অসমীয়া চলচ্চিত্ৰ তথা ভ্ৰাম্যমাণৰ এজন দৰ্শক- অংকুৰ কুমাৰ কলিতা


অসমীয়া চলচ্চিত্ৰ তথা ভ্ৰাম্যমাণৰ এজন দৰ্শক
-অংকুৰ কুমাৰ কলিতা 

আজিৰ দিনত অসমীয়াৰ প্ৰাধান্য খুব কম অসমীয়া ভাষা, অসমীয়া চলচ্চিত্ৰ, বিভিন্ন শিল্পী, কলা-কুশলীৰ লগতে অসমীয়া মানুহৰ প্ৰতি থকা ভাবুকি দিনক দিনে বৃদ্ধি পাই আহিছে অসমীয়া চলচ্চিত্ৰৰ অসমীয়া অভিনেতা-অভিনেত্রীক উঠি অহাত হেঙাৰ হিচাপে থিয় দিয়ে আমাৰ অসমৰে কিছুমান বিশেষ লোকে যাৰ মানসিকতাৰ অভাৱ বৰ্তমান সময়ত অসমীয়া চলচ্চিত্ৰক লৈ  আমাৰ অসমৰে বহু অসমীয়াই কয় অসমীয়া চলচ্চিত্ৰৰ কাম নাই অসমীয়া চলচ্চিত্ৰ নচলে অসমীয়া চলচ্চিত্ৰ কোনোবাই চাই নে ? ইত্যাদি... মই তেওঁলোকক শুধিছো কেতিয়াবা অসমীয়া চলচ্চিত্ৰ চাইছা নে ? নাই চোৱা  
আমি সকলো এতিয়া ছচিয়েল মিডিয়া ফেচবুক,হোৱাটচাপ,টুইটাৰ বিভিন্ন দিশত জড়িত অসমীয়া চলচ্চিত্ৰ এখন নিৰ্মাণ কৰিলে বৰ্তমান ছচিয়েল মিডিয়াত প্ৰায় ১০০ জন মানুহে মতামত দাঙি ধৰে সেই চলচ্চিত্ৰখনৰ ওপৰত----ভাল হৈছে, বেয়া হৈছে কিন্তু সেই ১০০ জন মানুহে চলচ্চিত্ৰখন উপভোগ কৰি জানোঁ মতামত দাঙি ধৰিছে?  নাই ধৰা হয়তো ১০ জন,২০ জনে উপভোগ কৰিছে আৰু বাকী ৮০ জন ,৯০ জনে নোচোৱাকৈ মতামত দাঙি ধৰিছে মই কব বিচাৰোঁ সেই ১০০ জন মানুহে অসমীয়া চলচ্চিত্ৰ উপভোগ কৰি মতামত দাঙি ধৰিব তেতিয়া গৌৰৱেৰে কব পাৰিব আমি অসমীয়া, আগৰ দৰে এতিয়াও অসমীয়া চলচ্চিত্ৰ জীয়াই আছে বা জীয়াই ৰাখিব লাগিব অসমীয়া চলচ্চিত্ৰ কাম নাই বুলি মূৰ্খৰ পৰিচয় নিদিব  
লগতে আমাৰ অসমৰ আন এক গৌৰৱ, অসমীয়া সকলৰ গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰ বা নাটক কিন্তু আমি দেখিবলৈ পাইছো যে আগৰ নাটক আৰু বৰ্তমানৰ নাটকৰ মাজত বহুত পাৰ্থক্য আগৰ দৰে এতিয়াও মানুহ হিলদল ভাঙি নাটক উপভোগ কৰিবলৈ ওলাই আহে নাটক উপভোগৰ পিছত মানুহৰ মুখত হাঁহিও দেখিবলৈ পাওঁ কিন্তু এই হাঁহিৰে নাটকখন,কমিটিৰ লগতে অসমীয়া অভিনেতা-অভিনেত্রী, পৰিচালক, প্ৰযোজকক আগুৱাই নিব পাৰে আৰু আন এক হাঁহিৰে এইবোৰক উপলুঙাও কৰিব পাৰে এতিয়া দৰ্শক সকলোলৈ এৰিলো আপোনালোকে বা কোনটো হাঁহি মাৰে ? তাৰ পিছত আকৌ বহুতে কয় নাটকৰ কথা নাট্যকাৰৰ কথা নাটক বেয়া,নাট্যকাৰক উপলুঙা দৃষ্টিৰে চাই মোৰ দৃষ্টিত কোন ভাল কোন বেয়া কবলৈ আমাৰ কাম নহয় আমাৰ এটাই উদ্দেশ্য আমাক নাট্যকাৰ সকলে আগৰ দৰে এতিয়াও ভাল ভাল নাটক উপহাৰ দিয়ে যেন যাতে আগলৈও নাটক উপভোগৰ বাবে হিলদল ভাঙি মানুহ ওলাই আহে আৰু আমাৰ অসমৰ নাটক বুলি কৈ পৰিচয় দিব পাৰো আহিব লাগিয়া প্ৰজন্মখিনিক কব পাৰো---''সৌ তাহানিৰ দিনৰ ককাইদেউৰ দিনৰ নাটক এতিয়াও জীয়াই আছে "

