ডিপ্রেছন-মৃণাল কলিতা


বর্তমানৰ সময়ত এটা ভয়ংকৰ সমস্যা "ডিপ্রেছন"
                                                                        
                                                                      মৃণাল কলিতা, পলাশবাৰী
      মানুহৰ শান্ত অথবা অশান্ত অৱস্থাৰ মাপকাঠি হ'ল মন মনত যদি শান্তি নাথাকে তেনে হ'লে অৱশ্যেই ধৰি ল'ব লাগিব যে জীৱনত কোনো অভান ,দুখ বা ৰোগৰ সৃষ্টি ঘটিছে জীৱনটো সকলোৰে বাবে প্রিয় আৰু মূল্যবান সম্পদকিন্তু কেতিয়াবা সেই জীৱনটোকে বহুতে ঘিণ কৰিবলৈ আৰম্ভ কৰে
বর্তমানৰ যুগক প্রতিযোগিতাৰ যুগ বুলি কোৱা হয় বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ প্রসাৰৰ লগে লগে মানুহৰ জীৱন গাথা সৰলৰ পৰা জটিললৈ যোৱা পৰিলক্ষিত হৈছে প্রতিযোগিতাৰ প্রভাৱত প্রতিজন মানুহ একো একোটা যন্ত্র সদৃশ হৈ পৰিছে ব্যস্ততাই আগুৰি ধৰা মানুহবোৰে সময়ে সময়ে নিসংগতাবোধ অনুভৱ কৰেব্যক্তি এজনে যেতিয়া জীৱনত সন্মুখীন হোৱা কোনো সমস্যাৰ সমাধান নিজা সামর্থ্যৰে কৰিব নোৱাৰে ,তেতিয়াই মানসিক চাপৰ সৃষ্টি হয়।
অতিমাত্রা মানসিক চাপ ব্যক্তি এজনৰ বাবে ক্ষতিকাৰক যিয়ে ব্যক্তি  এজনৰ আৱেগিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰাৰ উপৰিও নানা গুৰুতৰ শাৰীৰিক সমস্যাকে ধৰি হৃদপিণ্ডৰ ৰোগ,ডায়েবেটিছ,উচ্চ ৰক্তচাপ,পাকস্থলীৰ ঘা,ষ্ট'ক আৰু কর্কট ৰোগৰ সৃষ্টি কৰিব পাৰে এই মানসিক চাপত কিশোৰ-কিশোৰীৰ পৰা আৰম্ভ কৰি ডেকা,মধ্যবয়সীয়া,বৃদ্ধ সকলো বয়সৰ লোক ভুক্তভোগী হৈ বহু যন্ত্রণাৰ সন্মুখিন হ'ব লগাত পৰে
বর্তমান সময়ত বিশ্বৰ যিফালেই চোৱা যায় সিফালেই অশান্তিৰ বাতাৱৰণ পৰিলক্ষিত হয়এনে সময়ত মানুহৰ জীৱন যাত্রাত প্রায়ে শুনিবলৈ পাইচো "ডিপ্রেছন" শব্দটো গভীৰ বেদনাবোধ,বিষাদগ্রস্থতাকে সাধাৰণতে "ডিপ্রেছন" বুলিব পাৰি আমেৰিকা যুক্তৰাষ্টত 'ডিপ্রেছন" তৃতীয় ভয়াবহ ৰোগ হিচাপে পৰিগনিত হৈছে মানুহে  নিজে ক'ব নোৱাৰাকৈয়ে এই 'ডিপ্রেছন' অথবা মানসিক চাপৰ কবলত পৰি থাকে ব্যক্তিজনে তাৰ অনুমান পোৱালৈকে সেই মানসিক চাপে মানুহজনক সম্পূর্ণভাৱে নিজৰ মাজত আৱদ্ধ কৰি লয় আৰু মৃত্যুলৈ থেলি দিয়ে  সমগ্র বিশ্বতে বর্তমান 'ডিপ্রেছন' মহামাৰীৰ দৰে বিয়পি পৰিছে প্রতিজন মানুহৰে জীৱনত আশা-আকাংক্ষা,কামনা-বাসনা আছে যাক প্রাপ্ত নহলে অপ্রাপ্তিৰ বেদনা বা আশা ভংগৰ যাতনাই মামুহৰ দুখানুভূতিৰ সৃষ্টি কৰে হেনৰী লংফেলোৱে ঊনৈশ শতিকাতে তেওঁৰ কবিতাত কৈছিল ,'সকলো মানুহৰে বুকুৰ মাজত কিছুমান গোপন দুখানুভূতি থাকে যিবোৰে বহু সময়ত মানুহ এজনৰ জীৱন আনন্দহীন কৰি তোলে সকলো সময়তে গভীৰ অসন্তুষ্টি আৰু দুখবোধে মানুহ এজনৰ জীৱন বিৰক্তিকৰ দুর্বিসহ কৰি তোলে জীৱনৰ প্রতি কোনো মোহ নথকা হৈ পৰে শেষত এই অসনীয় মানসিক যাতনাৰ পৰা পৰিত্রাণ বিচাৰি ব্যক্তিজনে আত্মহত্যাৰ কাষ চাপে
ব্যক্তি আৰু বয়স ভেদে মানসিক চাপত ভোগাৰ কাৰণবোৰ ভিন্ন ভিন্ন হয়

