প্ৰেম নে কামনা -গুৰু জোন


প্ৰেম নে কামনা
- গুৰু জোন
 প্ৰেম নে কামনা ?
ভ্ৰুন বোৰক হত্যা নকৰিব !
অই
কামনাৰ জ্বোৰত নাছি থকা
মাতাল প্ৰেমিক প্ৰেমিকা সকল শুনক চোন
এইফালে আহক এইফালে
শুনিছেনে চিঞৰবোৰ ?
নে নুশুনাৰ ভাওঁ জুৰিছ ?
নাই নাই
কণ্ঠস্বৰ বোৰ চিনাকী লাগিলেও
সেয়া যেন দুৰ্বাৰ হেপাঁহ
জীয়াই থকাৰ
বাৰু
প্ৰেমৰ দিনবোৰত আপুনি কুশলে আছে নে ?
নে বিলীন কৰি দিছে ইজনে আনজনৰ ওচৰত ?


আপুনি প্ৰেমক সন্মান কৰে
নহয় জানো ?
কিন্তু আপোনাৰ চকুৰ আগত চিটিকি ফুৰা
হাতত ভিক্ষাৰ পাত্ৰ লৈ ঘুৰা ল’ৰা জন ক সন্মান কৰে নে ?
আপুনি আপোনাৰ প্ৰেমক স্বীকৃতি দিবলৈ
ক’ত যে কি নকৰে ?
কিন্তু ভিক্ষাৰ জোলোঙা লৈ থকা অনাদৃত সকলক
প্ৰেমৰ ভাষাৰে স্বীকৃতি দিয়ে নে ?

গৰম চুমা এটা দিবৰ বাবে
আপুনি উদযাপন কৰে নেকি প্ৰেমৰ এটি  দিন ?
নে বুকুত শুৱাই ল’বলৈ মুখা পিন্ধে প্ৰেমৰ ?
প্ৰেমত প্ৰয়োজনীয় নে এন্ধাৰ এচুক ?
প্ৰয়োজনীয় জানো পাৰ্ক , নিষিদ্ধ এলেকা ?

যদি আপুনি প্ৰেমেই কৰিছে
কিয় কলা ক আশ্ৰয় দিয়ে ?
যদফি আপোনাৰ ভালপোৱা আছেই
কিয় নিষিদ্ধ এলেকাত গৈ টকাৰ বৰষুণ দিয়ে ?

যেন আপুনি  বিছাৰিব
কলাৰ মাজত ৰঙীন আলোক ?
কিন্তু সম্ভৱ জানো ?

প্ৰেম ৰ অৰ্থ তেওঁক সুধিব
যাক শিৰঁত উকা চাপ বহিছে
যাৰ হৃদয়ৰ নাৰী গৰাকী কেতিয়াবাই হেৰাইছে ?

এবাৰ কেতিয়াবা নিজকে প্ৰশ্ন কৰিব চোন ?
কিমান বাৰ শোষন কৰিছে প্ৰেমক
কিমান প্ৰবঞ্চনা কৰিছে ভালপোৱাক
কিমান ধৰাশয়ী কৰা হৈছে জীৱনক

বিশ্বাস আৰু ত্যাগ হৈছে প্ৰেম
বিশ্বাসৰ ফলত গছত ফুল লাগে
ত্যাগৰ ফলত ফুলে সুবাস বিয়পাই

ৰ’ব
প্ৰেম কামনা হ’ব নোৱাৰে
প্ৰেমত সৃষ্ট ভ্ৰুণৰ স্থিতি নৰ্দমা নহয়
হয় আছল মমতাৰ
কিন্তু ভ্ৰুণবোৰ স্থিতি ক’ত হ’ব ?

হয়টো দহ টকাত নষ্ট হ’ব কাৰোবাৰ সতীত্ব
হয়টো ৰিক্ত হাতেৰেই কোনোবাই পাণ কৰিব প্ৰেমৰ অমিয়া

কেৱল প্ৰেম ক কামনা নসজাৱ
প্ৰেমে সৃষ্টি কৰে
কামনাই ধংস কৰে
প্ৰেমত ফুলে শতদল
কামনাই দিয়ে মৃত্যুৰ পথ ৷

Post a Comment

Previous Post Next Post