তাৰ পৰবৰ্তী সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, কলা-কুশলীৰ অকাল মৃত্যু বেদনাদায়ক হোৱাৰ লগতে ব্যৱহাৰিক দিশতো এক অপূৰণীয় ক্ষতি আৰু শিল্পী, কলা-কুশলীৰ পৰিয়ালৰ প্ৰতিটো নাট্যদলে ''-মাহ নিজৰ আপোন ঘৰখনৰ পৰা আঁতৰি অসমৰ বিভিন্ন ঠাইত ঘুৰি ফুৰি নাট নিবেদন কৰি দৰ্শকক আমোদ দি আহিছে তেনেস্থলত প্ৰতিটো নাট্যদলৰ অভিনেতা-অভিনেত্রী, কলা-কুশলী সকলে তেওঁলোকৰ কৰ্মজীৱনৰ লগতে নিজৰ দেহটো, খোৱা খাদ্য আৰু দৈনন্দিন ব্যৱহাৰিক পানীৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত প্ৰতিজনে সুস্থ হৈ থাকিলেহে কৰ্মজীৱনত আগুৱাই যাব পাৰিব আপোন ঘৰখনৰ পৰা ''-মাহ আঁতৰি থকা প্ৰতিজন অভিনেতা -অভিনেত্রী, কলা-কুশলীৰ পৰিয়ালৰ মা-দেউতা,ভাই-ভণি,লৰা-ছোৱালী সকলোৱে অতি আগ্রহেৰে ৰৈ থাকে তেওঁলোকে সুন্দৰ ভাৱে নিজৰ ঘৰখনলৈ ''-মাহৰ অন্তত উভতি আহিব বুলি সেয়েহে আমি সকলোৱে সকলো দিশত লক্ষ্য ৰাখি আগুৱাই যাব লাগে আৰু এই ক্ষেত্রত ভ্ৰাম্যমাণৰ সৈতে জড়িত প্ৰতিজন শিল্পী, কলা-কুশলীৰ পৰা গাড়ী চলোৱা চালক জনৰো একোখনকৈ জীৱনবীমা আচঁনি গ্ৰহণ কৰিব লাগে কাৰণ আমাৰ মাজৰ পৰা আকস্মিক ভাৱে শিল্পী, কলা-কুশলী নোহোৱা হৈ 'লে সাংস্কৃতিক জগতৰ লগতে পৰিয়ালৰ এক অপূৰণীয় ক্ষতি সেয়েহে ভ্ৰাম্যমাণৰ সৈতে জড়িত প্ৰতিজনে নিজৰ আপোন ঘৰখন,পৰিয়ালৰ কথা ভাবি, নিজৰ স্বাস্থ্যৰ কথা ভাবি সাৱধানে চলা উচিত
   



Post a Comment

Previous Post Next Post