মানসিক স্বাস্থ্য
কৈশোৰকালত যোগাভ্যাসৰ প্ৰয়োজনীয়তা - এক আলোকপাত

জোনালী ডাউকা,ৰঙিয়া
          
         অভিযন্তা দেউতাক আৰু শিক্ষয়িত্ৰী মাকৰ পেটমচা  সন্তান সি খুৱ মৰম আকলুৱা মেডিকেলৰ ছাত্ৰী  বায়েক তথা ঘৰখনৰ আটাইৰে চকুৰমণি দেউতাকৰ আশা পুত্ৰধনক তেওঁতকৈয়ো ডাঙৰ অভিযন্তা বনাব সৰুৰে পৰাই পঢ়া শুনাত আগবাঢ়া সি মেট্ৰিকৰ দেওনাখন বৰ সুকলমে পাৰ কৰি দেউতাক - মাকৰ ডাঙৰ বিষয়াৰ অভিভাৱক হোৱাৰ আশাত সাৰপানী যোগালে চকুত অলেখ সপোন তথা হাতত ৯৫ শতাংশ নম্বৰৰ চাৰ্টিফিকেটখন লৈ থিয়   কটন বিশ্ববিদ্যালয়ৰ সন্মুখত কিন্তু , বিধিৰ বিপাক মাত্ৰ ছমাহ পিছতেই মৃত্যু এটা সম্ভাৱনাৰ ছমাহ আগত শিৰ উচ্চ কৰি সগৌৰৱেৰে জীৱন যুঁজৰ উপযুক্ত প্ৰশিক্ষণ বলৈ ঘৰৰ পদূলি গচকি ওলাই যোৱা ৰাটো উভতি আহিল , ড্ৰাগছ নামৰ বৰ বিহত আসক্ত এটি উদণ্ড তথা মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰত পৰিণত হৈ কিন্তু , কিয় ? কিহৰ বাবে হবলৈ পালে এয়া ? এয়াই নেকি মহানগৰীৰ বতাহ ? কি নো এই মহানগৰীৰ বতাহজাক ? তাক জানিবলৈ যোৱাৰ আগত জানিব লাগিব মানৱ জীৱনত আটাইতকৈ বেছি পৰিৱৰ্তনৰ ঢৌ কঢ়িয়াই অনা এই বয়সটোক চিনিব লাগিব সেই এই কালছোৱাক
কৈশোৰকাল মানৱজীৱনৰ এক অতি স্পৰ্শকাতৰ সময় এইছোৱা সময়তে এটা শিশুৰ ভৱিষ্যতৰ জীৱনটো নিৰ্ধাৰিত হয় অৰ্থাৎ , এইসময়তে অতবছৰে মাকৰ আঁচলৰ তলত সুৰক্ষিত এটি শিশুৱে মাতৃৰ আঁচলৰ বেষ্টনীৰ পৰা মুক্ত হৈ আহি অকলশৰে পৃথিৱীখনৰ সন্মুখত থিয় বলৈ শিকে এই সময়ে শিকাই জীৱন , প্ৰেম , মানৱতা তথা নিজস্বতাৰ দৃষ্টিভংগী এই সময়তে প্ৰত্যেকজন মানৱে নিজৰ মাজতে স্থিৰ কৰে একদৰ্শন” -  জীৱনটোক চাবলৈ , জীৱনটোক জীৱলৈ তথা জীৱন যুঁজত সদৰ্পে থিয় হৈ থাকিবলৈ
মনোবৈজ্ঞানীক ষ্টেনলী হলে এই সময়চোৱাকধুমুহা আৰু পীড়নৰ  কালবুলি অভিহিত কৰি গৈছে বয়ঃসন্ধিকাল বুলিয়ো অভিহিত এই সময়চোৱা কিয় বাৰু বহুতো কিশোৰ কিশোৰীয়ে জীৱন নামৰ এই সুন্দৰ যাত্ৰাটোৰ আৰম্ভণিতেই হৈ পৰে পথভ্ৰষ্ট যোগ-প্ৰাণায়াম - ধ্যান আদিয়ে পথভ্ৰষ্ট কিশোৰ-কিশোৰীসকলৰ  ত্ৰাণকৰ্তাৰ ভূমিকা লব পাৰে নেকিআহক তাৰেই আলোচনা কৰো আজি
হাঁহি-ধেমালি , খেলা-ধূলাৰ মাজেৰে শৈশৱক বুকুৰ মাজত সামৰি ১০ - ১১ পৰা ২১ - ২২  বছৰ বয়সক সামৰি মানৱজীৱনৰ সময়চোৱাককৈশোৰকালবুলি অভিহিত কৰা হয় ইয়াৰে ১৫-১৬ বছৰৰ পৰা ২০-২১ বছৰলৈ সময়ছোৱা অধিক স্পৰ্শকাতৰ৷ এই সময়ছোৱাত বিচলিত হৈ যোৱা কিশোৰক পুনৰ শুদ্ধ পথলৈ আনিবলৈ নানা যত্ন কৰিবলগীয়া হয় তদুপৰি কিছু সংখ্যকৰ এই সময়ছোৱাতে পিছলি যোৱা ভৰি ইমান বেয়াকৈ গাঁতত ফাঁচি যায় , যাক উদ্ধাৰ কৰাও অসম্ভৱ হৈ পৰে এনেদৰে অপমৃত্যু ঘটে এক সম্ভাৱনাৰ আৰু কলংকই আঁচুৰি যায় এক সময়ক৷
কৈশোৰ কালত উপস্থিত হোৱাৰ লগে লগে শিশু এটাৰ মাজত কিছু পৰিৱৰ্তনে গা কৰি উঠে বয়স অনুযায়ী পৰিৱৰ্তনবোৰ আলোচনা নকৰি ইয়াত মাত্ৰ কেইটামান প্ৰধান প্ৰধান দিশ সামৰি বলৈ চেষ্টা কৰা হৈছে৷ লগতে সেই পৰিৱৰ্তনবোৰে কঢ়িয়াই অনা ফলাফলসমূহতো অলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে
() এই সময়চোৱাত শিশুৱে বিপৰীত লিংগৰ লগত বন্ধুত্ব স্থাপন কৰিব লয়   বিপৰীত লিংগই আকৃষ্ট কৰাৰ ফলত কিশোৰৰ মনত বিপৰীত লিংগৰ বন্ধুসকলক সহায় কৰা,সহমৰ্মিতা প্ৰকাশ কৰাৰ প্ৰৱণতাই গা কৰি উঠে আকৰ্ষণ আৰু প্ৰেমৰ মাজৰ পাৰ্থক্যক নুবুজি আকৰ্ষণকে জীৱনৰ সৰ্বোচ্চ সুন্দৰ অনুভূতি প্ৰেম বুলি মনৰ মাজতে ভাবি লৈ নিজৰ ভৱিষ্যতৰ লগত হেতালি খেলিবলৈ আৰম্ভ কৰে

