী অবিহনে তাইৰ সান্দহ খোৱা বালি যে তল যাব সেইটো ধুৰূপ ৷ হ’লেও উপায় নাই, অলপ কষ্ট হ’লেও মনৰ শান্তিহে আচল কথা ৷ কথাবোৰ ভাবি ভাবি বাথৰুমত সোমাওঁতে কোন তলকত তাইৰ ভৰিখন পিছলি গ’ল তাই তৰ্কিব পৰা আগতে মুখৰ পৰা এটা আৰ্তনাদ ওলাই আহিল ৷ চিঞৰ শুনি লৰি অহা ৰূপে তাইক ধৰি-মেলি কোনোমতে বিছনালৈ আনি দ্ৰাইভাৰজনক ফোন লগালে ৷ দ্ৰাইভাৰজন আহি পোৱালৈ সি হস্পিতাল আৰু তাইৰ মাকৰ ঘৰত ফোন কৰি সবিশেষ জনালে ৷ ইফালে মনীষাৰ গগন ফলা চিঞৰত সত্যব্ৰত কলিতা আৰু লক্ষ্মী আহি উপস্থিত হ’ল ৷ ইতিমধ্যে দ্ৰাইভাৰজন আহি পোৱাত লক্ষ্মী আৰু দ্ৰাইভাৰৰ সহযোগত ৰূপে তাইক কোনোমতে গাড়ীত বহাই হস্পিতাললৈ ৰাওনা হ’ল ৷ মনীষাৰ অৱস্থা দেখি ডাক্তৰে খৰখেদাকৈ তাইক অপাৰেচন থিয়েটাৰলৈ নিবলৈ দিলে ৷ নাৰ্ছে এখন দীঘলীয়া ঔষধ-চেলাইনৰ লিষ্ট ৰূপৰ হাতত দি গ’লহি। সি দৌৰাদৌৰিকৈ সকলো আনি দি বাহিৰত উচপিচাই ৰৈ থাকিল ৷ এটা সময়ত তাৰ উৎকণ্ঠাৰ অন্ত পেলাই নাৰ্ছে তাক আকৌ এটি পুত্ৰ সন্তানৰ দেউতাক হোৱাৰ খবৰটো দি গ’লহি ৷ সি উলাহতে ভগৱানক শত কৌটি প্ৰণাম জনাই দেউতাকক খবৰটো দিবলৈ পকেটৰ পৰা মোবাইলটো উলিয়াই ল’লে ৷
ধৰালৈ আন্ধাৰ নামি অহাত গোটেই কোঠাটো অন্ধকাৰত ডুব গৈ আছিল ৷ লাহে লাহে দেৱীয়ে চকুদুটা মেলি বিছনাতে বহি ল’লে ৷ তাইৰ গাটো বৰ অৱশ অৱশ লাগিছে ৷ কোঠাৰ লাইটটো জ্বলাই দিয়াত পুনৰ ৰাতিপুৱা কথাবোৰ মনত পৰিল ৷ মুৰটো পুনৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে ৷ এইবাৰ কিন্তু তাই পৰি নগ’ল ৷ তাই থিয় দিলে আৰু মনৰ ভিতৰতে আওৰালে -
“পৃথিৱী খনলৈ অকলে আহিছোঁ যেতিয়া যুঁজিবও লাগিব অকলেই ৷” তাই মনৰ ভিতৰতে কিবা কিবি সিন্ধান্ত ল’লে আৰু সূৰ্য্য উদয় হোৱালৈ অপেক্ষা কৰিলে ৷
         চিজাৰিয়ান পদ্ধতিত সন্তানটো জন্ম হোৱাৰ বাবে মনীষা কিছু দুৰ্বল হৈ পৰিল ৷ ৰূপে পাৰ্য্যমানে তাইৰ যতন ল’লে ৷ সমলয়ৰ লগত মিলাই সিহঁতৰ দ্বিতীয় সন্তানটোৰ নাম থ’লে নিলয় ৷ নিলয় যেন  মাক আৰু দেউতাকৰ ঘা বোৰৰ মলমৰ লেখীয়া হৈ পৰিল ৷ নিলয়ৰ আগমনে ঘৰখনলৈ পুনৰ হাঁহিৰ খলকনি কঢ়িয়াই আনিলে ৷ শূন্য হৈ পৰা কোঠাবোৰ পুনৰ আলহীৰ গিজগিজনিত জীপাল হৈ পৰিল ৷ এইবোৰৰ আঁৰত হেৰাই গ’ল দেৱী নামৰ চঞ্চলা গাভৰুজনী ৷ কলিতাৰ তাইলৈ মনত পৰিলেও পুনৰ বোৱাৰীয়েকৰ ৰোষত পৰাৰ ভয়তে তাপ মাৰি থাকিল ৷ আনহাতে, ৰূপে পুত্ৰ সুখত উটি-ভাহি গৈ দেৱীৰ অস্তিত্ব বিচাৰি যাবলৈ সময়হীন হৈ পৰিল ৷
হায়ৰে মানৱ !!
