Assamese Mobile Theatre Artist: Utpal Thakuria


           ভ্ৰাম্যমানৰ  অভিনেতা উৎপল ঠাকুৰীয়া
১৯৮৮ উপৰহালী হাইস্কুলত পঢ়ি থাকোতেই জীৱনৰ প্ৰথম খন নাট্কত অভিনয় কৰি স্কুল খনৰ লগতে দৰ্শকৰ  মন জয় কৰিবলৈ সক্ষম হৈছিল।সেই জন ঠাকুৰীয়াই আজি ২২বছৰ তিক্ৰম কৰিলে। একাংকিকাৰ পৰা পূৰ্ণাংগ নাটলৈ, যাত্ৰা পাৰ্টীৰ পৰা ভ্ৰাম্যমান থিয়েটাৰলৈ যাত্ৰা আৰম্ভ কৰি বৰ্তমান অভিনয়কে জীৱিকা হিচাপে বাচি লৈছে, যিটো আজিৰ সময়্ত খুৱ কঠিন।ঠাকুৰীয়াই অভিনয় কৰা থিয়েটাৰ সমূহ হল- বৰদৈচিলা থিয়েটাৰ, ৰাজশ্ৰী থিয়েটাৰ,  ৰাজতিলক থিয়েটাৰ, চিৰঞ্জীৱ থিয়েটাৰ ইত্যাদি। ২০১৯-২০ নাট্য বৰ্ষত ঠাকুৰীয়াই অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল ৰাজতিলক থিয়েটাৰত চুক্তিবদ্ধ হৈছে
 সম্পাদকৰ সৈতে ঠাকুৰীয়াৰ চমু বাৰ্তালাপ- 
মনৰ নিজানত- অভিনয়ক কিয় লক্ষ্য হিচাপে বাছি ললে?
ঠাকুৰীয়া- মই আভিনয় ভাল পাঁও আৰু ইয়াৰ জৰিয়তে ভাল বাৰ্তা দিব বিচাৰো
মনৰ নিজানত- ভাল লগা নাটক আৰু থিয়েটাৰ?
ঠাকুৰীয়া- সকলো নাটকেই ভাল,তাৰ মাজত ১৫ আগষ্ট আাৰু বৰদৈচিলা থিয়েটাৰ কাৰন মই প্ৰথম খোজ দিছিলো      
মনৰ নিজানত- প্ৰিয়্ অভিনেতা-অভিনেত্ৰী,কন্ঠশিল্পী?
ঠাকুৰীয়া- অভিনেতা/অভিনেত্ৰী বুলি কলে- তপন দাস,চম্পক শৰ্মা,বৰষা ৰাণী বিষয়া আৰু কন্ঠশিল্পী-জুবিন গাৰ্গ আাৰু তৰালী শৰ্মা
মনৰ নিজানত- প্ৰিয় কবি?
ঠাকুৰীয়া- হিৰেন ভট্টাচাৰ্য্য, অম্বিকাগিৰি ৰায় চৌধুৰী
মনৰ নিজানত- শেষত মনৰ নিজানতৰ পঢ়ুৱৈ সকলক কি কব-
ঠাকুৰীয়া- ‘ মই ভাষা বিচাৰি পোৱা নাই কবলে আজিৰ যুগত এনেকুৱা পদক্ষেপ খুৱ কমে লয় এই আালোচনী খনৰ জৰিয়তে নতুন প্ৰতিভাৰ সৃষ্টি হওক, মনৰ নিজানত দীৰ্ঘ্জীৱী হওক, অসমৰ এখন আগশাৰীৰ ই-কাব্যালচনী হওক তাৰেই কামনা কৰিলো,ধন্যবাদ
মনৰ নিজানত  - আামিও তেখেতলৈ যাচিছোঁ শুভেচ্ছা, অভিনয় জগতখনত আাৰু এখোজ আগুৱাই যাওক দৰ্শকৰ মন জয় কৰক

Post a Comment

Previous Post Next Post