ভালপোৱা-জোনালী ডাউকা


ভালপোৱা

           জোনালী ডাউকা


:ভালপোৱা কি অ ?
:মই
:অনুৰাগ?
:মই ভাৱিয়ে নাপাওঁ ৷
:ভালপোৱা কিমানলৈকে শিপাই?
:মূৰৰ পৰা ভৰিলৈ ৷
:ধৰা তুমি বিৰাট বিৰক্ত ৷ বহুত ভীৰৰ মাজত ৷ আৰু বিশেষ কাৰোবালৈ মনত পৰিল ৷ বৈ আহিল প্ৰশান্তিৰ এজাক মৃদু বতাহ সকলো দুখ  ভাগৰ মুহূৰ্ততে নোহোৱা হয় ৷সেয়াই ভালপোৱা নে?
:হ’ব পাৰে ৷
:মোৰ হয় তেনেকুৱা তেওঁৰ কথা মনলৈ আহিলে ৷
:আচৰিত ন?
:উম ৷
:মই জানো ৷ তোমাৰ সেই বিশেষজন ময়েই ৷
:উম হয় ৷ কিন্তু তুমি নুবুজা ৷
:কিয় নুবুজিমনো ? তুমি কিয় তেনেকে ভাৱা?
:কাৰণ তুমিয়েই মোক বাধ্য কৰিছা তেনেকৈ ভাৱিবলৈ ৷
:অহ্‌ ৷ তুমি মানে অথনিৰ কথাটোতে লাগি আছা ৷ সেইকাৰণে মোৰ খং উঠে ৷ তুমি মোক আপোন বুলি নাভাৱা ৷
:কেতিয়া ক’লো তুমি মোৰ আপোন নহয় বুলি ৷
:তেন্তে মই আপোন মানুহজনীক নাচায় বেলেগক চাব যাম নেকি?
:তুমি সেইটোৱে নুবুজা ৷ তুমি প্ৰেমক কেৱল উপভোগ কৰিব খোজা সকলো সময়তে ৷
:আচ্ছা ৷ তেন্তে কেনেকৈ প্ৰেম কৰিব লাগে তুমিয়েই শিকাই দিয়াচোন ৷
:প্ৰেম সদায় হৃদয়ৰ পৰা হৃদয়লৈ বৈ যায় ৷ তুমি মোৰ প্ৰতিটো কথাই , প্ৰতিটো স্বভাৱে উপভোগ কৰিব পাৰিব লাগিব।
:সোন ; ময়োচোন তাকেই কৈ আছো ৷ প্ৰেম হ’ল দুটা দেহত বাস কৰা এটা সত্ত্বা ৷ সেই দুটা দেহ এটা কৰিবলৈটো প্ৰেম জন্মে ৷ মই যিমানে তোমাৰ উন্মুক্ত দেহটো দেখো , বুকুৰ খলা বমা বোৰ দেখো , আকৌ নতুনকৈ প্ৰেমত পৰোঁ ৷
:সেইটোৱে ভাল নালাগে ৷ তুমি কেৱল মোৰ দেহটোহে ভাল পোৱা ৷ মনটোৰ খবৰ নাই ৷
:নহয় অ ৷ মই মোৰ হ’ব লগা মানুহজনীৰ মূৰৰ চুলিৰ পৰা ভৰিলৈকে সকলো ভাল পাওঁ ৷ মই তোমাৰ পাগল প্ৰেমিক ৷
:উম ৷ আৰু এটা কথা সুধোনে?
:সোধা ৷ মই জানো তোমাৰ মনত বহুত প্ৰশ্ন আছে ৷ তুমি সুধি যোৱা ৷ মই মোৰ প্ৰেমৰ সত্যতাৰ প্ৰমাণ দি যাম ৷
:নাই অ ৷ একো নাই ৷ I love you .
:I love you too সোন ৷
এয়া আজিৰ পৰা তিনি বছৰৰ আগৰ কোনো এটা সন্ধিয়া মোৰ মনৰ আপোনজনৰ লগত হোৱা এক বাৰ্তালাপ ৷ আমি নতুনকৈ প্ৰেমত পৰি হাবুডুবু খোৱা সময়ৰ কথা ৷ মই তাৰ কণ্ঠস্বৰ আৰু সি মোৰ ব্যক্তিত্ব আৰু সৌন্দৰ্যৰ ওচৰত আত্মসমাৰ্পন কৰি একেখন চহৰৰ বাসিন্দা দুই ডেকা-গাভৰুৱে একেলগে ভৱিষ্যতৰ সপোন ৰচনা কৰা সময়ৰ কথা ৷ মই আৰম্ভণীতে গম পাইছিলো , আমি  দুই মেৰুত বাস কৰা দুটা ভিন ভিন ব্যক্তিত্বৰ মানুহ ৷ মই উপন্যাস,গল্প আৰু ৰং তুলিকাৰ পৃথিৱীত বাস কৰাৰ বিপৰীতে সি চাকৰি আৰু টকাৰ অংকত মজি থকা মানুহ ৷ তথাপি মোৰ তাক ভাল লাগিছিল ৷ মই ভাবিছিলো মাইনাচে মাইনাচে প্লাছ হোৱাৰ লেখিয়াকৈ আমিয়ো এটা আনটোৰ পৰিপূৰক ৷ সি মোক বহুত মৰমৰ মাজত ৰাখিছিল ৷ মোৰ বাবে সেয়াই যথেষ্ট আছিল ৷ আমি উভয়ে প্ৰেমৰ কথা স্বীকাৰ কৰাৰ অতি কম সময়ৰ ভিতৰতে আমাৰ পৰিয়ালে আমাৰ প্ৰেমক স্বীকৃতি দিছিল ৷ তাৰ উচ্চ পদস্থ চাকৰি আৰু মোৰ স্নাতকোত্তৰ ডিগ্ৰী উভয়ৰ পৰিয়ালক সন্তুষ্ট কৰিবলৈ যথেষ্ট আছিল ৷ জাতি-কুল একে হোৱা হেতু অতি কম সময়ৰ ভিতৰতে আমাৰ প্ৰেমে বিবাহৰ ৰূপ লৈছিল ৷ মই মোৰ মনৰ মানুহজনৰ নামৰ সেন্দূৰেৰে কপাল ৰাঙলী কৰি নিজকে পৃথিৱীৰ সুখী নাৰীজনী বুলি বিবেচনা কৰিছিলো ৷
কিন্তু এই সুখ ক্ষন্তেকীয়াহে আছিল ৷ ইমানে ক্ষন্তেকীয়া আছিল যে ,বিয়াৰ ছয়মাহৰ পিছতে গলধন,পিঠি,কঁকালত আচুঁৰ আৰু আঙুলিৰ চাপে শুৱনি কৰিছিল মোৰ দেহ  ৷ গাৰ বিষে মোক কোঙা কৰিছিল,গাভৰু বয়সতে ৷ মই হতভাগিনীয়ে এই আচুঁৰ , দাগবোৰৰ বাবে পৰিয়াল কিম্বা আদালতৰ দ্বাৰস্থ হ’ব পৰা নাছিলো ৷ কিয়নো,এইবোৰ কোনো গাৰ্হস্থ্য হিংসাৰ বলি হৈ মোৰ দেহত থিতাপি লোৱা দাগ নাছিল , এইবোৰ আছিল মোৰ একালৰ প্ৰেমিক তথা বৰ্তমানৰ স্বামীৰ মোৰ প্ৰতি থকা মৰমৰ চিহ্ন ৷ শাৰীৰিক সুখ লভাৰ সেই বিশেষ সময়কন প্ৰতিনিশাই মোৰ হাতত ধৰা দিছিল এক আতংকময় সময়ৰ ৰূপত ৷ কিতাপ পঢ়ি পঢ়ি টোপনি যোৱা মইজনীয়ে ৰাতি ৰাতি ভয়তে বিতত হৈ পৰিছিলো  ৷ প্ৰতিনিশা মোৰ হাতৰ পৰা কিতাপবোৰ আজুৰি আজুৰি নি মোৰ দেহটোৰ ওপৰত জঁপিয়াই পৰি মোক মৰম কৰিছিল ৷ তেওঁ  সদায় ন - ন ৰূপত উপভোগ কৰিব বিচাৰিছিল , যেন মই মাত্ৰ তেওঁৰ বাবে ভোগৰ সামগ্ৰীৰ লেখিয়া হৈ পৰছিলোঁ ৷ তেওঁৰ মৰমে মোক ৰুগীয়া কৰি পেলাইছে ৷ দিনৰ পোহৰত দাগবোৰ ঢাকিবলৈ মলমৰ যোগান ধৰা মানুহজনে প্ৰতিনিশাই নখেৰে নেফানফ কৰিছিল মোৰ গোপন অংগবোৰ ৷ তথাপি মই নিৰুপায় ৷ কিয়নো,স্বভিমানী মই জনীয়ে নিজৰ পচন্দক পৰিয়ালৰ সন্মুখত হেয় কৰি সুখেৰে জীয়াই থাকিব নোৱাৰিম ৷ নোৱাৰিম পৰাজয় স্বীকাৰ কৰি নতশিৰে মা-দেউতাৰ বুকুত আশ্ৰয় বিচাৰি যাবলৈ ৷ আত্মগ্লানিত দগ্ধ মই জনীৰ স্বামী গৃহত মৃত্যু ঘটিছে প্ৰতিনিশাই ৷ তথাপি মই যুঁজিব লাগিব , নহ’লে মানুহৰ মনৰ পৰা যে প্ৰেমৰ নিৰ্মলতাৰ ধাৰণা লোপ পাব ৷
       এতিয়া  নিজক ধিক্কাৰ দি দি না জল,না স্হল অৱস্থাতে মাথো অপেক্ষাৰত , সু-দিনৰ আশাত ৷ মই ভগৱানক কাবৌ কৰোঁ , মোৰ স্বামীৰ মোৰ প্ৰতি ওফন্দি থকা মৰমবোৰ কমি আহক ৷

Post a Comment

Previous Post Next Post