মানসিক ৰোগ সৃষ্টিৰ বহুতো কাৰণ আছে ইয়াৰ ভিতৰত কেইতামান কাৰণ তলত উল্লেখ কৰা হ'ল -

১/       অধ্যয়ন আৰু পৰীক্ষাত আশা কৰা মতে ফল নাপালে
২/      বন্ধুত্বৰ সম্পর্কত ভাঙোন আহিলে
৩/      অৰ্থনৈতিক দুৰৱস্থা
৪/      প্রেম-বিচ্ছেদ
৫/      পিতৃ-মাতৃৰ পৰা অৱহেলা
৬/      অধিক কথা বা খবৰ মনত ৰাখিব লগীয়া হোৱাত
৭/      অধিক সময় কাম কৰিব লগা হোৱাত
৮/      জীৱনত অধিক বস্তুৰ প্রয়োজনৰ আশা কৰা মতে প্রাপ্ত নহলে
১০/    জীৱিকা আৰু কর্ম সংস্থাপনৰ অভাৱ
১১/     পৰিয়াল আৰু আত্মীয়ৰ সহযোগিতা নাপালে
১২/     অত্যাধিক খং,অহংকাৰ
১৩/    যৌন সমস্যা,কম বিনোদন
১৪/     কামৰ পৰা কম চুটী লোৱা
১৫/    সামাজিক আৰু আধ্যাত্মিক প্রভাৱ
১৬/     বন্ধু বা লগৰীৰ অভাৱ
১৭/    সমাজৰ দুর্নীতি,দৰিদ্রতা
১৮/    কিছুমান শাৰীৰিক ৰোগ আৰু সেৱন কৰা ঔষধৰ প্রভাৱত
অত্যাধিক মানসিক চাপত ভুগিলে ব্যক্তি এজন অস্থিৰ হৈ পৰে আৰু আচৰণৰ পৰিৱর্তন  দেখিবলৈ পোৱা যায়

মানসিক চাপ অথবা ডিপ্রেছন ভুগাৰ বহুতো লক্ষণ আমি দেখো তাৰ ভিতৰতে হ'ল -

১/       বন্ধু-বান্ধৱ পৰা আতৰি থকা
২/      খোৱা-বোৱা,টোপনি অনিয়মীয়া হয়
৩/      বাৰে বাৰে চিগাৰেট অথবা অন্য ধপাত সেৱন কৰা
৪/      মাদক দ্রব্য সেৱন কৰা
৫/      বাৰে বাৰে চাহ বা কফি খোৱা
৬/      নখ কামুৰি থকা
৭/      অসাৱধানতাৰে গাড়ী চলোৱা
৮/      নিজকে সামাজিকভাৱে আঁতৰাই আনি অকলশৰে থকা
৯/      হাতৰ মুঠি টানকৈ মৰা
১০/    হাতৰ আঙুলিৰে চকী আৰু মেজত তবলা বজোৱা
১১/     ভোক নলগা,খং,হতাশা আৰু ভয়
১২/     হঠাতে দুখী,খিংখিঙীয়া আৰু অধৈর্য্য হৈ পৰা
১৩/    মনোযোগ,স্মৃতিশক্তি লোপ
১৪/     নিজকে নিৰাপত্তাহীন অনুভৱ কৰা
১৫/    নিজৰ চুলিত টানি থকা
১৭/    অকাৰণতে হঠাতে হাঁহিবলৈ ধৰা

আমি সমাজত প্রায়ে দেখিবলৈ পাও যে এনে মানসিক চাপত ভুগা বিষাদগ্রস্থ ব্যক্তি সকল অন্ধবিশ্বাসৰ ক‌বলত অতি সহজে বন্দী হৈ পৰে ইয়াৰ ফলত এটা সু-চিকিসাৰ অভাৱত ব্যক্তিজনৰ মৃত্যু হয়  নাইবা অন্ধবিশ্বাসৰ দৰে আন এটা সমস্যাৰে যুদ্ধ কৰিব লগা হোৱাত আত্মহত্যাৰ পথ বাচি লয় গতিকে মানসিক চাপত ভুগা ব্যক্তি সকলেও অন্ধবিশ্বাসত নপৰি তাৰ পৰা মুক্তি পাবলৈ নিজাকৈও কিছু যত্ন কৰাত গুৰুত্ব দিব লাগিব তাৰ লগতে অভিভাবক সকলো এই ক্ষেত্রত সচেতন হ'ব লাগিব কোনো এজন ব্যক্তি ডিপ্রেছন অথবা মানসিক চাপত ভুগিলে তাক সেই অৱস্থাৰ পৰা স্বাভাৱিক অৱস্থালৈ আনিবলৈ হ'লে উন্নত চিকিতসাৰ প্রয়োজন হয়