() বন্ধুৰ কথা-বতৰা , চাল- চলনে প্ৰভাৱান্বিত কৰা এই সময়ত কিশোৰে পিতৃ-মাতৃ তথা পৰিয়াল বংশৰ জীৱন দৰ্শনক পুৰণিকলীয়া , যুগৰ লগত নিমিলা তথা সস্তীয়া বুলি ভাবিবলৈ লয় জীৱনৰ এই সময়ছোৱা ৰঙীন আৰু উপভোগৰ বাবেহে যেন ; এনেধৰণৰ চিন্তাবোৰে পোখা মেলে দৈৱক্ৰমে যদি কিশোৰ এজন  নিচাসক্ত অথবা অপৰাধপ্ৰৱণ বন্ধুৰ সংগত পৰে , তেনেকুৱা কিশোৰক লাহে লাহে নিচা তথা সুৰাৰ ৰঙীনপৃথিৱীখনে হাত বাউলি মাতিবলৈ ধৰে আৰু ইয়াৰ পৰাই আৰম্ভ হৈ যায় কিশোৰৰ অপৰাধ প্ৰৱণ মনোভাৱৰ
() এই সময়ে জীৱন গঢ়াৰ  অৰ্থাৎ , ভাল সংস্থাপনৰ বাবে নিজকে প্ৰস্তুত কৰাৰ সময় গতিকে আজিৰ এই প্ৰতিযোগিতাৰ যুগত খোজত খোজ মিলাই আগবাঢ়ি যোৱাৰ যি যুঁজসেই যুঁজৰ এজন সফল যোদ্ধা হিচাপে নিজকে উপযুক্ত কৰিবলৈ কিশোৰৰ মগজুত ক্ৰিয়া কৰে অত্যাধিক মানসিক চাপে এই চাপৰ ভৰ অসহ্য হৈ পৰে নানান সময়ত আৰু ইয়াৰ পৰা আৰম্ভ হয় নানান মানসিক ব্যাধিৰ


