আপোনজনৰ প্ৰোফাইল দৈনিক চাৰ্চ কৰো-সঞ্জু বি.

আপোনজনৰ প্ৰোফাইল দৈনিক চাৰ্চ কৰো  
       উৎসৱৰ সময়৷ সকলোৰে মনবোৰ উগুলথুগুল৷  মোৰো একেই অৱস্থা ৷ কি কৰিম..কি কৰিম ,নতুন কাপোৰ- ক'ত ক'ত ফুৰিবলৈ যাম  সেইবোৰ চিন্তা ৷ চিন্তা হবই কলেজীয়া বয়সৰ সময়  ৷ লগৰবোৰেও কৈ এইটো সেইটো, একেই চিন্তাবোৰ ৷ 
সন্ধিয়া সময় আমাৰ গাৱঁতে মই (ৰিদিপ) আৰু  দুই তিনিজন বন্ধু এপাক ফুৰি আহি অলপ ৰাস্তাৰ কাষত থিয়হৈ কথা কও ৷ সেই সময়ত দূৰৈৰ পৰা এজন মোৰ বন্ধু আহি থকা যেন লাগিল ৷ হাতত কাগজৰ টোপোলাযেন লৈ কিবা চোবাই খাই আহি আছে ৷ মোৰ লগত থকা টিংকুই মোক  কলে  ঐ ৰিদিপ, এইটো ৰাজীৱ হয় ন ৷ সন্ধিয়া সময় ভালকৈ ধৰিব নোৱাৰি৷ মই কলো হয় হয় ৷ সেই সময়ত সি আমাৰ কাষত আহি পালেই আাৰু কাগজৰ টোপোলাত গৰম গৰম পোকোৰা খাই আহিছিল ৷ আমাকো দিলে গৰম গৰম সোৱাদ লব ৷ মই সুধিলো কাপোৰ কিনিছা ? ৰাজীৱৰ উত্তৰ : উম , চাৰ্ট এটা ললো আগৰবাৰ লোৱা জিনছটো ভালেই আছে  ৷ সেই সময়ত টিংকুৰ ফোন আহে ৷ ৰিং বাজিলেই আমি আৰু কৈ দিও কোন ? সেইজনী না ? আহিলেই ; সি আমাৰ কথাত উত্তৰ নিদি মোবাইলত @@ হেল্লো @@ ৷ আমিও গম পালো যে ঘৰৰ ফোন ৷ মোৰ ফোন আহিলে মোকো তেনেকৈ কয় ৷ সি আহি কলে সোনকাল যাম বাজাৰ কৰিব আছে ৷ মই কলো মোৰো বজাৰ কৰিব আছে যাওতে কৰি লৈ যাম৷  সময় তেতিয়া সন্ধিয়া ছয় বাজি গৈছে ৷ ৰাজীৱৰ গাৰ্লফ্ৰেণ্ডৰ ফোন আহিল ৷ সি আমাক কলে যে অলপ সময় ৷ তেতিয়া টিংকু আৰু মই কিবাকিবি কৈ আছো ৷ টিংকুই মোক কলে যোৱাবাৰ যে মই চালো এইবাৰ আহিব না ? আহিলে ভাল আছিল কৈ উঠি মোক কয় তোৰটো আছেই , ঐ  . . . সিটো ঘৰ আহ যাও আহ চাহ খাই আহো (জোকাই)৷ মই এটা শব্দৰ উত্তৰ -হয়না ! মই তাক কলো তই চোৱাজনী যোৱাকালি নিশিতাৰ (নিশিতা আমাতকৈ এটা ক্লাছ তলত @ জুনিয়ৰ ) লগত ফটোত দেখিছো দেখিলো ফেচবুকত ৷ তই চাবিচোন হয়নে নহয় ৷  সি তেতিয়াই নিশিতাৰ ফেচবুক প্ৰোফাইল চাৰ্চ কৰি উলিয়ালে৷ দেখিলে আৰু হাহি এটা দি কলে হয় ৷ ৰাজীৱ আহিল ফোন কৰা হোৱাত ৷ সি সুধিলে কি ? মই কলো ৷ ৰাজীৱে কলেই -ইয়াক কৈ লাভ নাই ৷ টিংকুই হাহি কলে তোৰ অভিগ্য়তা আছে মোক অলপ শিকাই দি ৷ অহাকালি পুতুকাৰ গৰম গৰম আলুৰ চ'প খুৱাম ৷ টিংকুই একো নকলে ৷ মোবাইল মেছেজত ব্যস্ত ৷ টিংকুই কলে ঘৰত যাও ৷ আমি কলো উম ৷ খোজকাঢ়ি আহি আছো কথা কৈ কৈ ৷মই কলো মই চাইছিলো তাইক হে ৷ কিন্তু উল্টা ৰাজীৱে তাৰ গাৰ্লফ্ৰেণ্ডে সুধাত উল্টাকৈ কৈ দিলে ৷ আছলতে মই অজন্তাক হে চাইছিলো ৷ ই কৈ দিলে মৃদুলা ক বুলি ৷ ৰাজীৱৰ গাৰ্লফ্ৰেণ্ড আৰু মৃদুলা একে লগে পঢ়া ৷ কিন্তু অজন্তা মৃদুলাতকৈ এটা শ্ৰেণী আগত ৷
এনেকৈ কথা কৈ কৈ টিংকু আৰু মই দোকানত বজাৰ কৰিব গ'লো  ৷ ৰাজীৱ মোবাইলত ব্যস্ত ৷  বজাৰ কৰা হোৱাত আমি সকলো ঘৰত গলো ৷ ঘৰত বজাৰ থৈ ফেন দি বহিব পালো কি নাই ৰুমত টিংকুৰ মেছেজ৷ মোৰ ফেছবুকত পঠাইছে৷ কলে যে ৰিকুএষ্ট পঠাইছো ৰ ৷ একচেপ্ত কৰিলে ভাল আছিল ৷ মই ৰিপ্লাইট কলো -লাগে ৰহো ৷  সি কলে যে নিশিতা মোৰ ফ্ৰেণ্ডত আছে  তাইকো মেছেজ কৰিছো ৷ কিন্তু তাই এতিয়া অফলাইন হৈ আছে ৷ মই কলো মোৰো তাই মোৰ এফ বি  ফ্ৰেইণ্ডত আছে কিন্তু মেছেজ কৰা নহয় ৷মই এফ বিত মেছেজ কমকৈ কৰো ৷ মই  টিভিটো অন কৰি ফুটবল খেলা হৈ থকা চেনেলত দিছো৷   সেইসময়ত মইও মই চোৱাজনীৰ প্ৰোফাইল চালো ৷ মই চোৱাজনী মোৰ ফ্ৰেইণ্ডত নাই ৷ চাৰ্চ সদায় কৰো ৷ নামটো আছে অজন্তা কলিতা বুলি ৷ প্ৰোফাইলত ফটোও নাই ৷ হয়নে নহয় কনফিউচ৷ কনফিউচ হব লগা কথাও ৷ সেইসময়ত আমি নতুন এফ বিত৷ বহুতে কয় বহুত ফেক একাউন্ট আছে ছোৱালীৰ নামত ৷ মই প্ৰোফাইল চাইহে এফ বি ফ্ৰেইণ্ড বনাও আৰু ৰিকুএষ্ট পঠাও ৷ কিন্তু যি হলেও অজন্তাক ৰিকুএষ্ট পঠাই দিছো বহু দিন আগতেই ৷ অলপ খেলা চাই টিভিটো বন্ধ কৰি দিলো৷ 