মানসিক চাপ অথবা ডিপ্রেছনৰ পৰা  কিদৰে সহজে মুক্তি পাব পাৰি তাৰ কেইটামান উপায় হ'ল যে-

১/       যিবোৰ কথাই মানসিক চাপ দিয়ে সেইবোৰ চিনাক্ত কৰি তেনে পৰিবেশ আৰু কথাবোৰক পৰিত্যাগ কৰিব লাগে
২/      মানসিক চাপৰ পৰা মুক্তি পাবলৈ আনৰ সহায় ল'ব লাগে নিজৰ মানসিক চাপৰ  কাৰণ পৰিয়াল ,আত্মীয়,বিশ্বাসি বন্ধু-বান্ধৱ,শিক্ষক অথবা  ডাক্তৰক জনাব লাগে আৰু সেই সকল ব্যক্তিও ৰোগীজনৰ  কথাবোৰ গুৰুত্বসহকাৰে শুনিব পাৰিব লাগিব কিয়নো মনোযোগেৰে কথাবোৰ শুনাটোৱে ৰোগীজনৰ বাবে মহৌষধৰ কাম কৰে এটা ভাল উপদেশ আৰু আত্মবিশ্বাস বঢ়োৱাৰ লগতে সাহস দিবলৈ সেইসকল ব্যক্তি ৰোগীজনৰ সকলো  সময়তে থিয় হ'ব পাৰিব লাগে বা বন্ধুৰ দৰে হ'ব লাগে
৩/      মাদক দ্রব্য সেৱন,ড্রাগছ সেৱন,ধপাত,টোপনি ক্ষতি আদিৰ দৰে বেয়া অভ্যাসবোৰ এৰিব পাৰিব লাগিব
৪/      স্বাস্থ্যটো সুস্থ কৰিবলৈ পুষ্টিকৰ আহাৰ,ভিটামিন,মিনাৰেল, বিশুদ্ধ পানী খাব লাগে
৫/      নিয়মিতভাৱে ভালকৈ শুব লাগে
৬/      ডাক্তৰৰ পৰা পৰামর্শ ল'ব লাগে
৭/      নিয়মিতভাৱে ব্যায়াম, খোজ কঢ়া,দৌৰা,খেল,চিনেমা চোৱা,গানশুনা, নতুন বন্ধু বনোৱা, সামাজিক কামত নিজক ব্যস্ত ৰখা ইত্যাদিয়েও মানসিক চাপ আঁতৰাই
৮/      আনক সহায় কৰিবলৈ যত্ন কৰিব লাগে আনক আৰু সমাজক সহায় কৰি পোৱা আনন্দই মানসিক চাপ কমাই
৯/      চাইক'থেৰাপি,মেডিটেচন,
ধার্মিক স্থান ভ্রমন অথবা তেনে অনুস্থানত অংশগ্রহন,ধৰ্মগুৰুৰ উপদেশ,প্রার্থনা ইত্যাদিয়ে মানসিক চাপ কমায়
১০/    সৃষ্টি মূলক কাম-কাজ যেনে লিখা-মিলা কৰা,গছ-গছনি আৰু ফুল ৰোৱা,ছবি অকা আদি কামত নিজক  ব্যস্ত ৰাখিব লাগে
১১/     শৰীৰৰ বন্ধুই প্রতাৰণা কৰে গ্রন্থ বন্ধুৱে প্রতাৰনা নকৰে,সেয়ে কিতাপক বন্ধু কৰিব লাগে
১৩/    যিমান পাৰে আত্ম বিশ্বাস বৃদ্ধি কৰিবলৈ যত্ন কৰিব লাগে

এইধৰণে মানসিক চাপৰ পৰা আমি মুক্তি পাব পাৰো

"জীৱনটো আচলতে খু‌ব চুটি,কেৱল জীৱনৰ দুখ-যন্ত্রণাবোৰেহে খুব দীঘলীয়া যেন কৰে "
- পাব্রিয়াছ ছাইৰাছ
          জীৱনতো বৰ মূল্যবান যাক এবাৰ হেৰালে পুনৰ পোৱাতো অসম্ভৱ, গতিকে যদিও  জীৱনৰ যাত্রা পথ দুর্গম তাৰ মাজেৰে ৰোগ-শোক,দুখ-দুর্দশা,হতাশা-নিৰাশা,পাপ-প্রলোভনৰ হেঙাৰ ভাঙি আগবাঢ়ি যোৱাটোৱে আমাৰ জীৱনৰ প্রকৃত লক্ষ্য

Post a Comment

Previous Post Next Post