এই যে মানসিক ব্যাধিবোৰ, এই বোৰৰ আৰম্ভণি ?
মই দেখিবলৈ ধুনীয়া নহয় মোক শ্ৰেণীৰ আটাইকৈ ধুনীয়া ছোৱালীজনীয়ে বা ৰাজনে পাত্তা নিদিব   মই কম নম্বৰ পাওঁ পৰীক্ষাত,গতিকে মোক মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে সিহঁতৰ সংগ নিদিব সি/ তাই মোক ভাল নাপায় মই প্ৰেমত বিফল - এনে অনৰ্থক চিন্তাই সৃষ্টি কৰে হতাশাৰ
আকৌ মোৰ লগৰজন/জনীয়ে ইমান নম্বৰ পালে,অমুক কোচ্চিং ক্লাছৰ বাবে নিৰ্বাচিত , অমুক বিষয় পঢ়ি ভাল চাকৰি পাব মোৰ বৰদেউতা,খুড়া , মামাহঁতৰ সন্তানবোৰে অমুকত তমুকত পঢ়ে মই তো চীট নাপাম মই সিহঁতৰ আগত কেনেকৈ মুখ উলিয়াম দেউতাই কথা শুনাব , মায়ে গালি দিব, মাৰিব,দুখ পাব, কান্দিব - মই কি কৰি আছো ইমান চেষ্টা কৰিও কিয় পৰা নাই ; - ইয়াৰ পৰা আৰম্ভ হয় - হতাশা,নিদ্ৰাহীনতা,আত্মহত্যা প্ৰৱণতা , মইগ্ৰেন আদি
সদৌ শেষত নিচাসক্ততা , নিদ্ৰাহীনতা,আত্মহত্যা প্ৰৱণতা , হতাশা , অস্থিৰতা আদিয়ে লগলাগি কিশোৰৰ মন-মগজুত জন্ম দিয়েঅপৰাধপ্ৰৱণতাৰ
ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি ? প্ৰথম কথা , আশা - আকাংক্ষাৰ সীমাবদ্ধতা প্ৰতিযোগিতা এৰি সহযোগিতামূলক মনোভাৱ পোষণ কৰা দ্বিতীয় কথা , অভিভাৱকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰা সন্তানৰ সংগ কেনে তাৰ বিচাৰ কৰা যদি সংগ ভাল নহয়,তেন্তে বুজনিৰ মাধ্যমেৰে সন্তানক তেনে সংগৰ পৰা আঁতৰাই অনা লগতে কিশোৰক তাৰ বন্ধু তথা আন শুভকাংক্ষী (?) সকলে অশুদ্ধৰূপত প্ৰেম-ভালপোৱা , যৌনশিক্ষা আদিৰ জ্ঞান দিয়াৰ আগতে নিজ মাতৃয়ে তেওঁৰ সন্তানৰ লগত এইবোৰ বিষয় আলোচনা কৰি শুদ্ধ জ্ঞান দিয়া
তৃতীয়তে , যোগ অভ্যাসপ্ৰাণায়াম তথা ধ্যান কৰাৰ অভ্যাস সৰুৰ পৰা গঢ়ি তোলা আৰু ঘৰত তেনে এটা পৰিৱেশৰ সৃষ্টি কৰা

