Assamese Actor Kumud Talukdar



অভিনেতা পৰিচালক কুমুদ তালুকদাৰ


পঞ্চম শ্ৰেণীত পঢ়ি থাকোতেই অভিনয় জীৱনৰ পাতনি মেলা কুমুদ তালুকদাৰ বৰ্তমান সময়ৰ এজন বিশিষ্ট অভিনেতা তথা পৰিচালক। সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা ছয়্গাৱত নাট কৰ্ম শালাত অংশ গ্ৰহণ কৰি বিভিন্ন নাট্যগোস্ঠীৰ লগত নাট প্ৰদৰ্শন কৰে লগতে ছয়্গাৱত শ্ৰেষ্ঠ অভিনেতা হিচাপে সন্মান লাভ কৰে।২০০২-০৩ বৰ্ষত তালুকদাৰে ভ্ৰাম্যমানৰ এটই নাট্যদল অসমজ্যোতি থিয়েটাৰত খোজ পেলাই শ্ৰোতা দৰ্শকৰ মন জয় কৰে ইয়াৰ পিছত তালুকদাৰে প্ৰাগজ্যোতিষ থিয়েটাৰত অভিনয় কৰে। বিগত বৰ্ষৰ পৰা তালুকাদাৰে কৈলাশপতি নাট্যগোষ্টীত পৰিচালক হিচাপে কাম কৰি থকাৰ উপৰিও বিভিন্ন নাট্যগোষ্টীত পৰিচালনাৰ দায়িত্ব গ্ৰহন কৰিছে। সেই অভিনেতা পৰিচালক কুমুদ তালুকদাৰৰ সৈতে সম্পাদকৰ খন্তেকীয়া বাৰ্তালাপ-

মনৰ নিজানত        -পৰিচালক হিচাপে আগৰ নাটক সমূহ আৰু বৰ্তমানৰ নাটক সমূহৰ  মাজত কি পাৰ্থক্য দেখা পায়?
তালুকদাৰ            -সময়ৰ পৰিবৰ্তন
মনৰ নিজানত        -প্ৰিয় অভিনেতা-অভিনেত্ৰী,কন্ঠশিল্পী?
তালুকদাৰ            -অভিনেতা/অভিনেত্ৰী বুলি কলে- তপন দাস,নিপন গোস্বামী, কন্ঠশিল্পী- জুবিন গাৰ্গ
মনৰ নিজানত        -প্ৰিয় কবি?
                        -প্ৰণৱ বৰ্মন
মনৰ নিজানতৰ পঢ়ুৱৈ সকলক কি ক-
তালুকদাৰ            -মনৰ নিজানত'উন্নতি হওক। এই আালোচনী খনৰ জৰিয়তে নতুন প্ৰতিভাৰ সৃষ্টি হওক, মনৰ নিজানতে আৰু ভাল ভাল কাম কৰক,ধন্যবাদ।

মনৰ নিজানত        - আামিও তেখেতলৈ যাচিছোঁ আন্তৰিক মৰম, এজন শ্ৰেষ্ঠ অভিনেতা হওক, শ্ৰেষ্ঠ পৰিচালক হওক, আগুৱাই যাওক।

Post a Comment

Previous Post Next Post