দ্ৰুতি-অমৰ দ্বীপ কলিতা

দ্ৰুতি
অমৰ দ্বীপ কলিতা

বহুত মনত পৰেও
আঙুলিৰ মুৰত সময়বোৰ গণনা কৰিলে,
সেইদিনা, পিতাইৰ আঙুলিত ধৰি
খোজ দিছিলোঁ হে ;
বহুত মনত পৰেও
সময়ৰ অভাৱ বুলি কলে, বন্ধু
লৰালিতযে, মায়ে এচাৰি লৈ নিবিচৰালৈকে
এৰাএৰি নহৈছিলোয়ে;
সময়ৰ দ্ৰুতি দেখিলে ভয় লাগে ও ৷
বহুত মনত পৰেও
ডায়েৰীৰ মাজত থকা
চিঠিৰে সৈতে শুকান গোলাপপাহ দেখিলে
কৈশোৰৰ প্ৰথম আকৰ্ষণৰ
শেষ উপহাৰ আছিল,
আজিও জীয়া স্মৃতি হৈ আছে ;
এতিয়াটো কেৱল বাৰ্তা বাকচতেই আবদ্ধ ৷
বহুত মনত পৰেও
পথটোৰ কাষত ৰঙা, নীলা পোহৰেৰে
উজলি থকা অট্টালিকাবোৰ দেখিলে,
তাত টো কেৱল, কেৱল সেউজীয়া হে আছিল ৷
ভয় লাগেও সময়ৰ দ্ৰুতি দেখিলে ৷
বহুত মনত পৰে......

Post a Comment

Previous Post Next Post