 আসন
সুষ্ঠ দেহত সুষ্ঠ মনৰ বাস
কথাষাৰ আমি সকলোৱে জানো কিন্তু , কিমানে মানো ? ৰাতিপুৱা উঠি কমেও আধা ঘণ্টাৰ বাবে লেও যোগ অভ্যাস কৰি গোটেই দিনটোৰ বাবে সতেজতা কঢ়িয়াই ফুৰিব পাৰি বেছি নহলেও সহজ সহজ কিছু ব্যায়াম পুৱাৰ ভাগত কৰিলে দেহৰ জঠৰতা কমে তথা কৰ্মোদ্যম বাঢ়ে

প্ৰাণায়াম
প্ৰাণায়ামে মানসিক তথা শাৰিৰীক  স্থিৰতা আনে মন-মগজু সুষ্ঠিৰ কৰে৷ পদ্মাসন বা বজ্ৰাসনত বহি শান্ত মনেৰে কৰা প্ৰাণায়ামে দেহত তেজৰ চলাচল সুষ্ঠিৰ কৰাৰ লগতে মনলৈ পৱিত্ৰতাৰ ভাৱ আনে ভ্ৰামৰী প্ৰাণায়ামে মূৰৰ বিষ দূৰ কৰাৰ লগতে মগজুলৈ সজীৱতা আনে

ধ্যান
ধ্যানে অশান্ত মনক শান্ত,অস্থিৰতাক স্থিৰ কৰে ধ্যানৰ জড়িয়তে মনযোগ তথা ধৈৰ্য্য বৃদ্ধি হয় মনটোক পৱিত্ৰ  আৰু সহনশীল কৰাৰ লগতে চৰিত্ৰ গঠনত সহায় কৰে সৰ্বোতপৰি আত্মোপলব্ধি হোৱাত সহায়ক হয়

আসন,প্ৰাণায়াম,ধ্যান আদিয়ে নিদ্ৰা গভীৰ হোৱাত সহায় কৰে সিদ্ধান্তত স্থিৰ বলৈ মনোবল দিয়ে অখাদ্য গ্ৰহণৰ পৰা বিৰত থাকিবলৈ মনটোক প্ৰবোধ দিয়াত সহায়ক হয়
আমাৰ দেশ-জাতিৰ ভৱিষ্যত এই কিশোৰ সকলৰ হাতত গতিকে এই হাত কেইখন মজবুত আৰু সবল নহলে দেশৰ প্ৰগতি তথা জাতি ৰক্ষাৰ সপোন দেখা অমূলক সেয়েহে,পথভ্ৰষ্ট কিশোৰক মূলসুঁতিলৈ ঘূৰাই আনিবলৈ তথা কিশোৰ-কিশোৰীৰ  মনক ধনাত্মক চিন্তাৰে গঢ়ি তুলিবলৈ অভিভাৱক তথা শিক্ষাগুৰুসকল সতৰ্ক নহলে আন উপায় নাই কিশোৰৰ মনত প্ৰতিযোগিতাৰ ঠাইত সহযোগিতাৰ ভাবৰ জন্ম দিয়াব লাগিব সকলোৰে জন্মগত প্ৰতিভাৰ চিনাক্তকৰণ তথা আত্মপ্ৰকাশৰ সুযোগ দিব লাগিব
সৰ্বোতপৰি,যোগাসন, প্ৰাণায়াম, ধ্যানৰ অভ্যাস কৰি মনবোৰ পবিত্ৰ তথা ইশ্বৰ বিশ্বাসী কৰি গঢ়ি তুলিব লাগিব স্বভাৱবোৰ শান্ত কৰিব লাগিব৷
আহক , ভাৰতৰ গৌৰৱযোগচৰ্চা যোগেদি এখন সুষ্ঠ আৰু সবল ভৱিষ্যতৰ চিত্ৰ অংকন কৰিবলৈ সকলোৱে বদ্ধপৰিকৰ হওঁ




Post a Comment

Previous Post Next Post