প্ৰেৰণা (সৎ-সাহস)- মনালিছা সোনোৱাল ভূঁঞা
প্ৰেৰণা (সৎ-সাহস)
মনালিছা সোনোৱাল ভূঁঞা (বঙাইগাঁও)
          বিখ্যাত ডাঙৰ কোম্পানিৰ মালিকজনে ঘৰৰ পৰা অফিচলৈ গৈ আছিল। বাটতে তেওঁ দেখিলে এজন ডেকা ল'ৰাই দোকান এখনৰ চিৰিবোৰ ঘঁহি ঘঁহি পৰিস্কাৰ কৰি আছে। ল'ৰাটোক তেওঁ আগতে ক'ৰবাত দেখা দেখা লাগিল। সেয়ে তেওঁ নিজৰ গাড়ীখন ৰখাই ল'ৰাজনক সুধিলেঃ "হেৰা,তুমি নো ইয়াত কি কৰি আছা?"
কুৰি বছৰীয়া ল'ৰাজনে ক'লেঃ"মই এই দোকান খনত কাম কৰো।"
মানুহজনে কিবা এটা মনত পেলোৱাৰ দৰে কৰি ক'লেঃ"তোমাৰ দেউতা আমাৰ কোম্পানিৰ কেণ্টিনত ৰান্ধনিৰ কাম নকৰে জানো?"
ল'ৰাজনে মূৰ জোকাৰি ক'লেঃ "হয়।" তাৰ পাছত মানুহজনে আৰু এটা শব্দও উচ্চাৰণ নকৰি পোনে পোনে অফিচলৈ গৈ ল'ৰাটোৰ দেউতাকক মতাই আনি ক'লেঃ" হেৰি আপোনাৰ ল'ৰাটোৱে ইমান সৰু কাম কৰি আছে কিয়?"
ল'ৰাটোৰ দেউতাকে ক'লেঃ"ছাৰ,সি কলেজত পঢ়িব বিচাৰে। কিন্তু তাক পঢ়োৱাৰ সামৰ্থ্য মোৰ একেবাৰেই নাই। সেয়ে সি তাৰ পঢ়াৰ খৰচ উলিয়াবলৈ তেনেদৰে অ'ত-ত'ত কাম কৰি আছে।" সকলো শুনি কোম্পানিৰ মালিক জনে ক'লেঃ"ঠিক আছে,কাইলৈ পুৱা তাক মোৰ ইয়ালৈ পঠিয়াই দিব।" পিছদিনা পুৱা ল'ৰাজন আহিলত তেওঁ ক'লেঃ"তোমাক মই কলেজত নাম লগাই দিম। তাৰ লগতে অন্যান্য খৰচো দিম। ইয়াত লিখি দিয়া তোমাক কিমান টকা লাগে? অৱশ্যে এইখিনি টকাৰ বাবে তুমি কিছুমান চৰ্ত মানিব লাগিব।"
মালিক জনৰ কথা শুনি ল'ৰাজনে প্ৰশ্নবোধক দৃষ্টিৰে তেওঁৰ ফালে চাই মনে মনে থাকিল। তাকে দেখি মালিকজনে আকৌ ক'বলৈ আৰম্ভ কৰিলেঃ "মোৰ চৰ্তবোৰ হ'লঃতুমি নো ক'ৰ পৰা কলেজত পঢ়াৰ খৰচ উলিয়ালা সেই বিষয়ে কাকো একো ক'ব নোৱাৰিবা। তুমি পৰীক্ষাত শ্ৰেণীৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাব লাগিব। মই তোমাক এইখিনি টকা ধাৰলৈ দিম। তুমি টকাখিনি মোক উভতাই দিব লাগিব। অৱশ্যে তুমি পঢ়া শেষ কৰি চাকৰিত সোমোৱাৰ পাছত। আৰু শেষ চৰ্তটো হ'লআজি মই তোমাক যেনেদৰে সহায় কৰিবলৈ আগবাঢ়ি আহিলো,তুমিও আনৰ বাবে তেনেদৰে আগবাঢ়ি আহিব লাগিব। কোৱা মোৰ এই চৰ্তত তুমি ৰাজীনে?"
মালিকজনৰ কথা শুনি আনন্দত ল'ৰাজনৰ মুখখন উজলি উঠিল। আনন্দত আত্মহাৰা হৈ সি ক'লেঃ"মই আপোনাৰ আটাইকেইটা চৰ্ত মানিবলৈ ৰাজী আছো।" তাৰ পাছত মালিকজনে ল'ৰাজনৰ নামত বেংক একাউণ্ট খুলি দিলে আৰ। সেয়া আছিল ল'ৰাজনৰ তিনি বছৰৰ পঢ়াৰ সৰ্বমুঠ খৰচ। ল'ৰাজনে আটাইবোৰ চৰ্ত পূৰণ কৰিছিল। সি কলেজীয়া শিক্ষা সুখ্যাতিৰেই সমাপ্ত কৰি এটা ভাল চাকৰিত সোমাইছিল আৰু মালিকজনৰ সকলো ধাৰ পৰিশোধ কৰিছিল। কিন্তু সি এটা চৰ্ত ভঙ্গ কৰিছিল। সেইটো হ'ল পৰৱৰ্তী জীৱনত সি এই কাহিনীটো এখন কাকতত প্ৰৱন্ধ আকাৰে প্ৰকাশ কৰিছিল। যাতে আনেও তাৰ দ্বাৰা অনুপ্ৰাণিত হয়। "নিজৰ লগতে আনকো ভাল পাবলৈ শিকে।"

Post a Comment

Previous Post Next Post