হায় মানৱতা !!
      এগৰাকী মাতৃৰ কোলাৰ দেৱশিশুৱে কঢ়িয়াই আনিলে বৃহৎ সুখৰ ভড়াল ৷ একে সময়তে, আনগৰাকী মাতৃৰ গৰ্ভত স্থিতি লোৱা সন্তানে সৰ্বনাশ মাতি আনিলে নিজ জন্মদাত্ৰীৰ ৷ প্ৰথম অৱস্থাত পি.জি ত্যাগ কৰি হস্পিতালৰ ওচৰতে ৰূম এটা ভাড়াত লৈ হস্পিতালত কাম কৰি জীৱন কটাবলৈ লোৱা দেৱীয়ে সলনি কৰি লৈছিল তাইৰ চীম কাৰ্ড ৷ পৰিয়াল, বন্ধু-বান্ধৱৰ পৰা আঁতৰি অহা তাইক কাৰো বিচাৰি যাবলৈয়ো আহৰিও নাছিল ৷
সময়বোৰ বৰ ক্ষীপ্ৰতাৰে পাৰ হৈ গৈছিল ৷ দেৱীৰ স্ফীত পেটটোৱে সন্তানৰ আগমনৰ বতৰা সকলোকে দি গৈছিল ৷ কৌতুহলি চকুবোৰ তাইৰ আগত ধৰা দিছিল যদিও তাই সেইবোৰলৈ ভ্ৰূক্ষেপ কৰা নাছিল ৷ কিন্তু, কণা বিধাতাৰ তাইৰ ইমান দৃঢ়মনা তথা স্বভিমানী ব্যক্তিত্ব হয়তো সহ্য হোৱা নাছিল ৷ হয়তো, দেৱীৰদৰে নাৰীৰ স্বৰ্গ পুৰিত প্ৰয়োজনীয়তা অনুভৱ কৰিছিল ৷ সেইবাবে, সময়তকৈ আগতে অহা প্ৰসৱ বেদনাত চটফটাই থাকি শেষত নিয়তিৰ ওচৰত হাৰ মানিছিল ৷ যি সন্তানক পৃথিৱীলৈ আদৰি আনিবলৈ ইমান কষ্ট সহ্য কৰিছিল, সেই সন্তানৰ মুখ নোচোৱাকৈয়ে এই পৃথিৱীৰ পৰা মেলানি মাগিছিল তাই ৷ তাইৰ অবৰ্তমানত নিঠৰুৱা হৈ পৰা তাইৰ শিশুটিক কোনো নিৰ্দয় নাৰ্ছে সন্তানহীন দম্পতী এহালৰ হাতত বিক্ৰী কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল ৷ কিন্তু, হায় !! বিধিৰ কি বিপাক ৷ সময়ৰ পূৰ্বে জন্ম হোৱা দেৱশিশুটি যে কান্দিবলৈও অপৰাগ ৷ মৃত সন্তান প্ৰসৱ কৰা বুলি ভুল ধাৰণা লৈ শিশুটিক দলিয়াই দিয়া হৈছিল ডাষ্টবিনলৈ ৷
