মনৰ কথাৰে - ধৰিত্ৰী হালৈ
                      মনৰ কথাৰে                
বহুত আশাৰে বাট চাই আছিলো
তোমাৰ বাবে
জানা.....
তুমি আহিবা .....আৰু
আমি নৈৰ পাৰে পাৰে ফুৰিম
আকৌ এবাৰ হেৰাই যাম
নষ্টালজিয়াবোৰৰ মাজত ,
সূৰ্য অস্তৰ সেই মনোমোহা দৃশ্য
তুমি চাগে এতিয়াও চিঞৰি উঠিবা ন'
আগৰ দৰে .......হা:...হা:
অ' শুনা ....আৰু কি জানা
আমাৰ গাঁওখনো তোমাক
দেখুৱাব লাগিব
আগৰ দৰে নাই নহয় এতিয়া
বহুত সলনি হ'ল
তুমি আহিলে দেখিবা দিয়া ।
নৈৰ পাৰৰ সেই যে ওখ গছডাল
তোমাৰ মনৰ আছেনে
অ' সেইডালেই য'ত আমি খেলিছিলো
তাৰ তলত বহি অলপ কথা পাতিম
মনৰ কথাবোৰ যে
নহ'লে দেখোন পাতিবলৈ ৰৈ যাব ।
লাহে লাহে আবেলিৰ আকাশত
বেলিটিৰ ওভতনি যাত্ৰা
মাথো সাক্ষী হৈ ৰ'ম আমি ,
তুমিও মোৰ দুহাতত গুজি দি
মৰমৰ টোপোলাটি
যাওঁ নাযাওঁকৈ আতৰি যাবাগৈ
সুদূৰত নেদেখা নোহোৱালৈকে  চাই ৰ'ম তোমাক
দুচকু সেমেকি উঠিব
অলপ ভয় অলপ শংকাত
তেনেকুৱা সময় অতিবাহিত কৰাৰ
সুযোগ সময়ে আকৌ দিয়ে কি নিদিয়ে ....!
কি যে মজা লাগিল হয়
চিনেমা চিনেমা যেন লগা
এটি মুহূৰ্ত .....আহহ্
কিন্তু ....তুমি আহিব নোৱাৰিলা
ভীষণ ব্যস্ততাৰ মাজত
সময় উলিয়াব নোৱাৰিলা হেনো
এতিয়া
মোৰ হৃদয়ৰ গভীৰতম কোণত
নামবিহীন এটি বিষৰ উকমুকনি
এতিয়া আৰু
যিকোনো সময়তে গ্ৰাস কৰিব পাৰে
মোৰ মন মগজু
সেই বেনামী বিষটোৱে ।
                       ✍ধৰিত্ৰী হালৈ

1 Comments

  1. Khundor khundor ati khundor.... Bahut bhal lagil kobitato porhi

    ReplyDelete

Post a Comment

Previous Post Next Post