সময় ৰাতি প্ৰায় ৮ বাজিছে ৷ পলিটিকেল চাইন্সৰ কিতাপখন হাতত লৈছো ৷ অলপ সময় পঢ়াৰ পিছত এটা এফ বিত ফ্ৰেইণ্ড ৰিকুএষ্ট আহিল ৷ দেখিলো লগৰ লৰা৷ মানে সি আমাৰ গাৱত থকা তাৰ মোমায়েকৰ ঘৰত থাকি কলেজ পঢ়িছিল ৷ মেচেজ কৰিলো কলে খবৰ পাতি ৷ এতিয়া সি প্ৰাইভেট কোম্পানীত এটাত কাম কৰে ৷  সি কলে গৈ আছো লগ হম ৷ মই কলো -আহিবা ৷ তেতিয়াই অনলাইনত চিনাকী বান্ধৱী এজনীক মেচেজ কৰিলো৷ কি কৰিছা ? সুধিলো বেলেগ উত্তৰ দিলে বেলেগ ৷ কলে গাৰ্লফ্ৰেণ্ড কি খবৰ ? কেনে চলিচে ? মই কলো কোন ৷ এতিয়াই বনাই দিলি ৷ তাই কলে পাৰ্টি পাৰ্টি ৷ মই কলো নিশ্চয় ৷ অলপ পিছত আকৌ অজন্তাৰ প্ৰোফাইল চালো ৷  তেনেতে টিকুৰ মেছেজ - তাই নিশিতাৰ বেষ্ট ফ্ৰেইণ্ড৷ একেলজে পঢ়ে ৷ সি নিশিতাক সুধিছিলে ৷ মই কলো - কৈ আছিলি নহয় যে এইবাৰো আহিব নে? পাইছা বিচাৰি এতিয়া ৷ মই আকৌ কলো যে অজন্তাৰ প্ৰোফাইল পিকচাৰ নাই ৷ সি কলে যে তাইৰো প্ৰোফাইল পিক নাই তাইৰ এফ বিত ৷ মই কলো নতুনত ছাগে নিদিয়ে ৷ পিছত দিব নেকি ? সি কলে - হব পাৰে৷ মই অলপ পিছতেই নিশিতাক এটি মেছেজ দিলো ৷ তাই কলে- ও তাই মোৰ ফ্ৰেইণ্ডত আছে কিন্তু বেছেকৈ অনলাইন নাথাকে৷ ফটোও নাই দিয়া ৷
সময় ৰাতি ১০ বাজি গল৷  ঘৰত ৰুটি আৰু তৰকাৰি বনাইছে খাই শুব ওলাইছো তেতিয়া আকৌ এবাৰ প্ৰোফাইল চালো ৷ শুই গলো ৷ ক্ৰমশ . . .
সঞ্জু বি.

Post a Comment

Previous Post Next Post