    হয়তো, দেৱশিশুটিৰ এই আলৈ - অথানি সহ্য নহ’ল অদৃশ্যজনৰ ৷ তেওঁ শিশুটিৰ প্ৰাণ ৰক্ষাৰ্থে প্ৰেৰণ কৰিলে এগৰাকী বৃদ্ধা মগনিয়াক ৷ ডাষ্টবিনত খাদ্যৰ সন্ধানত তিৰবিৰাই থকা চকুহালে বিচাৰি পালে দেৱশিশুটিক ৷ ভিক্ষাৰী হ’লেও জৰাজীৰ্ণ দেহৰ মাজতো হয়তো মাতৃত্বৰ উম চেঁচা পৰি যোৱা নাছিল ৷ সদ্যোজাত সন্তানটিক দেহৰ তাপেৰে উম দি  অশেষ চেষ্টাৰ মুৰত কন্দোৱাবলৈ সক্ষম হৈছিল সেই অভিজ্ঞতাৰে পুষ্ট দুয়ো হাতে ৷
সময়বোৰ পাখী লগা কাড়ৰ লেখিয়াকৈ উৰি গৈছিল ৷ সত্যব্ৰত কলিতাৰ হাৰ্ট ফেইল হৈ মৃত্যু ঘটিছিল ৷ নিলয়ক ইতিমধ্যে বিদ্যালয়ত নাম ভৰ্তি কৰাই দিয়া হৈছিল ৷ সমলয়ে স্কুলৰ দেওনা পাৰ হৈ কলেজৰ দুৱাৰদলিত থিয় দিছিল ৷ আজি তাৰ কলেজৰ প্ৰথম দিন ৷ মাক-দেউতাক উভয়ে তাক কলেজত থ’বলৈ আহিছে ৷ সৌৱা নাতিদূৰৈত মাক-দেউতাক হালে  হাত জোকাৰি জোকাৰি তাক বাই - বাই দি আছে ৷ মাক-দেউতাকৰ পৰা দৃষ্টি ঘুৰাই আনি কলেজৰ দিশে এখোজ আগবঢ়াই দিবলৈ লওঁতেই তাৰ চকু গ’ল ৰাস্তাৰ ওচৰৰ ডাষ্টবিনটোলৈ ৷ ডাষ্টবিনতটোৰ ওচৰত প্লাষ্টিকৰ বটল আৰু খাদ্যৰ সন্ধান কৰি থকা ল’ৰা-ছোৱালী কেইটাক দেখি সি নাকটো কোঁচাই দিলে ৷ এক নৱজীৱনৰ আৰম্ভণিত, এক নতুন অধ্যায়ৰ সূচনাৰ প্ৰাক্‌ মূহূৰ্তত এনে এটা দৃশ্যই তাৰ মনত বিতৃষ্ণা ভাৱৰ জন্ম দিলে ৷
এনেদৰে কলেজলৈ আহোতে প্ৰতিদিনে ডাষ্টবিনৰ ওচৰৰ সেই দৃশ্য তাৰবাবে সুলভ হৈ পৰিল ৷ সদায় সেই ডাষ্টবিন খুচৰি ফুৰা ল’ৰা-ছোৱালীজাক দেখিলে ঘৃণাতে তাৰ নাক কোঁচ খাই আহে ৷
      হায়ৰে কপাল, সিটো নাজানে, ডাষ্টবিনটোৰ ওচৰত কলকলাই থকা শিশুবোৰৰ মাজৰ এজনী যে তাৰে ভনীয়েক ৷
সমাপ্ত

Post a Comment

Previous Post Next Post